সম্পাদকীয়

ইয়োথকোৱেক: উত্তৰ-পূৱ ভাৰতৰ কৃষিখণ্ডত

✍~

ইয়ুথকোৱেক‘ বা ‘যুৱ-কম্পন‘ উত্তৰ-পূৱ ভাৰতবৰ্ষতো হৈছে; অসমৰ যুৱক-যুৱতীসকলে অগ্ৰগণী ভূমিকা লৈছে ৷ এই উদ্দীপনা এইবাৰ আৰ্থ-সামাজিক দিশত কৃষিক্ষেত্ৰৰ যোগে উত্তৰ-পূৰ্ব্বাঞ্চলত আমূল পৰিৱৰ্ত্তন আনিবৰ বাবে কৰা প্ৰচেষ্টাৰ এক নিদৰ্শন ৷ উত্তৰ-পূৰ্ব্বাঞ্চলৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন কৃষি মহাবিদ্যালয়, উদ্যানশস্য মহাবিদ্যালয়, গাৰ্হস্থ্যবিজ্ঞান মহাবিদ্যালয়, মীণ মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়, ৰেচম মহাবিদ্যালয় আদিৰ বহু ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক ব্যস্ততা আৰু পৰীক্ষাৰ সুৰুঙাৰ মাজে-মাজে লিখা তথ্য সমৃদ্ধ কৃষক ৰাইজৰ কামত অহা লিখনীসমূহ বিভিন্ন মাধ্যমৰ যোগেদি গোটাই কৃষক বন্ধু ই-আলোচনীৰ ছাত্ৰ-ছাত্ৰী বিশেষ সংখ্যা এটা সম্পাদনা কৰিবলৈ আগবাঢ়ি আহিবলৈ সাহস কৰিলে এজন ছাত্ৰই ৷ তেওঁক সহায়ৰ হাত উজান দিলে তেওঁৰ লগৰ আন কেইবাজনো ছাত্ৰই; আৰু তেওঁলোকৰ দুজন শিক্ষাগুৰুৱে প্ৰয়োজনীয় দিহা-পৰামৰ্শ দি কামটো সফল হোৱাত অৰিহণা যোগালে ৷
আজিৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ যুৱশক্তিয়ে তেওঁলোকৰ ৰাজ্যখনৰেই নহয়, দেশখনৰ তথা সমগ্ৰ পৃথিবীৰ যিকোনো সমস্যা সমাধান কৰাৰ কথা চিন্তা কৰে ৷ কিবা এটা কৰাৰ চেষ্টা কৰে, কিবা এটা উদ্ভাৱন কৰিব খোজে, আৰু দেশমাতৃ আৰু ইয়াৰ জনসাধাৰণৰ উপকাৰ কৰিব খোজে ৷ আমাৰ প্ৰয়োগিক বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে কৃষি সাংবাদিকতাৰ যোগেদি কেনেকৈ কৃষকসকলক আগবঢ়াই নিব পাৰে সেই লক্ষ্যৰে ‘কৃষক বন্ধু‘ৰ সম্পাদনা সমিতিয়ে ছাত্ৰসকলৰ যোগেদি কৃষিখণ্ডত এক ‘যুৱ-কম্পন‘ হোৱাটো বিচাৰিছিল ৷ যুৱছাত্ৰসকলে সফলতাৰে এক আলোড়ণ হোৱা কাম কৰি দেখুৱালে ৷ 
আপোনালোকে জানে যে বৰ্ত্তমান পৃথিবীৰ জনসংখ্যাৰ শতকৰা ১৮ ভাগ লোক যুৱক-যুৱতী ৷ প্ৰায় ১.১ বিলিয়ন লোক, ১৫-২৪ বয়সৰ ভিতৰৰ ৷ এই যুৱক-যুৱতীসকলৰ বেছিভাগেই, প্ৰায় ৬০% এছিয়া মহাদেশৰ ৷ আৰু উন্নয়নশীল দেশসমূহতে বিশ্বৰ যুৱশক্তিৰ ৮৫% বাস কৰে ৷ প্ৰতিবেদন খুচৰিলে দেখা যায় যে সমগ্ৰ বিশ্বৰ নিবনুৱা লোকসকলৰ ৪১% যুৱক-যুৱতী ৷ আন বহুতৰ মতে, ১০ বছৰৰ পৰা ২৯ বা ৩৫ বছৰ বয়সলৈকে সকলোকে তৰুণ বুলি ধৰিব পাৰি বা যুৱশ্ৰেণীত পৰে বুলি কব পাৰি ৷ ভাৰতবৰ্ষৰ জনসংখ্যাৰ ৬৫% লোকৰ বয়স ৩৫ বছৰৰ ভিতৰত পৰে ৷ এই তৰুণ শক্তিৰ নিত্য নতুন ধাৰণা আৰু অণুপ্ৰেৰণাৰ বুৰবুৰণিবোৰ গুৰুত্ব দিবলগীয়া ৷ এইবোৰে একোটা মানদণ্ড নিৰূপিত কৰিব পাৰে আৰু ন ন কথা আৰু কামেৰে ‘ইয়োথকোয়েক‘ আন্দোলনত এটা চিন ৰাখি যোৱা প্ৰভাৱ ৰাখি যাব পাৰে ৷ নিজৰ চিনাকি আৱিস্কাৰ কৰাৰ মানসেৰে তৰুণ শক্তিয়ে যিকোনো পৰ্যায়লৈ গৈ জনহিতকৰ কাম কৰিব পাৰে ৷ বিশ্বৰ বিভিন্ন ঠাইত বিভিন্ন ক্ষেত্ৰত তৰুণ শক্তিয়ে কৰা এই কৰ্ম্মমূখী আন্দোলনৰ স্বীকৃতি এই ‘ইয়োথকোয়েক‘ শব্দৰ মাজেৰেই বিশ্ববাসীয়ে দিছে ৷ অক্সফ’ৰ্ড অভিধানে যোৱা বছৰত অন্তৰ্ভুক্তি দিয়া এই শব্দৰ অৰ্থ হৈছে-“যুৱ সম্প্ৰদায়ৰ কাম-কাজ আৰু প্ৰভাৱৰ ফলত হোৱা গুৰুত্বপূৰ্ণ সাংস্কৃতিক, ৰাজনৈতিক বা সামাজিক পৰিৱৰ্ত্তনেই হৈছে ইয়োথকোয়েক বা যুৱকম্পন”
জনসংখ্যা আৰু উন্নয়নৰ আন্তৰ্জাতিক আলোচনাচক্ৰ (১৯৯৪) ত যুৱযামৰ বাবে সৰ্ব্বসন্মত কৰ্ম্ম আঁচনি (PoA) গ্ৰহণ কৰা দহটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ভিতৰত শিক্ষাৰ বিস্তাৰ, নিয়োগৰ ব্যৱস্থা, ক্ষুধা আৰু দাৰিদ্ৰতা দূৰীকৰণ আৰু পৰিবেশ ৰক্ষা- এই কিটাত কৃষি খণ্ডৰ লগত এৰাব নোৱাৰা সম্পৰ্ক আছে ৷ আমাৰ কৃষিখণ্ডৰ লগত জড়িত থকা যুৱচামে নিজা নিজা ধাৰণা বা কৰ্ম্মৰাজিৰ উৎকৰ্ষতাৰ বাবে এনেবোৰ ক্ষেত্ৰ বাচি ল’লে আমাৰ ৰাজ্যবোৰৰ আৰু কৃষকসমাজৰ প্ৰভূত লাভ হ’ব পাৰে ৷
বিভিন্ন খোৱা বস্তুৰ প্ৰাচুৰ্য্য থকা অসম তথা পূৰ্ব্বাঞ্চলত এই ভোগালী বিহুৰ সময়ত অসমীয়া মানুহে খোৱাবস্তু কিদৰে ভোগ কৰে, কি তৃপ্তি আৰু আনন্দৰে ভোগৰ বিহু উদ্‌যাপন কৰে তাৰ পৰাই বুজা যায় যে আমাৰ এই অঞ্চলত কৃষি উৎপাদনৰ যথেষ্ট উদ্বৃত্ত (Surplus) সামগ্ৰী আছে আৰু তাৰে ভালেমান পণ্যদ্ৰব্য কৰি বজাৰত বিভিন্ন পৰ্য্যায়ত বিক্ৰী কৰিব পাৰি ৷ আৰু আমাৰ এচাম তৰুণে কৃষি বিপনণৰ এই চিন্তা আৰু তৎজনিত কৰ্ম্ম এক মাৰমুখী ধৰণে আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ ই শুভ লক্ষণ ৷ ভোগালী বিহুৰ এই বতৰত আমি আশা কৰিছো কৃষিজীৱীৰ বাবে লাভ আৰু মৰ্য্যদা কঢ়িয়াই অনাৰ ক্ষেত্ৰত এই ইয়োথকোয়েকে বা যুৱ-কম্পনে এটা সৰ্ব্বাত্মক কৰ্ম্ম আন্দোলনৰ সৃষ্টি কৰক আৰু কৃষিখণ্ডৰ পৰা আঁতৰি যোৱা অদূৰদৰ্শী যুৱচামক পুনৰাই ঘূৰাই আনিবৰ বাবে কৃষি খণ্ডত এক উন্মত্বতা আৰু আকৰ্ষণীয়তাৰ সমাহাৰ ঘটাওঁক- এই শুভেচ্ছাৰে ৷

Leave a Response