নাৰী

নাৰী কুসুমাদপি কোমলং , বজ্ৰাদপি কঠিনাং।
অৰ্থাৎ নাৰী ফুলতকৈও কোমল, বজ্ৰতকৈও কঠিন।
নাৰী সৃষ্টিৰ উৎস।
নাৰী ধ্বংসৰ মূল।
নাৰী এখন পথাৰ।
য’ত শইচৰ সম্ভাবনা
মইচৰ উথপথপ
আৰু
মনিচৰ হালৰ সীৰলু
স্বচ্চ আৰু স্পষ্ট হৈ জিলিকি থাকে।
নাৰী নেতাৰো মাতৃ
নাৰী ছহিদৰো মাতৃ।
নাৰী খুজি খোৱা জনতাৰো মাতৃ।
নাৰী কবিতাৰ চিত্ৰকল্প
নাৰী জীৱনৰ ভৰপুৰ গল্প।
নাৰী সাগৰৰ বাৰিধি
নাৰী বিশ্বৰ পৰিধি।
নাৰী সূৰ্যৰ কোলা
নাৰী সৌৰজগতৰ দোলা।
নাৰী জাগ্ৰত আগ্নেয়গিৰি
হোজা কৃষকৰ মৰমৰ তিৰি।
নাৰী স্বৰ্গ, মৰ্ত্য, পাতাল
নাৰী মনিচৰ আতাল।

Leave a Response