শুকানফুলৰ ব্যৱসায় আৰু ইয়াৰ সম্ভাৱনীয়তা Dry Flower Business and its Prospects

ফুল আমাৰ সকলোৰে প্ৰিয়৷ বৰ্তমান এই ফুলে আমাৰ মানৱজীৱনৰ এটা অংশ অধিকাৰ কৰি আছে বুলি ক’লেও ভুল কোৱা নহব৷ সাধাৰণতে সজীৱ ফুল বেছি আকৰ্ষণীয় যদিও, দেখা যায় ই খৰচী আৰু ইয়াৰ সৌন্দয্য কমদিনীয়া৷ আনহাতে কিছুমান ফুল বছৰৰ সকলো সময়তে পোৱা নাযায়৷ গতিকেই ইয়াৰ বিকল্প হিচাপে, এই প্ৰাকৃতিক ফুল আৰু ইয়াৰ ডাল-পাতবোৰ কৃত্ৰিম শিল্পজাত সামগ্ৰীলৈ পৰিবৰ্তন কৰি আমি আভ্যন্তৰীণ সৌন্দয্যবৰ্ধণ, ফুলসজ্বা, ফুলৰ বুকে, ৰীথ, শ্বপিচ, পটপিউৰি, ৱালহেঙিং, কেলেন্দাৰ, কাৰ্ড, বুকমাৰ্ক, পেপাৰ ৱেট, টেবুল সজোৱা ইত্যাদি কামত ব্যবহাৰ কৰিব পাৰো৷ আনহাতে এতিয়া অৰ্কিড ইত্যাদি ফুলৰপৰা অংলকাৰও বনাবলৈ আৰম্ভ হৈছে৷
আমাৰ ভাৰতত এই ফুল,পাত শুকোৱাই বা কৃত্ৰিমভাৱে সংৰক্ষণ কৰি সাজসজ্বা আৰু বুকে বা কাৰ্ড ইত্যাদি বনোৱাত ব্যৱহাৰ কৰাটো যোৱা দহবছৰৰ মানৰ পৰাহে দেখা গৈছে৷ National Botanical Reasearch Institute (NBRI) ক ইয়াৰ পথ প্ৰদৰ্শক বুলি কোৱা হয়৷ বৰ্তমান আমাৰ ভাৰতবৰ্ষ এই ড্ৰাইফ্লাৱাৰ ৰপ্তানীত যথেষ্ট আগবঢ়া৷ তথ্যমতে, বিশ্বৰ ড্ৰাইফ্লাৱাৰ ব্যৱসায়ত ভাৰতৰ অৰিহণা ৫%৷ আনহাতে ভাৰতীয় ৰপ্তানী ব্যৱসায়ৰ .৬১% য়েই এই ড্ৰাইফ্লাৱাৰে অধিকাৰ কৰি আছে৷ যিবিলাক USA, Europe, Japan, Australia, Midle East আৰু Russia ইত্যাদি দেশলৈ ৰপ্তানী হয়৷ দেখা গৈছে যে, প্ৰতিবছৰে এই ড্ৰাইফ্লাৱাৰৰ চাহিদা ৮-১০% বাহি গৈছে৷ আমাৰ ভাৰতবৰ্ষত সাধাৰণতে এই ড্ৰাইফ্লাৱাৰ উৎপাদনৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায় ৭০% কেঁচামালেই আমি প্ৰাকৃতিকভাৱে পাওঁ আৰু বাকী ৩০% ফুল বা তাৰ আনুসাংগিক কেঁচামাল আমি উৎপাদন কৰিব লাগে৷ গতিকে বৰ্তমান বিশ্ববজাৰৰ বাঢ়ি অহা প্ৰয়োজনীয়তালে চাই কেঁচামালেৰে ভৰপুৰ আমাৰ ভাৰতবৰ্ষত বিশেষভাৱে উত্তৰপূৰ্বাঞ্চলত এই ড্ৰাইফ্লাৱাৰ উৎপাদনৰ সম্ভাৱনীয়তা বহুত বেছি৷
এতিয়া আহো এই ফুল শুকোৱাৰ পদ্ধতি সমুহলে, এই পদ্ধতি প্ৰধানকৈ দুবিধ :
১) প্ৰযুক্তি ব্যৱহাৰ কৰি ফুল শুকুৱা পদ্ধতি (Flower Drying), ২)ৰং কৰি ফুল শুকুওৱা পদ্ধতি (Flower Dyeing)
প্ৰযুক্তি ব্যৱহাৰ কৰি ফুল শুকোওৱাৰ ক্ষেত্ৰত বতাহত শুকোৱা (Air drying), কৃত্ৰিমভাৱে বায়ু নিষ্কাষণ (Embedding/desiccants), হট অভেন (Hot Oven) মাইক্ৰৱেভ অভেন ( Microwave Oven drying) ব্যৱহাৰ কৰি, চাপ প্ৰয়োগ কৰি (Press drying), গ্লিচাৰিণ ব্যৱহাৰ কৰি (Glycerine drying), মৌ ব্যৱহাৰ কৰি (Wax drying), স্কেলিটনাইজিং পদ্ধতিৰ সহায়ত, পটপিউৰি বনাই বিভিন্ন ফুল, পাত, ডাল,গুটি, মূল, কাঠৰ টুকুৰা বা তেনে সুগন্ধিযুক্ত সামগ্ৰী সংৰক্ষণ কৰা হয়৷ আৰু ৰঙ কৰি শুকুৱা পদ্ধতিত ফুল, দাল, পাত ইত্যাদি বোৰ খাদ্য সামগ্ৰীত ব্যৱহাৰ কৰা ৰঙ(Food Colour) প্ৰয়োগ কৰা হয়, কেঁচা আৰু শুকান ফুলত ৰং স্প্ৰে কৰা হয় , কাপোৰত দিয়া ৰং ব্যৱহাৰ কৰা হয় আৰু acryalic ৰং ব্যৱহাৰ কৰা হয়৷
শুকোৱাবলগীয়া ফুল বা অন্যান্য সামগ্ৰীসমুহ বাৰ্ষিক উৎপাদিতও হব পাৰে বা বহুবৰ্ষীয় হব পাৰে৷ ইয়াৰ কিছুমান সুবিধা হব পাৰে এনেধৰণৰ :
১) ই কমখৰচী আৰু সহজতে হাততে পোৱা ধৰণৰ৷
২) অতি কম প্ৰতিপালন কৰিলেও হয়৷
৩) দীৰ্ঘস্থায়ী৷
৪) পৰিবেশ সংৰক্ষক৷
৫) গোটেই বছৰ ধৰি পাব পৰা৷
৬) সহজতে ৰাখিব পৰা৷
আনহাতে শুকোৱাবলৈও ব্যৱহাৰ কৰা ফুলসমুহ সংগ্ৰহ কৰোতেও আমি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰাতো প্ৰয়োজনীয়৷ সেইসমুহ হ’ল –
১) ফুল বা ডাল-পাতসমুহ পানীত সেমেকি থকা বা নিয়ৰত তিতি থকা সময়ত সংগ্ৰহ কৰিব নালাগে৷ ইয়াৰ কাৰণে উপযুক্ত সময় হৈছে শেষৰ পুৱাৰ সময়খিনি (Late morning) অৰ্থাৎ নিয়ৰ সৰি শেষ হোৱাৰ পাছৰ সময়খিনি৷
২) শুকুৱাবলে ব্যৱহাৰ কৰিব লগা সামগ্ৰীখিনি মূল গাঁ-গছৰ পৰা বেলেগ কৰিবৰ সময়ত সদায় চোকা চুৰী বা ডাল কটাত ব্যৱহাৰ কৰা কেচীঁ লব লাগে৷
৩) শুকুৱাব লগীয়া ফুল, ডাল-পালবোৰ পোক-পৰুৱা আক্ৰমণ নথকা আৰু নিৰোগী হব লাগে৷
৪) শুকুৱাবলৈ ব্যৱহাৰ কৰাৰ আগত ফুলৰ ঠাৰি, দাল বা পাতবোৰ পানীত ৰাখিব লাগে৷
৫) যিমান প্ৰয়োজন তাতকৈ বেছি ফুল, দাল, পাতবোৰ সংগ্ৰহ কৰিব লাগে যাতে কিছুমান নষ্ট হৈ গ’লেও কম নহয়৷
৬) বিশেষকৈ ফুলবোৰ অলপমান ফুলিবলে বাকী থকা অৱস্থাতে ছিঙিব লাগে৷
৭) সংগ্ৰহ কৰাৰ পাছত যিমান পাৰি সিমান সোনকালে ফুলসমুহ শুকোৱাৰ পদ্ধতি আৰম্ভ কৰিব লাগে৷
৮) প্ৰাকৃতিক ভাৱে পোৱা সামগ্ৰীবোৰ, যেনে- শুকান ঘাঁহ, ডাল, পাত, গুটি, ক’ন, বিভিন্ন গুটিৰ চিৰা ইত্যাদি বোৰ সময়ম’তে সংগ্ৰহ কৰি থব লাগে৷
এতিয়া, শুকুৱাব লগা সামগ্ৰী বোৰ সংগ্ৰহ কৰাৰ পাছত আমি সামগ্ৰী সমুহৰ মানদণ্ড অনুসৰি, আকাৰ অনুসৰি সজাই লৈ শুকুৱাৰব বাৰে প্ৰস্তুত হব লাগে৷ যেনে-গোলাপত আমি ঠাৰিৰ দীঘল বোৰ দীঘল হিচাপে, ৰঙ অনুসৰি; গ্লেডিঅ’লাচত ফুলৰ পাহি, ৰঙ আৰু আকাৰ অনুসৰি; জাৰবেৰাত ফুলপাহৰ diameter অনুসৰি ইত্যাদি৷ মুঠতে কবলৈ গ’লে প্ৰাকৃতিকভাৱে ফুল শুকুৱা বা পানী নিষ্কাষণ কৰা মানে হৈছে লাহে লাহে কেচাঁ সামগ্ৰী সমুহৰ পৰা ৰসবোৰ বা জীপটো আতৰাই একে আকাৰ আৰু একে ৰঙত প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা সৌন্দয্য সলনি নোহোৱাকৈ সংৰক্ষণ কৰি ৰখা৷
ইয়াৰ ব্যৱসায়িক লাভালাভৰ কথা চমুকৈ যদি কবলৈ যাও, মই নিজে এই ব্যৱসায় কৰি লাভাম্বিত হৈছো৷ শুকান ফুলেৰে বনোৱা এখন এখন কাৰ্ড মই ১৫০-২০০ টকাৰ বেছি দামত বিক্ৰি কৰো৷ ফুলৰ বুকে বিক্ৰি কৰো ৫০০ টকাৰ পৰা ৩৫০০ টকা দামৰ ভিতৰত৷ ৱাল হেঙিঙ বিক্ৰি কৰো অতি কম ৮০০ টকা দামত৷ বাকী আৰু বহুতো সামগ্ৰী উৎপাদন কৰি বিক্ৰি কৰি আছো যিবিলাক কেচাঁমাল আমাৰ ঘৰতে বা বাৰীতে পোৱা শুকান ডাল, পাত ইত্যাদি মাত্ৰ৷
মহিলাসকল প্ৰতিভাৰ আধাৰ৷ মাত্ৰ কোনোয়ে প্ৰকাশ কৰাৰ সুবিধা নাপায় বা কেতিয়াবা উপযুক্ত পৰিবেশও পোৱা নাযায়৷ আনহাতে আমাৰ মহিলাসকলৰো ইচ্ছা থাকে এটা নিজস্ব চিনাকী গঢ়ি তুলিবলৈ বা প্ৰতিগৰাকী মহিলাৰে কোনো সময়ত মনলৈ ভাৱ আহে নিজা কিবা উপাৰ্জন উৎসৰ কথা৷ কিন্তু বিভিন্ন কাৰণত এইয়া সম্ভৱ নহয়৷ আনহাতে আমাৰ মহিলাসকলে এতিয়াও পঢ়া-শুনা শেষ কৰি বিয়াত বহিব লগা হয়৷ বিয়াৰ পাছত পাৰিবাৰিক দায়িত্ব, সন্তান প্ৰতিপালন, ইত্যাদি আৰু বহুতো কথাত মহিলাসকল ব্যস্ত হৈ পৰিব লগা হয়৷ কিন্তু জীৱনৰ এটা পৰ্যায়ত যেতিয়া সন্তান স্কুললৈ যায়, তেওঁলোকে নিজক লৈ ব্যস্ত হব লগা হৈ পৰে তেতিয়াই এই মহিলাগৰাকী বা মাকগৰাকীয়ে কিছু একাত্বীত্ব অনুভৱ কৰে৷ এই মহিলাসকল বা নিজৰ চিনাকী দিব খোজা মহিলাসকল, ঘৰুৱা সমস্যাসমূহৰ পৰা আজৰি হোৱা মহিলাসকল, সকলোয়ে ইচ্ছা কৰিলে কিবা এটা কৰিব পাৰে৷ এই চিন্তা কৰিয়ে অহা এপ্ৰিল মাহৰ ২৮/২৯ তাৰিখে এই ফুল শুকুৱা পদ্ধতি সমূহ আৰু ইয়াৰ ব্যৱসায়িক সম্ভাৱনিয়তা সম্পৰ্কত এটা প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে গুৱাহাটীত৷ আৰু ইয়াত প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰন জনোৱা সন্মানীয় ব্যক্তি কেইজন হৈছে National Botanical Reasearch Institute ৰ অৱসৰপ্ৰাপ্ত মূখ্য বিজ্ঞানী ড° বীৰেছ কুমাৰ বেনাৰ্জী আৰু SASRD, Nagaland University : Medziphems Campus ৰ উদ্যান শস্য বিভাগৰ সহকাৰী অধ্যাপক মিচেচ ৰুকুলহু কেডিষ্টু ৷ এই প্ৰশিক্ষণৰ অংশগ্ৰহণৰ অন্তত আমাৰ মহিলাসকলে ঘৰতে থাকি হাততে পোৱা সামগ্ৰীসমূহেৰে নিজৰ ঘৰখন নতুন ধৰণে সজোৱাৰ লগতে অতি সহজ ভাৱে স্বাৱলম্বী হব পাৰিব৷ ইয়াৰ বাবে মাত্ৰ নিজৰ সদ্দিচ্ছা লাগিব৷
আজিৰ যুৱতীসকল কাইলৈ এগৰাকী মাতৃ৷ দেশৰ সম্পদৰ অধিকাৰী৷ আমাৰ ইচ্ছা যুৱতীসকলে আজি কাৰোবাৰ, জীয়ৰী কাইলৈ কাৰোবাৰ পত্নী, পৰহিলৈ কাৰোবাৰ মাতৃ বুলি চিনাকী দিয়াৰ লগতে নিজৰ নামেৰেও চিনাকী দিব পৰাকৈ সক্ষম হৈ উঠক৷ ঘৰতে থাকি আৰ্থিক উৎপাদনৰ দ্বাৰা নিজৰ পৰিয়ালটোৰ লগতে সমাজৰো উন্নতিৰ আধাৰ হওক৷ অৱশ্যে ইয়াৰ কাৰণে একান্তই নিজৰ ইচ্ছা লাগিব, আগবাঢ়ি আহিবৰ কাৰণে সাহস লাগিব৷ শিক্ষা, সাহস, সচেতনতা ইত্যাদি সমূহৰ দ্বাৰাইহে আমি বৰ্তমান সামাজিক পৰিস্থিতি সমূহত ধৈৰ্য্য ধৰি আগবাঢ়িব পাৰিম৷ আৰু আমি জানো আমাৰ এইয়া আছে৷ মাত্ৰ এইয়া আমি প্ৰকাশ কৰা নাই৷ আশা কৰো সকলো আগবাঢ়ি আহিব৷

************************************
~বৰ্ণালী শৰ্মা বৰুৱা, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদিকা, অসম পুষ্পোদ্যান সমিতি৷
কামৰূপ,অসম৷ ৰিং: ৮১৩৪৯১০৪৪২

Leave a Response