কেঁচা হালধি আৰু বাঁহ গাজ দি ৰন্ধা চিকেন

~ পম্পী শৰ্মা খাউণ্ড

উপকৰণ —
চিকেন —–আধা কিলোগ্ৰাম
কেঁচা হালধি —2 টুকুৰা মান
পিয়াঁজ —-2টা
বিলাহী—-1টা
আদা—সৰু 1 টুকুৰা
নহৰু —7/8 ফুটা
ধনীয়া পাত –1 মুঠি
শুকান জলকীয়া –2টা
জালুক —2চামুচ
বাঁহ গাজ —কেইটুকুৰা মান (জোখ অনুপাতে )
মিট মছলা, ধনিয়া গুৰি,জীৰা গুৰি ,নিমখ আৰু হালধি জোখ অনুপাতে
আদা, নহৰু,পিয়াঁজ ,বিলাহী,কেঁচা হালধি,শুকান জলকীয়া সকলোবোৰ বস্তু পেষ্ট কৰি লব।

প্ৰণালী —

প্ৰথমে চিকেন খিনি ধুই নিমখ,হালধি, মিট মছলা, ধনিয়া গুৰি, জীৰা গুৰি আৰু লগত অলপমান তেল দি সানি লব ।এতিয়া এখন কেৰাহি ত তেল দি কৰি লোৱা মছলা ৰ পেষ্ট খিনি দি ৰঙচুৱা হোৱা লৈকে ভালদৰে ভাজক । তাৰ পিছত চিকেন খিনি দি ল’ৰাই ধাকি দিয়ক । অলপ মান ভাঁজ খোৱা ৰ পিছত বাঁহ গাজ কেইটুকুৰা মান দি ল’ৰাই ধাকি দিয়ক । আৰু অলপমান পানী দি সিজিবলৈ দিয়ক । যেতিয়া চিকেন খিনি সিজিলে তেতিয়া ধনীয়া পাত কাটি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

{বি.দ্ৰ. – এইমাহৰ ‘থলুৱা খাদ্য সম্ভাৰ’শিতান টো ফেচবুকৰ এটা জনপ্ৰিয় গোট ‘সোৱাদ’ৰ পৰা লোৱা হৈছে -সম্পাদক, কৃষক বন্ধু৷}

Leave a Response