অসমত ভেঁটফুলৰ খেতি আৰু ব্যৱসায়িক সম্ভাৱনা Water Lily (Manela Flower) Cultivation in Assam and its Commercial Possibilities

~ Miss Jahnobee Gogoi

বহুদিনৰ পৰা ঘৰত পুখুৰী এটা পকা কৰি বন্ধাই ভেঁটফুল ৰোৱাৰ কথা ভাবি আছোঁ। পিছে ঘৰত নথকা হেতুকে হৈ উঠাগৈ নাই। এইবিষয়ে ফেচবুকৰ ভাইটি এজনে গোট এটাত নিজে বনোৱা ভেঁটফুলৰ পুখুৰীৰ ফটো দিয়া দেখি তেওঁৰ লগত যোগাযোগ কৰি গম পালোঁ যে অসমৰ বাহিৰত ভেঁটফুলৰ বৃহৎ বজাৰ। অতি সহজতে পোৱা ডাঠ গুলপীয়া ৰঙৰ ভেঁটফুল আৰু বগা ৰঙৰ ভেঁটফুলৰ পুলিৰ দাম ২৫০ টকাৰ পৰা আৰম্ভ হয়।নীলা/বেঙুনীয়া/হালধীয়া ভেঁটফুলৰ দাম প্ৰায় ৬০০ টকা, হাইব্ৰীড, দুইৰঙী পুলিৰ দাম একোটাত ২৫০০ লৈকে উঠা দেখিছোঁ।
অসমৰ বহুতেই চিনি নোপোৱা কিন্তু উত্তৰ আৰু মধ্য ভাৰতৰ এবিধ জনপ্ৰিয় খাদ্য “মাখনা”, আমি স্থানীয় ভাৱে নিকৰি বুলি কওঁ। যাক ইংৰাজীত কোৱা হয় “Fox Nuts”। এই মাখনা অতি কম কেলৰিযুক্ত আৰু ইয়াত মেগনেচিয়াম প্ৰচুৰ আৰু চডিয়াম কম থকা হেতুকে হাইপ্ৰেচাৰ, হৃদৰোগ আৰু ডায়েবেটিচ থকা ৰোগীৰ বাবে উপাদেয়। ওজন কমাবলৈ বিচৰাসকলেও খাদ্যাভ্যাসত ইয়াক অন্তৰ্ভুক্ত কৰিলে সুফল লাভ কৰিব পাৰে। মাখনা বা নিকৰিৰ বহুত ঔষধি গুণ আছে আৰু ইয়াক নিয়মীয়াকৈ স্বাস্থ্যসন্মত ভাৱে ব্যৱহাৰ কৰিলে বয়সৰ চাপক বাধা দিব পাৰি। কিন্তু পৰিতাপৰ কথা যে অসমত বহুতেই নিকৰিৰ ব্যৱসায়িক সম্ভাৱনীয়তাৰ বিষয়ে বৰকৈ জ্ঞাত নহয়।কিন্তু বহুত কেইটা ৱেবচাইটত Healthy Foxnuts বুলি সৰু ভজা মাখনাৰ পেকেট একোটা ৭০-১০০ টকাত বিক্ৰী কৰা দেখিছোঁ।
বহুতৰে ঘৰৰ পিচফালে হয়তো পুখুৰী বা খাল আছেই। তাতেই আপোনালোকে সহজতে পোৱা ভেঁটফুলৰ পুলি আনি ৰুই বাহিৰৰ গ্ৰাহকক উচ্চ মূল্যৰ বিনিময়ত বিক্ৰী কৰিব পাৰে। বহল পৰিসৰত ভেঁটফুলৰ খেতি কৰি পুৰঠ হ’লে ব্যৱসায়িক ভিত্তিত মাখনা বিক্ৰী কৰিবও পাৰে। আপোনাৰ যদিহে ৰিজৰ্ট জাতীয় কিবা এখন আছে, তাত ভেঁটফুল ৰুলে আপোনাৰ ৰিজৰ্টৰ শোভাবৰ্দ্ধন কৰি সকলোৰে মাজত জিলিকি থাকিব।
যাৰ পুখুৰী নাই, তেওঁলোকে ডাঙৰ টাব এটাৰ তলিত সৰু টাব বা বাটি এটাত সামান্য মাটি দি ভেঁটফুলৰ পুলি ৰুব পাৰে। ডাঙৰ টাবৰ অভাৱত আপোনাৰ ঘৰৰ পুৰণি টৌ, প্লাষ্টিকৰ গামলা ইত্যাদি পেলাই নিদি সামান্য ৰঙ কৰি ভেঁটফুলৰ বাবে সুন্দৰ টাব এটা বনাব পাৰে। নাৰ্চাৰী থকাসকলে তেনেকৈয়ে ব্যৱসায়িক ভিত্তিত ভেঁটফুলৰ খেতি কৰিব পাৰে।
আমাৰ চৌপাশে এনেকুৱা অলেখ সম্পদ আছে। মাথোঁ আমি তাৰ ব্যৱহাৰ নাজানো বাবেই বহুত সম্পদ বিলুপ্তপ্ৰায়। চবেই বেয়া পোৱা মেটেকাৰো উপযোগিতা আছে। ভেঁটফুলৰ পুখুৰী বোৰো অদৰকাৰী বুলি মানুহে পুতি পেলাইছে। চিন্তা কৰি চাবচোন |
**********************************

[Article of Content Writing ত প্ৰকাশিত লেখাসমূহ কৃষক বন্ধু ই-আলোচনীৰ দ্বাৰা আয়োজিত প্ৰৱন্ধ লিখা প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা লিখনি ৷ পূৰ্বে কোৱা ম’তে এই মাহৰ আলোচনীত প্ৰকাশ কৰা হৈছে৷ ধন্যবাদ – সম্পাদক, কৃষক বন্ধু ই আলোচনী]

Leave a Response