মৌ পালন

শ্ৰী শশধৰ নাথ
(প্ৰথম খণ্ড)

পৃথিৱীৰ বিভিন্ন দেশত মানুহে নানান অবৈজ্ঞানিক উপায়েৰে ঘৰতে মৌ পুহি ৰস উলিয়াই খাইছিল৷ মাটিৰ কলহ, কাঠৰ খোৰোং আৰু বিভিন্ন উপায়েৰে মানুহে মৌ পুহি মৌ ৰস সংগ্ৰহ কৰিছিল৷ তাৰোপৰি হাবিৰ বনৰীয়া মৌচাক ধৰি আনি কণী, পোৱালিসহ নিষ্ঠুৰভাৱে নষ্ট কৰি সামান্য পৰিমাণে ৰস সংগ্ৰহ কৰিছিল, ইয়াৰ ফলত প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল৷ আজিও কিছু কিছু একমত এইধৰণৰ অবৈজ্ঞানিক পদ্ধতিৰ প্ৰচলন হৈ আছে৷
মৌ পালনৰ আও-পূৰণি পদ্ধতিটোক প্ৰকৃততে মৌ-পালন বুলিব নোৱাৰি৷ প্ৰাকৃতিক ভাৱে জংঘলত বাস কৰা মৌ
ধৰি আনি বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰি বিজ্ঞানসন্মত ভাৱে বিকাশ কৰা বাকচত পুহিব লোৱা ব্যৱস্থাটোকে প্ৰকৃত মৌ পালন বুলিব পাৰি৷ বৈজ্ঞানিক পদ্ধতিত মৌ পালন কৰিলে মৌ বংশৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ ৰস সংগ্ৰহ কৰিব পাৰি৷

মৌ পালন হ’ল এক আমোদজনক হবি৷ মৌ পালনৰ জৰিয়তে আৰ্থিকভাৱে লাভবান হবও পাৰি৷ মৌ-পালনৰ
লক্ষণীয় দিশটো হ’ল, কম ঠাইৰ ব্যৱহাৰ৷ ঘৰৰ যি কোনো ঠাই, চোতাল, ফুলনি আদিত মৌ বাকচ ৰাখিব পাৰি৷
মৌ-পালন ঘৰৰ সকলোৱে কৰিব পাৰে কিন্তু তাৰবাবে দৰকাৰ হব মৌৰ ওচৰ চাপিবৰ বাবে কিছু সাহসৰ৷ সাধাৰণতে আমাৰ সমাজত এটা ধাৰণা আছে যে মৌ পৰিচৰ্যা কৰিবলে কিছু যাদু-মন্ত্ৰৰ প্ৰয়োজন হয়, এই একেবাৰে অসত্য কথা৷
মৌ-পৰিচৰ্য্যা কৰিবলৈ হ’লে মৌপালক জনৰ সাহস, ধৈৰ্য্য আৰু একাগ্ৰতাই হ’ল মূল চাবিকাঠি৷
মৌ কেইবা জাতৰ আছে সেইবোৰ তলত দিয়া হ’ল –
১) বৰ মৌ (Apis dorsata)
২) খোৰোংগীয়া মৌ (Apis cerana indica)
৩) পশ্চিমীয়া মৌ (Apis mellifera)
৪) পুন পুনি মৌ (Apis florea)

বৰমৌ : এইবিধ মৌৱে মুকলি ঠাইত বাহ সাজিবলৈ ভাল পায়৷ অট্টালিকা, ডাঙৰ ডাঙৰ গছত বাহ সজা দেখা যায়৷
ইহতে এখনে চাক সাজে৷ চাকৰ আকাৰ ৫-৬ ফুটলৈ দীঘল আৰু ৩-৪ ফুটলৈ বহল হয়৷ বহুত পৰিশ্ৰম কৰিব পৰা এই মৌ বিধে সকলো জাতৰ মৌতকৈ বেছি ৰস সংগ্ৰহ কৰে৷ ই স্বভাৱত বহুত খঙাল আৰু প্ৰতিহিংসা পৰায়ন৷
খোৰোংগীয়া মৌ : এই মৌ বৰমৌতকৈ আকাৰত সৰু হয়৷ ইহঁতে মুকলীমুৰীয়া পৰিবেশ ভাল নাপায়৷ ইহঁতে গছৰ খোলোং, পুৰণি কলহ, মাটিৰ খোলোং, আলমাৰি, ঘৰৰ চিলিং আদিত বাস কৰি ভাল পায়৷
এই জাতৰ মৌ সাধাৰণতে বেছি খঙাল নহয়৷ ইহঁতৰ হুলৰ বিষ তীব্ৰ নহয়৷ ইহতে একে লগে ৭ বা ৮ খন চাক
সাজে৷ ইখন চাকৰ পৰা সিখন চাকৰ মাজত ৪/১ ইঞ্চি দুৰত্ব বজাই ৰাখে৷ খাদ্যৰ প্ৰাচুৰ্য্যতাৰ ওপৰত নিৰ্ভৰ কৰি ইহতে এটা ঠাইত বহুদিনলৈ বসবাস কৰে৷ এটি বিশেষ মন কৰিবলগীয়া কথা হ’ল, এই মৌ ভৈয়াম আৰু পাহাৰ অঞ্চলত শাৰিৰীক কিছু পাৰ্থক্য দেখা যায়৷ পাহাৰত বিচৰণ কৰা মৌৰ শাৰিৰীক গঠন অলপ ডাঙৰ আৰু কলা বৰণৰ৷
পশ্চিমীয়া মৌ : খোৰোংগীয়া মৌতকৈ আকাৰত ডাঙৰ এই প্ৰজাতিৰ মৌ পশ্চিমীয়া দেশবোৰত পালন কৰিছিল যদিও আজিকালি আমাৰ দেশতো কৃতকাৰ্য্যতাৰে পালন কৰিবলৈ লৈছে৷ ইহতৰ দেহৰ বৰণ মুগা বৰণৰ হয়৷
আমাৰ খোৰোংগীয়া মৌৰ তুলনাত ইয়াৰ মৌ উৎপাদন ক্ষমতাও বহুত বেছি৷ ইয়াক পালন কৰিলে মৌপালকজন
লাভবান হোৱাৰ সুযোগ বেছি থাকে৷ পিছৰফালে ইয়াৰ বিষয়ে বহলাই লিখা হব
পুন পুনি মৌ : আকাৰত সৰু জাতৰ এই মৌবিধৰ শৰীৰৰ ওপৰচোৱা ৰঙচুৱা তলভাগ নীলা আৰু কলা আৰু মুগা৷ হাবিয়নি ঠাইত সৰু সৰু জোপোহাত ইহঁতে চাক সাজে৷ হাত লুৱাখনৰ সমান বা তাতকৈ অলপ ডাঙৰ এখনে মাত্ৰ চাক সাজে৷ ইহত প্ৰতিহিংসা পৰায়ণ নহয়৷ হুলৰ বিষ কম৷ ইহতে খুব কম পৰিমানে ৰস দিয়ে৷ ইহতৰ ৰস সাংঘাটিক ঔষধি-গুণ বিশিষ্ট৷

(পৰবৰ্তী খণ্ডত মৌৰ জীৱন বৃত্তান্ত ওপৰত আলোকপাত কৰা হ’ব)
*****************************
(লিখক কামৰূপ জিলাৰ চাংচাৰী অঞ্চলৰ এজন বিশিষ্ট মৌপালক)

Leave a Response