বিশ্ববিখ্যাত মাৰ্চিডিছ ব্ৰেণ্ডৰ নেপথ্যৰ অখ্যাত নাৰী

তাপস কুমাৰ বৰুৱা

মাৰ্চিডিছ, সমগ্ৰ বিশ্বৰ বিলাসী গাড়ীৰ এক অন্যতম সুপৰিচিত আৰু জনপ্ৰিয় ব্ৰেণ্ডৰ নাম৷ বিলাসী গাড়ীৰ উপৰি ভেন, বাছ, ট্ৰাক, বিমান ইঞ্জিন, জাহাজ ইঞ্জিন আদিৰ নিৰ্মাতা জাৰ্মান প্ৰতিস্থান এটাৰ এই বিশ্ব বিখ্যাত ব্ৰেণ্ড নামটোৰ ইতিহাস ১১৬ বৰ্ষ পুৰণি৷ এই বিষয়ে জানিবলৈ পিচুৱাই যাব লাগিব আৰু কিছু বৰ্ষ৷ এই বিশ্ব বিখ্যাত মাৰ্চিডিছ ব্ৰেণ্ডৰ আৰম্ভনিৰ কথা অতি চমুকৈ আগবঢ়ালো৷
১৮৮৩ চনত কাৰ্ল ফ্ৰেইড্ৰিখ বেন্‌জ (২৫ নবেম্বৰ, ১৮৪৪ – ৪ এ’প্ৰিল, ১৯২৯)এ বেন্‌জ এণ্ড কোম্পানী নামৰ প্ৰতিস্থানটো প্ৰতিষ্ঠা কৰে৷ জাৰ্মানীৰ কাৰ্লচৰুহত জন্ম গ্ৰহণ কৰা এইজন অভিযন্তা-উদ্যেগপতিয়ে ১৮৮৫ চনত পেট্ৰল চালিত বাহন বেন্‌জ পেটেণ্ট মটৰৱেগন নিৰ্মাণ কৰিছিল৷ আনহাতে জাৰ্মানীৰে স্কৰ্নডৰ্ফত জন্ম গ্ৰহণ কৰা গট্টলিব উইলহেম ডেইমলাৰ (১৭ মাৰ্চ, ১৮৩৪ – ৬ মাৰ্চ, ১৯০০)এ ১৮৯০ চনত প্ৰতিষ্ঠা কৰিছিল ডেইমলাৰ মটৰচ্‌ ক’ৰ্পৰেশ্বন নামৰ প্ৰতিস্থানটো৷ উল্লেখ্য যে এই প্ৰতিস্থানতে ডেইমলাৰৰ সহযোগীৰূপে আছিল উইলহেম মে’বেক নামৰ এজন অভিযন্তা, যাৰ নামতে নেকি ‘মে’বেক’ নামৰ এটা বিশ্ব প্ৰসিদ্ধ বিলাসী গাড়ীৰ ব্ৰেণ্ডৰ নামকৰণ কৰা হৈছে৷ এই প্ৰতিস্থানৰে এক সুসম্পৰ্ক গঢ় লৈ উঠিছিল ইমিল জেলিনেক নামৰ এজন অষ্টিয়াৰ গাড়ী ব্যৱসায়ী (পাচলৈ কূটনীতিবিদ)ৰ৷ তেওঁ ডেইমলাৰ মটৰচ্‌ ক’ৰ্পৰেশ্বন নিৰ্মিত গাড়ী আন দেশত বিক্রী কৰিছিল৷ তেওঁৰ উদ্যোগতে ডেইমলাৰ মটৰচ্‌ ক’ৰ্পৰেশ্বননে ক্রমায়ে উন্নত মানৰ গাড়ী নিৰ্মাণ কৰিছিল৷ ১৯০১ চনত গট্টলিব ডেইমলাৰ জ্যেষ্ঠ পুত্ৰ তথা পেট্ৰল ইঞ্জিনৰ উদ্ভাৱক অভিযন্তা প’ল ডেইমলাৰ আৰু উইলহেম মে’বেকে ইমিল জেলিনেকৰ বাবে প্ৰথম আধুনিক গাড়ীৰূপে স্বীকৃত ৫ এইছ পি নিৰ্মাণ কৰিছিল৷ এই গাড়ীখন ইমিল জেলিনেকৰ অনুৰোধ মৰ্মে তেওঁৰ দুহিতাৰ নামত গাড়ীখনৰ নামকৰণ মাৰ্চিডিছ ৩৫ এইছ পি কৰা হয়৷ পৰৱৰ্ত্তী বৰ্ষত ‘মাৰ্চিডিছ’ ট্ৰেডমাৰ্কৰূপে পঞ্জীয়ন হয়৷ উল্লেখ্য যে ১৯২৬ চনত বিশ্বৰ সবাতোকৈ পুৰণি গাড়ী নিৰ্মাতা প্ৰতিস্থান দুটা ডেইমলাৰ মটৰচ্‌ ক’ৰ্পৰেশ্বন আৰু বেন্‌জ এণ্ড কোম্পানী একলগ হৈ ডেইমলাৰ-বেন্‌জ কোম্পানী (Daimer-Benz AG বা Daimer-Benz Aktiengesellschaft, ইংৰাজী Daimer-Benz Public Limited Company) নামেৰে পৰিচিত হয়৷ যদিও প্ৰতিস্থানটোৱে ডেইমলাৰ-বেন্‌জৰ নামত গাড়ী নিৰ্মাণ আৰু বিক্রয় কৰে, ‘মাৰ্চিডিছ’ ব্ৰেণ্ড তথা মাৰ্চিডিছ জেলিনেকৰ সন্মানাৰ্থে তেওঁলোকৰ নিৰ্মিত গাড়ীৰ মডেলসমূহৰ নাম ৰাখে মাৰ্চিডিছ-বেন্‌জ’৷
ইমিল জেলিনেকৰ দুহিতা, ৰাছেল গগমান চেনৰবাৰ্ট গৰ্ভজাত মাৰ্চিডিছৰ সম্পূৰ্ণ নাম আছিল মাৰ্চিডিছ এড্ৰিয়েন ৰাম’না মেনুৱেলা জেলিনেক৷ তেওঁৰ জন্ম হৈছিল অষ্টিয়াৰ ৰাজধানী চহৰ ভিয়েনাত ১৮৮৯ চনৰ ১৬ চেপ্তেম্বৰত৷ স্পেনীচ শব্দ merced (ইংৰাজী- mercy) মাৰ্চিডিছ নামৰ উৎস৷ কুমাৰী মেৰী (Virgin Mary)ক স্পেনীচসকলে তেওঁলোকৰ ভাষাত সন্মান জনাই “Nuestra Senora de las Mercedes” (ইংৰাজী- Our Lady of Mercy) বাক্যশাৰীৰে৷ এই নামটো স্পেনীচসকলে কন্যাৰ নামৰূপে ব্যৱহাৰ কৰে, যাৰ অৰ্থ হৈছে- grace (দয়া)৷
১৯০৯ চনত ফ্ৰান্সৰ নাইচ নিবাসী বেৰন ভন স্কল’ছেৰৰ সৈতে মাৰ্চিডিছ জেলিনেকৰ আড়ম্বৰপূৰ্ণভাৱে বিবাহ সম্পন্ন হয়৷ প্ৰথম বিশ্ব যুদ্ধ পৰ্য্যন্ত ভিয়েনাত বসবাস কৰা এই দম্পত্তিৰ আৰ্থিক অৱস্থা ক্রমায়ে অধোগামী হ’বলৈ ধৰে, আনকি ১৯১৮ চনত মাৰ্চিডিছ প্ৰকৃতাৰ্থত পথৰ ভিক্ষাৰী হয়গৈ৷ তাৰ পাচত তেওঁ স্বামী আৰু সন্তানদ্বয়ক ত্যাগ কৰি বেৰন ৰুডফ ভন ৱেইগল নামৰ এজন আৰ্থিকভাবে দূৰ্বল অথচ প্ৰতিভাসম্পন্ন ভাস্কৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ পৰিয়ালৰ আৰ্থিক দৈন্যতা দূৰ কৰিবৰ বাবে মাৰ্চিডিছে তেওঁৰ সুললিত কণ্ঠেৰে সঙ্গীত পৰিৱেশন কৰিব লগা হৈছিল৷ এনেদৰে কিছু দিন জীৱন অতিবাহিত কৰাৰ পাচত তেওঁ ১৯২৯ চনৰ ২৩ ফেব্ৰুৱাৰীত ভিয়েনাত তেজৰ কৰ্কট ৰোগত আক্রান্ত হৈ মৃত্যু বৰণ কৰে৷ যদিও তেওঁৰ পিতৃ এজন আগশাৰীৰ গাড়ী ব্যৱসায়ী আৰু গাড়ী নিৰ্মাণৰ ক্ষেত্ৰখনৰ এজন উদ্যমী ব্যক্তি আছিল, মাৰ্চিডিছ জেলিনেকে আৰ্থিক দৈন্যতাৰ সন্মুখীন হৈয়ো সেই ক্ষেত্ৰখনলৈ কোনো দিনে আকৰ্ষিত নহ’ল৷ কেনে পৰিতাপৰ বিষয়, যি গৰাকী ব্যক্তিৰ নামৰ বিলাসী গাড়ীৰ ব্ৰেণ্ড প্ৰায় এক শতিকা জুৰি সমগ্ৰ বিশ্বব্যাপি জনপ্ৰিয়, সেইগৰাকী ব্যক্তিয়ে আৰ্থিক দৈন্যতাৰে যুঁজি অকালতে ইহলীলা সম্বৰণ কৰে!

*****************************************

ঠিকনাঃ
নাজিৰ আলি, উত্তম বৰুৱা পথ
যোৰহাট- ৭৮৫০০১ (অসম)
ভ্ৰাম্যভাষঃ ৯৮৫৪২৫৯

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response