যান্ত্রিক কৃষিৰ দোষ-ত্রুটিসমূহ – Defects And Deficiencies Of Mechanical Agriculture


কুৰি শতিকাৰ প্রথম চাৰিটা দশকত হোৱা বিজ্ঞানৰ কেতবোৰ আৱিষ্কাৰৰ বাবে ১৯৪৪ চনত Green revolution নামেৰে এক আন্তৰ্জাতিক অভিযানৰ সূচনা হয়। খাদ্যশস্যৰ উৎপাদন বৃদ্ধিৰ বাবে সূচনা হোৱা এই অভিযান অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্রায় সকলো ৰাষ্ট্রতে বিয়পি পৰে। শস্য উৎপাদনৰ পুৰণি কৌশলৰ স্থান

নতুন উদ্ভাৱনবোৰে দখল কৰিলে আৰু খেতি পথাৰত যান্ত্রিক সঁজুলিৰ লগতে অধিক উৎপাদনক্ষ বৰ্ণসংকৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ প্রভাৱ বৃদ্ধি পাবলৈ ধৰিলে। লগে লগে খাদ্য শস্যৰ উৎপাদন ক্রমে বাঢ়ি আহিল। বহুতো ৰাষ্ট্রৰ বিশ্বযুদ্ধৰ বাবে ভাগি পৰা অৰ্থনীতি পুনৰ থন ধৰি উঠে। শস্য উৎপাদনৰ এই পদ্ধতিক যান্ত্রিক কৃষি (Mechanized Farming) বুলি কোৱা হ’ল আৰু কেউদিশে এই পদ্ধতিৰ জয়গান উচ্চাৰিত হ’বলৈ ধৰিলে। কিন্তু পাছলৈ দেখা গ’ল এনে ব্যৱস্থাৰে কৃষিকর্ম কৰাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্র (Agroecosystem) আৰু পৰিৱেশৰ ওপৰত নানান কু-প্রভাৱ পৰিবলৈ ধৰিছে। আনহাতে কৃষিৰ ক্ষেত্রত আগবাঢ়ি যোৱা বহুতো অঞ্চলত শস্যৰ বাঢ়ি অহা উৎপাদনৰ হাৰ ক্রমে স্থবিৰ হৈ পৰিছে। সেয়ে যোৱাটো শতিকাৰ সত্তৰ দশকমানৰ পৰা এই পদ্ধতিৰ ভুল-ত্রুটীবোৰ বিচাৰ কৰি ‘সেউজ বিল্পৱ’ৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজ্ঞানীসকলে চিন্তা-চর্চা কৰি আহিছে। যান্ত্রিক কৃষিৰ বিকল্প হিচাপে বহুতে জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰাৰ পোষকতা কৰিছে। [অধিক তথ্যৰ বাবে http://www.sadik2crs.blogspot.in/2012_10_01_archive.html ]। আন কিছুমানে zero tillage, biodynamic agriculture ৰ কথাও কৈছে। এনে এক পটভূমিত যান্ত্রিক কৃষি পদ্ধতিৰ কু-প্রভাৱবোৰৰ বিষয়ে বুজি উঠাটো আৱশ্যক হৈ পৰিছে। আজিৰ এই লেখাত যান্ত্রিক কৃষি পদ্ধতিৰ কু-প্রভাৱৰ বিষয়ে কিছু কথা আলোচনা কৰা হ’ল।

যান্ত্রিক কৃষি পদ্ধতিৰ বৈশিষ্ট্য:
• মাটি চহ কৰিবলৈ ট্রেক্টৰ ব্যৱহাৰ,
• মাটিৰ উর্বৰা শক্তি বৃদ্ধি কৰিবলৈ ৰাসায়নিক সাৰ প্রয়োগ,
• থলুৱা জাতৰ সলনি বর্ণসংকৰ বীজ ব্যৱহাৰ,
• শস্যৰক্ষাৰ ব্যৱস্থা হিচাপে ঔষধ প্রয়োগ,
• পানী যোগানৰ বাবে জলসিঞ্চনৰ ওপৰত নির্ভৰ

উপৰুক্ত কৃষি কৌশলবোৰ অৱলম্বন কৰাৰ পাছত পৰিৱেশ তথা কৃষি পাৰিস্থিতি তন্ত্রত কেনে প্রভাব পৰিছে সেই বিষয়ে তলত আলোচনা কৰা হ’ল:
ক) খেতি কৰিবলৈ শিকাৰে পৰা মানুহে মাটি চহ কৰি খাদ্যশস্য উৎপাদন কৰি আহিছে। অতীজৰে পৰা চলি অহা এই কৃষিকার্যত বিভিন্ন সঁজুলিৰ দ্বাৰা মাটি চহ কৰা হৈছিল। কুৰি শতিকাৰ প্রথম দশকলৈকে ব্যৱহাৰ কৰা এনে সঁজুলিৰ বাবে খেতিপথাৰৰ বিশেষ অনিষ্ট হোৱা নাছিল। কিন্তু ১৯১০ চনত জীৱাশ্ম ইন্ধনৰ দ্বাৰা চালিত ট্রেক্টৰ আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা এইবিধ যন্ত্রৰে মাটি চহ কৰা কাম আৰম্ভ হ’ল আৰু ‘সেউজ বিপ্লৱ’ৰ পাছৰে পৰা ইয়াৰ ব্যৱহাৰ অতি বহুল ভাবে হ’বলৈ ধৰিলে। পাছলৈ দেখা গ’ল যে এইদৰে চহ কৰা পথাৰবোৰত পানী জমা হ’বলৈ ধৰাৰ লগতে মাটি ক্রমে অনুর্বৰ হৈ আহিছে। এনেহোৱাৰ কাৰণ অনুসন্ধান কৰি বুজিব পৰা গ’ল যে অধিক মাত্রাত ট্রেক্টৰ ব্যৱহাৰ কৰাৰ বাবে মাটিৰ ওপৰত যথেষ্ট হেঁচা পৰে যাৰ বাবে মাটিৰ কণিকাবোৰৰ মাজত থকা ক্ষুদ্র ছিদ্রবোৰ বন্ধ হৈ ডাঠ চামনিৰ দৰে এক কঠিন অধঃতস্তৰ (Hard pan) সৃষ্টি হয়। এই চামনিখনৰ বাবে ভূ-পৃষ্ঠৰ উপৰিভাগৰ পানী প্রাকৃতিক নিয়মেৰে ভিতৰলৈ যাব পৰা নাই বাবে পথাৰত পানী জমা হয়। আনহাতে ডাঠ চামনিখনৰ বাবে আহাৰ বিচাৰি উদ্ভিদৰ শিপা মাটিৰ ভিতৰলৈ সোমাব নোৱাৰে যাৰ বাবে শস্যডৰা পোষক দ্রব্যৰ অভাৱত পৰে। তদুপৰি চহ কৰাৰ পাছত বতাহ-বৰষুণৰ বাবে ভূমিক্ষয় (Erosion) হৈ ওপৰৰ সাৰুৱা মাটিভাগ নষ্ট হয়। অসমান হেলনীয়া পথাৰত এই সমস্যা অতি প্রকট। বিভিন্ন উপায়েৰে ডাঠ চামনিখন ভাঙিব পৰা যায় যদিও ভূমিক্ষয় হৈ নষ্ট হোৱা মাটি পুনৰ পোৱা প্রায় অসম্ভৱ। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পৃথিৱীৰ উপৰিভাগৰ ৬-১২ ইঞ্চিমানলৈকে থকা মাটিৰ স্তৰটো অতি সাৰুৱা। ইংৰাজীত Top soil বুলি কোৱা এই স্তৰটোৰ পৰা উদ্ভিদে শিপাৰ সহায়ত বিভিন্ন পোষক দ্রব্য আহৰণ কৰে। এক ইঞ্চি Top soil ৰ প্রলেপ এটা গঠন হ’বলৈ প্রায় ৩০০ – ৫০০ বছৰ লাগে। ট্রেক্টৰৰ অত্যাধিক ব্যৱহাৰৰ বাবে এই সাৰুৱা মাটিভাগ নষ্ট হয়।


খ) অধিক মাত্রাত অজৈৱ সাৰ প্রয়োগ কৰাৰ বাবে পৰিৱেশ দূষিত হয়। নাইট্র’জেনযুক্ত সাৰ নাইট্রেট ৰূপত সহজে পানীত মিহলি হৈ পৰে যাৰ বাবে ভূ-গর্ভৰ লগতে নৈ-বিল আদিৰ পানী দূষিত হয়। এনে পানী জলচৰ প্রাণী আৰু উদ্ভিদৰ অনুপযোগী হৈ পৰাৰ বাবে এইবোৰ লাহে লাহে বিলুপ্ত হৈ পৰিব ধৰিছে। ইয়াৰ উপৰি সাৰ মিহলি মাটিৰ পৰা কেঁচুবোৰ আঁতৰি যায়। কেঁচুৱে বিভিন্ন প্রকাৰে মাটি সাৰুৱা কৰে বাবে এইবিধ প্রাণীক কৃষকৰ বন্ধু কোৱা হয়। আনহাতে খোৱা পানীত নাইট্রেট নাইট্র’জেনৰ পৰিমাণ বেছি থাকিলে মানুহৰ পাকস্থলীত থকা এবিধ বেক্টেৰিয়াই নাইট্রেটক নাইট্রাইট ৰূপলৈ পৰিবর্তন কৰে। এই নাইট্রাইটৰ লগত দেহত থকা হিমগ্লবিনৰ ক্রিয়া ঘটি methamoglobinema নামৰ এবিধ পাচকৰস (Enzyme) সৃষ্টি কৰে। এই পাচকৰসবিধৰ বাবে তেজৰ অক্সিজেন বহন কৰা ক্ষমতা হ্রাস পাই যাৰ বাবে ছমহীয়া বা তাতকৈ কম বয়সীয়া শিশুৰ দেহত Blue baby নামৰ ৰোগবিধে দেখা দিয়ে। সঠিক সময়ত চিকিৎসা নকৰিলে এনে শিশু মৃত্যুৰ মূখত পৰে। তদুপৰি নাইট্র’জেনযুক্ত সাৰৰ কিছু অংশ বায়ুমণ্ডললৈ উৰি যায়। নাইট্রেট ৰূপত থকা এইভাগ নাইট্র’জেনে বায়ুমণ্ডলত থকা অ’জ’ন গেচৰ লগত ৰাসায়নিক ক্রিয়া কৰি অ’জ’ন গেচৰ চামনিখন পাতল কৰে বুলি বর্তমান বহুতো বিজ্ঞানীয়ে মতপোষণ কৰিছে। বায়ুমণ্ডলত থকা অ’জ’নৰ চামনিখনে সূর্যৰ কিৰণত লগত অহা অতিবেঙুনীয়া ৰশ্মি নামৰ অপকাৰী ৰশ্মিখিনি পৃথিৱীলৈ অহাত বাধা দিয়ে। ইয়াৰ উপৰি এই ভাগ নাইট্র’জেন বায়ুমণ্ডমৰ উষ্ণতা বৃদ্ধি কৰা ‘সেউজ গৃহ গেছ’বোৰৰ অন্যতম বুলিও চিনাক্ত কৰা হৈছে।
গ) বর্ণসংকৰ বীজ ব্যৱহাৰৰ বাবে কৃষি পাৰিস্থিতি তন্ত্রত বিজুতি ঘটাৰ লগতে জৈৱ-বৈচিত্র দুর্বল হৈ পৰিছে। একমাত্র অধিক উৎপাদনৰ উদ্দেশ্যেৰে উদ্ভাৱন কৰা এনে বীজৰ অনিষ্টকাৰী কীট-পতংগ, ৰোগ-ব্যাধিৰ আক্রমণ ৰোধ কৰিব পৰা ক্ষমতা নাই। সেয়ে এনে বীজ ব্যৱহাৰ কৰা পথাৰত অধিক মাত্রাত ঔষধ প্রয়োগ কৰিবলগীয়া হয় যাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্রত বিজুটি ঘটে। তদুপৰি বর্ণসংকৰ বীজৰ পৰা ফল পাবলৈ অধিক মাত্রাত ৰাসায়নিক সাৰ প্রয়োগ কৰিবলগীয়া হয়। আনহাতে অধিক উৎপাদনৰ উদ্দেশ্যেৰে এখন বহল পথাৰত এনে বীজৰ খেতি কৰিবলৈ লোৱাৰ পৰা থলুৱা বীজৰ ব্যৱহাৰ কমি আহিল আৰু পথাৰত শস্যবিধৰ এটা মাত্র জাতে দখল কৰাৰ উপক্রম হৈছে। কোনো এখন বহল পথাৰত এটা মাত্র জাতৰ খেতি কৰাতো বিজ্ঞানসন্মত নহয়। যিদৰে একাধিক উদ্ভিদেৰে ভৰি থকা অঞ্চল এটাৰ কৃষি পাৰিস্থিতি তন্ত্র সুস্থিৰ হয় সেইদৰে একাধিক জাতৰ সংমিশ্রণত কৰা খেতিপথাৰ প্রায় সুস্থিৰ অৱস্থাত থাকে। ইয়াৰ উপৰি বর্ণসংকৰ বীজৰ ব্যৱহাৰৰ বাবে ভাল গুণ থকা বহুতো থলুৱা জাত বিলুপ্ত হৈ পৰিছে।

ঘ) অধিক মাত্রাত ঔষধ ব্যৱহাৰ কৰাৰ বাবে পৰিৱেশ প্রদূষণ হোৱাৰ লগতে প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয়। এই ঔষধবোৰ উদ্বায়ী (Volatile) পদার্থ হোৱা বাবে সহজে উৰি বায়ুমণ্ডলত বিয়পি পৰে যাৰ বাবে বায়ু দূষিত হৈ উঠে। মাটিত পৰা ঔষধ পানীৰ লগত মিহলি হৈ খাল-ডোং, নৈ-বিল আদিৰ পানী দূষিত কৰি জলচৰ প্রাণীৰ অনিষ্টসাধন কৰে। আনহাতে ঔষধ প্রয়োগৰ বাবে অনিষ্টকাৰী কীট-পতংগৰ লগতে বহুতো উপকাৰী কীট-পতংগও মৃত্যুৰ মূখত পৰে। এই উপকাৰী কীটবোৰে অনিষ্টকাৰী কীট ভক্ষণ কৰি ইহঁতৰ সংখ্যা বাঢ়িব নিদি পৰিৱেশত এক প্রাকৃতিক ভাৰসাম্য বর্তি থকাত সহায় কৰে। উপকাৰী কীটবোৰ আঁতৰি পৰাত পাছলৈ অনিষ্টকাৰী কীটৰ সংখ্যা বৰ খৰকৈ বাঢ়িবলৈ ধৰে। এই বাঢ়ি অহা কীটক দমন কৰিবলৈ ঘনাই ঔষধ প্রয়োগ কৰিবলগীয়া হয়। পাছলৈ শস্যৰক্ষাৰ বাবে অধিক শক্তিশালী ঔষধৰ প্রয়োজন হয়। এইদৰে অনিষ্টকাৰী কীটৰ সমস্যা জটিল হৈ গৈ থাকে। তদুপৰি উপকাৰী কীটৰ অবর্তমানত গৌণ (Minor) কীট মুখ্য (Major) অনিষ্টকাৰী কীট ৰূপে দেখা দিয়ে।
অধিক মাত্রাত জলসিঞ্চন কৰাৰ বাবে ভূ-গর্ভৰ জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ বাবে জলসিঞ্চনত অধিক শক্তিৰ প্রয়োজন হৈ পৰিছে যাৰ বাবে উৎপাদনৰ ব্যয় ক্রমে বাঢ়ি গৈছে। তদুপৰি বহু অঞ্চলত পানীৰ স্বাভাৱিক গুণ নষ্ট হৈ লুণীয়া কিম্বা খাৰুৱা হোৱা দেখা গৈছে।

*************************************************************************************************************

~ডঃ চাদিকুল হুছেইন
ম’বাইল: ৯৪৩৫১৩৫৬৩১ ::
Mail ID- sadik2crs@yahoo.co.in

Leave a Response