বুৰঞ্জীয়ে গৰকা গামোচা Gamocha in the Pages of History

ড. মৃদুস্মিতা ফুকন

গামোচা অসমীয়া জাতীয় জীৱনৰ এৰাব নোৱৰা এবিধ অংগ|বিশেষকৈ ৰঙালী বিহুৰ লগত গামোচা অৰ্থাত্‍ বিহুৱানখনৰ অংগাংগী সম্পৰ্ক|বিহুৰ আগৰে পৰা চেনেহীয়ে ‘চেনেহৰ দীঘ দি,মৰমৰ বাণিৰে’ ধনলৈ বিহুৱান বয়|সেয়েহে বিহুগীতত গায়—

“ৰাতি দুপৰলৈ কাটি সূতলাহী
ধনলৈ বিহুৱান ব’লোঁ,
ৰঙাকৈ আঁচুৰে বাছি পানে কটা
টিপতে লুকুৱাই থ’লোঁ|”

এই একেখন বিহুৱানকে বিহুৰ দিনা বয়স্কজনক শ্ৰদ্ধাৰে, কনিষ্ঠজনক চেনেহেৰে যঁচাটো আমাৰ পৰম্পৰাগত ৰীতি|এই বিহুৱানখনেই হৈছে হুঁচৰিৰ অন্তত গিৰিহঁতে হুঁচৰিযোৰাক শ্ৰদ্ধা জনাই শৰাইত দিয়া হাঁচতি|সেয়েহে হুঁচৰিৰ বিহুৱা দলে গায়-

“বৰৰে ধপলা পাত সমনীয়া
বৰৰে ধপলা পাত
আমাৰ শৰাইতে হাঁচতি নাপালে
শৰাইলৈ নেমেলোঁ হাত|”

এতিয়া এই বিহুৱানখন নোহোৱাকৈ বিহুৰ কথাতো দূৰেই,কোনো সভা-সমিতি, সম্বৰ্ধনা অনুষ্ঠান বা কোনো নাম প্ৰসংগও যেন অনুষ্ঠিত কৰিব নোৱাৰি|আভিধানিক অৰ্থত গা ধুই গাৰ পানী মচা সৰু কাপোৰখনৰ নামেই ‘গামোচা’ বা ‘গামচা’—সংস্কৃতত ‘গাত্ৰ-মাৰ্জনী’ আৰু বাংলাত ‘গামচা’|অসমীয়া শিপিনীয়ে তাঁতশালত বহি নিজ হাতেৰে যিমান পাৰে সিমান ধুনীয়াকৈ বৈ প্ৰিয়জনক বা সন্মানীয়জনক মান কৰি দিয়া এই কাপোৰখনেই বিহুৰ বিহুৱান(বিহু-মান)|উত্তৰ-পূৰ্বাঞ্চলত সন্মানৰ প্ৰতীকৰূপে গামোচা ব্যৱহাৰ কৰা প্ৰথা আছে|অৱশ্যে ডিঙিত কাপোৰ দি সন্মান কৰা প্ৰথাটো তিব্বতৰপৰা অসমলৈ আমদানি হৈছিল|ইতিহাসৰ পাত লুটিয়ালে দেখা যায় আজি আমাৰ সমাজত গামোচাখনৰ যি সমাদৰ পুৰণি অসমত কিন্তু গামোচাখনৰ সিমান সমাদৰ নাছিল|আজিকালি অসমীয়া জনজীৱনৰ উপৰিও অত্যন্ত নিষ্ঠা আৰু শুচিতাৰে নামঘৰত বা নাম-প্ৰসংগত নিৰহ-নিপানীকৈ সোমাই পৰা এইবিধ বস্ত্ৰৰ কোনো বিৱৰণেই কিন্তু শ্ৰীমন্ত শংকৰদেৱ ৰচিত কোনো ৰচনাতে নাই|আনকি কীৰ্তন-পুথি বা ভগৱত-পুৰাণৰ কোনো ঠাইতো সেই সময়ৰ পোচাক-পাতিৰ বৰ্ণনা আছে যদিও কোনো ঠাইতে গামোচাৰ উল্লেখ নাই|অৱশ্যে বৈষ্ণৱ যুগৰ ৰামচৰিত ঠাকুৰ বিৰচিত ‘গুৰু চৰিত’ত প্ৰথম বাৰৰ বাবে ‘গামোচা’ বা ‘গামচা’ শব্দৰ উল্লেখ পোৱা যায়|তাত কিন্তু গামোচাৰ ব্যৱহাৰ আজিৰ একেবাৰে বিপৰীত|পুথিখনত উল্লেখ থকা মতে,শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষকালত পুতেক ৰমানন্দ ঠাকুৰ আৰু শিষ্যসকলক লৈ জগন্নাথৰ উদ্দেশ্যে যাত্ৰা কৰাৰ সময়তে ৰজা নৰনাৰায়ণৰ পৰা বিদায় লোৱাৰ উদ্দেশ্যে কোচবিহাৰলৈ যায়|তাত দুদিন জ্বৰত ভুগিয়েই গুৰুজনাই চকু মুদে| গুৰুজনাৰ শেষকৃত্য কৰাৰ পাছত পুতেক ৰমানন্দ ঠাকুৰে তেতিয়া বৰপেটাত থকা মাধৱদেৱ আৰু গণককুচিত থকা শংকৰদেৱৰ পত্নীক খবৰ দিবলৈ যাওঁতে মূৰত গামোচা বান্ধি গৈছিল আৰু ৰমানন্দৰ মূৰত সেই গামোচাখন দেখিয়েই মাধৱদেৱ আৰু গুৰুপত্নীয়ে গুৰুজনাৰ বিয়োগৰ কথা জানিব পাৰিছিল|ইয়াৰ পৰাই ঠাৱৰ কৰিব পাৰি যে সেই সময়ত মূৰত মৰা গামোচাখনে বিয়োগৰ বতৰাহে কঢ়িয়াই আনিছিল|কিন্তু এতিয়া গামোচাখন থাকে বিহুৱাৰ মূৰত|বিহুৱাই ভমকা ফুলীয়া গামোচাখনৰ ফুলটো বাওঁসীৰ আগফালে পৰাকৈ খোৰোচা গাঁঠি এটা বান্ধি লয়| তেতিয়াহে বিহুৱাৰ গা উঠে|বহুতো বিহুৱাই কঁকালতো গামোচা এখনেৰেই টঙালি বান্ধি লৈ বিহু মাৰে|
বৰ্তমান অসমীয়া মানুহে ব্যৱহাৰ কৰা খনীয়া কাপোৰ,চেলেং,বৰকাপোৰ,চাদৰ,চুৰীয়া আদিৰ দৰে অপৰিহাৰ্য হৈ পৰা গামোচাখন কিন্তু শংকৰদেৱৰ পোচাকত থকাৰ বৰ্ণনা ক’তো নাই|সেইদৰে শংকৰদেৱৰ কোনো শিষ্যয়ো গামোচা ব্যৱহাৰ কৰা বা কাৰোবাক উপহাৰ দিয়াৰ তথ্য কোনো চৰিত পুথিতে পাবলৈ নাই|
সন্দেহ হয়,আহোম ৰাজত্বৰ সময়ত আহোম ৰজা বা ডা-ডাঙৰীয়াসকলে গামোচাৰ ব্যৱহাৰ কৰিছিলনে?আমি এই সন্দেহৰ অৱসান ঘটাবলৈ ড. লীলা গগৈৰ ‘তাই সংস্কৃতিৰ ৰূপৰেখা’কে আদি কৰি তেনে দুখনমান গ্ৰন্থৰ পাত লুটিয়াওতে আহোম ৰজা-ৰাণী বা ডা-ডাঙৰীয়াৰ পোচাকৰ যিখন তালিকা পালোঁ,তাৰ কিন্তু ক’তো গামোচাৰ উল্লেখ নাই|
আনকি ইংৰাজ আৰু প্ৰাক-ইংৰাজ যুগৰ বিৱৰণ থকা ই এ গেইটৰ `A History of Assam’নামৰ বুৰঞ্জীখনতো অসমীয়া মানুহৰ সাজ-পোচাকৰ যি বৰ্ণনা আছে তাতো গামোচাৰ উল্লেখ নাই|তেনেদৰে বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘Cultural History of Assam’, ভাৰতৰ গৱৰ্ণৰ জেনেৰেল ফ্ৰান্সিছ হেমিল্টনৰ সমীক্ষাত্মক ৰচনা `An Account of Assam’—ইবিলাকৰ ক’তো অস্মীয়া মানুহে গামোচা ব্যৱহাৰ কৰাৰ উল্লেখ নাই|
তেনেহ’লে অসমীয়া সমাজত বহুল ব্যৱহৃত এই অংগবস্ত্ৰখন কেতিয়াৰ পৰা সোমাল?তাৰবাবে আমি আমাৰ সমাজত প্ৰচলিত কাহিনী আৰু কিংবদন্তীৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা দুই এখন বুৰঞ্জীৰ কাষ চাপিছিলোঁ|সুকুমাৰ মহন্তৰ ‘অসম বুৰঞ্জী’ত অসমীয়া মানুহে গামোচা ব্যৱহাৰ কৰাৰ কথা নাই যদিও চুকাফাৰ দিনত অসমৰ মানুহে ‘মূৰত পাখৰৌ অথচ দুই মূৰে ৰঙা আঁচু দিয়া গামোচা মত মূৰত মেৰাই বন্ধা নিয়মহে আছিল|’(পৃ ১৪)
হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জীত ডা-ডাঙৰীয়াসকলে আৰোৱানৰ নালত গামোচা বান্ধি লোৱাৰ কথা জানিব পাৰি|এই বুৰঞ্জীৰ আন এক তথ্যত গামোচাৰ উল্লেখ এইদৰে আছে- ‘আগতে কাষৰীয়াকৈ নিৰ্মালীৰ শৰাই,উপহাৰৰ শৰাই থয়|এক কাষতে তাওকিনে গামোচা থয়’(পৃ ১১১)|সেইদৰে এই বুৰঞ্জীত উল্লিখিত আৰি এক তথ্যৰ পৰা জনা যায় যে, তেতিয়াৰ মানুহে মূৰত মেৰায়,গাঁঠি মাৰি ল’বলৈয়ো গামোচাৰ দৰে এখন কাপোৰ ব্যৱহাৰ কৰিছিল যাক ‘ফচৌ’ নামেৰে জনা যায়| (মূৰত মেৰাই থোৱা গামোচা মত ফচৌ বোলে,তাকে মেৰাই গাঁঠি দিয়ে’)|এনেকৈ বোধকৰো ১৬ শ শতিকাত নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱৰ ফলত সাধাৰণ অসমীয়া মানুহে গলবস্ত্ৰ স্বৰূপে চেলেঙৰ ব্যৱহাৰ কৰাতকৈ গামোচাৰ ব্যৱহাৰ অধিক কৰিবলৈ লয়|অৱশ্যে ‘টুংখুঙীয়া বুৰঞ্জী’ আৰু ‘সাতসৰী অসম বুৰঞ্জী’ত আহোম ৰজাই বিভিন্ন ৰজা আৰু বিষয়াসকলক ফুলাম গামোচা দিয়াৰ কথা উল্লেখ আছে|অৱশ্যে তেতিয়া গামোচাখন আছিল অতি নিম্নতম উপহাৰ সামগ্ৰী|
কিন্তু গামোচাৰ আভিধানিক অৰ্থ যিয়েই নহওঅক বা ইয়াক যেয়ে যেতিয়াই ব্যৱহাৰ নকৰক লাগে বৰ্তমান গামোচাখন হ’ল আমাৰ চেনেহ-শ্ৰদ্ধা,আনন্দ-ভক্তিৰ পৰিচায়ক—অসমীয়া সংস্কৃতিৰ পৰম পাৰ্থিৱ সম্পদ|

*************************

যোগাযোগৰ ঠিকনা—
ড:মৃদুস্মিতা ফুকন
‘কৌশিক নিৱাস’,
উপপথ নম্বৰ ৯,
ৰাধা গোবিন্দ বৰুৱা পথ,
গুৱাহাটী – ৭৮১০২৪
ফোন: ৯৪৩৫৫৬৪২৬৯
e-mail: mridusmitaphukan@gmail.com

Leave a Response