ব্যৱসায় ভিত্তিক খেতি আৰম্ভ কৰা ’সাধাৰন’ খেতিয়ক সকললৈ কথা কেইটামান

(খন্ড ‘ক’)

দেখি ভাল লাগিছে, দুবছৰ মানৰ পৰা অসম তথা উত্তৰ-পূৱৰ কৃষি ভিত্তিক ন-উদ্যোগী যুৱক যুৱতীসকলে লাহে লাহে পৰৱৰ্তি শ্ৰেণীলৈ উৰ্ত্তীণ হৈ আহিছে৷ আগতে যদি প্ৰৱেশিকা পৰীক্ষাত ৫ শতাংশ সফল হৈছিল, এতিয়া প্ৰায় ২০ শতাংশই সফল হয়৷ ইয়াৰে ২ শতাংশই যে বাধাৰ মূধচখন ফুটুৱাব সেইটো ঠিক৷ ভাল কথা৷

#পৰামৰ্শদাতা

(১) সফল পৰামৰ্শদাতা থাকিলে বহু কৰ্ম উজু হৈ পৰে৷ কিন্তু কোন এই সফল পৰামৰ্শদাতা? তেওঁ সেইজন, যিজনে নিজৰ জীৱনত “প্ৰায়” সফলতাৰ ওচৰ চাপিছিলেই, কিন্তু কিবা কাৰনত সফল হব নোৱাৰিলে৷ তেওঁ সফল হব নোৱাৰিলে, কিন্তু কেনেকৈ সফল হব পাৰি সেইখিনি তেওঁ গ’ম পালে, জানিলে৷ তেনে পৰামৰ্শদাতাই দিয়া পৰামৰ্শ (উপদেশ নহয়) মানি চলিলে ন-যুঁজাৰোৱে সফল হোৱাত সহজ হব পাৰে৷ কিন্তু, আপুনি যিদিনাই আবিষ্কাৰ কৰিব যে আপুনি কাৰোবাক ভাল দৰে পৰামৰ্শ দিয়াৰ যোগ্যতা অৰ্জন কৰিছে, বুজি লব যে আপুনি নিজে উদ্যোগী হোৱাৰ সময় পাৰ হৈ গ’ল!

(২) প্ৰায়ে শিক্ষিত যুৱক যুৱতীসকলক লগ পাওঁ, এটি সাধাৰন (common) প্ৰশ্নৰে সৈতে -কি খেতি কৰিলে ভাল হব? কি কৃষিভিত্তিক উদ্যোগ স্থাপন কৰিলে সফল হম?

উত্তৰটো হ’ল – চাৰ্ভে কৰি জানি লওক৷ যেনে, অসমলৈ আজিৰ তাৰিখত কি কি কৃষিজাত সামগ্ৰী ক’ৰপৰা আহি আছে বুজন পৰিমানত? এই তালিকাখন সঠিক ভাৱে পালেই উত্তৰ আপোনাৰ হাতত -‘X’সামগ্ৰীবিধ অসমৰ বাহিৰৰ পৰা আহি আছে মানে:
– এই সামগ্ৰীবিধৰ অসমত ব্যৱহাৰ কৰোতা আছে,বজাৰখন ঘৰতে আছে!
– ক’ৰপৰা আহি আছে গ’ম পালেই ওলাই পৰিব যে অসমত ইয়াৰ খেতি সম্ভৱ হয়নে নহয়৷
– আমদানিৰ পৰিমাণে কব কিমানখিনি উৎপাদন এই ঘৰোৱা বজাৰে গিলিব পাৰিব!
– হিচাব কৰক, এই উৎপাদন আৰু কোন কোন ঘৰুৱা উৎসৰ পৰা আহিব পাৰে আৰু কি পৰিমানে?
– কৃষি বা সংশ্লেষণ কৰাৰ আগতেই গন্তি কৰক বজাৰক কি লাগে, কেনেকুৱাকৈ লাগে, কিমান লাগে?
– সকলো নিৰ্দিষ্ট কৰাৰ পাচত আৰম্ভ কৰক আপোনাৰ কৃষিভিত্তিক ব্যৱসায়!

#বজাৰ

#ঘৰতে খাবলৈ সৰু বাৰীখনতে কৰা খেতি আৰু বজাৰত বেচিবলৈ কৰা খেতিৰ উৎপাদনৰ খৰচ তথা বিক্ৰী দামৰ পাৰ্থক্য আছে৷ তদুপৰি স্থানীয় দৈনিক বা সাপ্তাহিক বজাৰৰ ‘চৰিত্ৰ’ খিনিয়ো বাকি বজাৰবোৰৰ সৈতে একে নহয়৷

সফল বেপাৰৰ বাবে বজাৰ চাৰ্ভে কৰাটো এটা পূৰ্বচৰ্ত

#কৃষিজাত উৎপাদনৰ মুখ্যত তিনি প্ৰকাৰৰ বজাৰ থাকে-

প্ৰথমখন হ’ল সজীৱ শাক-পাচলীৰ স্থানীয় বজাৰ,
দ্বিতীয়খন হৈছে কোনো ফুড প্ৰছেছিং উদ্যোগক বিক্ৰী কৰা আৰু
তৃতীয়খন হৈছে ৰপ্তানিৰ বজাৰ৷

#ইয়াৰে প্ৰথমখনত আতাইতকৈ বেছিকৈ আৰু সহজে মুল্য পোৱা যায়, কিন্তু বিক্ৰীৰ মুঠ পৰিমাণ বেছি নহয়, সীমিত চাহিদা৷ অতি ক্ষুদ্ৰ খেতিয়কে মুখ্যতঃ এইখন বজাৰতে মনোনিৱেশ কৰিব লাগে৷

#ব্যৱসায়িক ভিত্তিত কৃষি কৰিবলৈ আগবাঢ়িলে কম বা বেছি পৰিমাণে হলেও বজাৰখনৰ বিষয়ে সম্যক ধাৰণা এটা থকাটো বাধ্যতামূলক৷ নহলে ঘৰত খোৱাৰ জোখাতেই কৃষিকাৰ্য সীমাবদ্ধ ৰাখক অথবা আন কোনোবা সম্যক জ্ঞান থকা আৰু একে ব্যৱসায়ত জঢ়িতজনৰ নিৰ্দেশমতেহে উৎপাদন বাহাল ৰাখক, তাতেই তেওঁৰ মংগল৷

#স্থানীয়ভাৱে গঢ় লৈ উঠা ক্ষুদ্ৰ তথা মধ্যমীয়া ধৰণৰ ফুড প্ৰছেছিং উদ্যোগ সমুহৰ প্ৰয়োজনতাটো অলপ বেলেগ হয়৷ তেওঁলোকক লগা সামগ্ৰীবোৰ নিৰ্দিষ্ট পৰিমানত সকলো মাহতে আৰু সম্যভাৱে লাগে৷ বতৰৰ উপৰত নিৰ্ভৰশীল খেতিয়কে সাধাৰনতে এই প্ৰয়োজনতা পূৰ কৰিব নোৱাৰে৷ তাৰবাবে কিছু বিশেষ আয়োজনৰ প্ৰয়োজন, যিটো মই পাচলৈ আলোচনা কৰিম৷ কিন্তু কৰিব পাৰিলে ইয়ে কৃষকসকলক এখন স্থায়ী বজাৰ দিয়ে আৰু কৃষকে নিচিন্তমনে খেতিত মনোনিৱেশ কৰিব পাৰে আৰু ক্ৰমিকভাৱে প্ৰসাৰ কৰি যাব পাৰে৷

#ৰপ্তানিৰ বজাৰখনৰ ‘চৰিত্ৰ’ সুকীয়া৷ স্থানীয় বজাৰত যিবোৰ সামগ্ৰী বিক্ৰী হয়, বা যিটো ৰূপত হয় ৰপ্তানিৰ বজাৰত সেইটো নহবও পাৰে৷ কিন্তু যি ৰূপতেই (form) দিবলৈ অৰ্ডাৰ নাহক কিয়, যি সামগ্ৰীয়েই নহওক কিয়, সেইখন বজাৰত সোমোৱাৰ প্ৰাথমিক চৰ্ত হৈছে গুণগত মান আৰু যোগানৰ ধাৰাবাহিকতা৷ ইয়াৰে এটাও যদি কমি যায় ৰপ্তানিৰ বজাৰখনে আপোনাক চিৰ বিদায় দি দিব!

#সাধাৰনতে ‘সাধাৰন’ লোকে ভুলকৈ ধাৰণা কৰা এটা কথা হৈছে – ৰপ্তানিৰ বজাৰত মুল্য বেছিকৈ পোৱা যায় স্থানীয় বজাৰৰ তুলনাত৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত সামগ্ৰীৰ মূল্য আমাৰ স্থানীয় উৎপাদন আৰু চাহিদাৰ উপৰত পোনপটীয়াকৈ নিৰ্ভৰ নকৰে৷ ই বেছিয়ো হব পাৰে বা কমো হব পাৰে৷ ইয়াৰ বিষয়েও মই পাছত আলোচনা কৰিম৷ এটা বৰ দৰকাৰী কথা ৰপ্তানিৰ বজাৰখনৰ বিষয়ে এই যে, আপোনাৰ মতে অদৰকাৰী বুলি ভাবি থকা সামগ্ৰী একোটাও বিদেশৰ বজাৰত বহু দামত কিনা গ্ৰাহক থাকিব পাৰে৷ সেই দহটকীয়া বস্তুটোৱেই তেওলোকৰ ঠাইত এশটকীয়া পন্যলৈ ৰূপান্তৰিত হব পাৰে৷ এতিয়া খুচৰি খুচৰি যিয়েই উলিয়াব পাৰিব তেৱেঁই ৰজা! উদাহৰণস্বৰূপে, তামোলটোৰ সমান অনাৰসটোৰ কুমলীয়া অৱস্থাতে এটা পকা অনাৰসতকৈ দাম বেছি, বা, গাহৰিৰ কাণখনৰ দাম মাংসতকৈ বেছি, যিটো হয়তো আপোনাক মোক এনেই দিলেও নালাগে!

#বজাৰেই মুখ্যভাৱে সকলো নিয়ন্ত্ৰণ কৰে৷ এতিয়া প্ৰশ্ন হ’ল – বজাৰখননো ক’ত আছে? বজাৰ সকলো ঠাইতে আছে৷ ঢুকি পোৱা নোপোৱাটো চাহিদা আৰু যোগানৰ পাৰ্থক্যটো বুজি পোৱাৰ উপৰতে নিৰ্ভৰকৰে৷ কিতাপৰ জটিল সুত্ৰবোৰ মই ইয়ালৈ টানি আনিব নুখোজো৷ আপুনি এখন বজাৰলৈ গৈছে ‘X’ বস্তুটো বিক্ৰী কৰিবলৈ য’ত আপোনাৰ দৰে আৰু এশজন বহি আছে একে উদ্দেশ্য লৈ, একেবিধ সামগ্ৰীকে লৈ৷ এতিয়া বিক্ৰী কাৰ সোনকালে হব? সেইজনৰ, যিজনৰ সামগ্ৰীৰ গুণাগুণ সকলোতকৈ ভাল কিন্তু একে দামতে উপলব্ধ৷ বা, একেই গুণাগুণৰ কিন্তু দাম অনপ হলেও কম৷ সকলোৱে জনা কথা কিন্তু ইয়াৰ বাদে কোনো আন যাদুকৰি সুত্ৰ নাই৷ তাত তিকি থাকিবলৈ হয় আপোনাৰ উৎপাদনৰ খৰচ আনতকৈ কম হব লাগিব, বা আপুনি কম দামত বিক্ৰী কৰিব লাগিব, যদিহে মূলটোও আপুনি হেৰুৱাব নুখোজে৷ দুই নম্বৰী উপায় বিলাকৰ বিষয়ে আলোচনা কৰিব নিবিচাৰিম৷

আজিৰ খন্ডটো শেষ কৰাৰ আগতে এটা কথা আলোচনা কৰি থওঁ, মুখ্যতঃ ক্ষুদ্ৰ খেতিয়কক উদ্দেশ্যি৷ আপোনালোকে প্ৰতি কেজি সামগ্ৰীৰ বিক্ৰীমূল্যতকৈ প্ৰতিবিঘাৰ আমদানিটোৰ প্ৰতি বেছি গুৰুত্ব দিব লাগে৷ একমাত্ৰ উপায় হ’ল – উৎপাদন বঢ়াব লাগে৷ এই কথাটোত স্থায়ী ক্ৰেতাই সহযোগিতা কৰিব লাগে৷ কথাটো ঠিক কন্ট্ৰেক ফাৰ্মিং ধৰনৰ হবই লাগিব বুলি কোনো কথা নাই৷ ক্ষুদ্ৰ/অশিক্ষিত খেতিয়কক ক্লজ-ছাবক্লজ দি এগ্ৰীমেন্টত চহী লৈয়ো ইচ্ছা কৰিলেই আভুৱা ভৰাবলৈ দুষ্টজনৰ হাতত বহুত উপায় থাকে, যদি ইচ্ছা কৰে৷ সৎ উদ্দেশ্য লৈয়ো সৎভাৱেও লাভৰ মুখ দেখিব পাৰি৷ কোনো এজন ক্ৰেতাই যদি আপোনাৰ পৰা কম দামত (সীমাৰ ভিতৰত) বিছাৰে তেওঁক বেয়া পায় লাভ নাই৷ তেৱোঁ বেপাৰ কৰিবলৈহে আহিছে, লাভ কৰিবলৈহে আহিছে৷ এতিয়া, যদিহে ক্ৰেতাজনে আগবাঢ়ি খেতিয়কজনৰ খেতি বাতিত কিছু আধুনিকতা আনি প্ৰতি বিঘাৰ উৎপাদন বাঢ়ি যোৱাত সহায় কৰি দিয়ে তেন্তে ক্ৰেতাজনেও কম দামত কিনাৰ প্ৰস্তাৱ দিব পাৰে আৰু খেতিয়কজনেও প্ৰতি বিঘাত হিচাপ কৰি বেছিকৈ ৰাখি প্ৰতি কেজিত দাম কমাই দিব পৰা অৱস্থা এটাৰ সৃষ্টি কৰি লব পাৰে৷ তেতিয়াহে দুয়োপক্ষৰে সন্তোষজনক (win win) হাঁহি ওলাব! আচলতে ৰপ্তানিৰ ব্যৱসায়ী সকলৰ বাবে আজিৰ অসমৰ পৰিস্থিতিত ইয়াতকৈ বেলেগ উপায় নাই! বেছি বা কম নহয়, প্ৰাপ্যখিনি সকলোৱেই পাব লাগে৷

(বি: দ্ৰ: যিহেতু কথাবোৰ বুজাব বা বুজিব পৰাটোহে মুখ্য কথা, গতিকে মই সাধাৰনতে ব্যৱহাৰ হোৱা শব্দহে ব্যৱহাৰ কৰিম৷ অসমীয়া ভাষাৰ প্ৰতিশব্দবোৰ কেতিয়াবা সাধাৰন খেতিয়কৰ বাবে ’দাঁত ভঙা’ শব্দ হৈ পৰে! বানানতকৈ বক্তব্যৰ উপৰত বেছি গুৰুত্ব দিয়েযেন)
(আগলৈ…)

Leave a Response