এটা নতুন কনচেপ্ট গাওঁ কা খানা -GKK

✍~১৮, ১৯,২০, ২১, ২২, ২৩ – এই সংখ্যাকিটাক যদি আমি বয়সৰ হিচাপ বুলি ধৰি লওঁ৷ এই বয়সত আমি বাৰু কি কৰিছিলো ? আমাৰ ভাই-ভণীহ’তে কি কৰি আছে ? আপোনালোকৰ এই বয়সৰ সন্তানে বৰ্তমান কি কৰি আছে ?
আমি আমাৰ আলোচনীত প্ৰতি সংখ্যাতে বিভিন্নজনৰ সফলতাৰ কাহিনী প্ৰকাশ কৰি আহিছো৷ এইবাৰো আমি আমাৰ পাঠকসকলক জনাব বিচাৰিছো এজন উদ্যমী যুৱকৰ বিষয়ে, যি ইতিমধ্যে এজন সফল ব্যক্তি হোৱাৰ বাটত খোজ পেলাইছে আৰু বহু দূৰ আগুৱাইও আহিছে৷ আমাৰ মনলে কেতিয়াবা প্ৰশ্ন আহে, আমি সফল বুলি কাক কব পাৰো বা সফল ব্যক্তিৰ সংজ্ঞা কি ?এইবিষয়ে আমি জানিব বিচাৰিছিলো ফেচবুকৰ মজিয়াত আৰু আমি জেষ্ঠ্যসকলৰ পৰা উত্তৰো পাইছিলো৷ উত্তৰ পাইছিলো সফল শব্দটো আপেক্ষিক৷ আমি সফল বুলি ভবাজন সফল নহবও পাৰে বা আমি সফল বুলি নভবাজনো সফল হব পাৰে৷ এইবিষয়ে বহলাই আমাৰ আলোচনীৰ সফলতাৰ কাহিনী শিতানটোত আলোচনা কৰা হৈছে৷
হয়, আমি সকলোৰে চিনাকী যুৱ উদ্যমী হিৰন্ময় গগৈ নামৰ শিৱসাগৰৰ জিলাৰ মাঠাডাং গাৱৰ যুৱকজনৰ বিষয়ে জনাব বিচাৰিছো৷ তেওঁৰ বয়স বৰ্তমান প্ৰায় ২৩ বছৰ, যি সময়ত তেওঁৰ বয়সৰ আন যুৱকসকলে আনুষ্ঠানিক শিক্ষাই সম্পুৰ্ণ কৰা নাই, সেই বয়সতে এই যুৱকজন কাৰোবাৰ প্ৰেৰণাৰ উৎস হৈ উঠিছে৷ কাৰোবাৰ কাৰণে সাহস হৈ উঠিছে, বহুজনৰ বা বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পৰা এটা নিৰ্ভৰশীল অস্তিত্ব হৈ পৰিছে৷ এই কথাও আমাৰ মনলে আহিছিলে যে, জীৱনৰ বাটত বাট বুলিবলে আৰম্ভ কৰা এই যুৱকজনক আমি একে আষাৰে সফল বুলি কব পাৰো জানো৷ তেওঁ মাত্ৰ সফলতাৰ দিশত আগবাঢ়িছে৷ এই বিষয়তো আমি কিছু মতামত পাইছিলো৷ ইয়াতো সফলতাৰ সংজ্ঞাটোয়ে ক্ৰিয়া কৰিছিলে৷ আমি উত্তৰ পাইছিলো, সফল হবৰ কাৰণে নিদিষ্ট সময়ৰ প্ৰয়োজন নাই৷
পৰ্যবেক্ষণৰ দ্বাৰা আমি বুজি পাইছিলো হিৰন্ময় গগৈ নামৰ কমবয়সীয়া যুৱকজন উপযুক্ত হৈ উঠিছে, আমাৰ অসমৰ পৰিবেশৰ লগত খাপ খোৱাকৈ বা যুৱক-যুৱতীসকলৰ মাজত এটা কৰ্মবিপ্লৱ সৃষ্টি কৰিব পৰাকৈ৷ আমি তেওঁৰ বিষয়ে আনুসংগিক ডাটাখিনি সংগ্ৰহ কৰিছিলো ইন্টাৰনেটৰ পৰা৷ আৰু বাকী ৰৈ যোৱাখিনিৰ কাৰণে যোগাযোগ কৰিছিলো যুৱকজনৰ লগত৷ আমি এই যুৱকজনক কিয় বাচি লৈছিলো সেইয়া জনাইছো৷ এতিয়া আহক আমি হিৰন্ময় গগৈ নামৰ যুৱকজন কোন হয় এই বিষয়ে অলপ জানো৷
মানৱ জীৱন ৰহস্যময়৷ কোনেও নাজানো কাইলৈ আমি কি দেখিম, কি শুনিম৷ হিৰন্ময়েও ভবা নাছিলে তেওঁৰ ১৫ বছৰ বয়সতে তেওঁৰ মৰমৰ ককায়েকক হেৰুৱাব বুলি বা ১৮ বছৰ বয়সৰ পৰাই নিজৰ মাতৃৰ মৰম আৰু নাপাব বুলি৷ প্ৰায় ১২ বছৰ ধৰি অসুখত ভুগি থকা মাকক সকলোধৰণৰ চিকিৎসা কৰিও বচাব পৰা নাছিলে আৰু এদিন সকলোকে কন্দুৱাই গুচি গৈছিলে৷ আন দহজন লৰাৰ দৰে এইজন যুৱকো ভাগি পৰিছিলে৷ কিন্তু তেওঁ নিজক চম্ভালি লৈছিলে৷ তেওঁ সমান্তৰাল ভাৱে আনুষ্ঠানিক শিক্ষা চলাই নিয়াৰ লগতে নিজৰ BPO MCH Technologies ত সম্পুৰ্ণ ব্যস্ত হৈ পৰিছিলে৷ এই BPO ৰ জড়িয়তে তেওঁৰ প্ৰায় ৩০ খন দেশৰ লগত যোগাযোগ আছিল৷
২০১১ চনত এই যুৱকজনে ভাৰতীয় নৌ বাহিনীত চাকৰি পাইছিলে৷ চাকৰি এৰি দি মালয়েচিয়া গ’ল প্ৰাইভেট ফাৰ্ম এখনত কাম কৰিবলৈ ৷ তাত ছমাহ থাকি ঘুৰি আহিলে৷ ইয়াৰ পাছত তেওঁ কেইবাটাও কোম্পেনীত কাম কৰে৷ তেওঁলোকে দেখিছিলে গাৱঁৰ খেতিয়কসকলে বহুত কম দামতে শাক-পাচলিবোৰ বিক্ৰি কৰে৷ শেষত তেওঁলোকে অনলাইন অসমীয়া খাদ্য বিক্ৰি কৰাৰ চিন্তা কৰে আৰু ২০১৬ চনৰ জুন মাহত আৰম্ভ কৰিলে “গাওঁ কা খানা”(Gaon ka Khana) নামৰ এটা নতুন কনচেপ্ট, ভাৰত চৰকাৰৰ start up India আচঁনিৰ অধীনত৷


এইবিষয়ে হিৰন্ময়ে কৈছিলে-


“আজিৰ পৰা এবছৰ আগত মই হাতত মাত্ৰ দহ (১০) টকা পইচা লৈ এই GKK আৰম্ভ কৰো৷ GKK মুলত অসমীয়া খাদ্য প্ৰস্তুত কৰা এটা অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান৷ আমি দেখিবলৈ পাইছিলো আমাৰ গাওঁবোৰত বহুত শাক-পাচলি উৎপাদন হয়৷ খেতিয়কে উপযুক্ত দাম নাপায়৷ আৰু দেখিবলে পাইছিলো চাকৰিয়াল পৰিয়াল সমুহত মনৰ পচন্দৰ কিবা এটা খাবলে সময়ৰ নাটনি বা বিচৰা ম’তে নাপায়, অফিচ সময়ত কামৰ তাড়নাত সময় ম’তে খাব নোৱাৰে৷ গতিকেই মোৰ মনলে এনে চিন্তা আহিছিলে৷ যি চিন্তাৰ পৰা মই আৰ্থিকভাৱে লাভৱান হম৷ মাক-দেউতাকসকলে স্কুল টিফিনৰ চিন্তাৰ পৰা মুক্ত হব৷ প্ৰত্যেকেই নিজৰ মনৰ পচন্দৰ কিবা এটা খাব পাৰিব৷ আমি আমাৰ খাদ্য সমুহ গ্ৰাহকৰ ৰুচি অনুসৰি বনাও যদিও সম্পুৰ্ণ স্বাস্থ্যসন্মতকৈ বনাও আৰু চাফ-চিকুনতা মানি চলো৷ মোৰ লগত বৰ্তমান ১০ জন সহযোগী আছে যদিও মই নিজেও কাম কৰো৷ আনহাতে মই GKK Mondita snaks প্ৰজেক্টৰ অধীনত গাৱঁ অঞ্চলৰ প্ৰায় ৩০০ মহিলাক এই GKK ৰ লগত জড়িত কৰাইছো৷ আমি এই মহিলাসকলক ৰেজিষ্টাৰ কৰিছো আমাৰ লগত কাম কৰিবৰ বাবে৷ তেওঁলোকে আমাক প্ৰয়োজন অনুসৰি অসমীয়া জলপান সমুহ, ঘৰত বোৱা গামোচা ইত্যাদি কাপোৰ, হাতৰ কামৰ সামগ্ৰী ইত্যাদি সমুহ যোগান ধৰিব৷ মই প্ৰথম অৰ্দাৰটো শিৱসাগৰৰ ONGC কলনিৰ পৰা পাইছিলো আৰু বৰ্তমান আমি শিৱসাগৰৰ বিভিন্ন ঠাইৰ ১০০-১৫০ ঘৰত হোম ডেলীভাৰি দিও আৰু বিশেষভাৱে ONGC, LIC,বেংক, অন্যান্য কোম্পেনী আৰু অফিচবোৰত সমুহীয়া যোগান দিও৷ দহ টকাৰে আৰম্ভ কৰা মোৰ ব্যৱসায় প্ৰথম মই মোৰ নিজৰ ঘৰৰ ৰান্ধনিশালতে আৰম্ভ কৰিছিলো৷ মাত্ৰ এটা ষ্টভত বনাইয়ে তিনিমাহ অৰ্দাৰ চাপ্লাই দিছিলো৷ আমি অনলাইন অৰ্দাৰ লওঁ, গাওঁৰ খেতিয়কসকলৰ পৰা শাক-পাচলি সংগ্ৰহ কৰো আৰু আইটেম বোৰ বনাওঁ আৰু অৰ্দাৰ চাপ্লাই দিওঁ ৷ আমি বৰ্তমান নামৰূপ, ডিব্ৰুগড়, মৰাণ, যোৰহাট আৰু শিৱসাগৰত আমাৰ অৰ্দাৰ ডেলিভাৰী দিওঁ৷ আনহাতে বৰ্তমান গুৱাহাটীতো আমাৰ এই প্ৰচেষ্টা আৰম্ভ হৈছে৷ খুব সোনকালেই আমি ইয়াত ব্যসায় আৰম্ভ কৰিম৷ এইদৰেই মোৰ ব্যৱসায় বৰ্তমান প্ৰায় লাখ টকাত চলি আছে আৰু অহা কেই বছৰত মই প্ৰায় ১০ লাখ টকাৰ ব্যৱসায় কৰিব পাৰিম বুলি আশা কৰিছো৷ এই সকলো মোৰ মাৰ সাহসতে হৈছে৷ তেওঁ যদিও আমাৰ লগত নাই, মোৰ প্ৰেৰণা তেওঁ৷

যদিও আমি এই ‘গাওঁ কা খানা’ ক ওপৰে ওপৰে চাওতে দেখিবলৈ পাইছিলো ই অনলাইন অসমীয়া খাদ্য বিক্ৰেতা, আমি দেখিছিলো অন্যান্য সেৱা সমূহো,যেনে- GKK Naturals, যি কৃষকসকলৰ জৈৱিকভাৱে উৎপাদিত সামগ্ৰীসমূহ অনলাইন বিক্ৰি কৰে আৰু আনটো হৈছে GKK Mondita Snacks, যি গাওঁৰ মহিলাসকলক শক্তিশালী কৰিবৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু GKK accommodation ,GKK Travel, GKK relationship যি অসমৰ ট্যুৰিজিম চেক্টৰত কাম কৰিবলৈ আৰম্ভ কৰিছে৷ অৰ্থাৎ অসমৰ অৰ্থনৈতিক দিশত সকাহ দিব পৰাকৈ এটা নতুন কনচেপ্ট লৈ GKK এটা স্বয়ং সম্পুৰ্ণ উদ্যোগ হবলৈ আগবাঢ়িছে ৷

হিৰন্ময়ে এই “গাওঁ কা খানা”ৰ কাৰণে ২০১৭ চনৰ ৮ ফেব্ৰুৱাৰীত “Home Grown Business of the year 2017” পুৰস্কাৰ পাইছিলে Startup India ৰ সহযোগত Entrepreneur Magazine ৰ পৰা৷

GKK ৰ খাদ্য সম্পৰ্কে আমি কেইবাজনৰো লগত কথা পাতিছিলো৷ এইবিষয়ত শ্ৰী যুতা বন্তী বৰগোহাঁই ভূঞাঁই কৈছিলে

আমি আজি এবছৰেই GKK ৰ খাদ্য লৈ আছো৷ ই সম্পুৰ্ণ স্বাস্থ্যসন্মত আৰু ৰুচিসম্পন্ন৷ আমি যিদৰে অৰ্দাৰ দিওঁ, সেইদৰেই কমদামতে সামগ্ৰীসমুহ পাওঁ৷ আমি কেতিয়াবা স্কুলত কিবা প্ৰগেম হ’লেও খোৱা বস্তু অৰ্দাৰ দিওঁ ৷ আমাৰ স্কুলৰ আনসকলেও ভালপায় সামগ্ৰী সমূহ৷ এওলোকৰ কিছুমান আইটেম অতি উন্নতমানৰ হয়৷

বৰ্তমান তেওঁ অসমৰ যুৱপ্ৰজন্মৰ বাবে “সপোন ৰচাঁৰ মন” নামেৰে এটা Motivation project হাতত লৈছে৷ আমি তেওঁৰ লগত কথা পাতোঁতেও বা তেওঁৰ বিষয়ে অধ্যয়ণ কৰোতেও পাইছিলো যুৱকজন যথেষ্ট ভদ্ৰ আৰু অমায়িক৷ কিন্তু আমাৰ ভাৱ হৈছিলে তেওঁ যেন মনত এবুকু বোজা লৈ আছে৷ হয়টো নিজৰ মাকক হেৰুৱাই হোৱা তেওঁৰ সেইয়া অনুভৱ৷ কিন্তু তেওঁ নিজৰ দুখখিনিক, আৱেগখিনিক শক্তিলৈ পৰিবৰ্তন কৰিছে৷ আৰু হয়টো তাৰেই ফলাফল এই GKK.
ভবিষ্যৎ পৰিকল্পনা সম্পৰ্কে আমি যুৱকজনক সুধিছিলো. তেওঁ উত্তৰ দিছিলে –


আমি অসমৰ প্ৰতিখন গাওঁতে এখন এখন বজাৰ বনাব বিচাৰিছো যিখন বজাৰ মানুহ এঘৰৰ নিজৰ ঘৰৰ পৰাই হব৷ আমি GKK ৰ জড়িয়তে অসমৰ চুকে কোণে সোমাই অসমৰ বাৰেৰহণীয়া খাদ্য সম্ভাৰ আৰু সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰিছো৷ ইয়াৰ কাৰণে আমি এটা বহলভিত্তিত পৰিকল্পনা হাতত লৈছো৷ খুব সোনকালেই আমি এটা কৃষক হেল্পলাইন নং আৰম্ভ কৰিম৷ সেই নম্বৰত কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী সমূহ ঘৰত বহিয়ে বিক্ৰিৰ বাবে তালিকাবদ্ধ কৰিব পাৰিব আৰু গ্ৰাহকসকলেও নিজৰ প্ৰয়োজনীয় সামগ্ৰী এই নম্বৰত ফোন কৰিলেই পাব৷ ইয়াৰ দ্বাৰা গ্ৰাহকসকলো লাভৱান হব আৰু বিক্ৰেতা বা খেতিয়কজনৰো সুবিধা হব৷ মোৰ সপোন, GKK ৰ মূল উদ্দেশ্য Mission 3000+,অৰ্থাৎ এই Start up India যোগেদি অসমৰ গাওঁসমুহত ৩০০০তকৈ বেছি চাকৰিৰ সৃষ্টি কৰা৷ আৰু আমি আমাৰ এই GKK ৰ এটা ব্ৰান্স UK ত খোলাৰ পৰিকল্পনা কৰিছো৷ তাত খকা মোৰ বন্ধু এজনৰ লগত এই বিষয়ত আলোচনা হৈ আছে৷

আমি তেওঁক সুধিছিলো, যুৱপ্ৰজন্মৰ বাবে তেওঁ কি মেছেজ দিব ?
যুৱকজনৰ উত্তৰ –

আমাৰ অসমত ভাল কোম্পেনী নাই৷ চৰকাৰী চাকৰি পাবলৈ নাই৷ কিন্তু নিবনুৱা সমস্যা বাঢ়ি গৈ আছে৷ বৰ্তমান ভাৰতত এই নিবনুৱাৰ সংখ্যা প্ৰায় ৩০ লাখ৷ গতিক আমি চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি বা কোম্পেনী চাকৰিৰ বাবে বাহিৰলৈ নগৈ অসমত আন্তঃৰাষ্ট্ৰীয় মানৰ নিজা কোম্পেনী আৰম্ভ কৰিব পাৰো৷ ইয়াৰ কাৰণে আমাক প্ৰধানকৈ নিজৰ ইচ্ছা, সাহস আৰ ৰিক্স লব পৰা ক্ষমতা লাগিব৷ মই আমাৰ যুৱপ্ৰজন্মক এইটোয়েই কওঁ যে, বৰ্তমান আমাৰ যুৱপ্ৰজন্মৰ শেষ ভৰষা এন্টাৰপ্ৰেনিওৰচিপ৷ যুৱ প্ৰজন্মই চাকৰিৰ আশাত বহি থকাতকৈ নিজে কিবা এটা কৰিবৰ বাবে ওলাই আহক৷

‘কৃষক বন্ধু’ পৰিয়ালৰ পৰা যুৱকজনৰ সৰ্বোন্নতি কামনা কৰিলো৷

******************************************************************
লিখিকা : বৰ্ণালী শৰ্মা বৰুৱা, গুৱাহাটী৷

Leave a Response