লাইচেনকবাদৰ বিভীষিকা Horror of Lysenkoism

~অৰুণাভ খাউণ্ড

লাইচেনকবাদ (Lysenkoism) ৰঙা সন্ত্ৰাস (Red terror)ৰ এক কলা অধ্যায়৷ বলচেভিক বিপ্লবৰ অন্তত বলচেভিক বাহিনীয়ে স্বেচ্ছাছাৰী জাৰক ক্ষমতাচ্যুত কৰি বিশ্বৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰে৷ সেয়া আছিল সমাজবাদৰ যুগ৷ সমাজবাদী ৰাছিয়াই কমৰেড লেনিনৰ নেতৃত্বত উন্নয়নৰ দিশত বাট বুলিছিল৷ যুদ্ধ বিধ্বস্ত আৰু দুৰ্ভিক্ষ পীড়িত ৰাছিয়াবাসীৰ জীৱন গভীৰ প্ৰশান্তিৰে ভৰি পৰিছিল৷কিন্তু শান্তিৰ সেই মলয়াছাটি সাময়িক হে আছিল৷ ১৯২৪ চনৰ ২১ জানুৱাৰী তাৰিখে ৰাছিয়াবাসীৰ সৰ্বকালৰ প্ৰিয় নেতা, মহান বিপ্লবী ভলিডিমাৰ লেনিনে সকলোকে কন্দুৱাই ইহসংসাৰ পৰা মেলানি মাগে৷লেনিনৰ মৃত্যুৰ পিছতেই তেওৰ সোহাত স্বৰূপ জোচেফ স্তালিন ছোভিয়েট ইউনিয়নৰ সৰ্বময়কৰ্তা হৈ পৰে আৰু প্ৰায় ইয়াৰ লগে লগেই আৰম্ভ হৈছিল ৰঙা সন্ত্ৰাসৰ৷স্তালিনে ছোভিয়েট ইউনিয়নৰ দ্ৰুত উন্নয়ন বিছাৰিছিল৷ তেওঁ সমাজবাদক আমোলাতান্ত্ৰিক সমাজবাদৰ ৰূপ দিছিল৷ কৃষিবিপ্লবৰ পৰিবৰ্তে তেওঁ বৃহৎ উদ্যোগ স্থাপনৰ দ্বাৰাহে দ্ৰুত উন্নয়ন সম্ভবপৰ বুলি ভাবিছিল৷ হঠাৎ কৃষিভিত্তিক অৰ্থনীতিক উদ্যোগমুখী কৰি তোলাত সমগ্ৰ দেশতে তীব্ৰ খাদ্য সংকটে দেখা দিছিল আৰু ছোভিয়েট অৰ্থনীতি প্ৰায় বিধ্বস্ত হৈ পৰিছিল৷ স্তালিনেও পলমকৈ হলেও নিজৰ ভুল বুজি পাইছিল আৰু কৃষিখণ্ডৰ ওপৰতো সমানেই গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল৷ সেই সময়তেই ট্ৰফিন লাইচেনক নামৰ এজন কৃষিবিজ্ঞানী স্তালিনৰ সংস্পৰ্শলৈ আহে আৰু তাৰ পিছৰে পৰাই আৰম্ভ হৈছিল লাইচেনকবাদৰ কলা অধ্যায়৷
১৮৯৮ চনত ইউক্ৰেইনত জন্মগ্ৰহণ কৰা লাইচেনক আছিল এজন জীৱ বিজ্ঞানৰ ছাত্ৰ৷ পৰবৰ্তী পৰ্যায়ত তেও কৃষি বিজ্ঞানৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল৷ ছাত্ৰবস্থাত তেওঁ শস্যৰজীৱনচক্ৰ (Lifecycle)ত উষ্ণতাৰ প্ৰভাৱ সম্পৰ্কীয় এটা প্ৰকল্পত কাম কৰিছিল আৰু সেয়াই আছিল তেওঁৰ জীৱনৰ বিবৰ্ত্তন বিন্দু (Turning point)৷ তেওঁ ডাৰউইনৰ বিবৰ্ত্তন মতবাদক অপ্ৰাসংগিক আখ্যা দিছিল আৰু বিশেষকৈ তেওঁ ডাৰউইন প্ৰাকৃতিক বাছনি (Natural Selection) প্ৰক্ৰিয়াক অস্বীকাৰ কৰিছিল৷ কিন্তু তাৰ পৰিবৰ্তে তেওঁ দেশীয় বিজ্ঞানী ইভান মিচৱিনৰ মতবাদক বিশ্বাস কৰিছিল৷ মিচৱিনৰ মতবাদ আছিল লেমাৰ্কৰ মতবাদৰ এক উন্নত ৰূপ৷ লেমাৰ্কে প্ৰাকৃতিক বাছনি (Natural Selection) আৰু যোগ্য ভোগ্য বসুন্ধৰা (Survival of the fittest) ৰ পৰিবৰ্তে বংশগত ভাবে আহৰিত গুণ (Heritability of acquired characters) ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ লেমাৰ্কৰ মতবাদ অনুসৰি জিৰাফৰ পূৰ্বপুৰুষ বিলাকে ওখ ওখ গছৰ পাত খাবলৈ ডিঙি অংশৰ প্ৰসাৰণ ঘটাইছিল৷ সেয়ে ক্ৰমাৎ ডিঙিৰ দৈৰ্ঘ্য বৃদ্ধি পায় জিৰাফৰ দৰে এটা দীঘল ডিঙিৰ প্ৰাণীৰ সৃষ্টি হল৷ কিন্তু লেমাৰ্কৰ এই মতবাদৰ বৈজ্ঞানিক গ্ৰহণযোগ্যতা নাছিল৷ ৱেইচমেনে তেওঁৰ Theory of Germplasm (১৮৯২) ৰ দ্বাৰা লেমাৰ্কৰ বংশগত ভাবে আহৰিত গুণ সম্পৰ্কীয় মতবাদক ভূল বুলি প্ৰমাণিত কৰিছিল৷ ৱেইচমেনে উদাহৰণস্বৰূপে কৈছিল যে যদিহে দুটা নিগনিৰ (Parental generation) নেজডাল কাটি সিহতৰ মাজত প্ৰজনন কৰোৱা (cross) হয়, তেন্তে প্ৰজননৰ ফলত উৎপত্তি হোৱা নিগনিপোৱালীটোৰ (Offspring) কিন্তু নেজ থাকিব৷ অৰ্থাৎ লেমাৰ্কৰ এই মতবাদ যে শুদ্ধ নহয় সেই কথা ১৮৯৮ চনতেই এক প্ৰতিষ্ঠিত সত্যত পৰিণত হৈছিল৷ কিন্তু আকাশত চাং পতা লাইচেনকই এই লেমাৰ্কৰ মতবাদৰ আধাৰতেই কৃষিক্ষেত্ৰত বৈপ্লবিক পৰিবৰ্তন অনাৰ স্বপ্ন দেখিছিল৷ লাইচেনকই মেণ্ডেলিয়ান বংশগতি (Mendelian inheritance) আৰু জিনৰ উপস্থিতিক নস্যাৎ কৰিছিল৷ তেওঁ Vernalization নামক এক অপবৈজ্ঞানিক (Psuedoscience) মতবাদৰ জন্ম দিছিল৷ তেওঁ দাবী কৰিছিল যে শীতকালীন ঘেঁহুক বসন্তকালীন ঘেঁহুলৈ পৰিবৰ্তন কৰিব পাৰি৷ কিন্তু প্ৰকৃতাৰ্থত সেয়া আছিল অলীক কল্পনা মাথো৷ কাৰণ বসন্তকালীন ঘেঁহুত দুযোৰ ক্ৰমজম (2n) থকাৰ পৰিবৰ্তে শীতকালীন ঘেঁহুত তিনিযোৰ(3n) ক্ৰমজম থাকে৷ তেওঁ বিশ্বাস কৰিছিল যে ৰায়ক ঘেঁহুলৈ আৰু ঘেঁহুক বাৰ্লিলৈ ৰূপান্তৰ কৰিব পাৰি৷ লেমাৰ্কৰ মতবাদৰ ওপৰত ভিত্তি কৰি তেওঁ কৈছিল যে কেইবাবছৰো যদি তুষাৰবৃত্ত অঞ্চলত ঘেঁহু খেতি কৰা হয় তেন্তে শীতপ্ৰতিৰোধী (Cold resistan) ঘেঁহুৰ প্ৰজাতিৰ সৃষ্টি কৰাটো সম্ভব৷ মেণ্ডেলীয়ান বংশগতি আৰু জিন সম্পৰ্কীয় ধাৰণাক বুৰ্জোৱা সমাজৰ ফচল বুলি অভিহিত কৰি তেওঁ স্তালিনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ খুব কম সময়ৰ ভিতৰতে স্তালিনৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসী হৈ পৰা লাইচেনকক স্তালিনে Lenin All Union Accademy of Agricutural Science ৰ সঞ্চালক পদত নিযুক্তি দিছিল৷
 লাইচেনকৰ প্ৰধানতম বৈজ্ঞানিক প্ৰতিদ্বন্দীজন আছিল ভেভিলভ৷ সেই সময়ত ভেভিলভ আছিল সেই প্ৰতিষ্ঠানৰ প্ৰেছিডেন্ট৷ ভেভিলভে লায়চেনকৰ এই অবৈজ্ঞানিক চিন্তাধাৰাৰ বিৰোধিতা কৰিছিল৷ সেই দোষৰ বাবেই ভেভিলভক কাৰাগাৰলৈ পঠিওৱা হৈছিল৷ কেবল ভেভিলভকেই নহয় লায়চেনকৰ বিৰোধিতা কৰা প্ৰায় তিনিহাজাৰ বিজ্ঞানীক কাৰাগাৰলৈ পঠিওৱা হৈছিল৷ ছোভিয়েট ইউনিয়নৰ পৰা দূৰ্ভিক্ষক বিদায় দিয়াৰ স্বপ্ন দেখা মহান বিজ্ঞানী ভেভিলভে কাৰাৰূদ্ধ অবস্থাত অনাহাৰ আৰু অপুষ্টিৰ ফলত মৃত্যুক সাবতি লৈছিল৷ এয়াই আছিল ৰঙা সন্ত্ৰাসৰ বিভীষিকা যৰ পৰা বিজ্ঞানীয়েও ৰেহাই পোৱা নাছিল৷ কেবল মাত্ৰ বৈজ্ঞানিক মতবিৰোধৰ বাবেই ভেভিলোভ আৰু অন্যান্য বিজ্ঞানীসকলক কাৰাগাৰলৈ পঠিওৱাটো কিমানদুৰ সমীচিন আছিল!
প্ৰকৃততে দেশৰ সমস্ত ক্ষমতা যেতিয়া এজন স্বেচ্ছাছাৰী শাসকৰ হাতত পুঞ্জীভূত হৈ পৰে, তেতিয়া দেশত এনে বিষময় পৰিস্থিতিৰেই উৎপত্তি হয়৷ বাস্তৱত লায়চেনকই তেওঁৰ দাবীবোৰ পূৰণ কৰিবলৈ ব্যৰ্থ হৈছিল৷ ফলত দেশত তীব্ৰ খাদ্যসংকটে দেখা দিছিল৷ ১৯৫৩ চনত স্তালিনৰ মৃত্যুৰ পিছৰ পৰাই লাইচেনক ক্ৰমে অপ্ৰাসংগিক হৈ পৰিছিল৷ পলমকৈ হলেও পাৰ্টীয়ে নিজৰ ভুল বুজি পাইছিল৷ সেয়ে ১৯৬৫ চনত লাইচেনকক সঞ্চালক পদৰ পৰা পদচ্যুত কৰা হয় আৰু ইয়াৰ লগে লগেই এই বিভীষিকাময় অধ্যায়ৰ পৰিসমাপ্তি ঘটে৷ কিন্তু ইতিমধ্যেই কৃষি বিজ্ঞানত ছোভিয়েট ইউনিয়ন কেইবাটাও দশক পিছুৱাই গৈছিল৷ সেয়ে হয়তো আজিৰ তাৰিখতো ৰাছিয়া কৃষিখণ্ডত সিমান উন্নত নহয়৷

*********************************************

~অৰুণাভ খাউণ্ড, স্নাতক তৃতীয়  বৰ্ষ,

কৃষি মহাবিদ্যালয়,অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট|

Leave a Response