সম্পাদকীয়

কৃষি সৱলীকৰণৰ মহিলাৰ ভূমিকা

কৃষিত মহিলাৰ ভূমিকা কোনোকালেই নুই কৰিব নোৱৰি৷ আদিম কালৰে প ৰাই দেখা গৈছে যে, মহিলাসকলে পুৰুষৰ লগে লগেই খেতি-খোলাত নামি পৰিছে৷ ঘাঁহ কটাৰ পৰা আৰম্ভ কৰি গুটি সিঁচা, পানী যোগান ধৰা, সাৰ প্ৰয়োগ কৰা, বন-বাত নিৰোৱা, পোক-পতঙ্গ নিয়ন্ত্ৰণ কৰা ইত্যাদি প্ৰতিটো কামতে মহিলাই আগভাগ লোৱা দেখা যায়৷ আমাৰ অসমীয়া সমাজৰ প্ৰতি ঘৰতে একোখনকৈ বাৰী আছে, যিবোৰে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰতে নহয় জীৱন নিৰ্বাহৰ দিশতো অতীজৰে পৰাই বিশেষ ভূমিকা পালন কৰি আহিছে৷ এই বাৰীসমূহত পুৰুষৰ লগতে মহিলাসকলেও কম-বেছি পৰিমানে জড়িত হৈ থকা দেখা যায়৷ বাৰীসমূহত উৎপাদিত ফলমূল, শাক-পাচলি, বনৌষধি আদিৰ ৰাহি হোৱা খিনি বিক্রীৰ জৰিয়তেও মহিলা এগৰাকীয়ে পৰিয়ালৰ বাবে ওপৰিঞ্চি উপাৰ্জনৰ পথ মুকলি কৰি ল’ব পাৰে৷

আগৰদিনত পিতৃসকলে জীৱিকাৰ বাবে কৃষি পথাৰ বা চাকৰি ব্যৱসায় আদিৰ কামত আতৰি থাকিবলগীয়া হোৱা বাবে মহিলাসকলেই ঘৰখনৰ সকলো দায়িত্ব, শিশুৰ প্ৰতিপালনৰ দায়িত্ব বহন কৰিবলগীয়া হৈছিল৷ কিন্তু বৰ্তমান মাতৃসকলৰ ভূমিকাৰো আমূল পৰিৱৰ্তন ঘটিছে৷ তেওঁলোকেও পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে নিজকে বিভিন্ন ক্ষেত্ৰত নিযুক্ত কৰিছে৷ আজিকালি আত্মসহায়ক গোটবোৰত (SHG) অৰ্ন্তভূক্ত হৈও বহুতো মহিলাই স্বনিয়োজনৰ পথ বাচি উলিয়াইছে৷ নিজৰ বাৰীখনত উভৈনদী ফলমূলেৰে জাম, জেলী, চৰ্‌ৱত, আচাৰ আদি বনাই কম-বেছি পৰিমানে হ’লেও জীৱিকাৰ পথ বাচি উলিয়াবলৈ সক্ষম হৈছে৷
অসমৰ বিভিন্ন ঠাইত বিজ্ঞানভিত্তিক কৃষি পদ্ধতি অৱলম্বন কৰি নাৰ্জী, ৰজনীগন্ধা আদি ফুলৰ খেতি কৰিও বহুতো মহিলাই আত্মসংস্থাপনৰ পথ বিচাৰি উলিয়াইছে৷ এইবোৰ ফুলৰ পৰা মালা গোঠা, পুষ্প সজ্জা, বুকে’ বনোৱা আদি কামতো বহুতো মহিলা কৃষক জড়িত হৈ থকা পৰিলক্ষিত হয়৷
আজিকালি শিক্ষিত যুৱতীয়েও মীন পালন, পশুপালন, ফলমূলৰ মূল্য সংযোজন, পেকেজিং আদি বিষয়ত উন্নত আৰু আকৰ্ষণীয় প্ৰযুক্তি কৌশল গ্ৰহণ কৰি নিজববীয়াকৈ একো একোটা কৃষি উদ্যোগ গঢ়ি তুলিছে৷ কেৱল যাৱতীয় প্ৰশিক্ষণখিনি ভালদৰে ল’লেই হ’ল৷ বৰ্তমান পচনসাৰ, কেঁচুসাৰ আদিৰ ব্যৱহাৰ বজাৰত বহলভাৱেৱ সম্প্ৰসাৰিত হৈছে, যিবোৰত গ্ৰাম্য মহিলাসকলে পুৰুষসকলক সহায়ৰ হাত আগবঢ়াই আহিছে৷ কৃষি কৰ্মৰ দ্বাৰা ভালে কেইগৰাকী মহিলা আত্মনিৰ্ভৰশীল হোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ অপৰিসীম কষ্ট, ত্যাগৰ দ্বাৰা সমাজৰ কৃষিৰ ক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিছে৷
এতিয়া যিহেতু কৃষি বিজ্ঞানত দ্ৰুত পৰিৱৰ্তন ঘটিছে, নিত্য নতুন প্ৰযুক্তিৰ উদ্ভাৱন হৈছে, যান্ত্ৰিকীকৰণৰ ফলত কৃষকসকলে ক্ষীপ্ৰতাৰে মাটি চহোৱা, শস্য চপোৱা, মৰণা মৰা আদি কাৰ্য্য সমাপন কৰিছে, সেয়ে মহিলাসকলক আকৰ্ষণ কৰিবৰ বাবে কিছুমান অৰ্থকৰী শস্যৰ খেতি কৰি এই বিলাকৰ মূল্য সংযোজন (value addition) কৰিবৰ বাবে উৎসাহিত কৰিব লাগিব৷
কৃষি উৎপাদন ব্যৱস্থাত অৰিহণা যোগাবলৈ, মহিলা কৃষকসকল ওলাই আহিব লাগিব৷ চৰকাৰী বিভিন্ন আচঁনিসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগিব৷ মোবাইল, ইণ্টাৰনেটৰ জৰিয়তেও কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শ ল’ব পৰা হৈছে৷ সেইবোৰ কাৰ্যকৰী কৰিব পৰাকৈ প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰি চৰকাৰ তথা বেচৰকাৰী সংস্থাবোৰে আগভাগ ল’লে সমাজত নিশ্চয়কৈ মহিলা কৃষকসকলে এক বিপ্লৱৰ সূচনা কৰিব পাৰিব৷

***********************************

Editors speach by guest editor of the Mearch month Bandana Bhuyan Saikia, Ex Research Associate, AAU, Jorhat
Faculty, EPITOME (TISS-SVE),Part time lecturer in CMJ University, Jorhat

Leave a Response