সম্পাদকীয়

আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ

For English HERE


“কৃষি বিজ্ঞান কেন্দ্ৰৰ আন্তৰ্গাঠনি দেশত শক্তিশালী কৰিবলৈ আমি শকট পুঁজি বিচাৰিছো, প্ৰধানকৈ বতৰৰ সালসলনি সম্পৰ্কীয় অধ্যয়ণ কৰিবলৈ আৰু অতিৰিক্ত মানৱসম্পদ আহৰণ কৰিবলৈ ৷”
~ড° কে, ডি, কাকতি, উপ সঞ্চালক প্ৰধান, ভাৰতীয় কৃষি গৱেষণা পৰিষদ ৷

ভাৰতীয় কৃষি গৱেষণা পৰিষদে (আইচিএআৰ) কৃষি বিজ্ঞান কেন্দ্ৰবোৰ শক্তিশালী কৰিবৰ বাবে দ্বাদশ প্লেনত (২০১২-১৭) ৫,৭০০ কোটি টকা বিচাৰিছিল ৷ একাদশ প্লেনত কেভিকে (KVK)ৰ বাবে ২,০০০ কোটি টকা ধাৰ্য কৰা হৈছিল৷ এইবাৰ ইং ২০১৬-১৭ বৰ্ষৰ বাজেটত ভাৰতবৰ্ষৰ মন্ত্ৰীসভাই ৩,৯০০ কোটি টকা মঞ্জুৰ কৰিছে ৷ ‘এগ্ৰিকালচাৰেল এক্সটেনশ্বন ইন চাউথ এছিয়া’ নামৰ অনলাইন পৰ্টেলত ড°মহেশ চন্দেৰে ব্লগত কৈছে যে, প্ৰত্যেক কেভিকে (KVK)ই গড়ে ১০-১৫ নিযুত টকা আইচিএআৰ (ICAR)ৰ পৰা পায় বুলি শুনা যায় ৷ ইং ২০১৪ চনৰ জানুৱাৰী মাহৰ আইচিএআৰ (ICAR)এ প্ৰকাশ কৰা ‘হাই পাৱাৰ কমিটি’ৰ মতে এনে আইচিএআৰ অনুদানৰ গৰিষ্ঠ অংশ কৰ্ম্মচাৰীৰ দৰমহাতে খৰচ হয় ৷ অহা কেইবছৰত যোজনামতে আশাকৰা কাম সম্পাদনৰ বাবে KVK-ত আৰু বেছি পুঁজি খটুৱাৰ সম্ভাৱনা; আৰু এওঁলোকেও কৃষিখণ্ডত পৰিবৰ্ত্তন আনিবৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ আৱিস্কাৰ আৰু নতুনত্ববোৰৰ লগতে ক্ষেত্ৰকৰ্ম্মীসকলৰ সৈতে আলোচনাত ওলাই পৰা বিষয়সমূহৰ প্ৰসাৰ কৰাৰ উপৰিও ‘নেশ্বনেল এগ্ৰিকালচাৰেল ইনোভেশ্বন প্ৰজেক্ট’ আৰু ‘নেশ্বনেল ইনিশ্বিয়েটিভ অন ক্লাইমেট ৰেছিলিয়েন্ট এগ্ৰিকিলচাৰ’ নামৰ দুটা প্ৰকল্পৰ কৰ্ম্মসূচী ৰূপায়ণ কৰি আছে৷
KVK অৰ্থাৎ কৃষি বিজ্ঞান কেন্দ্ৰক ইংৰাজীত ‘ফাৰ্ম ছায়েন্স চেন্টাৰ’ বুলি কয়; ইং ১৯৭৪ চনত পুডুচেৰী (পণ্ডিচেৰী) নামে ঠাইত ইয়াৰ প্ৰথমখনৰ আৰম্ভণী হয় কইম্বাটোৰত অৱস্থিত তামিল নাডু কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ৷ দেশত প্ৰযুক্তিবিদ্যাৰ মূল্য নিৰূপণ, পৰিশোধণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ই ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ এক জীৱন্ত প্ৰতিষ্ঠান ৰূপে পৰিগণিত হৈছে ৷ কেভিকে (KVK) কৃষিপ্ৰযুক্তিৰ জ্ঞান আৰু সম্পদ কেন্দ্ৰ ৰূপে কাম কৰি থকা NARS অৰ্থাৎ জাতীয় কৃষি গৱেষণা পদ্ধতিৰ অখণ্ড অংশ; আৰু ই ৰাজহুৱা, ব্যক্তিগত আৰু স্বেচ্ছাসেৱী খণ্ডক সহায় কৰি NARS ক সম্প্ৰসাৰণ ব্যৱস্থা আৰু কৃষকৰে সংযোগ ঘটাই জিলাখনৰ কৃষি অৰ্থনীতি উন্নত কৰে৷
ভাৰতবৰ্ষত বৰ্ত্তমান ৬৬৮ টা কেভিকে(KVK) আছে; আৰু প্ৰতিখন নতুন জিলাত এটা আৰু কিছুমান ডাঙৰ জিলাত আৰু একোটাকৈ কেভিকে(KVK) কৰাৰ চৰকাৰৰ আঁচনি আছে ৷ বৰ্ত্তমান গোটেই উত্তৰ পূৱ ভাৰতবৰ্ষত ৭৮ টা কেভিকে(KVK) কৰ্ম্মক্ষম হৈ আছে, তাৰে ৪১ টা অৰুনাচল প্ৰদেশ, অসম আৰু চিকিমত পৰে ৷ বাকী ৩৭টা মণিপুৰ, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাত কাৰ্য্যক্ষম হৈ আছে আৰু এই কেইটা ‘আটাৰি’ অৰ্থাৎ ‘এগ্ৰিকালচাৰেল টেকনলজী ৰিছাৰ্স ইন্সটিটিউট’ মানে মেঘালয়ৰ উমিয়াম (বৰাপানী) ত থকা উত্তৰ পূৱ পাৰ্ব্বত্য অঞ্চলৰ ICAR গৱেষণা ভৱনত অৱস্থিত আগৰ আঞ্চলিক প্ৰকল্প সঞ্চালকালয়, অঞ্চল-৭ কাৰ্য্যালয়ৰ অধীনস্থ ৷ কেভিকে (KVK)ৰ আঁচনিখনত ভাৰত চৰকাৰে ১০০% সাহায্য দিয়ে আাৰু কৃষি বিশ্ববিদ্যালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠানসমূহ, সম্বন্ধীয় চৰকাৰী বিভাগবোৰ আৰু কৃষিক্ষেত্ৰত কাম কৰা অনা-চৰকাৰী অনুষ্ঠানক KVK প্ৰতিষ্ঠা কৰিবলৈ মঞ্জুৰী দিয়া হয়৷
কেভিকে (KVK)ই কৰিব লগা প্ৰধান কামবোৰ হৈছে প্ৰযুক্তিবিদ্যাৰ মূল্যাঙ্কণ, পৰিশোধণ আৰু প্ৰয়োগ তথা সক্ষমতা বৃদ্ধিৰ বাবে প্ৰযুক্তিবিদ্যা/পণ্যসামগ্ৰীৰ প্ৰদৰ্শন৷ ই গৱেষণা আৰু কৃষকৰ মাজত দুয়োফালে যোগসূত্ৰ ৰাখি প্ৰধান সুবিধাকাৰীৰ ভূমিকা পালন কৰে৷
কৃষি বিজ্ঞান কেন্দ্ৰই ইয়াৰ কামবোৰ নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ দিহামতে সম্পাদন কৰে৷ এওঁলোকৰ উদ্দেশ্যৰাজি সংক্ষিপ্তভাৱে তলত দিয়া ধৰণৰঃ
* অভ্যষ্ট কৃষক, গ্ৰাম্য মহিলা, যুৱক তথা কৃষি আৰু সম্বন্ধীয় বিভাগৰ ক্ষেত্ৰ পৰ্য্যায়ৰ সম্প্ৰসাৰণ কৰ্ম্মীসকলৰ বাবে বিদ্যায়তনিক বা তাৰ বাহিৰত পতা প্ৰশিক্ষণ সংগঠিত কৰি তেওঁলোকক কৃষি আৰু তৎসম্বন্ধীয় উদ্যমৰ বিষয়ে সজাগতা প্ৰদান ৷
* শাক-পাচলি, ফুলৰ খেতি, মৌ-পালন, দুগ্ধ-উৎপাদন, কাঠফুলাৰ খেতি, জৈৱিক কৃষি আৰু ৰক্ষাত্মক কৃষি আদিত গ্ৰাম্য যুৱকৰ আত্মনিয়োগ কাৰণে চমু আৰু দীৰ্ঘকালিন বৃৰ্ত্তিমূলক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ আয়োজন কৰা ৷
* কৃষকৰ প্ৰয়োজনীয়তাৰ উপযোগিতালৈ চাই সমুখতে উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু সদ্যবিদ্যমান প্ৰযুক্তিবিদ্যাৰ পৰিশোধণ কৰি প্ৰদৰ্শণমূলক খেতিৰ ব্যৱস্থা আৰু কৃষকৰ পথাৰত খেতিতে পৰীক্ষা কৰা ৷
KVK পৰিচালনাৰ ক্ষেত্ৰত ইং ২০১৪ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ‘হাই পাৱাৰ কমিটি’য়ে দিয়া দিহামতে কৰ্ম্মসূচীৰ নতুন সংজ্ঞা তলত দিয়া ধৰণৰঃ
* বিভিন্ন কৃষি পদ্ধতিত কৃষি প্ৰযুক্তিবিদ্যাৰ স্থানিক নিৰ্দ্দিষ্টতাৰ মূল্যাঙ্কণ খেতি-পথাৰত পৰীক্ষণ (অএফটি) কৰা ৷
* কৃষকৰ পথাৰত সমুখতে কৰা প্ৰদৰ্শণমূলক খেতি (এফএলডি) যোগে প্ৰযুক্তিবিদ্যাৰ নিৰ্দ্দিষ্ট সুবিধা/মূল্য ডাঙি ধৰি খেতিৰ নতুনত্ববোৰ বহলভিত্তিত দেখুউৱা ৷
* আধুনিক কৃষি প্ৰযুক্তিবিদ্যা আৰু উদ্যমত কৃষক আৰু সম্প্ৰসাৰণ কৰ্ম্মীবৃন্দৰ সক্ষমতা বৃদ্ধি তথা জ্ঞান আৰু কৌশল
আহৰণৰ ব্যৱস্থা কৰা ৷
* কৰ্ম্ম পৰিচালনা ক্ষেত্ৰত কৃষি অৰ্থনীতি উন্নীত কৰিবৰ বাবে জ্ঞান আৰু সম্পদ কেন্দ্ৰ ৰূপে কাম কৰা ৷
* আগপথাৰত সম্প্ৰসাৰণ কাৰ্য্যক্ৰম কৰিব লাগে আৰু কৃষকৰ স্বাৰ্থত বিভিন্ন বিষয়ত তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যাসমূহ(আইচিটি) আৰু অন্যান্য মাধ্যম ব্যৱহাৰ কৰি আৰু কৃষি উপদেশৰ ব্যৱস্থা কৰিব লাগে ৷
* কৃষি পদ্ধতিবোৰৰ জানিবলগীয়া কথা লিপিৱদ্ধকৰণ,নিৰূপণ আৰু কৌশলগত আঁচনি তৈয়াৰ কৰা ৷

কৃষি বিজ্ঞান কেন্দ্ৰৰ অৱদানঃ

কৃষিৰ উৎপাদন, উৎপাদিকতা আৰু কৃষকৰ উপাৰ্জ্জণ বঢ়োৱাৰ ক্ষেত্ৰত কেভিকে( KVK)ৰ যথেষ্ট বৰঙণি আছে ৷ যি কেভিকে (KVK)ই নতুনত্ব আনিছে আৰু ভাল কাম কৰিছে চিনাক্ত কৰি পুৰষ্কৃত কৰাৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদেও অসাধাৰণ চেষ্টা কৰিছে আৰু যোৱা বছৰকিটাত বিভিন্ন ৰাষ্ট্ৰীয় তথা আঞ্চলিক ভিত্তিত আইচিএআৰ(ICAR) শ্ৰেষ্ঠ কেভিকে বঁটা দি আহিছে৷ উত্তৰ পূৱ ভাৰতবৰ্ষত, এনে বিজেতা আমাৰ মাজত আছে; নাগালেণ্ডৰ ডিমাপুৰ কেভিকে(KVK), আৰু অসমৰ কামৰূপ আৰু নলবাৰী কেভিকে (KVK)৷ যোৱা ইং ১৫ মাৰ্চ্চ, ২০১৭ তাৰিখে পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত (আইএআৰআই) অনুস্থিত হোৱা কৃষি উন্নতি মেলাত উত্তৰপ্ৰদেশৰ ছাহাৰানপুৰ কেভিকে (KVK) ২০১৬ বৰ্ষৰ শ্ৰেষ্ঠ কেভিকে (KVK) বুলি পৰিগণিত হোৱাত ‘পণ্ডিত দীন দয়াল উপাধ্যায় কৃষি বিজ্ঞান প্ৰতিষ্ঠান পুৰষ্কাৰ,ক্ষেত্ৰভিত্তিক বিজ্ঞান প্ৰোৎসাহন ২০১৬ বঁটা’ৰে সন্মানিত কৰা হয় আৰু এতিয়া উচ্চখাপৰ পদ্ধতি প্ৰয়োগ কৰা নতুনত্ব থকা কেভিকে (KVK)ক মূখ্য আকৰ্ষণ বিন্দুলৈ সঠিকভাৱে অনাৰ সময় আহিছে ৷ কেভিকে (KVK) সন্মিলন আৰু কেভিকে (KVK ) আঞ্চলিক কৰ্ম্মশালাৰ বাহিৰেও আন উপযুক্ত মঞ্চ/মাধ্যম ব্যৱহাৰ কৰিব লাগে ৷ ছপা,বৈদ্যুতিক আৰু সামাজিক মাধ্যম যোগে তেওঁলোকৰ কৃতকাৰ্য্যতাৰ কাহিনী বিস্তৃতভাৱে কৃষক ৰাইজৰ আগত প্ৰকাশ কৰিব লাগে ৷
প্ৰযুক্তিবিদ্যাৰ হস্তান্তৰ (টিঅটি) স্বাভাৱিকতে একে ধৰণৰ বিভাগবোৰ আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা অৰ্থাৎ আত্মা (ATMA)ৰ দায়িত্ব ৷ কিন্তু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নিৰ্দ্দেশনাত, আটাৰি আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আদিৰ তত্বাৱধানত গৱেষণা সংস্থাবোৰত প্ৰযুক্তিৰ উদ্ভাৱন আৰু অবিৰতভাৱে উৎপাদন, উৎপাদিকতা আৰু খেতিৰ শুদ্ধ আয় বঢ়াবৰ বাবে কৃষকৰ নিৰ্দ্দিষ্ট পথাৰত ইয়াৰ প্ৰয়োগৰ মাজৰ ব্যৱধান কমাবৰ কাৰণে কেভিকে (KVK)ই চেষ্টা কৰি আহিছে ৷ কেভিকে (KVK)ৰ প্ৰযুক্তি প্ৰদৰ্শণবোৰক সমুখৱৰ্ত্তী (ফ্ৰন্টলাইন) বুলি কোৱা হয়, কাৰণ কোনো এটা অঞ্চলত ইয়াক প্ৰথমবাৰৰ বাবে কৰা হয়; আনহাতে, একে ধৰণৰ বিভাগবোৰ আৰু ‘আত্মা’ই বহল ভিত্তিত পথাৰত প্ৰদৰ্শণমূলক খেতিবোৰ কৰোৱায় ৷ আইচিএআৰ (ICAR)ৰ অন্তৰ্গত উত্তৰ প্ৰদেশৰ ঈজ্জতনগৰ অৱস্থিত ‘আইভিআৰআই’ (IVRI)ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ মুৰব্বী ড°মহেশ চন্দৰ দোহাৰে
কয় যে, KVK আৰু ‘আত্মা’ (ATMA)ই প্ৰকৃত অংশদাৰিত্বৰ নিয়মমতে কাম কৰিব লাগে, য’ত কেভিকে (KVK)ই সন্মুখভাগৰ সম্প্ৰসাৰণ পদ্ধতিৰ কাম কৰিব আৰু ‘আত্মা’ই ক্ষেত্ৰ সম্প্ৰসাৰণ সংস্থা হিচাপে বহল ভিত্তিত প্ৰযুক্তি/নতুনত্বৰ প্ৰসাৰ কৰিব দিয়াজনক গ্ৰহণ কৰোৱাব আৰু কৃতকাৰ্য্য হোৱা প্ৰযুক্তি/নতুনত্ববোৰ ডাঙৰ প্ৰদৰ্শণমূলক খেতিযোগে বহলকৈ কৰিব আৰু অধিকতৰ প্ৰতিপাদন/বৈধতা আদিৰ প্ৰয়োগ কৰিব ৷
যোৱা ইং ২০১১ চনৰ জানুৱাৰী মাহত, ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত কৃষি গৱেষণা আৰু শিক্ষা বিভাগ আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰালয়ৰ অন্তৰ্গত কৃষি আৰু সমবায় বিভাগ এই দুয়োটা বিভাগে কেভিকে (KVK) আৰু ‘আত্মা'(ATMA)ৰ প্ৰয়োজনীয় যোগসূত্ৰ সন্দৰ্ভত এখন যুটীয়া বিজ্ঞপ্তি জাৰি কৰি ইয়াৰ যুগ্ম দায়িত্ব বিস্তৃতভাৱে ফঁহিয়াইছে আৰু ইং ২০১৪ চনত ‘আইচিএআৰ'(ICAR)ৰ উচ্চ ক্ষমতাসম্পন্ন কমিটিয়ে কয় যে ‘আত্মা’ৰ প্ৰকল্প সঞ্চালক আৰু তেওঁৰ দলে নিয়মকালিনভাৱে কেভিকে (KVK)ৰ দলৱদ্ধ গাওঁবোৰ যুগ্ম পৰিদৰ্শণৰ আঁচনি লব লাগে যাতে প্ৰদৰ্শিত নব্য প্ৰযুক্তিবোৰৰ প্ৰত্যক্ষ জ্ঞান লাভ কৰিব পাৰে আৰু সেইবোৰ ‘আত্মা’ৰ অধীনত বহলভাৱে প্ৰসাৰৰ আৰম্ভ কৰিব পাৰে ৷ এই নিৰ্দ্দেশিকাবোৰে নিবিড়ভাৱে জড়িতহৈ কাম কৰাৰ এটা কৰ্ম্মপদ্ধতি দিছে যাতে কৃষি গৱেষণা পদ্ধতিটো প্ৰতিনিধিত্ব কৰা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠান, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, কেভিকে আৰু ৰাজ্যিক কৃষি আৰু একে ধৰণৰ বিভাগবোৰৰ পুঁজি, সম্পদ, কাৰ্য্যক্ৰম আৰু মানৱসম্পদ একেলগ কৰি স্থানীয় প্ৰয়োজনীয়তা মতে প্ৰযুক্তিগত অগ্ৰগতিৰ সম্পূৰ্ণ সুবিধা কৃষকে ল’ব পাৰে ৷ ইং ২০১৪ চনতে, কৃষি মন্ত্ৰালয়ে ‘আত্মা’ সন্দৰ্ভত নিৰ্দ্দেশনা জাৰি কৰিছে আৰু ‘আত্মা’ আৰু কেভিকেৰ সমন্বয় আৰু সমিলমিলৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছে ৷
শেহতীয়াকৈ ভাৰতবৰ্ষৰ কৃষি গৃহস্থীৰ পৰিস্থিতি মূল্যাঙ্কন জৰিপত (‘নেচ্ছো’, ৭০তম ৰাউণ্ড) গোটেই দেশখনত প্ৰিয় ৩৫,০০০ গৃহস্থীৰ এটা জৰিপ কৰা হৈছিল যোৱা ইং ২০১২ চনৰ জুলাই মাহৰ পৰা ২০১৩ চনৰ জুন মাহলৈকে আৰু উদ্ঘাটন হ’ল যে “কৃষকসকলে চৰকাৰে চলোৱা গৱেষণা সংস্থাবোৰৰ (কেভিকেক ধৰি) নতুন প্ৰযুক্তিবিদ্যা আৰু পথপ্ৰদৰ্শণৰ পৰা বহুদূৰ আঁতৰি আছে” আৰু ইয়াক প্ৰতিহত কৰিবলৈ আমাৰ কেভিকে (KVK)বোৰ বেছি জীৱন্ত কৰাটো আমাৰ কৰ্ত্তব্য ৷ এইবোৰৰ বাবে উদ্দেশ্যমূলকভাৱে-
(ক) উদ্যমিতাৰ বিকাশ,
(খ) কৃষি পৰ্যটনকে ধৰি বিবিধ খেতি প্ৰণালীৰ উন্নয়ন,
(গ) সম্পদ উৎপাদন,
(ঘ) সক্ষমতাৰ ফাঁক বা অন্তৰ দূৰীকৰণ,
(ঙ) প্ৰশাসনিক স্পষ্টতা প্ৰদৰ্শণ
(চ) ‘আত্মা’-কেভিকে যোগসূত্ৰ স্থাপন, আৰু
(ছ) আঞ্চলিক প্ৰকল্প সঞ্চালকসকলৰ ভূমিকা বৃদ্ধি কৰিব লাগিব ৷
এইটো আশাব্যঞ্জক যে, কৃষক আৰু সম্প্ৰসাৰণ কৰ্ম্মীসকলে ইন্টাৰনেট যোগে কেভিকে সংস্থাবোৰৰ ভিতৰ চ’ৰাত ডিজিটেল প্ৰৱেশৰ সুবিধা পাবৰ বাবে এখন দুৱাৰ (পোৰ্টেল) মুকলি কৰা হৈছে বিশ্ব বিয়পি থকা তথ্য প্ৰযুক্তিৰ মকৰাজালত; ইয়াৰ দ্বাৰা ভাৰতীয় কৃষি গৱেষণা পৰিষদ কৰ্ত্তৃপক্ষয়ো কৃষি বিজ্ঞান কেন্দ্ৰবোৰৰ কাম-কাজ সহজে পৰ্যবেক্ষণ কৰিব পাৰিব ৷
কৃষক সকলৰ সহায় হোৱাকৈ এটা যোগসূত্ৰ দিয়া হৈছেঃ চাব পাৰিব৷ https://kvk.icar.gov.in

******************************************

~শ্ৰী মানিক চন্দ্ৰ শৰ্মা বৰদলৈ, মূখ্য সম্পাদক; কৃষক বন্ধু৷

সৌজণ্য:
(১) ড° মহেশ চন্দৰ,মুৰব্বী,সম্প্ৰসাৰণ শিক্ষা বিভাগ,আইচিএআৰ-আইভিআৰআই,ঈজ্জতনগৰ,উত্তৰ প্ৰদেশ (drmahesh.chander@gmail.com);
(২) ড° যোগেশ সুৰি,উপদেষ্টা, নীতি আয়োগ আৰু সঞ্চালক প্ৰধান,শ্ৰম অৰ্থনীতি গৱেষণা আৰু উন্নয়ণৰ জাতীয় প্ৰতিষ্ঠান, নতুন দিল্লী;
(৩) ইন্টাৰনেটৰ পৰা সংগৃহিত ‘আইচিএআৰ’ৰ তথ্য- কেভিকেৰ কথা থকা ‘আটাৰি’ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ তথ্য ৷

Leave a Response