সেউজগৃহত আৱতৰীয়া শাক-পাচলি আৰু ফুলৰ খেতি Cultivation of Nonseasonal Vegetables and Flowers in Green House

সাম্প্ৰতিক সময়ত জলবায়ুৰ দ্ৰুত পৰিবৰ্তনে কৃষিৰ ওপৰত বিস্তাৰ প্ৰভাৱ পেলোৱা দেখা যায়৷ আৱতৰীয়া খৰাং, বানপানী আদিয়ে কৃষিক্ষেত্ৰত গুৰুত্বৰ ক্ষতিসাধণ কৰাৰ বাতৰি মাজে-সময়ে পোৱা৷ সেয়েহে প্ৰতিকূল বতৰতো যাতে গোটেই বছৰ জুৰি শস্য উৎপাদন কৰি থাকিব পৰা যায়, তাৰ বাবে গ্ৰীণ হাউছত অৰ্থাৎ, সেউজ গৃহত খেতি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো জৰুৰী হৈ পৰিছে৷ বৰ্দ্ধিত জনসংখ্যাৰ বাবে যিহেতু শাক-পাচলিৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে , সেয়েহে শাক-পাচলিৰ উৎপাদন বঢ়োৱাটো অপৰিহাৰ্য্য৷ অসমত যদিও বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ শাক-পাচলি বতৰৰ লগত খাপ খুৱাই কৰিব পাৰি, কিন্তু আৱতৰত বা আগতীয়াকৈ পাচলি উৎপাদন কৰাৰ আনন্দই বেলেগ আৰু এই পাচলিৰ দামো বজাৰত বেছি হোৱা দেখা যায়৷ কিছুমান শাক-পাচলি যেনে- কবি, মূলা, বিলাহী, বেঙেনা, জলকীয়া আদি শীতকালত কৰা হয়৷ আনহাতে, লাউ, কোমোৰা, জিকা, তিয়ঁহ, ভেন্দি,সো কেৰেলা আদি গ্ৰীষ্মকালত কৰা হয়৷ ঋৃতুভেদে এই পাচলিবোৰৰ উৎপাদন যথেষ্ট হয় যদিও একেসময়তে বজাৰত উভৈনদী হোৱাৰ বাবে খেতিয়কসকলে ইয়াৰ পৰা তেওঁলোকৰ শ্ৰমৰ উপযুক্ত মূল্য নাপায়৷ সেয়ে আৱতৰীয়া বা আগতীয়াকৈ য’দি এই পাচলিসমূহৰ খেতি কৰিব পৰা যায়, তেতিয়া গ্ৰাহকৰ চাহিদা পূৰণ কৰাৰ লগতে খেতিয়ক সকলো আৰ্থিকভাৱে লাভাম্বিত হব পাৰে৷ সেউজ গৃহৰ ভিতৰত তাপমান কম বা বেছি কৰি গোটেই বছৰ জুৰি আৱতৰীয়া শাক-পাচলি তথা ফুলৰ খেতিও কৰিব পৰা যায়৷
প্লাষ্টিক ব্যৱহাৰ কৰি কম খৰচতে গ্ৰীণ হাউচ বা “সেউজ গৃহ” নিৰ্মান কৰি ল’ব পাৰি৷ উদ্যান শস্যৰ খেতিত প্লাষ্টিকৰ প্ৰয়োগে শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে উৎপাদিত শস্যৰ গুণগত মান যথেষ্ট উন্নত হয় আৰু গতানুগতিক খেতিতকৈ কম ঠাইত অধিক উৎপাদন পাব পৰা যায়৷ সেউজ গৃহত কৰা খেতিত বেমাৰ বা পোক-পৰুৱাৰ আক্ৰমণ সাধাৰণতে কম হয়৷ সেউজ গৃহৰ ভিতৰত শাক-পাচলিৰ বা ফুলৰ পুলিও অনায়াসে কৰিব পৰা যায় আৰু পুলিবোৰৰ মানদণ্ডও যথেষ্ট উন্নত হয়৷
সাধাৰণতে সেউজ গৃহ এটা লোহা কাঠ বা বাহেঁৰে বনোৱা হয় আৰু ঘৰটোৰ বেৰবোৰ প্লাষ্টিকেৰে ঢাকি দিয়া হয়৷ বৰ্তমান সময়ত পলিকাৰ্বনেট, ছেডনেট আদি প্লাষ্টিক সামগ্ৰী সমূহৰ দ্বাৰা সেউজ গৃহৰ ব্যাপৰ প্ৰচলন হৈ থকা দেখিবলে পোৱা গৈছে৷ প্লাষ্টিকেৰে ঢাকি দিয়া বাবে শীতকালি ঘৰটোৰ তাপমান বাহিৰৰ তাপমানতকৈ ৪-৫° ছে.গ্ৰেড বেছি হয়৷ আনহাতে, জহকালি ঘৰটোয়ে বতাহ-বৰষূণ ইত্যাদি প্ৰাকৃতিক দুৰ্যোগবোৰৰ পৰা শস্যদৰা ৰক্ষা কৰে৷ জহকালি ঘৰটোৰ ভিতৰৰ তাপমান কমাবলৈ চাৰিওফালৰ প্লাষ্টিক বেৰবোৰ আতৰাই দিয়া হয়৷ এনেধৰণৰ প্লাষ্টিক সেউজ গৃহত গোটেই বছৰ জুৰি আৱতৰীয়া শাক-পাচলিৰ খেতি কৰি যথেষ্ট লাভাম্বিত হব পাৰি৷
অত্যাধুনিক সেউজ গৃহত পানী, পোহৰ, উষ্ণতা, আপেক্ষিক আৰ্দ্ৰতা আদি বায়ুমণ্ডলৰ প্ৰায়বোৰ কাৰকৰে নিয়ন্ত্ৰনৰ সুবিধা থাকে৷ কিন্তু অধিক মূল্যৰ এনে সেউজগৃহ নিৰ্মান কৰি তাত খেতি কৰাৰ সামৰ্থ্য আমাৰ সৰ্বসাধাৰণ কৃষকৰ নাথাকে৷ সেইকাৰণে সাধাৰণ কৃষকৰ সুবিধা হোৱাকৈ বাহঁ আৰু প্লাষ্টিকেৰে নিৰ্মান কৰা এটা কম খৰচী সেউজগৃহ অনুমোদন কৰা হৈছে৷ “প্লাষ্টিক গৃহ বা “পলিহাউচ”ৰূপে জনাজাত এনে এটা গৃহ নিৰ্মাণ কৰি লবলৈ প্ৰায় ৪৫ ডাল বাহঁ, ৩০ কে:জি অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী প্লাষ্টিক ফিল্ম, ৫০ বৰ্গমিটাৰ কীট পতঙ্গৰোধী নেট, ৰচী, গজাল, নট-বল্টু আদিৰ প্ৰয়োজন হয়৷ এই ঘৰটো দীঘলে ২০ মিটাৰ, বহলে ৫ মিটাৰ অৰ্থাৎ ১০০ বৰ্গমিটাৰ কালিৰ হয়৷ ঘৰটোৰ ভেটিকে সাৰুৱা মাটিৰ একফুটমান ওখ কৰি লব লাগে৷ এনে এটা ঘৰ নিৰ্মান কৰোতে প্ৰায় ২৫-৩০ হাজাৰ টকা খৰচ হয় আৰু এই ঘৰটো ৪ বছৰ পৰ্য্যন্ত ভালদৰে ব্যৱহাৰ কৰিব পাৰি৷

যিহেতু প্লাষ্টিক গৃহৰ ভিতৰৰ তাপমান বাহিৰৰ তাপমানকৈ যথেষ্ট বেছি হয় সেয়েহে সেউজ গৃহৰ মাটিখিনিত থকা জৈৱ পদাৰ্থখিনি খুব সোনকালে বাষ্পীভূত হৈ গুচি যায়৷ সেয়ে, এনে গৃহৰ মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে৷
প্লাষ্টিক গৃহৰ মাটিত ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত মাটিৰ অম্লতা বঢ়াৰ লগতে মাটিখিনিত লৱণৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে, সেউজ গৃহৰ মাটিখিনি নিয়মিত ভাৱে পৰীক্ষা কৰাটো অতি প্ৰয়োজন৷
সেউজগৃহত ভিতৰত বহুধৰণৰ পাচলি আগতীয়া বা শেহতীয়া বা আবতৰত কৰিব পৰা যায়৷ এনেধৰণে কৰা তিয়ঁহ, বিলাহী, ভেন্দি, ধনীয়া, পালেং ইত্যাদিৰ পৰা অধিক অৰ্থ উপাৰ্জন কৰিব পৰা যায়৷ সেউজ গৃহত কৰা কেইবিধমান শাক-পাচলি আৰু ফুলৰ বিষয়ে তলত উল্লেখ কৰা হ’ল –

তিয়ঁহৰ খেতি – তিয়ঁহ এবিধ গ্ৰীষ্মকালিন পাচলি৷ সাধাৰণতে অসমত গ্ৰীষ্মকালিন পাচলি হিচাপে ফ্ৰেবুৱাৰী মাহৰ পৰা জুলাই মাহলৈকে তিয়ঁহৰ খেতি কৰা হয়৷ কিন্তু কমখৰচী সেউজগৃহত ঠাণ্ডা পৰিবেশক গৰম কৰি অতি সহজেই ঠাণ্ডা কালিতেই তিয়ঁহৰ খেতি কৰিব পাৰি৷
তিয়ঁহ খেতিৰ বাবে ওখ বালিচহীয়া, পানী জমা নোহোৱা অধিক পচনসাৰযুক্ত মাটিৰ প্ৰয়োজন হয়৷ মাটিৰ অম্লতা ৫.৫-৬.৮ pH হোৱা উচিত৷ ২৬.৮ ছে: উষ্ণতাত তিয়ঁহৰ উৎপাদন বেছি হয়৷ সেয়ে, জাৰকালি প্লাষ্টিক ঘৰৰ ভিতৰত অথবা পলিথিনৰ সহায়ত সুৰঙ্গ সদৃশ উপবৃত্তাকাৰ আকৃতিৰ ঘৰ বনাই আগতীয়াকৈ তিয়ঁহৰ উৎপাদন কৰিব পৰা যায়৷ অসমৰ বাবে উপযুক্ত জাতবোৰ হ’ল – পুছা সংযোগ, জাপানীজ লং গ্ৰীণ, পাইনচেট্‌ আদি৷ সাধাৰণতে সুৰঙ্গত কৰা তিয়ঁহ ডিচেম্বৰ মাহতেই আৰম্ভ কৰা হয়৷ মাটিত গুটি সিচাঁৰ পৰা ৪৫ দিনৰ ভিতৰতেই প্ৰথম ফুল ওলায়৷
আজিকালি বজাৰত ওলোৱা কেইবিধমান হাইব্ৰীড জাত হ’ল – এলিচা, মনোৰমা, নীলিমা, চেম্পিয়ন, শক্তি কিৰণ ইত্যাদি৷ সেউজ গৃহত প্ৰতি বৰ্গমিটাৰৰ বাবে বীজৰ পৰিমাণ ১৫ গ্ৰাম আৰু ৰোপণ দূৰত্ব হ’ল ৬০×৩০ ছে:মি: ৷ মুকলিত কৰিলে তিয়ঁহৰ পুলিৰ দুৰত্ব ডেৰমিটাৰৰ পৰা দুই মিটাৰ ৰখা হয় যদিও সেউজ গৃহত কম ঠাই বেছি উৎপাদন নীতিটো ব্যৱহাৰ কৰি সৰহ সংখ্যক পুলি লগোৱা হয়৷
সাধাৰণ জাতৰ তুলনাত হাইব্ৰীড জাতৰ উৎপাদনৰ বাবে অধিক সংখ্যক পচন সাৰ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়৷ আনহাতে প্লাষ্টিক গৃহত ৫ দিনৰ অন্তৰে অন্তৰে নিয়মীয়াকৈ পানী যোগান ধৰিব লাগে আৰু সময়ে সময়ে বন-বাত নিৰাই থাকিলে পোক-পতঙ্গৰ আক্ৰমণো কম হয়৷
পুলিটো ২-৪ পতীয়া হওঁতেই ১৫০-২০০ পি:পি:এম ইথাৰেল নাইবা ৫০-১০০ পি: পি: এন এন এ (NNA) স্প্ৰে কৰিলে ফুলৰ সংখ্যা বৃদ্ধিৰ লগতে উৎপাদনো বৃদ্ধি হয়৷ ঘৰটোত ভিতৰত গছজোপা ভালদৰে বগাব পৰাকৈ খুটি পুতি দিব লাগে৷ অধিক উৎপাদনৰ বাবে প্ৰতি জোপা গছত মুঠতে প্ৰধাণ তিনিটা ডাল ৰাখি থব লাগে৷ ডালবোৰৰ আগবোৰ অলপ কাটি নিয়ন্ত্ৰণ কৰিব লাগে যাতে আটাইবোৰ তিয়ঁহ প্ৰায় একেই জোখৰ হয়৷ শস্যকাল তিনিৰ পৰা চাৰে তিনিমাহ হোৱাৰ বাবে বছৰটোত এই খেতি ৩ বাৰ কৰিব পাৰি৷ সেউজ গৃহত খেতি কৰি ১০০ বৰ্গ মিটাৰত প্ৰায় ৩/৪ কুইন্টল তিয়ঁহৰ উৎপাদন পাব পাৰি৷
কেপচিকামৰ খেতি – কেপচিকাম এবিধ দামী পাচলি হিচাপে পৰিগণিত৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ ‘ক’ আৰু ‘গ’ পোৱা যায়৷ অসমত কেপচিকামৰ খেতি শীত কালি কৰা হয় যদিও ডিচেম্বৰ-জানুৱাৰী মাহত তাপমান কম হয় বাবে গছৰ বৃদ্ধি ভাল নহয়৷ আনহাতে বাৰিষা কালত আকৌ অসমত বৰষূণ বেছি হয় বাবে চেপ্তেম্বৰ মাহলৈকে মুকলিভাৱে কৰিবলৈ অসুবিধা হয় ৷ গতিকে সেউজ গৃহত আগতীয়াকৈ বা শেহতীয়াকৈ প্লাষ্টিকৰ সুৰঙ্গৰ মাজত প্ৰয়োজনীয় বাতাবৰণ সৃষ্টি কৰি কেপচিকামৰ খেতি কৰিব পৰা যায়৷
ইয়াৰ বিভিন্ন ধৰণৰ জাতবোৰৰ ভিতৰত কেলিফোৰ্ণিয়া, ৱান্দাৰ, চাইনিজ, জায়েন্ট, আৰ্কা গৌৰৱ, আৰ্কা মোহিনী আদি অন্যতম৷ আজিকালি ৰঙীন কেপচিকামও বজাৰত দেখিবলৈ পোৱা যায়৷ গল্ডেন চামাৰ, অৰ’বিলী, টনিভি আদি ৰঙা ৰঙৰ আৰু পাৰামাঅ’ হ’ল কমলা ৰঙৰ এবিধ উল্লেখযোগ্য জাত৷
বালিচহীয়া, পানী নোহোৱা আৰু প্ৰচুৰ পৰিমাণে জৈৱিক পদাৰ্থ থকা মাটি কেপচিকাম খেতিৰ বাবে উপযুক্ত৷ মাটিৰ অম্লতা ৬-৬.৫ ৰ ভিতৰত হোৱা উচিত৷ একোটা প্লাষ্টিক গৃহত ৰোপণ কৰিবৰ বাবে ৫ গ্ৰাম বীজৰ প্ৰয়োজন৷ যিহেতু ৰঙীণ কেপচিকামৰ বীজৰ দাম অধিক সেয়েহে এই বীজ সাৱধানে সিঁচিব লাগে৷ কক’পিট, পাৰ্লাইট, ভাৰ্মিকুলাইট, ৩:১:১ অনুপাতত মিহলাই লৈ প্লাষ্টিক নাৰ্চাৰী ট্ৰেত এই মিশ্ৰণ ভৰাই বীজ সিঁচিলে পুলিবোৰ সবল হয় আৰু নিৰোগী হয়৷
সেউজ গৃহত সাধাৰণ পুলিৰ মাজত ৪৫ ×৪৫ আৰু হাইব্ৰীড জাতৰ ক্ষেত্ৰত ৬০×৩০ ছে:মি ব্যৱধানত লগাব লাগে৷ খেতিৰ সময়ত মাটিৰ শিপা অঞ্চলত পানী থকাটো অতন্ত্য জৰুৰী৷ ড্ৰীপ ইৰিগেচন ব্যৱস্থাৰ জড়িয়তে প্ৰতিটো পুলিতে একোটাকৈ ‘এমিটাৰ’ লগালে সুফল পোৱা যায়৷ ইয়াত পানীৰ লগতে সাৰ দিবৰ বাবে প্ৰতিটো দ্ৰীপৰ লগত মাটিকালিৰ হিচাপত নিদিষ্ট পৰিমানৰ সাৰ ধাৰ্য্য কৰি ‘ভেনচুৰি’ৰ সহায়ত প্ৰয়োগ কৰিব পাৰি৷ ইয়াৰ ওপৰিও ১৫-২০ দিনৰ অন্তৰে অন্তৰে অনুসাৰ মিশ্ৰণ ৩-৪ বাৰ ছটিয়ালে অধিক সুফল পোৱা যায়৷
কেপচিকামৰ পুলিবোৰত ফুল ফুলাৰ সময়ত প্ৰথম কলিটো চিঙি আতৰাই দিব লাগে আৰু প্ৰয়োজনীয় দুটা বা তিনিটা ডাল ৰাখি বাকী দূৰ্বল ডালবোৰ কাটি দিব লাগে৷ এনে কৰিলে উৎপাদন বেছি হয়৷ ৰোৱাৰ ৪-৫ মাহৰ পাচত পুলিবোৰ ওখ হয় আৰু নিজৰ ভৰত বাগৰি পৰে৷ এনে নহবৰ বাবে বাহঁৰ খুটি দি বা ৰচীৰ সহায়ত বা আন উপায়েৰে গছজোপা বান্ধি দিব লাগে৷ প্ৰতি ১০০ বৰ্গমিটাৰত কেপচিকামৰ গড় উৎপাদন ৩০০-৩৫০ কেজি হয়৷
আৱতৰীয়া বিলাহিৰ খেতি : বৰ্তমান বজাৰত বিলাহিৰ মূল্য অতি বেছি৷ আমাৰ ইয়াত জাৰকালিৰ বাহিৰে আন সময়ত বিভিন্ন প্ৰাকৃতিক সমস্যা, বেমাৰ ইত্যাদিৰ উপদ্ৰপৰ বাবে মুকলিকৈ বিলাহী খেতি কৰিব পৰা নাযায়৷ বিলাহীৰ ফুল ধৰা আৰু ফল ধৰাত তাপমানেও যথেষ্ট প্ৰভাৱ পেলাই৷ সাধাৰণতে নিশাৰ ভাগত ১৬-২২°ছে গ্ৰেড আৰু দিনৰ ভাগত ২৫-২৬° ছে: তাপমাত্ৰাৰ প্ৰয়োজন হয়৷ অৱশ্যে আজিকালি অধিক তাপমাত্ৰাত হোৱা আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা থকা বিলাহীৰ জাতৰো উদ্ভাৱন হৈছে৷
আৰ্কা বৰদান, আৰ্কা আভা, আৰ্কা শ্ৰেষ্ঠ, অবিনাশ -৩, অবিনাশ-২, নবীন, অভিজিৎ, ৰকী, নায়ক, ৰূপালী আদি জাতৰ বিলাহী প্লাষ্টিক গৃহত কৰিব পৰা যায়৷ প্লাষ্টিক গৃহত খেতি কৰিবলৈ হ’লে ওখ জাত হ’লে ভাল৷ কাৰণ এনে জাতৰ পৰা বেছি দিনৰ বাবে সৰহকৈ উৎপাদন পাব পাৰি৷
এশ বৰ্গমিটাৰ আকাৰৰ একোটা প্লাষ্টিক গৃহত খেতি কৰিবৰ বাবে ৩-৫ গ্ৰাম বীজৰ আৱশ্যক হয়৷ বীজ সিঁচাৰ সময় আগতীয়া খেতিৰ বাবে আগষ্ট-চেপ্তেম্বৰ, মূল খেতিৰ বাবে অক্টোবৰ-নভেম্বৰ আৰু শেহতীয়া খেতিৰ বাবে জানুৱাৰী-ফ্ৰেবুৱাৰী মাহ উত্তম৷
বীজ সিচাঁৰ আগতে বীজতলীখন বেমাৰ, পোক-পৰুৱাৰ আক্ৰমণৰ পৰা মুক্ত কৰিবৰ বাবে ভালদৰে প্ৰস্তুত কৰি, ভেটি বনাই ০.১গ্ৰাম কেপটাণ বা চাফ নামৰ ভেঁকুৰ নাশকেৰে শোধন কৰি বীজ সিচিঁব লাগে৷ উল্লেখযোগ্য যে, বিলাহী খেতিত ভাইৰাচজনিত বেমাৰ-আজাৰ বীজ সিঁচাৰ সময়তে সাৱধানতা অৱলম্বন কৰিলে বহুত কমি থাকে৷ স্বাস্থ্যবান নিৰোগী পুলিসমূহ প্লাষ্টিক গৃহত ৰোৱাৰ আগতে মাটিখিনি শোধন কৰি লোৱা প্ৰয়োজনীয়৷ পুলি ৰোপনৰ দুৰত্ব দুটা শাৰীৰ মাজত ৬০-৭৫ ছে:মি আৰু দুটা পুলিৰ মাজত ৪৫-৬০ ছে:মি:৷
দুবছৰৰ অন্তৰে অন্তৰে ১০০বৰ্গমিটাৰৰ গৃহটোৰ মাটিত ২০কেজি চূণ প্ৰয়োগ কৰিব লাগে৷ তাৰোপৰি ফুল ফুলাৰ আগতে অনুসাৰৰ মিশ্ৰণ ১৫-২০ দিনৰ অন্তৰত ৩-৪ বাৰ মান স্প্ৰে কৰিলে লাভদায়ক হয়৷ পুলি ৰোৱাৰ পৰা ২০-২৫ দিনৰ মুৰত গুৰিত মাটি চপাই দি বাহঁৰ খুটিৰ সহায়ত বান্ধি দিব লাগে৷ ২৪ডি নামৰ হ’ৰমনবিধ ৫ পি পি এম হিচাপত ফুল ফুলাৰ সময়ত প্ৰয়োগ কৰিলে বিলাহীৰ উৎপাদন বৃদ্ধি পায়৷ সেউজগৃহত প্ৰতি ১০০ বৰ্গমিটাৰত গড় উৎপাদন ৫০০-৫৫০ কেজি বিলাহী উৎপাদন হয়৷
শাকৰ ভিতৰত জাৰকালি হোৱা পালেং, ধনীয়া আদিও প্লাষ্টিক গৃহত আৱতৰীয়াকৈ কৰিব পৰা যায়৷ পালেং শাকৰ পুছা দেশী, পুছা জ্যোতি, অলগ্ৰীণ আদি আৰু লাই তথা ধনীয়া ইত্যাদি থলুৱা বীজসমূহ জুন-জুলাইৰ পৰা আগষ্ট মাহলৈকে সিচিঁব পৰা যায়৷ আনহাতে এই আৱতৰত কৰৰ শাক সমূহৰ মূল্যও বজাৰত অধিক পোৱা যায়৷
এইবাৰ আহো প্লাষ্টিক গৃহ বা সেউজ গৃহত কৰিব পৰা ফুলৰ খেতিলৈ৷ অধিক তথা উন্নত মানদণ্ডৰ ফুল পাবলৈ ইন্দ্ৰমালতী, জাৰবেৰা, এনথুৰিয়াম, এষ্টাৰ, কাৰণেচন, আদি ফুলৰ খেতি কৃতকাৰ্য্যতাৰে কৰিব পাৰি৷ তাৰোপৰি তাপমান নিয়ন্ত্ৰণ কৰি অঃকৃঃবিঃ ৰ অন্তগত কাহিঁকুচী উদ্যান গৱেষণা কেন্দ্ৰত গ্ৰীস্মকালিন গ্লেডিঅ’লাছৰ খেতিও সফলভাৱে কৰা হৈছিলে৷
সেউজগৃহত ইন্দ্ৰমালতী ফুলৰ খেতি : প্লাষ্টিক গৃহৰ ভিতৰত গোটেই বছৰ জুৰি এই ফুলৰ খেতি কৰিব পাৰি৷ বৰষূণৰ দিনত মাতৃগছ সংৰক্ষণৰ বাবে আৰু কাটিং তৈয়াৰ কৰাৰ বাবেও এই সেউজ বা প্লাষ্টিক গৃহ উপযুক্ত৷

সেউজ গৃহত কৰিব পৰা জাতসমূহ:

ষ্টেণ্ডাৰ্দ জাত – স্ন’বল, হোৱাইট স্পাইডাৰ, সোনাৰ বাংলা, কাছাগ্ৰাণ্ডা ইত্যাদি৷

স্প্ৰে জাত – চাৰ্মিং, প্ৰফেছাৰ হেৰিছ, পাৰ্পোল এনিম’ন, বেগ গ’ল্ড ইত্যাদি৷

জুন-জুলাই মাহতে নিৰ্বাচিত মাতৃগছৰ পৰা কাটিংসমূহ সংগ্ৰহ কৰি বেভিষ্টিনেৰে শোধন কৰি থোৱা বালিৰ ভেটিত ৰুব লাগে৷ ১৫-২০ দিনৰ পিছত এই কলমবিলাকৰ পৰা শিপা ওলাই আৰু আগষ্ট-চেপ্তেম্বৰ মাহৰ ভিতৰত টাবত ৰুব পাৰি৷ টাবত খেতি কৰিবলৈ হ’লে মাটি, বালি আৰু গোবৰ ১:১:১ অনুপাতত মিহলাই ভালদৰে শোধন কৰি লব লাগে৷
স্প্ৰে জাতৰ বাবে ৰোপণ দুৰত্ব ৩০×৩০ ছে.মি. আৰু ষ্টেণ্ডাৰ্দ জাতৰ বাবে ৩০×২০ ছে.মি.৷ প্ৰয়োজনীয় জৈৱিক তথা ৰাসায়নিক সাৰসমূহ দিয়াৰ লগতে নিয়মীয়াকৈ পানী যোগান ধৰি, প্ৰয়োজন সাপেক্ষে বন বাত নিৰাই থাকিলে আৰু জাতভেদে গছৰ আগলি অংশ আৰু মুকুল সময় সাপেক্ষে ছিঙি থাকিলে উন্নত মানদণ্ডৰ ফুল পাব পাৰি৷ ষ্টেণ্ডাৰ্ড জাতৰ ক্ষেত্ৰত কোৱা হয় আগৰ কলিটো ৰাখি বাকীবোৰ ছিঙি দিব লাগে আৰু স্প্ৰে জাতৰ বাবে গছৰ সমান উচ্চতাত (২০ছেমি) সকলোবোৰ আগ কাটি দিব লাগে৷ এই সৰুবিধৰ ক্ষেত্ৰত ফুলৰ আকাৰতকৈ সংখ্যাত বেছি গুৰুত্ব দিয়া হয়৷ ফুলৰ গছবোৰ হালি নপৰিবৰ বাবে বাহঁৰ খুটি পুটি দিব লাগে৷ ষ্টেণ্ডাৰ্ড জাতৰ ক্ষেত্ৰত বেছিভাগ ফুলপাহৰ কিনাৰৰ পাহিবোৰ মেল খালেই কাটিবৰ কাৰণে উপযুক্ত হয়৷ আনহাতে স্প্ৰে জাতৰ বাবে ফুলপাহ সম্পুৰ্ণ ফুলাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ সেউজ গৃহত কৰা ফুলবোৰ উপযুক্ত পৰিবেশত ১২ ৰ পৰা ১৮ দিনলৈ সতেজ হৈ থাকে৷
সেউজগৃহৰ ভিতৰত কৰা আন এবিধ ফুল হৈছে জাৰবেৰা৷ এই ফুলৰ বৈশিষ্ট এইয়ে যে, স্থানীয় জাৰবেৰাৰ পুলিৰ ফুলৰ পৰা উপাৰ্জন হোৱাৰ লগতে দ্বিতীয় বছৰত ইয়াৰ চাকাৰ সমূহৰ পৰাও যথেষ্ট উপাৰ্জন হয়৷ আৰু কলাকৰ্ষণ কৰি কৰা জাৰবেৰাৰ ফুলৰ উৎপাদন বেছি হোৱাৰ লগতে বজাৰত ইয়াৰ দাম ও পোৱা যায়৷
জাৰবেৰা সাধাৰণতে দুই প্ৰকাৰৰ৷ সাধাৰণ বা স্থানীয় সচঁ – ৰেডজেম, ৰেডমনাৰ্ক, পপুলাৰ, পিংক ফাইটাৰ, ভেলেনটাইন, পিংক মেলডী ইত্যাদি৷ আৰু আনবিধ -ব্লেক চেন্টাৰ্ড বা ব্লেক হাৰ্ট , যেনে – মিৰাকুলা, ডালমা, পিটন, ছিমাৰ, ফ্লোৰেন্স, ইত্যাদি৷ এই ব্লেক চেন্টাৰ্ড জাতসমূহ সেউজগৃহৰ ভিতৰত খেতি কৰিলেহে ভাল ফল পোৱা যায় আৰু ইহঁতৰ চাহিদা আন্তৰ্জাতিক বজাৰত বেছি৷ সাধাৰণতে কলাকৰ্ষণ অথবা পুলি-পোখা পৃথকীকৰণৰ দ্বাৰা জাৰবেৰাৰ পুলি উৎপাদন হয়৷ পুলি ৰোপনৰ দুৰত্ব ৩০×৩০ছেমি আৰু সময় হৈছে প্ৰধানকৈ আগষ্ট-চেপ্তেম্বৰ মাহ৷
জাৰবেৰা পুলিত প্ৰয়োজনীয় জৈৱিক সাৰ তথা ৰাসায়নিক সাৰ প্ৰয়োগৰ উপৰিও নিয়মীয়াকৈ পানী যোগান ধৰাটো প্ৰয়োজনীয়৷ কিন্তু পানী যোগানৰ ক্ষেত্ৰত মন কৰিব লাগে গুৰিত বেছি পানী জমা হৈ নাথাকে যাতে৷ জাৰবেৰাৰ যেতিয়া ডিক্স ফ্লোৰেটৰ দুটা শাৰী ঠাৰিৰ সমান হয়, তেতিয়াই ফুলপাহ কাটিবৰ বাবে উপযুক্ত হৈছে বুলি নিৰ্দ্ধাৰন কৰা হয়৷

এন্থুৰিয়াম

সেউজ গৃহত কৰিব পৰা এন্থুৰিয়াম ফুলৰ জাতবোৰ হ’ল ছুইট হাৰ্ট, টেম্পটেচন, চানগ্লো, ফায়াৰ, ফ্লাঅৰেঞ্জ, অগ্নীহোত্ৰী ইত্যাদি৷ কলাকৰ্ষণ আৰু মাতৃ গছৰ পৰা পোখা পৃথকীকৰণ পদ্ধতিৰে এই ফুলৰ বংশবিস্তাৰ কৰা হয়৷
মে’-জুন বা আগষ্ট-চেপ্তেম্বৰ মাহত সেউজগৃহৰ ভিতৰত টাবত বা মাটিত ভেটি বনাই এন্থুৰিয়ামৰ খেতি কৰা হয়৷ এই ফুলৰ বাবে কম খৰচী সহজলভ্য মিশ্ৰণ হৈছে ২ ভাগ ধানৰ পতান, ১ ভাগ মাটি, ১ ভাগ বালি, ১ভাগ শুকান গোবৰ, ১/২ভাগ কয়লাৰ টুকুৰা ৷ ইয়াৰ বাহিৰেও পানী মেটেকাও ব্যৱহাৰ কৰিব পাৰি৷
প্ৰয়োজন অনুসৰি ৰাতিপুৱা আৰু আবেলিৰ সময়ত নিয়মীয়াকৈ পানী যোগান ধৰিলে, সময়ে সময়ে বেমাৰী আৰু শুকান পাতবোৰ আতৰাই দিয়াৰ লগতে প্ৰতিজোপা গছৰ পৰা ওলোৱা অলাগতীয়াল পোখাসমূহো গুচাই দিলে ইয়াৰ উৎপাদন বৃদ্ধি হয়৷
পুষ্পমঞ্জৰীত ফুলসমূহ সম্পুৰ্ণভাৱে মেল খালে আৰু ঠাৰিবোৰ পুৰঠ হ’লে ফুল চপাব পৰা হয়৷
সেউজ গৃহবোৰ সদায় ওখ আৰু ৰ’দ ঘাই ঠাইতহে বনাব লাগে ৷ দ’ ঠাইত বনালে ঘৰটোৰ ভিতৰত পানী সোমাব পাৰে৷ ওচৰত পানী যোগানৰ ব্যৱস্থা থাকিব লাগে৷ বেছি ওখ হ’লে ধুমুহা বতাহে ঘৰটোৰ অনিষ্ট কৰিব পাৰে৷ সেয়ে একোটা প্লাষ্টিক গৃহৰ উচ্চতা ৫ মিটাৰ মানৰ ভিতৰত হব লাগে ৷
বৰ্তমান শাক-পাচলিৰ আকাশলংঘী বজাৰ দাম তথা চাহিদা আৰু কটা ফুলৰ জনপ্ৰিয় চাহিদালৈ লক্ষ্য কৰি আমাৰ যুৱক-যুৱতীসকলে সেউজ গৃহত শাক-পাচলি তথা ফুল খেতি কৰি উপাৰ্জনৰ চিন্তা কৰিব পাৰে৷ ইয়াৰ জড়িয়তে কম ঠাই ব্যৱহাৰ আৰু উন্নত পদ্ধতি প্ৰয়োগ কৰি সৰহীয়া উপাৰ্জন কৰিব পাৰি আৰু উন্নত মানৰ আৱতৰীয়া শাক-পাচলি কৰাৰ আনন্দ উপভোগ কৰিব পাৰে৷

***********************************************************
লেখিকা -শ্ৰী মতী বন্দনা ভূঞা শইকীয়া, গুৱাহাটী৷

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

Leave a Response