বেলেগ ফলাফলৰ বাবে পদ্ধতিবোৰ সলনি কৰোঁ আহক Let’s Change Methods for Different Results

✍~শ্ৰী বিকাশ কলিতা

আপুনি ইমানদিনে খেতিৰ লগত জড়িত, কিন্তু আপুনি খেতিৰ পৰা বেছি ফচল লাভ কৰিব পৰা নাই৷ গতিকে আপুনি যদিও কষ্ট কৰি আছে, হাতলৈ অহা টকা-পইচাৰ পৰিমাণ কিন্তু বঢ়া নাই৷ ইফালে মুল্যবৃদ্ধি ঘটিয়েই আছে৷ মাজে মাজে ভাব হয় খেতি-বাতি সকলো বাদেই দিও নেকি? এইবোৰ কৰি কিবা লাভ আছে জানো?
বা হয়তো আপুনি নতুনকৈ খেতিত নমাৰ কথা চিন্তা কৰিছে বা খেতিভিত্তিক কিবা ব্যৱসায়ৰ কথা চিন্তা কৰিছে, কিন্তু খেতিৰ পৰা ভালদৰে উপার্জন কৰিব নোৱাৰা কথা শুনি আপুনি পিছ হুহুকিছে৷ আপুনি শুনিছে কিদৰে আমাৰ আটাইতকৈ দুখীয়া লোকসকল হ’ল খেতিয়কসকল৷ আনকি খেতিৰ লগত জড়িত অসমীয়া ব্যৱসায়ীসকলেও বিশেষ ভাল কৰিব পৰা নাই৷ গতিকে ই আপোনাৰ মন সেমেকাই পেলাব আৰু আপুনি মনৰ পৰা নতুন আইডিয়াটো বাদ দিব৷
এনে কথা আমি প্ৰায়ে শুনো, দেখো৷
কিয় এনে হয় আৰু আপুনি এই বিষয়ে কিবা কৰিব পাৰে নেকি?কথাটো কিন্তু অকল কৃষিৰ ক্ষেত্ৰতে সীমাবদ্ধ বুলি নাভাবিব৷ জীৱনৰ বিভিন্ন ক্ষেত্ৰত এই কথাটো একেই৷এতিয়া আপুনি কি কৰিব পাৰে?
কি কৰিব?

যদি আপুনি কাম এটা কৰি বিচৰা মতে ফলাফল পোৱা নাই, তেন্তে দুটা উপায় আছে-
(১) আকৌ আগৰ দৰেই একেদৰে কামটো তাৰ ফলাফল বেলেগ হ’ব বুলি আশা কৰি (ভগৱানক, আল্লাক বা যিশুক খাটি) বহি থাকক৷
(২) এই পদ্ধতিৰে যদি কাম হোৱা নাই, তেন্তে আন এক পদ্ধতি অৱলম্বন কৰক, যিটো পদ্ধতিৰে আন কোনোবাই কামটো কৰি সাফল্য লাভ কৰিছে৷
আপুনি এই দুটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি বাচি ল’ব পাৰে৷ একেসময়েত দুটা পদ্ধতি গ্ৰহণ কৰাটো সম্ভৱ নহ’ব৷

যদি আপুনি প্ৰথমটো উপায় বাছি লয়, তেন্তে তাৰ ফলাফল কি হ’ব সেয়া জানিবলৈ আপুনি ৰ’বই নালাগে, কাৰণ আপোনাৰ ফলাফলো আকৌ আগৰ নিচিনাই হ’ব৷

আনহাতে যদি আপুনি দ্বিতীয়টো উপায় গ্ৰহণ কৰে অর্থাৎ কাম নকৰা পদ্ধতিটো বাদ দি এক নতুন, কাম কৰা পদ্ধতি গ্ৰহণ কৰে, তেন্তে এইবাৰ কিন্তু আপুনি সফল হ’বই৷
নতুন পদ্ধতি আৰু উপায়
নতুন পদ্ধতিটো বাচি লওতে মাত্ৰ আপুনি সাৱধান হ’ব লাগিব৷ এনেকুৱা এটা পদ্ধতি বাচি ল’ব যিটো ব্যৱহাৰ কৰি আন কোনোবাই ভাল ফলাফল বা আপুনি বিচৰা ফলাফল পাইছে৷ তেতিয়া ই আপোনাৰ ক্ষেত্ৰতো কাম কৰাৰ সম্ভাৱনা বহু বেছি৷ যদি তেনেকুৱা পদ্ধতি আগতে কোনেও ব্যৱহাৰ কৰাই নাই, তেতিয়া? যদি তেনেকুৱা কোনো পদ্ধতিৰ কথা আপুনি নাজানে তেন্তে আপুনি নিজৰ আৰু সেই বিষয়ে জনা আন কাৰোবাৰ সহায় লৈ যিমানদূৰ সম্ভৱ বিচাৰ-বিবেচনা কৰি, পৰীক্ষা-নিৰীক্ষা কৰি কাম কৰিব পৰা এটা পদ্ধতি নিজে তৈয়াৰ কৰি লওক৷ প্ৰথমতে হয়তো অলপ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হ’ব আৰু পদ্ধতিটোৰ অলপ ইফাল-সিফাল কৰিব লাগিব৷ পদ্ধতিটো প্ৰয়োগ কৰক আৰু প্ৰয়োজন অনুসৰি ইয়াক সালসলনি কৰক৷
ইতিমধ্যে বহুতে এয়া কৰি আছে
এনেদৰে আগৰ নিচিনা কাম নকৰা পদ্ধতি সলাই নতুন উপায় অৱলম্বন কৰি বহু নতুন খেতিয়ক আৰু উদ্যমীয়ে কিন্তু অসমৰ বিভিন্ন ঠাইত ভাল কাম কৰি আছে৷ ভালদৰে টকা-পইচা ঘটাৰ লগতে তেওঁলোক আনৰ বাবে ৰোল মডেল হৈ পৰিছে৷ তেওঁলোকে যিদৰে ণতুন পদ্ধতি গ্ৰহণ কৰি নিজৰ কাম ভালদৰে কৰিব পাৰিছে আৰু বিচৰা ফলাফল লাভ কৰিব পাৰিছে, আপুনিও কিন্তু তেনেদৰে নতুন কথা প্ৰয়োগ কৰি লাভৱান হ’ব পাৰিম৷
যদি কথাটো তেনেকুৱাই, তেন্তে কিয় সকলোৱে তেনেকুৱা নকৰে? কাৰণ মানুহে সহজে নতুন কথা মানি নলয়; তেওঁলোকৰ ভয় লাগে; নতুন কথা শিকিবলৈ ক’ত বিচাৰিব লাগে, কেনেকৈ বিচাৰিব লাগে সেয়া তেওঁলোকে নাজানে; ইমান কষ্ট কৰিবলৈ তেওঁলোকৰ মন নাই৷
এই কথাবোৰ আমাৰ জীৱনৰ ক্ষেত্ৰতো একে৷ যদি আমাৰ জীৱনত আমি বিচৰা ফলাফল লাভ কৰা নাই বা সমস্যাবোৰৰ সন্মুখীন হ’ব পৰা নাই, তেন্ত আমি উপায়বোৰ, পদ্ধতিবোৰ সলাব লাগিব৷ তেতিয়াহে আপুনি আগতে পাই অহা ফলাফলতকৈ বেলেগ ফলাফল লাভ কৰিব পাৰিব৷
আহকচোন জীৱনটোক নিজৰ চিন্তাৰ দ্বাৰা আৰু অলপ উন্নীত কৰোঁ৷

———————————–

লেখক : শ্ৰী বিকাশ কলিতা,
যোগাযোগ : ৮৮৭৬৭-২২৯৭১

বিকাশ কলিতা এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷

বিকাশ কলিতা Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ তেওঁ “আমাৰ অসম” কাকতত এটা নিয়মীয়া শিতানো লিখে৷ কলিতাই “বিকাশ কলিতা” (www.bikashkalita.com) আৰু জীৱনবৃত্ত (www.jeevanbritta.com) নামৰ দুটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷
সম্পাদক, কৃষক বন্ধু ৷

Leave a Response