সামুদ্ৰাজলৰ কন্ঠ Social Voice

✍~জ্যোতিস্মিতা কোঁৱৰ


সামুদ্ৰাজলত ছটফটাই থকা দেখিছা মোৰ কন্ঠ,
তাতে লগ পালো পিয়াহ নামৰ গন্ধ।
বানে বলাৎকাৰ কৰা পথাৰ খনৰ ক্ৰন্দন,
বেচেৰা কৃষকৰ পৰম মূলধন।
উচুপি আছিল সি চাই এই পৰিস্থিতি,
কিয় বাৰু হয় আমাৰ এই দূৰ্গতি।
মিছাতে আমাক দিয়ে নৱ প্ৰতিজ্ঞা,
আমিও তাকে ভাৱি দিওঁ মনক আজ্ঞা ।
ভাৱি থাকো সুৰুযৰ হেঙুলী পোহৰে,
পোহৰাব মনৰ হতাশা।
কিন্তু কিয় বাৰু নুবুজে তেওঁলোকে,
আমাৰ মনৰ ভাষা।

আমাৰ ব্যস্ততাৰ নাই সময়ৰ ইতিবৃত্ত
দৱিষ্ঠতো নাহে আমাৰ সৌন্দৰ্য্যৰ বসন্ত
তথাপিও যে ইয়াৰ শক্তি জীৱন্ত
পাহৰাই পেলাব যেন নিজৰ অস্তিত্ব
কিন্তু এই বাট  আমাৰেই একান্ত
জীৱনৰ যে মহিমা দূৰ্দান্ত।

তথাপিও ,
ভাৱৰ হিল্লোলত ভাঁহে এক নতুন দিগন্ত
বিশৃংখলতাৰ মাজতো শৃংখল সুদীপ্ত
দূৰ্নীতিৰ বটবৃক্ষ ডালৰ য’ত পৰিব অন্ত
সেউজীয়া ৰাগিবোৰে আমাক মাতিব অনন্ত
বাঞ্ছাৰ পৃথিৱীত কৰিম হৃদয় উন্মুক্ত
সামুদ্ৰাজলতে বিলীন হ’ব পিয়াহভৰা কন্ঠ
সেইবাবে বিচাৰো এক নতুন দিগন্ত
ভাৱৰ হিল্লোল্লত এক নতুন দিগন্ত।

**********************************************

~জ্যোতিস্মিতা কোৱঁৰ, খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ, যোৰহাট- ৭৮৫০১৩
ই-মেইল: konwarjyotismita9595@gmail.com, দূৰভাষ: +৯১-৭৫৭৬৮৭২৪৪০

Leave a Response