নামলাও/লুকলও/সাজপানী বা লাওপানীৰ প্ৰস্তুত প্ৰণালী Preparation Methods of Indigenous Assamese Drinks

~SriTridip Gogoi

আজি কেইমাহ মানৰ আগতে মই Facebook ত আহোম সকলৰ শক্তিবৰ্ধক পানীয় “নাম-লাও”ৰ বনৌষধিৰ ওপৰত সচিত্ৰক এটা লিখা পোষ্ট কৰিছিলোঁ , আৰু তেতিয়াৰ পৰাই বিভিন্ন জনে ইয়াৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে লিখিবলৈ কৈ আছিল,কিন্তু ইয়াৰ ওপৰত মোৰ বিশেষ অধ্যয়ন নাছিল | সেই গতিকেই আজি কিছুদিন ধৰি বিভিন্ন অঞ্চলৰ ২২/২৩ গৰাকী আই-মাতৃৰ পৰা(যি সকলে এই “নাম-লাও”ৰ পিঠা তৈয়াৰ কৰে)কিছু তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিলোঁ |এতিয়া দেখা গ’ল যে এই নাম-লাও প্ৰস্তুত কৰা কেঁচা সামগ্ৰী , প্ৰত্যেকেই এটা নিদিষ্ট আনুমানিক জোখত দিয়ে , তেওঁলোকৰ কোনো বৈজ্ঞানিক ভিত্তিক জোখ নাই |গতিকে গোটেই সমিক্ষাতোৰ পৰা আৰু আই-মাতৃ সকলৰ পৰামৰ্শসমূহ আগত ৰাখি মই এটা আনুমানিক বৈজ্ঞানিক ভিত্তিক জোখ থিৰাং কৰিলো||সেই গতিকে আজি অলপ সময় উলিয়াই লিখিবলৈ লৈছোঁ|
আহোম সকলৰ শক্তিবৰ্ধক পানীয় হিচাপে নাম-লাও বা সাজ-পানী অতীজৰ পৰাই আমাৰ সমাজত প্ৰচলন হৈ আহিছে |এই শক্তিবৰ্ধক পানীয় আহোমসকলে বনৌষধিৰ পৰা তৈয়াৰ কৰি সেৱন কৰিছিল|এই পানীয় বিধ অতি উচ্চ মান বিশিষ্ট আছিল, আৰু সাজ-পানীৰ অবিহনে আহোমসকলৰ সকাম-নিকাম, উৎসৱ-পাৰ্ৱন, আলহী-অতিথিৰ আপ্যায়ন আধৰুৱা আছিল |সাজ-পানী যিহেতু ঔষধি বন পাতৰ পৰা তৈয়াৰ কৰা হৈছিল গতিকে ইয়াৰ দ্বাৰা স্বাস্থৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাছিল |
আজিকালি এই সাজ-পানীত ব্যৱহৃত বনৌষধি সমোহ আমাৰ উদ্ভিদজগতৰ পৰা কিছু হ্ৰাস পোৱাৰ কাৰণেই হওঁক বা কিছু অজ্ঞতাৰ কাৰণেই হওঁক,আহোম ৰজা সকলৰ দিনৰ সেই সাজ-পানী আৰু এতিয়াৰ আমাৰ সমাজত পচলিত সাজ-পানীৰ মানদণ্ড বহুগুণে কম | বৰ্তমানো আহোম গাওঁ সমোহত সাজ-পানীৰ প্ৰচলন দেখা যায় যদিও বহুত কম, ইয়াৰ কাৰন এতিয়া বহুতো গাওঁ শ্ৰী শ্ৰী শংকৰ-মাধৱ গুৰু দুজনাৰ নীতি আদৰ্শৰে সকাম-নিকাম বা শুভকামত সাজ-পানীৰ পচলন বৰ্জন কৰিৱলৈ লৈছে |আৰু দ্বিতীয়তে সময়ৰ সোঁতত বনৌষধি গছ বিলাক কিছুসংখ্যক আমাৰ মাজৰপৰা হেৰাই গৈছে আৰু বনৌষধি গছ বন বিলাকৰ গুনাগুণ জনা মানুহৰ অভাব হৈছে |আহোম ৰজা সকলৰ দিনৰ সাজ-পানীত ১০১ বিধ বন দৰব ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া আমাৰ সমাজত যি সাজ-পানী তৈয়াৰ কৰা পিঠা বনোৱা হয় তাত খুউব বেছি ২৫ ৰ পৰা ৩০ বিধ বনৌষধি ব্যৱহাৰ কৰা হয় |
বাৰু যি কি নহওক,সাজ-পানীৰ বাবে প্ৰয়োজনীয় প্ৰথম বস্তু হ’ল সাজৰ পিঠা বা বাখৰ |সাজৰ পিঠা চাউলৰ কেঁচা পিঠাগুৰিৰ লগত তলত দিয়া বিভিন্ন বন ঔষধৰ পাত সমুহ শুকোৱাই গুড়ি কৰি মিহলাই তৈয়াৰ কৰা হয়|সেই বন পাত সমোহ হৈছে….
১)জালুক আৰু জালুকৰ পাত/piper nigrum.
২) তেজমুই/zanthoxylum nitidum.
৩)শোহনি বন/ acmella oleracea/Spilanthes. acmella /acmella ciliata.
৪)বিহলঙনি/Amphineuron opulantum.
৫)পিপলি/Piper longum.
৬)দীঘলতি পাত/Litsea salicifolia.
৭)বিয়নি সাবটা /Desmodium sp.
৮)ওভটা শঠ/Apamarg/achyrenthes aspera.
৯)টংলতি/callicarpa pedunculata.
১০)কপৌ ঢেকীয়া /Lygodium flexuosum.
১১)খুন খুনি ঢেকীয়া /selaginella sp.
১২)ঢেকীয়া লটি/Stenochlaena palustris.
১৩)কপৌ লতা/lygodium flexuosum.
১৪)টিকনি বৰুৱা/smilax ovalifolia.
১৫)বাঘ আচোৰ/Persicaria perfoliata.
১৬)ধপাত তিতা/clerodenendrum viscosum.
১৭)কঠাল পাত/Artocarpus heterophyllus.
১৮)ছাম কঠাল পাত/Artocarpus odoratissimus.
১৯)চৈ পান/নগৰবচৈ/Naravelia zeylanica.
২০)বৰ টুবুকি লতা/Cissampelos pareire.
২১)সৰু টুবুকি লতা/Cissampelos sympodialis.
২২)ভৃঙ্গৰাজ/Sphagneticola trilobata.৯
২৩)বন জালুক/oldenlandia corymbosa.
২৪)বৰ মানিমুনি/Centella asiatica.
২৫)সৰু মানিমুনি/hydrocotyle sibthorpioides.
২৬)ডালচেনি পাত/cinnamomum zeylanicum.
২৭)বাঁহ পাত/ Bambusa tulda.
২৮)মধুৰি পাত/psidium guajava.
২৯)হেতালতী/কাউৰী ঠোটীয়া লতাৰ পাত/Thunbergia grandiflora.
৩০)জেতেলী পকা পাত/rubus rugosus.
৩১)লতা মাহুদি/croton caudatus.
৩২)দ্ৰোণ বন/leucas aspera.
৩৩)ফুটুকলা পাত/melastoma malabathricum.
৩৪)লাজুকি বন/Mimosa Pudica.
৩৫)পথৰুৱা বিহলঙনি/Polygonum hydropiperoides.
৩৬)কুকুৰ সূতা/grewia serrulata.
৩৭)সৌৰা পাত/streblus asper.
৩৮)তোলোঠা পকা/ardisia arborea.
৩৯)লাইজাবৰি/drymaria cordata.
৪০)বাঘনলা পাত/ Actinodaphne bourdilloni.
৪১)মাখিয়তী পাত/Flemingia strobilifera.
৪২)জলকীয়া আৰু জলকীয়া পাত/Chilli Pepper.
৪৩)গছ মাহুদি/
৪৪)চেনিবন/বন তুলসী/মধুমেহাৰী/Scoparia dulcis.
৪৫)পানৰ মাহি পাত/
৪৬)আউনি পান/
৪৭)চিকামৰলিয়া পাত/
৪৮)বনবগৰী লতাৰ পাত/
৪৯)মুৰমুৰী পাত/Eurya nitida.
৫০)গৰখীয়া কৰায়/Callicarpa macrophylla.
৫১)ভোমলতি পাত/Symplocos Racemosa.
৫২)পানী মধুৰি পাত/Glochidion eriocarpum.
৫৩)লতা মধুৰী /
৫৪)কঠলোৱা পাত/
৫৫)বাঘ কনিয়া/
৫৬)ঔলতা পাত/Delima tomentosa.
৫৭)কপহুৱা/Olax imbricata.
৫৮)ভীমকলৰ কুমলীয়া পাতৰ থোৰি/Musa balbisiana.
৫৯)ল বৰুৱা/rumex obtusifolius.
৬০)মাধৈমালতী/Roydsia suaveolens.
৬১)মাটিকঠালৰ কুমলীয়া কোঁহ/Ananas comosus.
৬২)সহদেৱী বন/Cyanthillium cinereum.
৬৩)আছু গছ বা দাৰুহৰিদ্ৰা পাত/ Morinda angustifolia.
৬৪)গান শোৱালু/Litsea glutinosa.
৬৫)বৰশী আঁকোৰা গছৰ পাত/
৬৬)আদা পাত/Zingiber officinale.
৬৭)হালধি পাত/Curcuma longa.
৬৮)নেমুটেঙা পাত/Citrus limon.
এতিয়া সাজৰ পিঠা বনোৱাৰ বিধিটো হৈছে এনেধৰনৰ|মই বিভিন্ন সময়ত বহু কেইগৰাকী আই মাতৃৰ লগত(যি সকলে বিভিন্ন বন পাত সমোহ মিশ্ৰিত কৰি সাজৰ পিঠা তৈয়াৰ কৰে)কথা পাতি জানিব পৰা মতে প্ৰতি বিধ বন ঔষধৰ সম পৰিমানৰ লয়, অৰ্থাৎ এবিধ বন পাত যদি ১ গ্ৰাম লয় বাকি বিলাকো ১ গ্ৰামকৈ লব লাগিব |এতিয়া যদি ধৰি লোৱা হয় ৩ কে.জি পিঠাগুৰিৰ বাবে সাজৰ পিঠা বনাব,তেন্তে ইয়াৰ বাবে প্ৰয়োজন হ’ব, প্ৰতি বিধ বন ঔষধৰ সমপৰিমানৰ মিশ্ৰিত কেচা পাত ৫ কে.জি | এতিয়া এই ৫ কে.জি কেচা সামগ্ৰী ৰ’দত শুকোৱাই গুড়ি কৰি পোৱা যাব ৮০০ গ্ৰামৰ পৰা ১ কে.জি শুকান গুড়ি |এই পৰিমাণৰ বন পাতৰ শুকান গুড়ি ৩ কে.জি পানী দি গলাই লোৱা কেঁচা পিঠাগুৰিৰ লগত মিলাই গোল গোলকৈ ঘিলা আকাৰত পিঠা বনাই সেইবোৰ চালনি এখনত তলত বিহলঙনীৰ পাত দি তাৰ ওপৰত ঘিলা আকৃতিৰ পিঠাবোৰ মেলি দি শুকাবৰ বাবে ৰ’দত দিয়া হয় |তলত বিহলঙনীৰ পাত দিয়াৰ কাৰণটো হ’ল বিহলঙনী থাকিলে পোক-পৰুৱাই পিঠাবোৰ খাবলৈ নাহে||এই ঘিলা আকৃতিৰ পিঠা বোৰকে সাজৰ পিঠা বা সাজৰ বাখৰ বুলি কুৱা হয় |
আগতে আহোমসকলে অকল চাউলৰ পৰাই সাজ-পানী প্ৰস্তুত কৰিছিল, কিন্তু পিছলৈ কিছুমান আহোমৰ ৰাজকীয় পৰিয়ালে মুখৰ তৃপ্তিৰ বাবে ভীমকল আৰু পকা কঠালৰ পৰাও সাজ-পানী প্ৰস্তুত কৰিবলৈ ল’লে |

প্ৰস্তুত প্ৰণালী প্ৰায় প্ৰত্যেকৰে একে কিন্তু পানীয় বিধৰ ৰঙৰ পৰিবৰ্তন দেখা যায় |যেনে:- ভীমকলৰ পৰা প্ৰস্তুত কৰা সাজ-পানী ফটফটীয়া খাৰ বৰণৰ হয় , ঠিক তেনেকৈ পকা কঠালৰ পৰা প্ৰস্তুত কৰা সাজ-পানী ফটফটীয়া হালধীয়া ৰঙৰ হয় আৰু চাউলৰ পৰা প্ৰস্তুত কৰা সাজ-পানী প্ৰথমে সোনালী ৰঙৰ হয় আৰু পাচলৈ বগা হৈ পৰেগৈ |অবশ্যে এই ৰং সাজৰ পিঠাত ব্যবহাৰ কৰা বনৌষধি আৰু ইয়াৰ পৰিমানৰ ওপৰতো নিৰ্ভৰ কৰে |

বাৰু যি কি নহওক, চাউলৰ পৰা প্ৰস্তুত কৰা সাজ-পানীৰ প্ৰস্তুত প্ৰণালী এনেধৰণৰ :-
বৰাচাউল বা ভাতৰ চাউল দুয়োবিধ চাউলৰপৰাই সাজ-পানী প্ৰস্তুত কৰিব পাৰি যদিও আহোম সকলে অকল বৰা চাউলৰ পৰাই সাজ-পানী প্ৰস্তুত কৰিছিল কাৰন বৰাচাউলৰ পৰা তৈয়াৰ কৰা সাঁজ-পানী অত্যন্ত সুস্বাদু আছিল |

বৰাচাউলৰপৰা প্ৰস্তুত কৰিবলৈ হ’লে প্ৰথমে ছেৱা দিয়া ভাত অৰ্থাৎ ভাপত দিয়া ভাত সিজাই লব লাগে|ছেৱা দিয়া ভাতৰ সাজ তৈয়াৰ কৰিবলৈ যাৱতীয় পৰিমাণৰ বৰা চাউল পানীত ২/৩ ঘন্টা তিয়াই থৈ সেইখিনিক এটা মিহি ফুটা থকা ধাতুৰ খৰাহীত ভৰাই ভাপত দিয়া হয় |ভাপত সিজাবৰ বাবে ডাঙৰ বটোৱা এটাত প্ৰথমে পানী গৰম কৰি সেই বটোৱাটোৰ ওপৰতে তিয়াই থোৱা বৰা চাউলৰ খৰাহীটো পাতি দিয়া হয় যাতে পানীৰ ভাপবোৰ চাউলৰ মাজেদি পাৰহৈ গৈ থাকে আৰু এই ভাপৰ উত্তাপতে চাউলবোৰ সিজি উঠে |এনে ভাতকে ছেৱা ভাত বোলে|
এতিয়া এখন ডলাত কলপাত দি তাৰ ওপৰত ভাতখিনি মেলি দিব লাগে|এতিয়া যদি ৩ কে.জি চাউলৰ ভাত হয় তেন্তে জোখ অনুযায়ী ২০০ গ্ৰামৰ সাজৰ পিঠা খুন্দি গুড়ি কৰি লৈ, ভাতখিনি কিছু গৰম হৈ থাকোতেই সাজৰ পিঠাৰ সেই গুড়িখিনি ভাতখিনিৰ ওপৰত সমানে ছটিয়াই দি ধুনীয়াকৈ মিলাই দিব লাগে| তাৰ পিছত ওপৰত কলপাতেৰে ঢাকি দি কাষবোৰত বিহলঙনী পাত দিব লাগে যাতে পৰুৱা-পিপৰা তাত উঠিব নোৱাৰে|ভাতখিনি এনেদৰেই ২/৩ দিন ডলাত থকাৰ পাচত ভাতখিনিত এক ৰসাল পদাৰ্থৰ তৈয়াৰ হয় আৰু এটা গোন্ধ ওলাই|এতিয়া এই ভাতখিনিক নতুন আৰু শুকান মাটিৰ কলহত ভৰাই কলপাতেৰে সোপা মাৰি থ’ব লাগে||প্ৰায় এক সপ্তাহমান সময়ৰ পিছত কলহৰ ভিতৰত সাজ-পানী তৈয়াৰ হৈ উঠে | এই পানী নিমিহলোৱা সাজ-পানীকে “ৰহী”বা “লুক-লাও” বোলে আৰু ইয়াৰ ৰং সোণালী আৰু ই অতি সুস্বাদু হয় |ৰহী উলিওৱাৰ পাছত কলহবোৰত অলপ অলপ পানী ভৰাই ভাতবোৰ চেপি উলিওৱা সাজক চেপা-সাজ বোলে|চেপা-সাজৰ সোণালী ৰংটো কমি কিছু পৰিমাণে বগা হৈ পৰে আৰু ইয়াৰ সোৱাদো কম|সাজ চেপি উলিওৱাৰ পিছত ৰৈ যোৱা ভাতখিনিক সাজৰ গুটি বুলি কোৱা হয়, আৰু এনেদৰেই সাজ-পানী প্ৰস্তুত কৰা হয় |

ঠিক একেদৰেই ভীমকল আৰু পকা কঠালৰ পৰাও প্ৰস্তুত কৰা হয় | ভীমকল হলে,পকা ভীমকল খিনি বাকলী গুচাই অলপ পিটিকি লৈ সাজৰ পিঠা জোখ মতে লৈ গুড়ি কৰি ভালদৰে হানি নতুন আৰু শুকান মাটিৰ কলহত ভৰাই কলপাতেৰে সোপা মাৰি থ’ব লাগে|ঠিক তেনেদৰেই কঠালৰ সাজ-পানীতো একে , পকা কঠাল চাফাকৈ গুটি উলিয়াই লৈ সাজৰ পিঠা জোখ মতে লৈ গুড়ি কৰি ভালদৰে হানি নতুন আৰু শুকান মাটিৰ কলহত ভৰাই কলপাতেৰে সোপা মাৰি থ’ব লাগে|
এই তিনিবিধৰে প্ৰস্তুত প্ৰণালীৰ মাত্ৰ পাৰ্থক্য এটাই ,সেইটো হ’ল চাউলৰ পৰা সাজ-পানী বনাবলৈ হলে ভাত খিনিত পিঠা হানি ২/৩ দিন ডলাত থব লাগে কিন্তু কল বা কঠালৰ ক্ষেত্ৰত নালাগে , লগালগ সাজৰ পিঠা সানি কলহত ভৰাই থব পাৰি আৰু ইয়াত পানী ব্যৱহাৰ কৰা নহয় , কল বা কঠালৰ যিখিনি ৰস নিগৰিত হয় সেই খিনিয়ে| আৰু ইয়াক ৪ ৰ পৰা ৬ দিনলৈকেহে খাব পাৰি পিচলৈ সোৱাদ বেয়া হয় বুলি যানিব পাৰিছোঁ (যিহেতু মই নিজে আজিলৈকে ইয়াৰ সোৱাদ লোৱা নাই)|
Dilip Chetia We congratulate you for extensive research done on the composition of herbs in ” Hanjor pitha “. Though brewing of ‘Hanj’, ‘Luk Lao’ or ‘Apong’ is impossible without the ‘Hanjor pitha’, and this beverage is widely used almost all places in south-east Asia, not known if it has been patented by somebody.
LikeShow more reactions · Reply · 1 · May 31 at 9:18pm

Farmer Tridip Gogoi ধন্যবাদ আপোনালৈ , ইয়াৰ ওপৰত patent হৈছে বুলি মোৰো জ্ঞাত নহয়||
Debajyoti Phukon গগৈ দেউ, কুহিয়াৰ পাত ও দিয়ে।

Farmer Tridip Gogoi ধন্যবাদ আপোনালৈ | দিয়ে চাগৈ কাৰন ১০১ বিধ দিয়ে বুলি জানোঁ,কিন্তু আমাৰ ইয়াত কুহিয়াঁৰ পাতৰ কথা কোনেও উল্লেখ নকৰিলে||পিছে আজিকালি আমাৰ ফালে চাহ বাগানৰ বাবে কুহিয়াঁৰ খেতিয়ে একেবাৰে উঠি গ’ল|
Kamal Phukon নামলাওৰ বৈজ্ঞানিক বিক্রিয়াটো জানে নেকি?
Pankaj Chetia Fermentation only!!
Hemanta Bhuyan নতুন কলহত সাজ নহয় ৷ কলহটো কিছুদিন ধোৱাচাংত ধোৱা খাবলৈ দিয়াৰ পাছতহে ব্যৱহাৰ কৰা হয়৷

Farmer Tridip Gogoi ডাঙৰীয়া মই চলোৱা সমিক্ষাটোৰ পৰা মই জানিব পৰা মতে পুৰণি কলহ হলে তাক ভালকৈ ধোই ৰ’দত শুকোৱাই লৈ ৪/৫ দিন ধোঁৱাখোৱাব লাগে নহলে সাজ-পানী টেঙা হয় || কিন্তু নতুন কলহৰ ক্ষেত্ৰত নহয় ||

Hemanta Bhuyan আমাৰ ঘৰত যিহেতু সাজ থয় আৰু ঘৰুৱা নীতি নিয়মত যিহেতু সাজ ব্যৱহাৰ হয় সেয়ে জানো ৷ নতুন কলহ ধোৱাত দি লৈহে ব্যৱহাৰ হয়৷

Farmer Tridip Gogoi আচলতে বিভিন্ন জেগাত থোৱা নিয়ম বিলাক কিছু কিছু পৰিবৰ্তন দেখা যায়,এইটোও নহয় যে তেনেকৈয়ে হ’ব লাগিব, এতিয়া টো কিছু লোকক এলুমিনিয়ামৰ বটুৱা বা ইস্টিলৰ পাত্ৰতো থোৱা দেখিবলৈ পাওঁ|
Hemanta Bhuyan গুণাগত তাৰতম্য সেইকাৰণেই হয়৷

Bhagat Lal Dutta ” … ইয়াক ৪ ৰ পৰা ৬ দিনলৈকেহে খাব পাৰি পিচলৈ সোৱাদ বেয়া হয় । ” বুলি লিখা কথাখিনিৰ বিষয়ে নিজৰ অভিজ্ঞতা/অনুভৱ এটা ব্য়ক্ত কৰিব খুজিছোঁ। চাউলৰ পৰা তৈয়াৰী লাওপানীৰ গোত্ৰৰ কাৰ্বি সকলে তৈয়াৰ কৰা পানীয় কাঁচৰ বটলত বতাহৰুদ্ধকৈ সোপা মাৰি এমাহতকৈও বেছি দিনলৈ সংৰক্ষণ কৰিব পাৰি। সোৱাদ আৰু ‘কিক্’ৰ লক্ষণীয় পৰিবৰ্তন পোৱা নাই। (পৰীক্ষা-নিৰীক্ষা শেষ হোৱা নাই, চলি আছে)।
গৰমৰ বতৰত ফ্ৰিজত ৰখা এনে পানীয়ৰ শীতলতাই অন্য় এটা আমেজ আনি দিয়া যেন হে অনুভৱ হয়। (সংলগ্ন ছবিত ফৰাচী সুৰাৰ বটলত ওক গছৰ সোপা মাৰি ফ্ৰিজত ৰখা ৪০ দিন পুৰণি লাওপানীৰ ফটো।

Farmer Tridip Gogoi প্ৰথমে আপোনালৈ ধন্যবাদ, হয় ঠিকেই কৈছে চাউলৰ পৰা বনোৱা সাজ-পানী বহুত দিনলৈ ৰাখিব পাৰি ,যিমান পুৰণি হয় হিনাম তাৰ চুক বাঢ়ি গৈ থাকে | মই পোষ্টত উল্লেখ কৰা টো ভীমকল আৰু কঠালৰ ক্ষেত্ৰত হে হয় বুলি জানিবলৈ পাইছোঁ |
Bhagat Lal Dutta ভীমকল, আম নাইবা কঠালৰ পৰা তৈয়াৰ সাঁজপানীও বায়ুৰুদ্ধভাৱে ফ্ৰীজত ৰাখিলে বেছি কিছুদিনলৈ ভালে থাকিব লাগে বুলি আমাৰ ধাৰণা। পৰীক্ষাটো কৰি সবিশেষ জনাম।

Farmer Tridip Gogoi কথা খিনি জনোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ |
*****************************************************************

Writer Sri Tridip Gogoi Works at Tea planter & Business

[বি.দ্ৰ.- ইতিমধ্যে ছচিয়েল মিদিয়াত প্ৰকাশ হোৱা এই লেখাটো আমাৰ আলোচনীত সংৰক্ষণ কৰি ৰাখিবৰ বাবে পুনৰ প্ৰচাৰ কৰা হ’ল৷ আৰু লেখাটোৰ লগতে প্ৰয়োজনীয় বুলি ভবা কিছু মন্তব্যও সংৰক্ষণ কৰি ৰথা হৈছে – সম্পাদক, কৃষক বন্ধু]

Leave a Response