গাহৰি পালন,মাংস আৰু গাহৰি পোৱালীৰ ব্যৱসায়

অসমৰ স্থানীয় গাহৰিৰ জাতবোৰ একেবাৰে সৰু তদুপৰি অৰ্থনৈতিকভাৱে লাভৱান হ’ব পৰাকৈ যিবোৰ আনুবংশিক গুণ সিহঁতৰ থাকিব লাগে, সেইবোৰ কম হাৰত আছে। গতিকে ইহঁতৰ পৰা ব্যৱসায়িক উৎপাদন আশা কৰিব পৰা নাযায়। দৰাচলতে কেইবাটাও বিদেশী জাতহে ব্যৱসায়িক ভিত্তিত পাম কৰাৰ বাবে উপযোগী।

তলত আমাৰ জলবায়ুৰ সৈতে খাপ খাব পৰা কেইটামান জাতৰ নাম দিয়া হ’ল-
১। হেম্পশ্বায়াৰ:
>এই জাতৰ গাহৰিৰ ৰং ক’লা। বুকুৰ অংশত আৰু আগভৰি দুটাত থকা বগা পটীৰ সহায়ত বিৰাটকায় এই গাহৰিক সহজতে চিনাক্ত কৰিব পাৰি। সাধাৰণতে ইহঁতৰ কাণ দুখন চুটি আৰু থিয়। আমাৰ পৰিৱেশত ই সহজতে খাব পৰা ধৰণৰ। এই জাতৰ গাহৰিয়ে প্ৰথমবাৰতে গড়ে ৯.২ টালৈ পোৱালি দিয়া আৰু তাৰে গড়ে প্ৰায় ৮টা পোৱালি পালন কৰি বিক্ৰী কৰিব পৰা দেখা গৈছে। ইহঁতৰ খোৱাৰ বাবে বিশেষ বাচ-বিচাৰ নাই। সেয়েহে ইহঁত বাঢ়েও সোনকালে। বিশুদ্ধ জাতৰ পূৰ্ণবয়স্ক হেম্পশ্বায়াৰ গাহৰি দুই কুইণ্টলতকৈও অধিক ওজনৰ হয়। অৱশ্যে অসমৰ সংকৰ প্ৰজাতিৰ কথা সুকীয়া।

২। লেণ্ডৰেচ:
এই জাতৰ গাহৰিৰ গাৰ বৰণ সম্পূৰ্ণ বগা। দেহটো সামান্য দীঘলীয়া। কাণ দুখন চকুৰ ওপৰেদি সামান্য হালি যোৱা। ইহঁতৰ উৰ্বৰতা শক্তি তুলনামূলকভাৱে বেছি। বৃদ্ধিও যথেষ্ট খৰতকীয়া আৰু যথেষ্ট ওজনৰ হয়। এই জাতৰ একোজনী গাহৰিয়ে দ্বিতীয় বাৰত গঢ়ে প্ৰায় ১০টা পোৱালি দিয়াৰ অভিলেখ আছে। তাৰে ৮-৯ টামান পোৱালি লালন-পালন কৰি ৮মাহ বা তাতোকৈ কম বয়সৰ ভিতৰত প্ৰায় ৭০ কিলোগ্ৰাম ওজন হয়।

৩। ইয়ৰ্কশ্বায়াৰ:
এই গাহৰি বগা বৰণৰ। অৱশ্যে কেতিয়াবা সামান্য ক’লা ৰঙৰ ফুট বা দাগ থাকিব পাৰে। ইহঁতৰ কাণ দুখন থিয়। যিকোনো পৰিবেশত এই জাতৰ গাহৰিয়ে সহজে খাপ খুৱাই ল’ব পাৰে। ইহঁতৰ বৃদ্ধি যথেষ্ট খৰতকীয়া বাবে মাংস উৎপাদনৰ কাৰণে ইহঁতক সহজে পালন কৰিব পাৰি।

৪। চেডেল বেক:
এই জাতৰ গাহৰিৰ বৃদ্ধি তথা সংখ্যাও চকুত লগা। এই জাতৰ গাহৰিৰ বৰণ ‘হেম্পশ্বায়াৰ’ৰ দৰেই, কিন্তু কাণ দুখন আগলৈ হালি পৰা, মূৰটো দীঘল আৰু নাকৰ আগভাগ পোন। আকাৰত যথেষ্ট ডাঙৰ।

৫। লাৰ্জ ব্লেক:
এই জাতৰ গহৰিৰ গাৰ বৰণ সম্পূৰ্ণ ক’লা অৰু কাণ দুখন চকুৰ ওপৰত। শৰীৰৰ গঠন দীঘলীয়া, আটিল। এপিয়নত কেইবাটাও পোৱালি দিয়ে।

গাহৰি পালনত নিয়মিতভাৱে কৰিবলগীয়া কিছুমান কামৰ ভিতৰত পামত নিয়মিত কৰিবলগীয়া কামসমূহ দুই ভাগত ভাগ কৰিব পাৰি,সেইয়া হৈছে- এককালীন আৰু দৈনন্দিন ।

এককালীন কামসমূহ
গাহৰিৰ প্ৰতিষেধক ছিটা দিয়া: সাধাৰণতে ইহঁতক Swine Fever আৰু চবকা ৰোগৰ প্ৰতিষেধক টীকা দিয়া উচিত।

দাঁত উঠোৱা : বয়স হ’লে গাহৰিৰ ছেদক দাঁত দুটা বাঢ়ি যায়। কেতিয়াবা জাকত কাজিয়া হ’লে এনে দাঁতযুক্ত গাহৰিবোৰ অঘটন ঘটাব পাৰে। গতিকে কম বয়সতে ইহঁতৰ এই দাঁতবোৰ উঠাই পেলাব লাগে।

খাহী কৰা : মাংসৰ বাবে ৰখা মতা গাহৰি পোৱালিবোৰক যথাসম্ভৱ মাকৰ পৰা পৃথক কৰাৰ পাছতেই অনতিপলমে খাহী কৰাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে চিকিৎসকৰ সহায় লোৱা উচিত।

চিনাক্তকৰণ: পামৰ পোৱালিবোৰ ব্যক্তিগত চিনাক্তকৰণ এক অতি আৱশ্যকীয় কাম। আৰম্ভণিতে পোৱালিবোৰক চিনাক্ত কৰা উচিত। ইয়াৰ বাবে কাণত ফুলি লগোৱা, কাণত কাটি দাগ দিয়া, গাৰ নোম কাটি নম্বৰ দিয়া আদি ব্যৱস্থা লোৱা হয়।

দৈনন্দিন কাম-কাজসমূহঃ
পুৱা গাহৰি ৰখা ঘৰ পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি পামখনত কৰিবলগীয়া অনেক কাম থাকে। সেইবোৰৰ ভিতৰত তলত দিয়াবোৰ শৃংখলাবদ্ধভাৱে কৰা উচিত।

চাফাই: পামখনৰ কাম-কাজ আৰম্ভ হয় চাফাইৰে। গঁৰালৰ ভিতৰত থকা মল-মূত্ৰবোৰ ভালধৰে চাফা কৰি গাহৰিবোৰক সম্ভৱ হ’লে ধুই দিব লাগে।

ৰোগ সম্পৰ্কীয় পৰ্যবেক্ষণ: গাহৰিৰ স্বাভাৱিক অৱস্থাৰ হীন-দেঢ়ি হোৱা দেখিলেই তাৰ কাৰণ জানিবৰ চেষ্টা কৰিব লাগে। এনে আচৰণ কৰা গাহৰিটোক আনবোৰৰ পৰা পৃথক কৰি ভালদৰে নিৰীক্ষণ কৰিব লাগে।

গাহৰিৰ দেহত ফিটাপেলু হ’লে মাংসৰ গুণ নোহোৱা হয়। গতিকে ইহঁতক চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুৰ ঔষধ খুৱাব লাগে।

দানা আৰু পানী দিয়া কাম নিয়মিত সময় মতে কৰিব লাগে।গাহৰিৰ বাবে ব্যায়াম অন্য এক প্ৰয়োজন। গাহৰিক বিশেষকৈ প্ৰজননৰ বাবে ৰখাবিলাকক দৈনিক বাহিৰলৈ চৰিবলৈ উলিয়াই নিয়া ভাল। গাহৰিৰ গাত সাধাৰণতে ওকনি হোৱা দেখা যায়। এইবোৰ থাকিলে ইহঁতৰ গা পিৰপিৰাই থাকে। ফলত ইহঁতে য’তে-ত’তে গা ঘঁহাই দিয়ে আৰু ঘা লাগে। কেতিয়াবা ঘাবোৰো ব্যাপক ৰূপ ধাৰণ কৰিব পাৰে। গতিকে এই ওকনিবোৰ নহ’বৰ বাবে ইহঁতক পৰাপক্ষত ধুই থাকিব লাগে। চিকিৎসা সম্পৰ্কীয় কাম-কাজ থাকিলে দানা দিয়াৰ আগতে কৰা ভাল।

এয়া মাত্ৰ কেইটামান উদাহৰণহে। পামত দৈনিক আৰু বহুধৰণৰ কাম হ’ব পাৰে।সেয়া পাম কৰোতাজনৰ ওপৰত নিৰ্ভৰ কৰে।

পোৱালী কালৰ পৰাই গাহৰিৰ কেনেকৈ আচলতে যত্ন লব লাগে তাৰ প্ৰয়োজনীয় কেইটামান দিশ আমি জানিব লাগিব। যেনে-
পোৱালী কালৰ পৰাই গাহৰিৰ যত্ন লব লাগে- স্বাস্থ্যবান পোৱালী দানা-পানীৰে পৰিপুষ্ট স্বাস্থ্যৱতী গাহৰিৰ পৰাহে আশা কৰিব পাৰি। সেয়েহে গৰ্ভৱতী গাহৰিৰ যত্ন লোৱা মানে স্বাস্থ্যৱান পোৱালী পোৱা। গাহৰিৰ পোৱালী জন্ম দিয়া প্ৰণালী দিঘলীয়া আৰু শেষৰ ভাগত জন্মা পোৱালীবিলাক তুলনামুলকভাবে দুৰ্বল হয়। সিহঁতৰ বাবে অধিক যত্নপৰ হ’ব লাগে।

শীতৰ পৰা ৰক্ষাৰ ব্যৱস্থা- নকৈ জন্ম হোৱা পোৱালীক শীতৰ পৰা ৰক্ষা কৰিবলৈ উত্তাপৰ(যেনে ইলেক্ট্ৰিক বালব)ব্যৱস্থা কৰি দিব লাগে।যিহেতু পোৱালীবিলাকৰ বয়স তিনিদিন নোহোৱা পৰ্যন্ত নিজে উত্তাপৰ উৎসৰ ওচৰলৈ যাব নেযানে সেয়ে সিহঁতক উত্তাপৰ উৎসৰ ওচৰলৈ লৈ যাব লাগে।

গাখীৰ- প্ৰতিটো পোৱালীয়ে যাতে উপযুক্ত পৰিমাণত মাকৰ ডাঠ গাখীৰ(ফেঁহু)খাব পায় তাৰ বাবে চকু দিব লাগে।এই গাখীৰে পোৱালী বিলাকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে।

লৌহ পদাৰ্থৰ পৰিমান- গাহৰিৰ গাখীৰত লৌহ পদাৰ্থৰ পৰিমান কম বাবে পোৱালী বিলাকৰ তেজত ইয়াৰ অভাৱ হ’ব পাৰে।লৌহ পদাৰ্থৰ অভাৱ হ’লে পোৱালী বিলাকৰ দৈহিক বৃদ্ধি বাধাপ্ৰাপ্ত হয়,উশাহ-নিশাহ লোৱাত কষ্ট পায়,গাৰ নোম ভোবোৰা পৰে আৰু চালবোৰ সোঁতোৰা তথা শেতা পৰে।ইয়াৰ প্ৰতিকাৰৰ বাবে পোৱালী বিলাকে গোটা আহাৰ খাবলৈ লোৱা পৰ্যন্ত এক গ্ৰাম ফেৰাচ চালফেট 100 মি:লি: পানীত মিহলাই মাকৰ ওহাৰত সপ্তাহত দুবাৰকৈ সানি দিলে সুফল পোৱা যায়।

গাহৰীৰ ৰোগসমুহ-
গাহৰী পোৱালীৰ সততে হাগনী ৰোগ হোৱা দেখা যায়।হাগনী ৰোগ বিভন্ন কাৰণত হ’ব পাৰে কাৰণে এনে ৰোগ হ’লে ওচৰৰ পশুচিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰা,সেমেকা নোহোৱাকৈ(শুকানকৈ ৰখা,সপ্তাহত কমেও এবাৰকৈ বীজানুনাশক দ্ৰব্য ষ্প্ৰে কৰা আৰু পোৱালী বিলাকক স্বগুমুত্ৰ খাব নোৱাৰাকৈ ৰাখিব পাৰিলে হাগনী ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।

গাহৰিবিলাকক নিয়মিতভাৱে(প্ৰতি ছয় মাহৰ অন্তৰালত এবাৰকৈ)পেলু নাশক ঔষধ দিব লাগে।ঔষধৰ বাবে ওচৰৰ পশুচিকিৎসকৰ পৰামৰ্শ ল’ব।

গাহৰিৰ সংক্ৰামক ব্যাধিৰ ভিতৰত চোৱাইন ফিভাৰ অন্যতম। এই ৰোগ যিকোনো বয়সৰ গাহৰিৰ গাত দেখা দিব পাৰে।এই ৰোগৰ লক্ষণ সমূহৰ ভিতৰত জ্বৰ উঠা,খোৱা/বোৱাত অনিহা হোৱা,দুৰ্বলতা,চকু ৰঙা পৰি উখহি উঠা,চকুৰ পানী ওলোৱা,প্ৰথমে পায়খানা টান হৈ পিছলৈ হাগনী হোৱা,ঢলং-ঢপংভাৱে খোজ কঢ়া,কাণ,পেট আৰু পিছঠেঙৰ ভিতৰ ফালৰ ছালত বেঙুনীয়া বৰণ ধৰা ইত্যাদিয়ে প্ৰধান।এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিত টীকাকৰণ কৰিব পাৰি।চোৱাইন ফিভাৰৰ বাবে বছৰি এবাৰকৈ টীকা দিয়া প্ৰয়োজন। ইয়াৰ উপৰিও চবকা,এনথ্ৰাবচ আৰু জহৰ বাতৰ বাবে টিকা দিব পাৰি।

গাহৰিৰ জাপানিজ এনকেফেলাইটিচ ৰোগৰ বীষাণুয়েও আক্ৰমণ কৰে।এই ৰোগ কিউলেবচ মহে বিয়পায়।বেছিভাগ ক্ষেত্ৰত জাপানিজ এনকেফেলাইটিচ ৰোগে গাহৰিৰ ক্ষতি নকৰে যদিও আক্ৰান্ত গাভিনী গাহৰিৰ পৰা অকালপক্ক বা মৃত পোৱালীৰ জন্ম হ’ব পাৰে।পোৱালী গাহৰি আক্ৰান্ত হ’লে এনকেফেলাইটিচ ৰোগৰ লক্ষণ প্ৰকট হ’ব পাৰে।গাহৰিক তাৰ জীৱন কালত এবাৰহে মাত্ৰ জাপানিজ এনেকেফেলাইটিচ ৰোগৰ বীষাণুয়ে আক্ৰমন কৰিব পাৰে কাৰণ এবাৰ এই ৰোগৰ সংক্ৰণৰ পিচত তাৰ জীৱন যোৰা স্থায়ী প্ৰ্তিৰোধ ক্ষমতা গঢ়ি উঠে।

জাপন্নিজ এনকেফেলাইটিছ ৰোগৰ আক্ৰমন ৰোধ কৰিবলৈ গাহৰিৰ গড়ালৰ পৰা মহ খেদা ব্যৱস্থা কৰিব লাগে।ইয়াৰ বাবে গাহৰি পাম বোৰৰ দুৱাৰ খিড়িকীত মচকুইট প্ৰুফ নেট লগাব লাগে।সাধাৰণ বাহেৰে নিৰ্মিত গড়াল বিলাকত পুৱা গধূলী জাগ লগাই ধোৱা দিয়া ব্যৱস্থা কৰিব লাগে।

জাপানিজ এনকেফেলাইটিচ ৰোগৰ বাহক মহবিধে মানুহতকৈ জীৱ-জন্তুৰ বিশেষকৈ গৰুৰ তেজ বেছি পচন্দ কৰে।সেয়ে গাহৰি গড়ালৰ ওচৰত গৰুৰ গোহালী থাকিলে এইবিধ মহৰ কামোৰৰ পৰা মানুহৰ বহুলাংশে ৰক্ষা কৰিব পৰা যায়।গৰুক জাপানিজ এনকেফেলাইটিচ ৰোগৰ বীষানুৱে একো ক্ষতি কৰিব নোৱাৰে আৰু গৰুৰ পৰা এই ৰোগ মানুহলৈ সংক্ৰমন নহয়।

*****************************************************

উৎস:-পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়,অসম

Leave a Response