সফল মহিলা প্ৰীতিমা কৌশিক বৰুৱা

আমি আজি আমাৰ সফল কাহিনীৰ শিতানলৈ আগবঢ়াইছো এগৰাকী সফল মহিলাৰ বিষয়ে, যিগৰাকী মহিলাক আজিৰ পৰা কেইবছৰ মানৰ আগলৈকে সকলোয়ে চিনি পাইছিলে অসমৰ তথ্যভাণ্ডাৰ শ্ৰী শান্তনু কৌশিক বৰুৱাৰ পত্নীৰূপে, তাৰো আগতে চিনি পাইছিলে পৰেশ বৰঠাকুৰদেৱৰ জীয়ৰীৰূপে আৰু আজি সকলোয়ে চিনি পায় প্ৰীতিমা কৌশিক বৰুৱা নামেৰে৷ সঞ্জীৱন প্ৰকাশনৰ স্বত্তাধিকাৰী ৰূপে৷ আমাৰ আলোচনীত প্ৰকাশৰ বাবে তেখেতৰ পৰা লোৱা সাক্ষাৎকাৰ লিখিত ৰূপত আগবঢ়াইছো৷

আমি শ্ৰী মতী প্ৰীতিমা কৌশিক বৰুৱাক সুধিছিলো, তেওঁ নিজকে কি বুলি পৰিচয় দিব বিচাৰে ?
উত্তৰত তেখেতে কৈছিলে, তেখেতে একেধাৰে নিজক পত্নী, মাতৃ, কেৰিয়াৰ গাইডৰ সম্পাদক, কেৰিয়াৰ কাউন্সিলাৰ আৰু এগৰাকী প্ৰকাশক হিচাপে নিজৰ চিনাকী দিবলৈ ভাল পায়৷ তেওঁৰ প্ৰথম চিনাকি এগৰাকী পত্নী, তাৰ পাছত মাতৃ৷ আনহাতে, তেখেতে কেৰিয়াৰ গাইড আলোচনীখনো নিজৰ সন্তানৰ দৰেই তদাৰক কৰি আহিছে বা এতিয়া সঞ্জীৱন প্ৰকাশণৰ জন্মদাত্ৰী হিচাপে তেওঁ গৌৰৱান্বিত৷ গতিকে তেওঁ এগৰাকী গৃহিণী আৰু এগৰাকী ব্যৱসায়ী দুয়োটা চৰিত্ৰই ৰুপায়ণ কৰি আহিছে পাৰ হৈ অহা সময়খিনিত৷ গতিকে এই দুয়োটা দিশেই তেওঁৰ প্ৰিয়৷

B Ed ফলাফল আৰু বিয়া প্ৰায় সমসাময়িক আছিলে৷ বিয়া হৈ আহি তেওঁ নিজৰ স্বামীৰ ঘৰত বা স্বামীৰ চৌপাশৰ পৰিবেশটোত মাত্ৰ ন-পুৰণি বিভিন্ন কিতাপৰ গোন্ধ পাইছিলে, কিতাপৰ কথাই শুনিছিলে৷ অৰ্থাৎ কিতাপক সাৰথি কৰি তেওঁলোকৰ নতুন সংসাৰখন আৰম্ভ হৈছিলে৷ এইবিষয়ে প্ৰীতিমা বৌৰ ভাষাৰে “ বিয়া হৈ অহাৰ পাছত গুৱাহাটী আহি দেখিবলে পাইছিলো চাৰিওফালে মাত্ৰ কিতাপ৷ ঘৰখনত খোজ দিবলও ঠাই নাই কিতাপৰ কাৰণে৷ আলহিও বহুত৷ কিতাপৰ মাজতে আমি বহো, কথা পাতো৷ তেওঁ বেছি কথা নাপাতে, কিতাপৰ লগতে ব্যস্ত থাকে সকলো সময়তে৷ কেতিয়াবা কিবা বিচাৰি নাপালে মোকো বিচাৰিবলে লগাই এইদৰেই আসাম বিলাসিনীৰ দৰে আলোচনীবোৰৰ পুৰণা সংখ্যাবোৰৰ লগতে আন বহুতো পুৰণা আলোচনী/বাতৰি কাকত পাই মই আচৰিত হৈ পৰিছিলো৷ মইও কিতাপ পঢ়িবলে আৰম্ভ কৰিলো৷ এইয়া ১৯৯৫ চনৰ কথা৷ মোক এওঁ কিবাকিবি লিখিবলে দিয়ে, অনুবাদ কৰিবলে দিয়ে৷ জানানে খন আৰম্ভ কৰিছিলে এও৷ কৰবাত কিবা তথ্য যোগাৰ কৰিব লগা হ’লে মোক যাবলে দিয়ে৷ যতীন বৰগোহাঞি চাৰ সেইসময়ত নতুন দৈনিক কাকতখনৰ সম্পাদক আছিল৷ তেওঁ মোক কিবাকিবি লিখিবলে ক’লে৷ বিশেষকৈ কেৰিয়াৰ শিতানত৷ সেইসময়ত অৰ্থাৎ প্ৰায় ২০ বছৰৰ আগতে কেৰিয়াৰৰ ওপৰত বিশেষ কোনো লিখনি পোৱা নগৈছিলে৷ মোৰ স্বামীয়েও মোক বহুত সাহস দিলে, সহযোগিতা আগবঢ়ালে আৰু মইও দৈনিক বাতৰি কাকত আৰু আলোচনীত লিখিবলে আৰম্ভ কৰিলো৷৷ এই সময়তে অসমত প্ৰথমবাৰৰ বাবে নতুন দৈনিক বাতৰি কাকতখনত কেৰিয়াৰ শিতানটো সাপ্তাহিকভাৱে প্ৰচাৰ হয় মোৰ সম্পাদনাত৷ ইয়াৰ পাছৰ পৰাই অসমৰ প্ৰায়খিনি বাতৰি কাকত, শ্ৰী ময়ী ইত্যাদি আলোচনীসমূহত মোৰ সম্পাদনাত সাপ্তাহিক কেৰিয়াৰ শিতানসমূহ প্ৰকাশ হয় আৰু এই শিতান সমূহে তেতিয়াৰ পৰা এতিয়ালৈ অসমৰ সকলো পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ বাবে লাভদায়ক হৈ আহিছে বুলি মতামত পাই আহিছো৷

কেৰিয়াৰ গাইডৰ শিতানসমূহ চলোৱাৰ লগে লগে মই অসমৰ বিভিন্ন স্কুল, অনুষ্ঠান ইত্যাদিলৈ মোক কেৰিয়াৰ কাউন্সিলৰ বাবে মাতে৷ প্ৰয়োজনবোধ কৰি মই কেৰিয়াৰ কাউন্সিলৰ কৰ্চ কৰিলো ৷ PG diploma কৰিলো psychotherapy Counseling ত৷ এইদৰেই আৰম্ভ হ’ল কেৰিয়াৰ কাউন্সিলাৰ হিচাপে মোৰ যাত্ৰা৷ ইয়াৰ পাছৰ পৰাই অসমৰ প্ৰায়খিনি স্কুল কলেজলৈ নিমন্ত্ৰণ পাবলৈ আৰম্ভ কৰিলো সেইসময়ত৷ কোনোবাখনত মাহেকত, কোনোবাখনত ছমাহত বা বছেৰেকত৷ অসমৰ বিভিন্ন অনুষ্ঠান সমূহেও নিমন্ত্ৰণ জনাবলে ল’লে৷ মইও যিমান পাৰো সকলোৰে নিমন্ত্ৰণসমূহ ৰক্ষা কৰো৷ সৰু সৰু সপোন প্ৰয়াসী লৰা-ছোৱালীবোৰৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিও৷ মোৰ ভাল লাগিছিলে এইদৰে তেওঁলোকৰ মাজলৈ গৈ আৰু এইদৰেই মই যোৱা ২০ বছৰ ধৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভবিষ্যৎ গঢ়িবৰ বাবে বা তেওঁলোকৰ মানুহ হোৱাৰ সপোন বাস্তৱ কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছো আৰু ভবিষ্যতেও কৰি যাম৷ মই সদায় চেষ্টা কৰি আহিছো শিক্ষাৰ্থীসকলে, যুৱক-যুৱতীসকলে উপযুক্ত সময়ত নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লবৰ সময়ত উজুৰি খাই পৰি নায়াওক, সঠিক মাৰ্গদৰ্শন হওক৷ কবলৈ গ’লে মোৰ জীৱনৰ এইটো এটা ইচ্ছা আছিলে যে, মই উঠি অহা যুৱক-যুৱতীসকলৰ বাবে কিবা এটা কৰো৷ আৰু এই ইচ্ছাই হয়টো আজিও মোক এইসকল যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আকৰ্ষিত কৰি আহিছে৷ চেষ্টা কৰি আহিছো বিভিন্ন সময়ত তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ, চেষ্টা কৰি আহিছো তেওঁলোকৰ মনৰ হেপাহঁ অনুসৰি কেৰিয়াৰ বিষয়ত সঠিক পথৰ সন্ধান দিবলৈ৷

ইয়াৰ মাজতে আমি চিন্তা কৰিলো বিভিন্ন বাতৰি কাকত, আলোচনী ইত্যাদিত কেৰিয়াৰ বিষয়ক যিখিনি প্ৰচাৰ হৈছে সকলো একগোট কৰি একেলগে প্ৰকাশ কৰো৷ আমি নাজানিছিলো প্ৰকাশক ক’ত পোৱা যাব৷ পানবজাৰৰ কিতাপৰ দোকান বোৰত ঘুৰি ফুৰিছিলো৷ কোনেও প্ৰকাশ নকৰে৷ আমাক প্ৰায় ৫০ হেজাৰ টকা লাগে৷ হাতত পইচা নাই৷ অৱশেষত আমাক শ্ৰী যুত দ্বীজেন দাস ডাঙৰীয়াই ২০ হেজাৰ টকা দিলে, কিতাপখন প্ৰকাশ কৰিবৰ বাবে৷ আমি অগ্ৰদুতৰ প্ৰেচত ছপাৰ বাবে দিলো৷ অগ্ৰদুতৰ সুৰেণ দাস ডাঙৰীয়াই আমাৰ কেৰিয়াৰ গাইডখন ছপা কৰি দিলে৷ সহায় কৰি দিলে৷ এইখন আমাৰ প্ৰথমখন নিজা প্ৰকাশিত কিতাপ আছিল ১৯৯৭ চনত৷ এইদৰেই আমাৰ যাত্ৰা আৰম্ভ হ’ল৷ আমি ২০০৪ চনৰ পৰা অসমৰ প্ৰথমখন কেৰিয়াৰ বিষয়ক মাহেকীয়া আলোচনী “কেৰীয়াৰ গাইড” আৰম্ভ কৰো৷ আলোচনীখনৰ প্ৰকাশক -প্ৰীতিমা কৌশিক বৰুৱা, সম্পাদক প্ৰীতিমা কৌশিক বৰুৱা৷ ফেচবুকত অসমীয়া লিখা মেলা আৰম্ভ হ’ল৷ অসমীয়া কথা বতৰা নামৰ এটা গোটও আৰম্ভ হ’ল৷ ফেচবুকত আমি দেখিবলৈ পাইছিলো বহুত উন্নতমানৰ লিখা৷ বহুত প্ৰতিভাৱান লিখক৷ আমি এই লিখকসকলৰ প্ৰতিভাখিনিক স্বীকৃতি দিয়াৰ পৰিকল্পনা কৰিলো৷ সঞ্জীৱন প্ৰকাশনৰ জন্ম হ’ল৷ এই প্ৰকাশনৰ প্ৰথম কিতাপ “বেলি আৰু ফুলৰ দেশত”, “অনুভৱৰ আলাপ” আৰু অনুগল্পৰ জন্ম হ’ল৷ তাৰ পাছত আৰু প্ৰায় ২৫ খন গ্ৰন্থ আমাৰ প্ৰকাশ হৈছে আৰু কেইবাখনো প্ৰকাশ হব লগীয়া অৱস্থাত আছে৷ ইয়াৰ ভিতৰতে আমাৰ উল্লেখযোগ্য গ্ৰন্থ প্ৰান্তিকৰ প্ৰতিষ্ঠাতা শ্ৰী প্ৰদীপ কুমাৰ ডাঙৰীয়াৰ আন্মজীৱনী “স্বগতোক্তি”খন৷ নাজানো আগলৈ আৰু কিমান দুৰ যাব পাৰিম৷ আমি আমাৰ লেখকসকলক সদায় মান্যতা দি আহিছো৷ আমাৰ পঢ়ুৱৈ সকলেই আমাৰ সম্পদ৷”

সাধুকথাৰ দৰে শুনি থকা কথাবোৰৰ মাজতে আমি শুধিছিলো তেখেতক, তেখেতৰ কৰ্ম পদ্ধতি কেনে ধৰণৰ ?
উত্তৰত তেখেতে বিয়াৰ পাছৰ পৰাই নিজৰ স্বামীৰ কৰ্ম পদ্ধতিটোক ফল’ কৰে বুলি জনাইছিলে৷ তেখেতৰ স্বামী শ্ৰী শান্তনু কৌশিক বৰুৱাই কৰিব লগা সকলো কাম সম্পুৰ্ণ শৃংখলাবদ্ধভাৱে কৰিছিলে৷ তেখেতে সৰু সৰু কেইটামান বাকচত কিছুমান ষ্টীকাৰ ৰাখিছিলে আৰু আগন্তুক এসপ্তাহটোত কোন বাৰত কি কি কৰিব সেই সকলো এই ষ্টীকাৰবোৰত লিপিবদ্ধ আছিলে৷ আন এটা বাকচ ৰাখিছিলে য’ত শেষ হোৱা কামটোৰ ষ্টীকাৰটোৰ সম্পূৰ্ণ হোৱাৰ চিন দি ৰাখি গৈছিলে৷ এইবিষয়ে আমাক এইদৰে কৈছিলে, “তেওঁৰ এই ষ্টীকাৰবোৰ থৈ যোৱা স্বভাৱটোত মই অনুপ্ৰাণিত হৈছিলো৷ মই পাছদিনা কি কৰিম আগদিনাই সিদ্ধান্ত লৈছিলো আৰু সেইম’তে পুৱা শুই উঠিয়ে আৰম্ভ কৰিছিলো৷ আমাৰ শুৱাৰ, খোৱাৰ, কাম কৰাৰ কোনো নিদিষ্ট সময়সূচী নাই৷ যেতিয়াই মনত পৰে তেতিয়াই কৰো৷ যেতিয়াই ভোক লাগে তেতিয়াই খাওঁ৷ আৰু কোনোবাদিনা আমি ভাবি লও যে, আজি একো কাম নকৰো৷ এনেই থাকিম বা চিনেমা চাম৷ সেইদিনা আমি একো কাম নকৰো৷ কেতিয়াবা আমি গোটেই ৰাতিও নুশুইচিলো, কেতিয়াবা আমি ৰাতি ১ বজাতো ৰাতিৰ আহাৰ তৈয়াৰ কৰিবলৈ পাকঘৰলৈ যাও৷ আৰু যেতিয়া আমি কোনো প্ৰগেমত যাও আমাক প্ৰয়োজন হোৱা প্ৰতিটো বস্তু, গৰম পানীৰ ফ্লাক্স, বেজী-সূতা সকলো আমি লিখিত ভাৱে সাজু কৰি লও৷ ইয়াৰ ফলত আমাৰ বহুত সময় ৰাহি হয় আৰু সকলো কাম শৃংখলাবদ্ধভাৱে শেষ হয়৷”

আমি সুধিছিলো, এগৰাকী মহিলা হিচাপে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে নেকি ?
প্ৰীতিমা বৌৰ উত্তৰ আছিলে, “নাইহোৱা৷ হয়টো কিতাপৰ দৰে সন্মানীয় বৃত্তিত জড়িত হোৱাৰ বাবেই মই কিতাপ ইত্যাদিবোৰ ডাঙিব লগা নোহোৱা বা আৰু কিছুমান অতিৰিক্ত সুবিধাহে পাইছিলো৷”

আমি সুধিছিলো, এগৰাকী বোৱাৰী, পত্নী, মাতৃ হিচাপে ব্যৱসায়িক ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে কিবা অসুবিধা পাইছিলে নেকি ?
প্ৰীতিমা বৌয়ে উত্তৰ দিছিলে নাইপোৱা৷ বৰঞ্চ নিজৰ স্বামীৰ পৰা সদায় সহযোগিতা, সাহস, উৎসাহ হে পাই আহিছিলে৷ নিজৰ দেওৰেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিলে৷

আমি আৰু সুধিছিলো, ব্যৱসায়ী হিচাপে কেনে অসুবিধা পাইছিলে ?
তেখেতে বিশেষকৈ পইচাৰ ক্ষেত্ৰত পোৱা অসুবিধা কিছুমানৰ কথা কৈছিলে৷ বিক্ৰেতাসকলে কিতাপ বিক্ৰি কৰাৰ পাছটো দিবলগীয়াটো দিবলৈ ইচ্ছা নকৰা স্বভাৱটো বিষয়ে কৈছিলে, আমাৰ চৰকাৰী অফিচসমূহে এডভাৰটাইজমেণ্টৰ পাবলগীয়াটো দিব নুখোজা স্বভাৱটোৰ কথা কৈছিলে যিটো আমাৰ কৃষক বন্ধু আলোচনীখনেও ভুগি আছে৷

আমি সুধিছিলো, তেওঁ এতিয়ালৈকে কোন কেইটা কাম কৰি নিজকে সুখী বুলি অনুভৱ কৰে ?
তেখেতে উত্তৰ দিছিলে, “মই মোৰ স্বামীৰ সহযোগিতা কৰি, লৰাৰ মাক হিচাপে দায়িত্ব পালন কৰি, দাদা-ভাইটীহ’তক কিবা সহায় কৰিব পাৰিছোনে নাই নাজানো কিন্তু সহায় কৰিবলে চেষ্টা কৰি, কেৰিয়াৰ গাইডৰ সম্পাদক হিচাপে, কেৰিয়াৰ কাউঞ্চিলাৰ হিচাপে আৰু বৰ্তমান প্ৰকাশক হিচাপে সকলো কাম কৰিয়ে সুখী৷ আচলতে হয়টো আমাক সৰুতেই শিকাইছিলে সুখী কেনেকৈ হব লাগে৷ মই কেতিয়াও কাকো নমতাকে থাকিব নোৱাৰো৷ মই সদায় হাহিঁয়ে থাকো৷ সুখ কি মই নাজানো৷ কিন্তু মই যিখিনি কৰো মোৰ মনৰ ইচ্ছাত কৰো আৰু কৰি শান্তি পাওঁ আৰু হয়টো এই শান্তিয়ে সুখ৷”

আমি সুধিছিলো, আপোনাৰ কোনো ৰোল মডেল আছে নেকি ?
উত্তৰ আমি কল্পনা নকৰাধৰণৰ কিবা এটা পাইছিলো৷ উত্তৰ দিছিলে তেখেতৰ ৰোল মডেল সৌন্দৰ্যবিশেষজ্ঞ শ্বেহনাজ হুছেইন৷ তেখেতে কৈছিলে “শ্বেহনাজ হুছেইন ৰাজকীয় পৰিয়ালৰ ব্যক্তি৷ পইচাৰ অভাৱ নাই৷ হ’লেও তেওঁ নিজৰ চিনাকী বনাবৰ বাবেই বহুত কষ্ট কৰিছিলে৷ তেওঁ পেৰিছত সৌন্দৰ্য্য বিশেষজ্ঞ পঢ়িবৰ বাবে বহুত পইচাৰ প্ৰয়োজন৷ সেইয়া তেওঁ নিজেই গোটাইছিলে৷ ইয়াৰ কাৰণে তেওঁ বহুত কষ্ট স্বীকাৰ কৰিব লগা হৈছিলে আৰু এদিন নিজৰ লক্ষ্যত উপনীত হৈছিলে৷ মই তেওঁৰ সেই উদ্যম, কষ্ট সহিষ্ণুতা ইত্যাদিবোৰৰ পৰা প্ৰেৰণা পাইছিলো৷ কেতিয়াবা কিবা এটা কৰিবলে মন নগলেও ভাবো, তেওঁ যেতিয়া পাৰিছিলে মই কিয় নোৱাৰিম৷ আৰু এইদৰেই আগবাঢ়িছিলো৷”

আমি সুধিছিলো, আপুনি নিজকে সফল বুলি ভাবেনে ?
প্ৰীতিমা বৌয়ে কৈছিলে, “সফলতাটো আপেক্ষিক৷ মোৰ কাৰণে যিটো সফলতা সেইটো কাৰোবাৰ কাৰনে সফলতা নহবও পাৰে৷ বা মোৰ কাৰনে যিটো সফলতা এইটো কাৰোবাৰ কাৰনে সফলতা নহবও পাৰে৷ গতিকে মই সফল হয়নে নহয় নিজেই নাজানো৷ কিন্তু মই এটা স্বীকৃতি পাইছো, মই মোৰ কষ্টখিনিৰ মূল্য পাইছো, মই মোৰ কৰ্মৰ পৰা আৰ্থিকভাৱে লাভৱান হৈছো৷”

প্ৰীতিমা কৌশিক বৰুৱাই নিজকে সফল বুলি নাভাবে৷ কিন্তু আমাৰ দৃষ্টিত সফল মহিলাগৰাকীৰ ভবিষ্যত কৰ্মপন্থা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত সঞ্জীৱন প্ৰকাশনক অসমৰ পঢ়ুৱৈ সকলৰ প্ৰয়োজন অনুসৰি আগবঢ়াই লৈ যোৱাটো লক্ষ্য বুলি কোৱা আমাক জনাই৷

প্ৰীতিমা বৌয়ে অসমৰ মহিলা উদ্যোগিসকলৰ বাবে কৈছিলে যে, “প্ৰতি গৰাকী মহিলাই নিজৰ এটা চিনাকী থাকিব লাগে বুলি যদি ভাবে, যদি নিজকে সমাজৰ অংগ বুলি ভাৱে তেতিয়াহে তেওঁৰ মনত কিবা কৰিব লাগে বুলি হাবিয়াস থাকিব আৰু ইয়াৰ কাৰণে তেওঁ পৰিয়ালৰ পৰা আতৰি থাকিব লাগিব বা ঘৰখন বাদ দিব লাগিব এনেকুৱা কোনো কথা নাই৷ এগৰাকী মহিলাই পৰিয়ালৰ সৈতে, পৰিয়ালৰ সহযোগত, পৰিয়ালৰ মানুহৰ প্ৰতি সহযোগিতা দেখুৱাইও নিজক প্ৰতিষ্ঠা কৰিব পৰা সুযোগ বহুত আছে৷ এতিয়া আৰু বাঢ়িছে৷ অৱশ্যে দুই এগৰাকী মহিলাই কিবা দুৰ্ঘটনাবশত অকলেই নিজক প্ৰতিষ্ঠা কৰাৰ যুজত নামিব লগা হব পাৰে৷ এইটো বেলেগ কথা৷ কিন্তু আমি কোনোবা সফল নহ’লো কাৰণে কাৰোবাক দোষ দি লাভ নাই৷ কোনেও কাৰো কাৰনে ৰৈ নাথাকে, কোনোও কাৰো কাৰণে কৰি নিদিয়ে৷ নিজৰ চিনাকী আমি নিজেই বনাব লাগিব৷ নিজক প্ৰতিষ্ঠা কৰাত আমাক আমাৰ সাহস, আমাৰ একান্ত ইচ্ছা আৰু আমাৰ নিজৰ প্ৰতি থকা বিশ্বাসেহে আগবঢ়াই নিব পাৰিব৷ আনে নোৱাৰে৷”

প্ৰীতিমা বৌ কথাৰ গভীৰতা, উদ্যমিতা, নিজৰ প্ৰতি বিশ্বাস দেখি অভিভুত হৈ পৰিছিলো৷ আমি সৰুৰে পৰা জানানেখন পঢ়িয়ে কুইজবিলাকত জইন কৰো৷ মৌচাকৰ দিনৰে পৰা শ্ৰী শান্তনু কৌশিক বৰুৱাৰ নামটো চিনাকী৷ আমাৰ কাৰণে সন্মানীয় মানুহজন৷ আমাৰ সৰু মনটোত সেইসময়ত ভাৱ হৈছিলে, ইমান কথা জানে মানুহজনে৷ সেই শান্তনু কৌশিক বৰুৱাৰ সুযোগ্য পত্নী সহজ সৰল প্ৰীতিমা কৌশিক বৰুৱাৰ বিষয়ে দুআষাৰ আমাৰ পঢ়ুৱৈসকললৈ আগবঢ়াবলৈ পাই আমি ধন্য ৷ আমাৰ শ্ৰদ্ধাৰ, সন্মানৰ দুয়োজন ব্যক্তিৰে সুস্বাস্থ্য আৰু মংগল কামনা কৰাৰ লগতে আৰম্ভণিৰ পৰাই কৃষক বন্ধু আলোচনীখনৰ এজন অভিভাৱকৰ দায়িত্ব পালন কৰি অহা বাবে আমি কৃতাৰ্থ হৈ ৰলো

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews