Traditional Recipe

ৰেচিপি ১| ভেদাইলতাৰে মাগুৰমাছৰ জোল

   ✍ ~ধ্ৰুৱজ্যোতি শইকীয়া

কিছুমান পৰম্পৰাগত ব্যঞ্জন মই সৌ তাহানিতে মাৰ পৰা শিকাৰ দৰেই ভাল পাওঁ। কোনো নিজস্ব সোৱাদ যোগ নকৰাকৈ আজিলৈ ৰান্ধি খাই ভাল পোৱা আৰু সদায়ে একেটা জুতি পোৱা তেনে এক ব্যঞ্জন হৈছে, ভেদাইলতাৰে মাগুৰ বা শিঙি মাছৰ জোল। অতি সহজ, সুস্বাদু আৰু পুষ্টিকৰ। ভেদাইলতাই আমাৰ পাচন তন্ত্ৰক শক্তিশালী কৰে, ভোক বঢ়াই। ই কবলৈ গ’লে এটা প্ৰাকৃতিক লিভাৰ টণিক। বাৰু ৰেচিপিলৈ আগবাঢ়োঁ।
ভেদাইলতাৰে মাগুৰ মাছৰ জোল আৰু ভেদাই লতাৰ বড়  


১। মাগুৰ মাছ
২। ভেদাই লতাৰ আগ আৰু পাত
৩। নহৰু ৬ কোঁহ
৪। আদা আধা ইঞ্চি
৫। জালুকৰ গুৰি ১ চাহ চামুচ
৬। আলু ১ টা (ডাঙৰ)
৭। মিঠাতেল ১ টেবুল চামুচ
৮। নিমখ ও হালধী

ৰন্ধন:
মাগুৰ মাছত নিমখ হালধি ঘঁহি আধা ভজা কৰি ল’লো। কেঁচাকৈ ব্যৱহাৰ কৰিলে বেছি উতলাব লগা হব আৰু অধিক সিজালে ভেদাইলতাৰ গুণ নাশ হব বুলি মায়ে কৈছিল।
ভেদাই লতাৰ পাত আৰু আগবোৰ পিচি ৰসখিনি চাকি ল’লো। সিতাখিনি বড় কৰিবলৈ ৰাখি থৈছো।
কেৰাহিত মিঠাতেল গৰম কৰি থেঁতালী লোৱা নহৰু আৰু আদাৰ যোগ কৰি আধা ভজা হওঁতে ভেদাই লতাৰ ৰসখিনি কেৰাহিত দিলো। নিমখ হালধী যোগ কৰিলো আৰু মাছ কেইপিচো লগতে যোগ কৰি গেছ ডাঙৰ কৰি উতলিবলৈ দিলো। উতল উঠোঁতে জালুকৰ গুৰি যোগ কৰিলো আৰু বয়ল কৰি লোৱা আলুতো মিহিকৈ পিটিকি দিলো। ইয়াৰ পিছত গেছ মধ্যমীয়া কৰি ঢাকনি লগাই প্ৰায় ২৫ মিনিট উতলাৰ পিছত নমাই ভাতৰ লগত পৰিবেশন কৰিলো।

ভেদাইলতাৰ বড়ৰ বাবে উপাদানসমূহ:
১। ভেদাইলতাৰ সিতা
২। চাউলৰ গুৰি (অৱশ্য মই জোৱাৰ পিঠাগুৰি ব্যৱহাৰ কৰিছো)
৩। নিমখ
৪। নহৰু ৪-৫ কোঁহ (থেঁতালী লোৱা)
৫। কেঁচা জলকীয়া (মিহিকৈ কূটী লোৱা)
প্ৰস্তুতি আৰু ৰন্ধন:
ভেদাইলতাৰ সিতাৰ সৈতে আটাইকেইটা উপাদান মিহলাই হাতেৰে মাৰি লৈ সৰু সৰু পিঠাৰ আঁকাৰ দি তেলত ভাজিলো।

ৰেচিপি ২| শুকান খৰিচাৰ সৈতে মাছৰ মাঠা ভজা

~গীতা দত্ত

শুকান খৰিচাৰ সৈতে মাছৰ মাঠা ভজা । এইটো মোৰ এটি অতি প্ৰিয় ৰেচিপি । মই ৰৌ মাছৰ মূৰ ব্যৱহাৰ কৰিছোঁ । এখন কেৰাহীত অকণমান মিঠা তেল গৰম কৰিলো । মাছৰ মাঠা সৰু টুকুৰা কৰি ললো আৰু অকণমান নিমখ হালধী সানি থলো । গৰম তেলত মাছৰ মাঠা দি ভাজিলো । আধা ভজা হলে তাত তিনি চামুচ খৰিচা দিলো । দুটা কেঁচা জলকীয়া ফালি দিছো । 5 মিনিট মান ভাজি নমাই থলো আৰু ভাতৰ লগত পৰিবেশন কৰিলো ।

ৰেচিপি ৩| পিঠাগুৰি আৰু থেকেৰাৰে সৰু মাছৰ জুতি

~পুৰৱী বৰবলৈ পৰী

কেৰাহিত সামান্য তেল গৰমাই সৰু মাছ (মোৱা মাছ) আধা ভজা কৰি নমাই দিব । সেই তেলতে পাঁচফোৰণ কেইটামান ফুটাই পিঠাগুৰি দুচামুচ পানীত মিলাই দি দিব । নিমখ আৰু জলকীয়া গুৰি দি উতলিব দিব আৰু উতল আহিলে থেকেৰাৰ টুকুৰা আৰু মাছ দিয়ক । ভালকৈ উতলি ঘন হ’লে নমাই দিব ।

[বি.দ্ৰ.-এই ৰেচিপি সমুহ ছচিয়েল মিডিয়াৰ জনপ্ৰিয় গোট “সোৱাদ(SWAD_the tast)” নামৰ এটা জনপ্ৰিয় ফেচবুক গ্ৰুপৰ পৰা লোৱা হৈছে]

Leave a Response