বানপানী হোৱা অঞ্চলত গৰু ম’হৰ খাদ্য Cattle-feeds in Flood Areas

~মাহফুজা বেগম আৰু ৰুৱায়াত হুছেইন

বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ঘাঁহনি বা চৰনীয়া পথাৰবোৰ পানীত বুৰ যোৱাৰ ফলত ঘাঁহৰ ভীষন নাটনিয়ে দেখা দিয়ে। যদিও কেৱল দানা খুৱাই পশু-ধনক জীয়াই ৰাখিব পাৰি কিন্তু পাবলগীয়া উৎপাদন আশা কৰিব নোৱাৰি আৰু আৰ্থিক দিশৰ পৰাও ব্যয় বহুল হৈ পৰে। গতিকে, প্ৰতিবছৰে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বানপীড়িত অঞ্চলসমূহত যাতে যথেষ্ট পৰিমাণে ঘাঁহ পায় তাৰ প্ৰতি বিশেষ যত্নপৰ হোৱা উচিত।
বানপানী হোৱা অঞ্চলত সেউজীয়া ঘাঁহ সংগ্ৰহৰ উৎসঃ

অসমৰ সকলোবোৰ ঠাইতে কম-বেছি পৰিমাণে হ’লেও নানাধৰণৰ প্ৰাকৃতিক ভাৱেথলুৱা ঘাঁহ আৰু পশুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা গছ-গছনিৰ পাত পোৱা যায়। ইয়াৰ ভিতৰত নল, খাগৰি, দল, এৰালি, ইকৰা, উলুবন, কুচি, কহুৱা, অৰুণা আদিয়ে প্ৰধান। ইয়াৰ উপৰিও বনৰীয়া লতা বা পৰজীৱী ঘাঁহ আদি পোৱা যায়। এই থলুৱা ঘাঁহবোৰ বানপানীয়ে চুব নোৱাৰা অঞ্চলৰ পৰা কাটি আনি আক্ৰান্ত অঞ্চলবোৰত যোগান ধৰিব পৰা যায়। ইয়াৰ উপৰিও অসমৰ খাল-বিল, জান-জুৰি বা দ’ অঞ্চল আৰু নদীৰ আশে-পাশে পোৱা পানী মেটেকাবোৰ পশুখাদ্য ৰূপে ব্যৱহাৰ কৰিব পাৰি যিহেতু পানী মেটেকাবোৰত ৮০-৯০ % পানী থাকে। বানপানীৰ সময়ত অন্য ঘাঁহৰ নাটনি হ’লে ডিমৰু, কাঞ্চন, কঠাল, চু-বাবুল আদি গছৰ পাত খুৱাইও পশুধনক জীয়াই ৰাখিব পাৰি, কিয়নো এই গছবোৰত যথেষ্ট পৰিমাণে লাগতিয়াল পুষ্টিকৰ উপাদান যেনে প্ৰ’টিন, কেলচিয়াম আৰু ভিটামিন আদি থাকে। অসমৰ প্ৰায়বোৰ অঞ্চলতেই বাঁহ আৰু কলখেতি কৰা হয়। বানপানীৰ সময়ত এই পাতবোৰ খুৱাই কেচা ঘাঁহৰ অভাৱ পূৰণ কৰিব পাৰি।
ইউৰিয়া ব্যৱহৃত ধানখেৰঃ

ধানখেৰত ইউৰিয়া ব্যৱহাৰ কৰি পশুধনৰ বাবে সু-খাদ্যপ্ৰস্তুত কৰিব পাৰি। আমাৰ খেতিয়ক ৰাইজে ইউৰিয়া সাৰ খেতিৰ উৎপাদনৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰে। কিন্তু পশু-পৰিপুষ্টি বিশেষজ্ঞ সকলে নানা গবেষণা কৰি প্ৰতিপন্ন কৰিছে যে নিৰ্দ্দিষ্ট পৰিমাণত ইউৰিয়া জীৱ-জন্তুৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। ইউৰিয়াত শতকৰা ৮৮.৫% নাইট্ৰজেন থাকে ফলত পশুধনে বহু পৰিমাণে পোষক দ্ৰব্য পাব পাৰে।
সাইলেজ (Silage) প্ৰস্তুতকৰণ পদ্ধতি:

সেউজীয়া ঘাঁহ সংৰক্ষণৰ এটা উপায় হ’ল সাইলেজ প্ৰস্তুতকৰণ। এটা ৩ মি. দীঘল, ২ মি. বহল আৰু ২ মি. দ’কৈ গাঁত খান্দি ল’ব লাগে। এতিয়া সেউজীয়া ঘাঁহ ফুল ধৰাৰ আগে-আগে কাতিব লাগে যাতে ঘাঁহৰ পুষ্টিগত মান ঘাঁহত সৰ্বোচ্চ পৰিমাণত থাকে। ফুল ধৰাৰ পিছত সাধাৰণতে ঘাঁহবোৰ বেছি আঁহজাতীয় হৈ পৰে (fiber type)। মাকৈ, সৰগোম আদি ত্ৰ্ণ- জাতীয় ঘাঁহৰ পৰা ভাল সাইলেজ প্ৰস্তুত হয়। সাইলেজৰ বাবে সেউজীয়া ঘাঁহবোৰ ২-৩” কৈ টুকুৰা কৰিব লাগে যাতে সাইলেজত অলপো বতাহ সোমাব নোৱাৰে। প্ৰয়োজন হ’লে গধুৰ বস্তুৰে বা যন্ত্ৰৰে হেঁচি দিব লাগে। গাঁতটো সম্পূৰ্ণ হোৱাৰ পিছত ওপৰত পলিথিন দি সম্পূৰ্ণৰুপে বন্ধ কৰি দিব লাগে। এনেদৰে প্ৰস্তুত কৰা সাইলেজ অন্তত…… দিনৰ মূৰত পশুক খুৱাবৰ উপযোগী হৈ পৰে। ঘাঁহত থকা কিছু অণুজীৱই অবায়বিক কিন্বণ প্ৰক্ৰিয়াৰ জৰিয়তে সাইলেজত কিছু পুষ্টিকাৰক উপাদানৰ সৃষ্টি কৰে। যেতিয়া সেউজীয়া ঘাঁহৰ অভাৱ হয় তেতিয়া এনে সাইলেজ ঘাঁহৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
ধান খেৰত ইউৰিয়া ব্যৱহাৰৰ পদ্ধতি:

৪ কেজি ইউৰিয়া + ৪০ লিটাৰ পানী + ১০০ কেজি ধানখেৰ আৰু অলপ গুৰ মিহলাই গোটেই দ’মটো পলিথিন এখনেৰে মেৰিয়াই ৰাখিব লাগে, যাতে কোনো কাৰণত বাহিৰৰ পৰা বায়ু ভিতৰত প্ৰবেশ কৰিব নোৱাৰে, অন্তত ২৮ দিনৰ বাবে। ২৮ দিনৰ পিছত এটা মূৰৰ পলিথিনখন দাঙি ৩-৪ দিন থব লাগে যাতে এম’নিয়া গেছ খিনি ওলাই যায় আৰু ৪ দিনৰ পিছত গৰু-ম’হক খাদ্য হিচাপে দিব পৰা যায়। প্ৰথমতে ২০০ গ্ৰাম/দিন তাৰ পাছত ৪-৫ কেজি/দিন দিব পাৰি। নাটনি বা বানপানীৰ সময়ত এনে ধানখেৰ গৰু-ম’হক খাদ্য হিচাপে দিব পাৰি। আনহাতে ১ কেজি সুষম খাদ্য কমকৈ দিয়াৰ ব্যৱস্থা কৰিব পাৰি।
বানপানী হোৱা অঞ্চলত ব্যৱহাৰ কৰা সুষম খাদ্য:

চৰকাৰৰ তৰফৰ পৰা অথবা কোনো অনা-আনুষ্ঠানিক সংস্থা তথা স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে বানপানীত আক্ৰান্ত কৃষক সকলক বান সাহায্য হিচাপে গৰু-ম’হৰ খাদ্য বা সুষম দানা বিতৰণ কৰে আৰু সেই দানা আমাৰ কৃষকসকলে জমা কৰি ৰাখে আৰু পৰবৰ্তী সময়ত পশুধনক খাবলৈ দিয়ে। আনহাতে বিভিন্ন খাদ্যপ্ৰাণযুক্ত উপাদানেৰে প্ৰস্তুত কৰা সম্পূৰ্ণ দানা অৰ্থাৎ কম দামৰ স্থানীয়ভাৱে পোৱা শস্য অবশাংস আৰু কৃষি উদ্যোগৰ উৎপাদক সামগ্ৰীসমূহৰ দ্বাৰা পশুধনৰ খাদ্য আমাৰ কৃষকসকলে প্ৰস্তুত কৰিব পাৰে।

(তথ্যৰ উৎস অনুৰোধ ক্ৰমে উপলব্ধ)

*********************************************

~মাহফুজা বেগম আৰু ৰুৱায়াত হুছেইন, তৃত্বীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী, লখিমপুৰ পশুচিকিৎসাবিজ্ঞান মহাবিদ্যালয়, জহিং, উত্তৰ লখিমপুৰ- ৭৮৭০৫১, অসম।
ইমেইল: rubayathussain11@gmail.com , mahfuzabegumj7@gmail.com দূৰভাষ: +৯১-৭০০২৫৯৮৯৪০০

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response