বহাগ বিহুৰ এবিধ পৰম্পৰাগত খাদ্য-আমৰলি পৰুৱাৰ টোপ A Traditional Food of Bohag Bihu-Red Weaver Ant Bait

~ৰীতা জ্যোতি দাস

সংমিশ্ৰিত জাতিয়ে সৃষ্টি অসমীয়া সমাজ ৷ সেয়ে আমাৰ সংস্কৃতি হৈছে এটা সংমিশ্ৰিত উদাৰ সংস্কৃতি ৷ বিভিন্ন গোষ্ঠীৰ এনে সংমিশ্ৰিত সংস্কৃতি পৃথিবীত তেনেই নগণ্য ৷ অসম মূলতঃ কৃষিপ্ৰধান ৰাজ্য ৷ কৃষি জীৱন হৈছে আমাৰ বাপতিসাহোন বিহু পালনৰ মূল প্ৰেৰণা ৷ বিভিন্ন লোকগোষ্ঠী আৰু জনগোষ্ঠীৰ কৃষিকাৰ্যৰ প্ৰতি থকা নিজস্ব লোকবিশ্বাসসমূহ আৰু প্ৰচলিত নিয়ম-নীতিসমূহক কেন্দ্ৰ কৰিয়েই সময়ে কৃষি উৎসৱ বিহুক আমাৰ মাজলৈ আনিলে ৷ অতীজৰে পৰাই বিশ্বৰ বিভিন্ন ঠাইৰ মানুহে কৃষিকাৰ্যক কেন্দ্ৰ কৰিবা প্ৰাধান্য দি নিজ নিজ ধৰণেৰে বা বিশ্বাসেৰে একোটা উৎসৱ পালি আহিছে ৷ অসমতো ইয়াত বসবাস কৰা সংমিশ্ৰিত জাতিৰ মাজত বহু আগৰে পৰা চলি অহা কৃষিকাৰ্যক লৈ চলি অহা উৎসৱৰ এটা সংস্কৃত ৰূপান্তৰ হৈছে বিহু ৷ বিহু উদ্‌যাপনত সোমাই আছে আমাৰ পূৰ্বপুৰুষসকলৰ চিন্তাধাৰা আৰু বিশ্বাস ৷

কেতিয়াৰ পৰা আমি বিহু উৎসৱ পালিবলৈ আৰম্ভ কৰিলো কোৱাটো সহজ নহয় ৷ হয়তো আমাৰ বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা ৷ যেতিয়াৰ পৰা মানুহে সমাজ পাতি খেতি-বাতি কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই সৃষ্টি হ’ল এই কৃষি উৎসৱ ৷ বিহু হৈছে আমাৰ কৃষি জীৱনৰ মূল প্ৰেৰণা ৷

বিহুৰ অপৰিহাৰ্য লোকাচাৰত অষ্ট্ৰিয় আৰু মঙ্গোলীয় সংস্কৃতিৰ প্ৰভাৱ দেখা যায় ৷ চীনা পৰিব্ৰাজক হিউ-এন-চাঙৰ দিনতে উত্তৰ-পূৱ ভাৰতৰ এই অঞ্চলৰ লগত বেহা-বেপাৰ আৰম্ভ হৈছিল ৷ ব্ৰহ্মদেশ, তিব্বত আদিৰ লগতো আমাৰ যোগাসূত্ৰ পুৰণি ৷ সংস্কৃত ‘বিষুব’ শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে বুলি বহুতে আঙুলিয়ায় ৷ চীনৰ ইউনান প্ৰদেশত হোৱা বসন্ত উৎসৱ ‘বিহো’ৰ লগত আমাৰ বসন্ত উৎসৱ বিহুৰ মিল দেখা যায় ৷ গছৰ তলত আৰম্ভ কৰা উৎসৱ বিহুক ৰংঘৰৰ বাকৰিলৈ আনি স্বৰ্জদেৱসকলে ৰাজকীয় সন্মান যাচিলে ৷ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ প্ৰয়াসত পৃথিবীৰ উৰ্বৰতাক কেন্দ্ৰ কৰি পালন কৰা কৃষি উৎসৱ বিহু আমাৰ সকলোৰে বাবে হৈ পৰিল চেনেহৰ বিহু ৷ হুঁচৰিৰ সন্মুখত আঁঠুলৈ স্বৰ্গদেৱ ৰুদ্ৰসিংহই বিহুক স্বকীয় মৰ্যদা দিলে ৷

বহাগত আৰম্ভ হয় এটি নতুন বছৰ ৷ বহাগত বসন্তৰ আগমনে প্ৰকৃতিলৈ এটি ন-ৰূপ আনে ৷ ৰস পাই প্ৰকৃতি জীপাল হৈ পৰে ৷ গছে গছে কুঁহিপাত ওলায় ৷ শুকাই যোৱা ঘাঁহ-বন ঠন ধৰি উঠে ৷ শাক- বনশাকলৈও প্ৰাচুৰ্য আহে ৷কুলি-কেতেকীৰ মিঠামাতে মন-প্ৰাণ ভৰাই তোলে ৷ সকলোতে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ বাৰীত ফুলিবলৈ লোৱা কপৌফুল এপাহ নিজে ছিঙি আনি বিহুবলিয়া ডেকাই প্ৰেমিকাক যাচিবলৈ ভাল পায় ৷ চীনদেশৰ লোককৃষ্টিত কপৌফুলপাহ অতি প্ৰাচীন কালৰে পৰা প্ৰেমৰ অনুপম উপহাৰ হিচাপে জনপ্ৰিয় ৷ আমাৰ ম’হৰ শিঙৰ পেঁপা আৰু ম’হ যুঁজআহিছে শ্যামদেশৰ পৰা ৷

বিহুৰ সময়ত অতীজৰে পৰা চলি অহা কিছু জনবিশ্বাস আমাৰ খাদ্যত প্ৰতিফলিত হৈছে ৷ সৰুৰে পৰাই দেখি আহিছোঁ–আমাৰ আৰু আমাৰ আত্মীয়-স্বজনৰ ঘৰত গৰু বিহুৰ দিনাৰ দুপৰিয়াৰ সাঁজত দৈ-চিৰা, লুচি, লাবৰা, ভাজি আৰু বুটৰ ডাইলখনৰে খোৱাৰ আগতে খাব লাগে কঁঠালৰ মুচি, নিমপাত, আমৰ কলি, আৰু মচুৰ ডাইল ৷
বিহুৰ দিনা মচুৰ ডাইলৰ লগত নিমপাত খালে সৰ্পভয় নাথাকে বুলি বিশ্বাস কৰে ৷ কোনোৱে আকৌ ওপৰোক্ত চাৰিবিধ বটিও খায় ৷ জহকালিৰ আৰম্ভণি বুলি দুপৰিয়াৰ সাঁজত পঁইতাভাত খায় ৷ লগত থাকে ১০১ বিধ শাকৰ ভাজি ৷ আগৰ দিনত ৭০০ বিধলৈকে শাক বিহুত খাইছিল ৷ শাক খোৱাৰ দিন অঞ্চলভেদে বেলেগ যদিও গাওঁ অঞ্চলত গৰু বিহুৰ দিনাই এই ৰীতি পালন কৰে ৷ উজনি অসমত বহুতে ১০১ বিধ শাক গোটাব নোৱাৰিলে তাত আমৰলি পৰুৱাৰ টোপ মিলায় ৷শাক-বনশাকৰ লগতে আমৰলি পৰুৱাৰ টোপৰ বহু ঔষধি গুণ আছে ৷

আমৰলি পৰুৱাৰ টোপৰ সোৱাদ মই প্ৰথম লৈছিলো মৰাণৰ অইল ইণ্ডিয়াত থাকোতে৷ তাত কিছু জনগোষ্ঠীৰ মানুহে গৰু বিহুৰ দিনা দুপৰীয়া সাঁজত পঁইতাভাতৰ লগত এবিধ পৰম্পৰাগত আহাৰ হিচাপে খাই আহিছে৷ সেই বিশেষ দিনটো তেওঁলোকে ইয়াৰে আৰম্ভনি হয়৷ ইয়াৰ পাছতো বহাগ-জেঠ দুয়োটা মাহতে সুবিধা পালে আমৰলি পৰুৱাৰ ব্যঞ্জনৰ সুবিধা লয় তাত থকা ঔষধি গুণ আৰু প্ৰটিনৰ বাবে ৷ মৰাণত থাকোতে শাক-বনশাক ঘৰৰে বাৰীত উভৈনদী আছিল বাবে ১০১ বিধ শাক খাইছিলো৷ এবাৰ মোক আমাৰ কোম্পেনিৰ বাহন চালক মিন্টু গগৈয়ে ক’লে যে, মই ১০১ বিধ শাক গোটাব নোৱাৰিলে আমৰলিৰ টোপ মিলাই বহাগৰ শাক খোৱা ৰীতি পালন কৰিব পাৰোঁ ৷ মৰাণত থকা আমাৰ ঘৰৰ বাগানত আছিল আম, কঁঠাল, লিচু, ৰবাবটেঙা, পনিয়ল, জামু ইত্যাদি বিভিন্ন বতৰৰ ফলৰ গছ ৷ লিচু, আম আৰু ৰবাবটেঙাৰ গছত যথেষ্ট আমৰলি পৰুৱা আছিল ৷ আজৰি পৰত প্ৰায়েই সিঁহতৰ বাহ সঁজা কামৰ অগ্ৰগতি লক্ষ্য কৰিছিলো ৷ প্ৰথমে অপঁইতা গছৰ পাত ভাঁজ কৰি বাহ সঁজাৰ কাম আৰম্ভ কৰে ৷ পোৱালী পৰুৱাৰ দেহৰ পৰা ওলোৱা এবিধ আঠাৰে পাতবোৰ বান্ধে ৷ যেতিয়া এটা বাহৰ পাতবোৰ ৰঙা পৰি যায়, তেতিয়া গম পাওঁ – বাহৰ কাম সম্পূৰ্ণ হ’ল ৷ সেই বাহ এৰি পৰুৱাবোৰে আন এটা বাহ নতুনকৈ বান্ধবলৈ আৰম্ভ কৰে ৷

যিবোৰ গছত আমৰলি পৰুৱাৰ বাহ থাকে সেই গছবোৰ আন-অান পোক-পতঙ্গই আক্ৰমণ নকৰে বাবেই সেই গছৰ ফল-মূলত পোক নাথাকে ৷ সোৱাদো ভাল হয় ৷

ডিব্ৰুগড়ৰ খোৱাঙৰ মিন্টু গগৈৰ মতে আমগছত বাহ লোৱা আমৰলি পৰুৱাৰ টোপৰ সোৱাদ বেছি ৷ বাঁহগছৰ সোৱাদসিমান নহয় আৰু পৰুৱাৰ কণীৰষ সংখ্যাও কম ৷ কম তেলত মধ্যমীয়া জুইত মিন্টুৱে নিমখ-হালধী ছটিয়াই পৰুৱাৰ কণী ভাজে ৷ কেতিয়াবা ভাজোঁতে জলকীয়াও দিয়ে ৷ মচমচীয়াকৈ ভজা টোপ লাওপানীৰ লজত খাবলৈ বৰ সোৱাদ লগা হয় ৷ উজনি অসমৰ যোৰহাটৰ বিহৰা বাগানৰ ডা° গজেন গগৈয়ে বহাগ-জেঠত ঘৰলৈ অহা অতিথিক চাহ-কফি বা পানীয়ৰ লগত আমৰলিৰ ভাজিখন পৰিবেশন কৰিবলৈ ভাল পায় ৷ অলপ কম তেলত আমৰলিৰ টোপ মধ্যমীয়া জুইত ভাজে ৷ টেঙা সোৱাদৰ বাবে লগতে পৰুৱা অলপো মিলায় ৷ নিমখ আৰু জলকীয়াও দিয়ে ৷ টোপ কমকৈ থাকিলে হাঁহকণীদুটামান ভাঙি দিয়ে ৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰে খাবলৈ বেছি জুতি লগা হয় ৷ কেতিয়াবা মিহিকৈ পিঁয়াজ কাটিও মিলায় ৷

অইল ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত ইঞ্জিনিয়াৰ ৰোহিণী বৰুৱাৰ ঘৰ মৰাণত ৷ তেখেতে পৰুৱাৰ টোপৰ চুপ (চুৰুহা) কেনেকৈ ৰান্ধে মোক শিকাইছিল ৷ প্ৰথমে বনৰীয়া কচুৰ থোৰ ৰ’দালি বতৰত ছিঙি সিজাই পানীখিনি পেলাই দিব লাগে ৷ তাৰ পাচত পৰুৱা টোপ, কচুৰ থোৰ আৰু মুখৰ জুতি অনুসৰি অনুযায়ী জালুক, জলকীয়া, নিমখ মিলাব লাগে৷ টেঙা সোৱাদৰ বাবে পৰুৱা কিছু মিলাব লাগে ৷ ইচ্ছা কৰিলে নেমুৰ ৰসো মিলাব পাৰে ৷ আটাইখিনি ভালদৰে অলপ সময় উতলাই চকি গৰমে গৰমে পৰিবেশন কংৰিব লাগে ৷ গোৱালপাৰাৰ ৰংজুলিৰ মধুৱে টোপখিনি প্ৰথমে উতলা পানীত এক মিনিটমান থৈ চেকি লয় ৷ তাৰপিছত আন্দাজমতে কেৰাহীত তেল লৈ জলকীয়াৰ ফোৰণ মাৰি কটা পিঁয়াজৰে ভাজি লয় ৷ পিঁয়াজ ৰঙা পৰিবলৈ আৰম্ভ কৰিলে পৰুৱাৰ টোপখিনি কেৰাহীত দি মধ্যমীয়া জুইত লৰাই ভাজে ৷ ভাজিখন নমোৱাৰ কিছুসময়ৰ আগতে হাঁহৰ কণী এটা ভাঙি দিয়ে ৷ মধু হৈছে এগৰাকী কাৰ্বী মহিলা ৷ বৰপেটা ৰ’ডৰ বীণা ব্ৰহ্ময়ো একেদৰেই আমৰলিৰ টোপৰ সোৱাদ লয় ৷

দক্ষিণ-পূৱ এছিয়া আৰু চীনৰ মানুহেও পৰুৱাৰ টোপৰ বিভিন্ন ব্যঞ্জনৰ সোৱাদ লয় ৷পাচলি, মাংস ইত্যাদিৰ লগত উতলাই চুৰুহা ৰান্ধে, বিভিন্ন ধৰণৰ ভাজি ৰান্ধে ৷ টোপৰ অমলেট এবিধ সুস্বাদু আহাৰ ৷ থাইলেণ্ডত পাচলি আৰু মাংসৰ লগত পৰুৱাৰ টোপৰ চুৰুহা তাৰ ৰেষ্টুৰেন্ট, হোটেল আৰু ৰাষ্টাৰ কাষত থকা Street Cart বোৰত যথেষ্ট চাহিদা দেখা যায় ৷ চীন, থাইলেণ্ড আৰু ম্যনমাৰত টোপৰ চাটনিও পৰিবেশন কৰে ৷

দক্ষিণ-পূৱ এচিয়াৰ লগতে আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহু ঠাইত আমৰলি পৰুৱাৰ পোকৰ লগতে আন আন পোক-পতংগও খায়৷ বতৰৰ ফল উপভোগ কৰাৰ দৰে বতৰীয়া আমৰলি পৰুৱাৰ টোপৰ সোৱাদ মুখৰ জুতিৰ বাবে, প্ৰ’টিন সমৃদ্ধ বাবে আৰু ইয়াৰ ঔষধি গুণসমূহৰ বাবে বিভিন্ন ৰুচিৰে ৰান্ধি খোৱা হয়৷ দেখা গৈছে, আজি একবিংশ শতিকাত আমাৰ খাদ্য তালিকাত নতুন নতুন ব্যঞ্জন বা উপাদান সোমাইছে৷ গোলকীয় গাৱঁৰ বাসিন্দা হিচাপে আমি আজি নতুন নতুন আহাৰৰ জুতি উপভোগ কৰিবলৈ আগ্ৰহান্বিত হৈছো৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন বিজ্ঞান গুৰু, বৰ্তমান প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপিকা ড° অপৰাজিতা বৰকটকীয়ে এদিন কথা প্ৰসংগত কৈছিল যে, আমাৰ খদ্যাভ্যাসতো নতুন চিন্তাধাৰা আহিব লাগিছে৷ অদুৰ ভবিষ্যতে পোক-পতংগই বিশ্বৰ খাদ্যজগতখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷

***************************
লেখিকাৰ ঠিকনা : প্ৰযত্নে- অশোক দাস, ঘৰ নং ১৩, লেম্ব ৰ’ড, যোৰ পুখৰী পাৰ, গুৱাহাটী-৭৮১০০১৷ ফোন : ৯৪৩৫১ ৩২০১০৪

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response