অতিথি সম্পাদকৰ একলম A Penning from Guest Editor

অসমৰ আৰ্থসামাজিক বিপ্লৱত কৃষি আৰু ছাত্ৰ-ছাত্ৰীৰ অগ্ৰণী ভূমিকা

~দিপাংকৰ পাল, অতিথি সম্পাদক ৷

প্ৰকৃতিৰ প্ৰতিটো উপাদানৰে এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু পাৰস্পৰিক সম্পৰ্ক আছে। মানুহ জীয়াই থকাৰ বাবে মৌলিক প্ৰয়োজনসমূহ যেনে- খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসাধাৰণৰ পৰম্পৰাগত খাদ্যৰ মূল উৎস সমূহ হ’ল- ধান, শাক-পাচলি, মাছ-মাংস-কণী, গাখীৰ ইত্যাদি। খাদ্য-শস্য আৰু শাক-পাচলি উৎপাদনৰ বাবে কৃষি; মাংস, কণী আৰু গাখীৰ উৎপাদনৰ বাবে পশুপালন; আৰু মাছ উৎপাদনৰ বাবে আমি মীন পালনৰ ওপৰত নিশ্চয়কৈ নিৰ্ভৰশীল। গভীৰভাৱে চিন্তা কৰিলে দেখা যায় যে, ইয়াৰ প্ৰতিটো বিভাগৰেই ইটোৰ লগত সিটোৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে।
বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিস্থল তথা ভাষা-সংস্কৃতিৰ মিলনভূমি অসম এখন কৃষি প্ৰধান ৰাজ্য। ভৌগোলিক অৱস্থান হিচাপে ‘অসম’ ৰাজ্যখন ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত ২৪° উঃ আৰু ২৮°১৮’ উঃ অক্ষাংশ আৰু ৮৯°৫০’ পূঃ আৰু ৯৭°৪’ পূঃ দ্ৰাঘিমাংশত অৱস্থিত। অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ ৭০-৮০ শতাংশ জনসাধাৰণে জীৱন ধাৰণ কৰি আহিছে। ইয়াত ধানখেতিয়েই প্ৰধান কাৰণ “ভাত” হ’ল আমাৰ অসমৰ জনসাধাৰণৰ প্ৰধান খাদ্য। কিন্তু কৃষি বুলি ক’লেই যে কেৱল  শস্য উৎপাদন কৰা হয় সেয়া নহয়, ইয়াত অন্তৰ্ভুক্ত হৈ থাকে- পশুপালন, মীন পালন ইত্যাদিও। কৃষক সকলক বিভিন্ন কাৰিকৰী দিহা-পৰামৰ্শৰে সহায়-সহযোগিতা কৰিবলৈ অসমত অৱস্থিত “অসম কৃষি বিশ্ববিদ্যালয়” এ ইয়াৰ প্ৰতিষ্ঠা কালৰে পৰা সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ এই বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হৈ থকা প্ৰতিটো বৃত্তিমূলক শিক্ষা অনুষ্ঠানে পালন কৰি অহা দায়িত্ব আৰু সেৱাৰ অৱদান অপৰিহাৰ্য্য। শেহতীয়া  তথ্য অনুসৰি, কৃষিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়খন হৈছে প্ৰথম শিক্ষানুষ্ঠান আৰু এই বিশ্ববিদ্যালয়খনৰ প্ৰতিটো বিভাগ (যেনে- কৃষি বিভাগ, পশুপালন আৰু পশুচিকিৎসা বিজ্ঞান বিভাগ, মীন বিজ্ঞান বিভাগ, ৰেচম বিজ্ঞান বিভাগ, উদ্যান বিজ্ঞান বিভাগ আৰু গাৰ্হস্থ্য বিজ্ঞান বিভাগ) য়েই অতীজৰে পৰা জনসাধাৰণৰ সেৱা আগবঢ়োৱাৰ লগতে অসম তথা ভাৰতবৰ্ষৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণ এই তিনিটা মূল উদ্দেশ্য সাৰোগত কৰি বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ে ভাৰতত আগশাৰীৰ কৃষি বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম ৰূপে স্বীকৃতি লাভ কৰিছে। গতিকে, বিশ্ববিদ্যালয়খনৰ প্ৰতি  অসমৰ কৃষক ৰাইজৰ প্ৰত্যাশা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে৷ সেয়েহে, অসমৰ কৃষি অৰ্থনীতিক উন্নত কৰাৰ লগতে অসমৰ কৃষক ৰাইজক সৰ্বাত্মকভাৱে লাভান্বিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰতিজন সদস্য/ সদস্যা হিচাপে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকলৰো নিশ্চয়কৈ কিছুমান গধুৰ দায়িত্ব আহি পৰিছেহি।
এতিয়া হয়তো সকলোৰে মনত এটি প্ৰশ্নৰ উদয় হ’ব পাৰে যে দেশৰ জনপ্ৰিয়তাৰ লগত এখন কৃষি বিশ্ববিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকুৱা সম্পৰ্ক থাকিব পাৰে? হয়, নিশ্চয় এটি সম্পৰ্ক আছে। কৃষি, পশুপালন তথা মীন পালন আদি আমাৰ অসমৰ অৰ্থনীতিৰ মূল সম্বল যদিও আজিকালিৰ বহু ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়সমূহত খুব বেছি আগ্ৰহ নেদেখুৱায় আৰু যাৰ ফলত আজিও বেলেগ ৰাজ্যৰ তুলনাত  অসমত এই বিভাগবোৰ তেনেকৈয়ে চালুকীয়া অৱস্থাতেই আছে৷ কিন্তু আমাৰ গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত এনে বিষয়বোৰৰ প্ৰতি উৎসাহিত হ’লেহে হয়তো ৰাজ্যখনৰ অৰ্থনৈতিক তথা সামাজিক ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন হ’ব৷ সেয়েহে, এই বিভাগবোৰৰ উন্নয়নৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দায়িত্বশীল ছাত্ৰ/ছাত্ৰী হিচাপে আমাৰ যথেষ্টখিনি কৰিবলগীয়া আছে। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল ভৱিষ্যতৰ দায়িত্বশীল নাগৰিক। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ জীৱনৰ লক্ষ্য অনুযায়ী  এদিনাখন দায়িত্বশীল বিষয়া (যেনে- কৃষি বিষয়া, পশুচিকিৎসক/ভেটেৰিনেৰিয়ান, গৱেষক/বিজ্ঞানী, মীন বিজ্ঞানী, কৃষি পৰামৰ্শদাতা বা আন দায়িত্বশীল বিষয়া) হ’ব। এদিনাখন হয়তো এই সকলো ভৱিষ্যতৰ দায়িত্বশীল ব্যক্তিৰ সহযোগত আমাৰ ভৱিষ্যত দেশখন পৰিচালিত হ’ব। সেয়ে, আমাৰ দেশখন সকলো দিশত ইতিমধ্যে কিমানখিনি আগবাঢ়ি গৈছে বা  ভৱিষ্যতত কিমানখিনি আগবাঢ়ি যাব পাৰিব তাৰে বহুখিনিয়ে নিৰ্ভৰ কৰে বৰ্তমান ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰি থকা শিক্ষা- জ্ঞান, কৰ্ম আৰু প্ৰচেষ্টা আদিৰ ওপৰত।

“Agriculture is the backbone of the livelihood security system of nearly 700 million people in the country and we need to build our food security on the foundation of home grown food.”Dr. M. S. Swaminathan.

ভাৰতবৰ্ষত সেউজ বিল্পৱৰ জনক ড° স্বামীনাথনৰ উপৰোক্ত বাক্যশাৰীয়ে কৃষিক্ষেত্ৰৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ কথাষাৰকে সোঁৱৰাই দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষাগুৰু আৰু সংশ্লিষ্ট বিভাগসমূহৰ সহযোগত আৰু তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে অত্যাধুনিক কাৰিকৰী কৌশল/পদক্ষেপসমূহ অৱলম্বন কৰি আমাৰ দেশখনক অন্ততঃ কৃষি আৰু ইয়াৰ সম্বন্ধীয় বিভাগবোৰক আগুৱাই লৈ বিশ্বৰ ভিতৰত ভাৰতবৰ্ষক এখন জনপ্ৰিয় দেশ হিচাপে গঢ় দিব লাগিব।
যদিও অসম তথা ভাৰতৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল, দুৰ্ভাগ্যজনক এয়ে যে আজিৰ দিনতো ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত বহু কৃষকে আত্মহত্যাৰ দৰে নিষ্ঠুৰ পথ বাছি ল’বলগীয়া হৈছে। দেশৰ কৃষক সমাজে  কপালৰ ঘাম মাটিত পেলাই বছৰ বছৰ ধৰি এক অভিলেখ পৰিমাণৰ খাদ্য-শস্য উৎপাদন কৰি আহিছে। কিছুমান কৃষকে কিন্তু আধাপেটিয়াকৈ থাকিব লগা হৈছে। National Crime Records Bureau ৰ তথ্য মতে, ২০১৪ চনত মুঠ ৫,৬৫০ জন কৃষকে  আত্মহত্যাৰ পথ বাচি লৈছিল। আমি উপলব্ধি কৰো সঠিক শিক্ষাৰ অভাৱ, যথোচিত তথ্যৰ উৎসৰ অভাৱ, সঠিক পৰামৰ্শদাতাৰ অভাৱ, উৎপাদিত খাদ্য-শস্যৰ বিক্ৰীৰ বাবে বজাৰৰ অভাৱ বা  বেংকৰ পৰা ঋণ লোৱা ধনৰ সদ্‌ব্যৱহাৰৰ নকৰাত ঋণ পৰিশোধ কৰিব নোৱাৰা আদি পৰিস্থিতিৰ বাবে কৃষকসকলে হয়তো এনে বিপদৰ সন্মুখীন হ’বলগীয়া হয়। চিন্তিত বিষয় এই যে, কোনে এই কৃষক সমাজক আধাপেটিয়াকৈ থকা দিনৰ বিপৰীতে অন্ততঃ দুবেলা-দুমুঠি খাব পৰাকৈ এটি সুখৰ দিন দিব পাৰিব? সেয়েহে এই ছেগতে ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰ, ভাৰতবৰ্ষৰ কৃষি বিশ্ববিদ্যালয় সমূহ আৰু কৃষি-বিষয়া সকলক কৰ্ণগোচৰ কৰি থোৱাটো হয়তো সমুচিত হ’ব যে কৃষকসকলক সৰ্বাত্মক লাভালাভ তথা সমুচিত সাহাৰ্য্য আৰু পৰামৰ্শৰে লাভান্বিত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত বিভাগীয় কৰ্তৃপক্ষ সদায় প্ৰস্তুত থাকিব বুলি আমি সকলো আশাবাদী।
শেহতীয়া তথ্য মতে, অসম জলজ সম্পদত আন ৰাজ্যৰ তুলনাত জনপ্ৰিয় যদিও কিছুমান বিশেষ সমস্যা (যেনে- অৰ্থনৈতিক সমস্যাৰ লগতে  অসমৰ বিভিন্ন অঞ্চলৰ জলবায়বীয় পৰিৱেশ, মাটি আৰু পানীৰ গুণাগুণ, বানপানীৰ দৰে প্ৰাকৃতিক দূৰ্যোগৰ উপৰিও ব্যৱহৃত পুৰণি প্ৰযুক্তি কৌশলসমূহ, নতুন বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অভাৱ আদি)ৰ কাৰণে হয়তো মীন উৎপাদনত এতিয়াও আশানুৰূপ ফলাফল  লাভ কৰিব পৰা নাই। সেয়েহে, ইয়াত উপলব্ধ জলসম্পদৰাশিৰ উপযুক্ত ব্যৱস্থাপনাৰে কম খৰচী আৰু কম সময়ত অধিক উৎপাদনক্ষম নতুন মাছৰ প্ৰজাতি উদ্ভাৱন কৰি তথা আধুনিক প্ৰযুক্তিগত-কাৰিকৰী বিদ্যা ব্যৱহাৰ কৰি প্ৰয়োজনীয় মীন উৎপাদন কৰাটো মীন বিভাগৰ এজন ছাত্ৰ/ছাত্ৰী হিচাপে আমাৰ নিশ্চয় দায়িত্ব আছে। আধুনিক কৃষি প্ৰযুক্তিৰ এটি প্ৰধান লক্ষ্য হ’ল অতি কম খৰচত অধিক উৎপাদন কৰি বেছিকৈ লাভবান হোৱা আৰু বৰ্তমান এই ক্ষেত্ৰত দেখা গৈছে যে সমন্বিত কৃষি-মাছ পালন, সমন্বিত মাছ-গাহৰি পালন, সমন্বিত মাছ-হাঁহ পালন আদিয়ে কৃষক, মীন তথা পশুপালকক এটি গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে।
ঠিক তেনেদৰে আজি অসমৰ মুগা, এৰি পলু আদিৰে তৈয়াৰী সাজপাৰ সমগ্ৰ ভাৰতবৰ্ষতে বিখ্যাত যদিও কিছুমান বিশেষ সমস্যাৰ কাৰণে হয়তো কৃষকে আশানুৰূপ উৎপাদন কৰিব পৰা নাই বা লাভাম্বিত হ’ব পৰা নাই। সেয়েহে, অসমৰ আৰ্থসামাজিক বিপ্লৱ সাধনৰ বাবে কৃষি ক্ষেত্ৰখনৰ লগতে ৰেচম বিজ্ঞান বিভাগ, উদ্যান বিজ্ঞান বিভাগ আৰু গাৰ্হস্থ্য বিজ্ঞান বিভাগ ক্ষেত্ৰখনকো ক্ৰমাগতভাৱে উন্নত কৰিবৰ বাবে আৰু  এই সকলো ক্ষেত্ৰকে উদ্যোগীকৰণ কৰি উৎপাদন বৃদ্ধি কৰিব লাগিব।
সেইদৰে, অসমৰ আৰ্থসামাজিক উন্নয়নৰ আন এক অন্যতম ক্ষেত্ৰ হ’ল পশুপালন। অতীজৰে পৰা পশুপালন আৰু পশুচিকিৎসা বিজ্ঞান বিভাগে বিভিন্ন দিশত আমাৰ দেশখনৰ জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। অতীজৰে পৰা ভাৰতবৰ্ষত বিভিন্ন কৃষি পদ্ধতিৰ লগতে পশুধন পালনৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।
বৰ্ত্তমান ক্ৰমাগতভাৱে বৃদ্ধি হোৱা জনসংখ্যা অসমৰ লগতে সমগ্ৰ বিশ্বতে এক জলন্ত সমস্যা । জনসংখ্যা বৃদ্ধিৰ লগে লগে জনমুৰি হাৰত মাটিৰ পৰিমাণ হ্ৰাস পোৱাত কম মাটিতেই অধিক উৎপাদনৰ লক্ষ্য স্থিৰ কৰিবলগীয়া অৱস্থাত পৰিণত হৈছে| পশুপালনৰ জৰিয়তে কম মাটি/ঠাইত অধিক লাভালাভ হোৱাৰ উপায় আছে| জনসংখ্যা বৃদ্ধিৰ ফলত বৰ্তমান পৰিপুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা যিদৰে বৃদ্ধি হৈছে সেইদৰে বৃদ্ধি হ’ব ধৰিছে শিক্ষিত নিৱনুৱাৰ সমস্যাও| এই দুয়োটা সমস্যাকে পাৰস্পাৰিকভাৱে সমাধানৰ উত্তম উপায় হিচাপে শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে পশুজাত সামগ্ৰী উৎপাদনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰে| ফলত নিৱনুৱাৰ সমস্যা যিদৰে কমিব; ঠিক সেইদৰে মাংস, কণী, গাখীৰ ইত্যাদিৰ উৎপাদনো বাঢ়িব; ফলত আমাৰ অসমৰ জনসাধাৰণে মাংসহাৰৰ অভাৱৰ পৰা পৰিত্ৰান পাব| যিহেতু অসমৰ প্ৰায় ৮০-৯০ শতাংশ মানুহেই আমিষভোজী আৰু আমাৰ প্ৰায়বোৰ মানুহেই মাংসহাৰ  ক্ষুধাৰ্ত (Protein hungry)। তথাপিও কিছুমান বিশেষ কাৰণত হয়তো প্ৰয়োজন সাপেক্ষে ইয়াত পৰ্যাপ্ত পৰিমাণৰ মাংস, কণী, গাখীৰ ইত্যাদিৰ উৎপাদন নহয়।  যাৰ ফলত অসমলৈ বাহিৰৰ পৰা মাছ, মাংস, কণী, গাখীৰ আদিৰ আমদানি কৰিবলগীয়া হয় আৰু এক বুজন পৰিমাণৰ ৰাজহ ধন অসমৰ বাহিৰলৈ ওলাই যায়| সেয়েহে নিৱনুৱা সমস্যাৰ সমাধান তথা অসমৰ অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে বৰ্তমানৰ নিৱনুৱা যুৱক-যুৱতীয়ে পশুপালনক আৰ্থিক স্বাৱলম্বনৰ উত্তম পথ হিচাপে বাছি লৈ অতি সহজেই আত্মনিৰ্ভৰশীল হ’ব পাৰে |
উপৰোক্ত ক্ষেত্ৰসমূহত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী তথা নিৱনুৱা যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ যথেষ্ট সুযোগ আছে। সেয়ে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ সময়ছোৱাত নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বৰ বাবে শিক্ষানুষ্ঠানৰ ডিগ্ৰীৰ লগে লগে দক্ষতা বিকাশতো সমানে গুৰুত্ব দিলেহে দ্ৰুত সংস্থাপন সম্ভৱ হ’ব বুলি আমি উপলব্ধি কৰো।
“কৃষক বন্ধু” ৰ বৰ্ষপূৰ্তি উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ লিখনিসমৃদ্ধ এই বিশেষ সংখ্যাটোৰ অতিথি সম্পাদক ৰূপে সেৱা আগবঢ়াবলৈ পাই মই নথৈ আনন্দিত তথা কৃতাৰ্থ। “কৃষক বন্ধুৰ” শ্ৰদ্ধাৰ মুখ্য সম্পাদক মহোদয় আৰু প্ৰৱৰ্তক তথা সম্পাদিকা মহোদয়াই যি বিশ্বাসেৰে কৃষক বন্ধুৰ ছাত্ৰ-ছাত্ৰীসকলৰ লিখনিসমৃদ্ধ এই বিশেষ সংখ্যাটোৰ সম্পাদনাৰ বাবে মোক গুৰুদায়িত্ব অৰ্পন কৰিলে তাৰ বাবে তেখেতসকললৈ সশ্ৰদ্ধ কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিলো। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডাঃ অঞ্জন জ্যোতি নাথ আৰু কৃষি মহাবিদ্যালয়, যোৰহাটৰ ডাঃ ৰুদ্ৰ নাৰায়ণ বৰকাকতি দেৱক এই বিশেষ সংখ্যাটোৰ উপদেষ্টা হিচাপে পাই মই সঁচাকৈয়ে ভাগ্যৱান। লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞানগুৰু ডাঃ উমা ৰাম তামুলি মহাশয়ৰ নিঃস্বাৰ্থ সমৰ্থন আৰু মোৰ সকলো শিক্ষাগুৰুসকল, বিশেষকৈ ডাঃ সঞ্জীব বৰা, ডাঃ বিৰাজ কুমাৰ শৰ্মা, ডাঃ অন্কিতা গগৈ, ডাঃ সাইনি জৰ্জ, ডাঃ গৌতম বৰদলৈ, ডাঃ এল. এছ. খুমন  আৰু ডাঃ সিদ্ধাৰ্থ শংকৰ পাঠক দেৱক এই সংখ্যাটোৰ লিখনিসমূহ চকু ফুৰাই উন্নত মানৰ কৰিবলৈ প্ৰয়োজনীয় দিহা-পৰামৰ্শ দিয়াৰ বাবে আন্তৰিক সশ্ৰদ্ধ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো ৷ অভিলাষ, অনুপ শৰ্মা, দিপাংকৰ বৰা তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ সমূহ ছাত্ৰ একতা সভাৰ সদস্যসকলোকে এই বিশেষ সংখ্যাটোৰ কাৰণে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলো।এই ছেগতে কৃষক বন্ধুৰ সম্পাদনা গোটৰ হৈ সহায়-সহযোগ আগবঢ়োৱা সমূহ বিষয়ববীয়া, আৰু মোৰ সহযোগী সকলো বন্ধু-বান্ধৱী, অগ্ৰজ-অণুজ সকলোৰে নিঃস্বাৰ্থ সমৰ্থন আৰু যিসকলৰ তথ্যসমৃদ্ধ লিখনিৰে এই বিশেষ সংখ্যাটো প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তেওঁলোকলৈও আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালো। আপোনাসৱৰ সহায়-সহযোগিতা, দিহা-পৰামৰ্শ তথা সমৰ্থন অবিহনে এই গুৰুদায়িত্ব পালনত হয়তো মই সফল নহলো হয়।
আশাকৰো কৃষকসমাজে আমাৰ লিখনিসমূহ অতি আগ্ৰহেৰে আঁকোৱালি ল’ব আৰু আমাক অনুপ্ৰাণিত কৰিব। সহযোগিতাৰ পথেৰে একাত্মতাৰে আগুৱাই অসম তথা ভাৰতবৰ্ষৰ কৃষিক্ষেত্ৰখনক এক নতুন তথা আত্মনিৰ্ভৰশীল ৰূপ দিব পাৰিম বুলি আমি ছাত্ৰ-ছাত্ৰীসকল দৃঢ়বিশ্বাসী।
ইংৰাজী নৱবৰ্ষৰ নতুন কিৰণ তথা ভোগালীৰ ভোগৰে সকলোৰে জীৱন-মন উপচি পৰক, সেই কামনাৰে–
শ্ৰী দিপাংকৰ পাল, অতিথি সম্পাদক ৷

***************************

আমাৰ জানুৱাৰী মাহৰ অতিথি সম্পাদক শ্ৰী দিপাংকৰ পাল, উত্তৰ লক্ষীমপুৰ জহিঙত অৱস্থিত  লক্ষীমপুৰ পশুচিকিৎসাবিজ্ঞান মহাবিদ্যালয় (অসম কৃষি বিশ্ববিদ্যালয়)ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ৷ তেখেতৰ সম্পাদনাত সফলভাৱে প্ৰকাশিত এই ছাত্ৰবিশেষ সংখ্যাৰ সফল সম্পাদনাৰ বাবে আমি তেখেতক শুভেচ্ছা জনোৱাৰ লগতে সফল ভবিষ্যৎ কামনা কৰিলো ৷

Leave a Response