স্ংমিশ্ৰিত মীন পালন পদ্ধতি

মীনপালন কৰিবলৈ পৰিকল্পনা কৰোঁতে মীন পালকসকলে আগতীয়াকৈ অলপ সাধাৰণ জ্ঞান অৰ্জন কৰি লোৱাটো অতিকৈ প্ৰয়োজনীয় ৷ মূলতঃ আমাৰ ৰাজ্যখনত দুটা মীনপালন পদ্ধতি বহুলভাৱে জনপ্ৰিয় ৷

১) সংমিশ্ৰিত মীনপালন পদ্ধতি, আৰু
২) সমন্বিত মীনপালন পদ্ধতি ৷

ইয়াৰোপৰি সঁজাত মীনপালন, বেৰা দি মীনপালন ইত্যাদি ইত্যাদি পদ্ধতিবিলাকো প্ৰচলিত

আমি এই খণ্ডটোত বিশেষকৈ সংমিশ্ৰিত মীনপালন পদ্ধতিৰ বিষয়েই আলোচনা কৰিম ৷

মাছৰ বিভিন্ন খাদ্যাভাস তথা নিবাসতাৰ ওপৰত ভিত্তি কৰি, পুখুৰীৰ তিনিওটা স্তৰৰ পানী তথা প্ৰাকৃতিক খাদ্যসম্ভাৰ সুব্যৱহাৰ কৰি একেলগে কেইবাটাও প্ৰজাতিৰ মাছ পুখুৰীত পালন কৰা পদ্ধতিটোকে সংমিশ্ৰিত মীন পালন পদ্ধতি বুলি কোৱা হয় ৷ আনহাতেদি মাছৰ সৈতে একেলগে পশু, পক্ষী পালন অথবা ধানখেতি কৰা পদ্ধতিক সমন্বিত মীন পালন পদ্ধতি নামেৰে জনা যায় ৷

মীনপামৰ বাবে স্থান নিৰ্বাচন কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ সঠিক স্থানত পুখুৰী নাখান্দিলে ভবামতে উৎপাদন লাভ কৰিব পৰা নাযায় ৷ স্থান নিৰ্বাচন কৰোঁতে তলত উল্লেখ কৰা দিশসমূহ চালিজাৰি চোৱাটো অতিকৈ প্ৰয়োজনঃ

১) বানপানী মুক্ত অঞ্চল হ’ব লাগে
২) গোটেই বছৰজুৰি পানী ধৰি ৰাখিবপৰা মাটি হোৱাটো প্ৰয়োজন
৩) অহাযোৱাৰ বাবে পথ থকাটো বাঞ্ছনীয়
৪) মাছ বিক্ৰীৰ বাবে ওচৰত ভাল বজাৰ এখন থাকিলে উত্তম

পুখুৰী খন্দাৰ আগতে পৰাপক্ষত বিজ্ঞানাগাৰত মাটিখিনি পৰীক্ষা কৰি ল’ব পাৰিলে ভাল ।

ঠিক একেধৰণেৰে মাছৰ প্ৰজাতি নিৰ্বাচন কৰোঁতে তলত উল্লেখ কৰা দিশকেইটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো উচিতঃ

১) আপেক্ষিক ভাবে কম সময়ত অধিক ডাঙৰ হোৱা মাছ পালন কৰিব লাগে
২) পৰিপূৰক খাদ্য গ্ৰহণ কৰিব পৰা প্ৰজাতিৰ মাছ হ’ব লাগে
৩) হাঁড়তকৈ অধিক মাংস থকা সোৱাদযুক্ত মাছ হ’ব লাগে
৪) আন প্ৰজাতিৰ লগত একেলগে পালন কৰিব পৰা সহজে বেমাৰৰ দ্বাৰা আক্ৰান্ত নোহোৱা মাছ হ’ব লাগে

পুখুৰীৰ নিৰ্মাণ:
মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পুখুৰীৰ ঢাল নিৰ্মাণ কৰাটো উচিত । পলসুৱা মাটিৰ ক্ষেত্ৰ্ত ঢাল ১.৫:১ আৰু বালিয়া মাটিৰ ক্ষেত্ৰ্ত ৪:১ পৰ্যন্ত হব পাৰে । গভীৰতা ডেৰ মিটাৰতকৈ বেচি হোৱাটো অনুচিত ।

পুৰণি পুখুৰীৰ ক্ষেত্ৰ্ত তলত দিয়া ধৰণেৰে প্ৰ্স্তুতি কৰি লব লাগে:
১) পানীখিনি সিচি অতি কমেও ১৫ দিন টান ৰ’দত শুকোৱাব লাগে
২) ১৫ – ৩০ চে:মি: তলিৰ বোকাৰ তৰপ এটা উঠাই পাৰটো মেৰামতি কৰিব লাগে
৩) তাৰ পাছত ১৫ চে:মি: মান হাল বাই তলিখন কোমলাই দিয়াটো উচিত
৪) যদি পানীখিনি সিচাত অসুবিধা, তেনেহ’লে পুখুৰীত থকা জলজ অপতৃণবোৰ আতৰাই অবাঞ্চিত মাছবোৰ নিৰ্মূল কৰি লব লাগে

চূণ, সাৰ ইত্যাদিৰ প্ৰয়োগ:

প্ৰতিবিঘা পানীকালিৰ পুখুৰীৰ বাবে বিঘাই প্ৰ্তি ৮০ কি:গ্ৰা: খোৱা চূণ বছৰি প্ৰয়োগ কৰিব লাগে । প্ৰথমে তিনিভাগৰ এক অংশ পুখুৰীৰ তলিভাগত দিব লাগে । বাকী থকা দুইভাগ সমানে নভাগত ভগাই প্ৰতিমাহে পুখুৰীত প্ৰয়োগ কৰিব লাগে । (সাধাৰণতে পানীৰ পি এইচৰ ওপৰত ভিত্তি কৰি চূণৰ পৰিমাণটো নিৰ্ধাৰণ কৰা হয় ।

চূণ প্ৰয়োগৰ এক সপ্তাহৰ পাছত গোবৰ বিঘাই প্ৰতি প্ৰায় ১৩৩৩ কি:গ্ৰা: হাৰত প্ৰয়োগ কৰিব লাগে । মুঠ গোবৰৰ ২০% প্ৰথম মাহত আৰু বাকী থকা ৮০% সমানে ৯ ভাগত ভগাই প্ৰতিমাহে পুখুৰীত প্ৰয়োগ কৰিব লাগে ।

গোবৰ প্ৰয়োগৰ ঠিক এক সপ্তাহৰ পাছতেই ইউৰিয়া আৰু চিংগল চুপাৰ ফছফেট বিঘাই প্ৰতি ক্ৰমে ৩ আৰু ৪ কি:গ্ৰা: কৈ পুখুৰীত প্ৰয়োগ কৰিব লাগে ।

চূণ, সাৰ ইত্যাদি প্ৰয়োগ কৰাৰ সম্পূৰ্ণ হোৱাৰ ১৫ দিনৰ পাছত ১০ – ১৫ চে:মি: জোখৰ ফিংগাৰলিং বিঘাই প্ৰতি ৮০০ টা হাৰত পুখুৰীত মেলিব লাগে । যদি মীনপালকজনে এবছৰীয়া পোনা যোগাৰ কৰিব পাৰে তেনেহ’লে তেনে পোনাৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰিব ।

তলত ছয় প্ৰ্জাতিৰ স্ংমিশ্ৰ্ণৰ হাৰ উল্লেখ কৰা হ’ল:

চিলভাৰ কাৰ্প: ২০-৩০%, বাহু: ১০-১৫%, ৰৌ: ১৫-২০%, মিৰিকা: ১৫-২০%, কমন কাৰ্প: ২০-২৫% আৰু গ্ৰাছ কাৰ্প: ৫-১৫% হিচাপত পুখুৰীত মেলিব লাগে । ছয় প্ৰজাতিৰ বাদেও ৫ অথবা ৭ প্ৰজাতিৰ স্ংমিশ্ৰ্ণো কৰিব পৰা যায় ।

মাছপোনা নিৰ্বাচনৰ ক্ষেত্ৰ্ত বিশেষভাবে সতৰ্ক হোৱাটো ভাল । সদায় বিশ্বাসযোগ্য, গুণগত মাছপোণা উৎপাদন কৰা হেৎচাৰীৰ পৰাহে ক্ৰয় কৰাটো যুগুত । অন্যথা বিচৰা অনুসৰি উৎপাদন লাভ কৰিব নোৱাৰিব ।

মাছৰ খাদ্য যোগান:

চাউলৰ মল আৰু সৰিয়হৰ খlলিহৈ ১:১ অনুপাতত মিহলাই মাছক খাদ্য হিচাপে দিব পাৰে । লগতে শুকান মাছৰ গুড়ি, বাদামৰ খলিহৈ আৰু ১% ভিটামিন মিহলাই দিব পাৰিলে ভাল । আজিকালি অৱশ্যে বজাৰত তেনেকুৱা মাছৰ খাদ্য কিনিবলৈ পোৱা যায় । পুখুৰীৰ পানীৰ তিনিওটা স্তৰতে তিনিটা খৰাহী স্থাপন কৰি খৰাহীকেইটাত দানা দিলে মাছে সঠিকভাবে খাদ্য গ্ৰহণ কৰিছেনে নাই সেইটো ভালদৰে নিৰীক্ষণ কৰিব পৰাৰ উপৰিও খাদ্য অপছয় নহয় ।

।।ধন্যবাদ ।।

Leave a Response