বাটচ’ৰাত মধুৰিআম

✍~শ্ৰীৰামচৰণ পাঠক

চেমনীয়াৰ গীত

অ’ মা মা,
অ’ মা মা
দেউতাৰ লগত আমি বজাৰলৈ যাম
বজাৰলৈ যাম |
আপেল নিকিনি কিনিম
মধুৰিআম মধুৰিআম ||
মধুৰিও উপকাৰী
মা, তুমিহে নাজানা
সেই কাৰণে খাবলৈ
তুমি কৰা মানা |
মধুৰিও ইমান সোঁৱাদ
আৰু কম দাম
এক কেজি আপেলত
পাঁচ কেজি মধুৰি পাম ||
দাদাই কৈছে বোলে আপেল য’ত হয়
সেইবোৰ ঠাইত হেনো মধুৰি কম হয়,
মধুৰি কম হয় |
মধুৰিআমৰো হেনো তাত বৰ দাম
আপেল নাখাই কিয় মধুৰি নাখাম ?
আপেল নাখাই আমি মধুৰিহে খাম ||
আৰু মা,
ধুনীয়া আপেলৰ গুণ যিমান
ছাৰে কয়, মধুৰিতো একেই সমান |
মধুৰিৰ গুণও হেনো আপেলৰ সমান |
তেনেহলে ঘৰতো,
খোৱাৰ টেবুলতো
আপেল নসজাই আমি মধুৰি সজাম |
আপেল নাখাই আমি মধুৰিকে খাম,
মধুৰিকে খাম ||

~শ্ৰীৰামচৰণ পাঠক
আকাশবাণী স্বীকৃত গীতিকাৰ
9864264747

Leave a Response