সুখৰ সংজ্ঞা : এখনি ফুলনিবাৰী আৰু শীতকালীন ফুলৰ যতন Definition of Hope : Maintaining a Flower-garden and Winter-flowers

~ বিজয়া বৰুৱা, ডিগবৈ

এটি সৰু ঘৰ, এখন বিস্তৃত ফুলনি,কেইগৰাকীমান বন্ধু-বান্ধৱী আৰু বহুত কিতাপ -“A small house,a large garden,a few friends and many books “

~সুখ সম্পৰ্কে কোনো অনামী বিজ্ঞ ব্যক্তিয়ে আগবঢ়োৱা সংজ্ঞা এয়া ৷

এই সুখৰ সংজ্ঞাটিত দিয়া দৰে আমাৰ বহুত কিতাপ নহ’লেও সাধ্য অনুসৰি গোটাই লোৱা এটি সৰু পুথিভঁৰাল আছে ৷ মন গ’লেই উলিয়াই লৈ পঢ়োঁ মোৰ প্ৰিয় কবি বা লেখকৰ ৰচনাবোৰ ৷ ঠিক তেনেকৈ সীমিত সংখ্যক বন্ধু-বান্ধৱী আছে –যাৰ লগত নিঃসংকোচে মনৰ কথাবোৰ আলোচনা কৰিব পাৰোঁ ৷ এই সংজ্ঞাটিত আগবঢ়োৱা সৰু এটি ঘৰ আমাৰ হোৱাগৈ নাই ৷ আমি বৰ্তমান এটি প্ৰতিষ্ঠানৰ আৱাসিক কলনিৰ আৱাসী ৷ আৱাসগৃহটিৰ সন্মুখত থকা মাটিখিনিতেই নিজৰ চখ পূৰাবলৈ নানা তৰহৰ ফুল ৰুই ভালপাওঁ ৷ বছৰটোৰ বেছিখিনি সময়তে মোৰ ফুলনিখনত ফুলবোৰ জকমকাই ফুলে ৷ নিজ হাতে ৰোৱা পুলিবোৰ যেতিয়া লহপহকৈ বাঢ়ি ফুল ফুলি জাতিষ্কাৰ হৈ পৰে,কিমান যে সুখ অনুভৱ কৰোঁ বৰ্ণনা কৰিব নোৱাৰি ৷ ফুলবোৰে যেতিয়া নানা ৰঙৰ মেলা পাতে মৌ-মাখিবোৰ এপাহ ফুলৰ পৰা আন এপাহলৈ উৰি উৰি মৌ গোটোৱা আৰু কোনোবা এটা সময়ত ফুলৰ বুকুত মুখ গুঁজি মৌ-মাখিবোৰ লুকাই পৰা দৃশ্য, ফুটুকা ফুটুকী সৰু সৰু পখিলাবোৰ উৰি ফুৰা, কনমানি পখিলাবোৰ আহি এবাৰ এপাহ ফুলত পৰেহিহে – পৰিয়েই আকৌ উৰি যোৱা, ৰিব্‌ ৰিব্‌ বতাহত পপীফুলবোৰ হালি জালি নাচি থকা আৰু তাৰ লগে লগে মৌ-মাখিকেইটিয়ে তাল মিলাই উৰি ফুৰা, চিনাকি অচিনাকি সৰু সৰু চৰাইকেইটামান আহি ডালে ডালে পিত্‌ পিতাই ঘুৰি ফুৰা নয়নাভিৰাম দৃশ্য চাই চাই বিমল সুখ অনুভৱ কৰোঁ ৷ এই সৰু সৰু সুখবোৰে আমাৰ দৰে সৰু মানুহৰ জীৱনবোৰ হাঁহিৰে ভৰাই তোলে ৷এইদৰে প্ৰতিজন মানুহেই বুকুত কঢ়িয়াই ফুৰে কিছুমান সৰু সৰু সপোন, জীৱনৰ ভাল লগা স্মৃতিৰ টুকুৰাবোৰ,সৰু সৰু কথাতে অনুভৱ কৰা সুখবোৰ ৷ আমিও তাৰ ব্যতিক্ৰম নহয় ৷নিজে ৰুই ডাঙৰ কৰা ফুলবোৰৰ লগতো গঢ়ি উঠে এক মধুৰ সম্পৰ্ক ৷ তেনেই পুলি অৱস্থাৰ পৰা দিনে দিনে বাঢ়ি অহা গছবোৰৰ কোমল পাতবোৰলৈ চাই এক আমোলমোল সেউজীয়া গোন্ধে ভৰি পৰে মন -হৃদয় ৷ আৰু যেতিয়া জকমকাই ফুলে ফুলবোৰলৈ চাই মন ভৰি উঠে, মনৰ দুখ-বেদনা – নিঃসংগতাবোধ পলাই ফাট মাৰে ৷

ফুলখেতিৰ বিষয়ে মই অভিজ্ঞ নহয় যদিও মই ৰোৱা শীতকালীন ফুলৰ বিষয়ে যিখিনি জানো ইয়াত উল্লেখ কৰিবলৈ যত্ন কৰিলো-

১/ইন্দ্ৰমালতী বা ক্ৰিচেনথিমাম – মই সাধাৰণতে ক্ৰিচেন্‌থিমাম ফুলহে বেছিকৈ কৰোঁ ৷ অসমৰ জলবায়ু ক্ৰিচেন্‌থিমামৰ বাবে উপযোগী হয় ৷মোৰ বাৰীত চাৰিবিধ মানহে আছে, তাৰে বগা আৰু হালধীয়া ৰঙৰ বেছি ৷ এই দুবিধ ইন্দ্ৰমালতী ইমানেই ফুলে যে ফুলৰ ভৰত সৰু সৰু ডালবোৰ ভাঙি পৰে, সেয়ে বান্ধিব লগা হয় ৷ ইন্দ্ৰমালতী ফুল বহুদিনলৈ ফুলনি শুৱনি কৰি থাকে, বেয়া হৈ নাযায় ৷মই সাধাৰণতে জুন-জুলাই মাহত কাটিং আৰম্ভ কৰোঁ ৷ এজোপা পুৰঠ গছৰ পৰা ভাল চাই আগবোৰ চোকা ব্লেডেৰে কাটি বালিত ছাঁ ঠাইত পোতি থলে সুন্দৰকৈ শিপা উলাবলৈ আৰম্ভ কৰে, কোনো ঔষধৰ প্ৰয়োজন নহয় ৷ মই মন কৰিছোঁ এইবিধ ফুল খাৰযুক্ত মাটিত ভাল হয় | পচন সাৰ আৰু শুকান গোবৰ এইবিধ ফুলৰ বাবে উপযুক্ত সাৰ ৷
২/ইম্পেচন -ডাবল আৰু চিংগল.. এই দুই ধৰণৰ ভিন্ন ৰঙৰ ইম্পেচন পোৱা যায় ৷এইবিধ ফুলে প্ৰখৰ ৰ’দ সহ্য কৰিব নোৱাৰে, গতিকে ছাঁৰ প্ৰয়োজন হয় ৷ এজোপা পুৰঠ গছৰ পৰা সৰু সৰু আগবোৰ কাটি ৰুই দিলেই ঠন ধৰি বাঢ়ি আহে, কিন্তু সোনকালে মৰিও যায় ৷পানী নহ’লেও নহয়, পানী বেছিকৈ পালেও গেলি যায় ৷ইম্মেচনৰ ডাবলটোৰ বহুত যত্নৰ প্ৰয়োজন ৷টাবটো চাব লাগে যাতে কেনেবাকৈ পানী জমা হৈছে নেকি ৷পানী অকনমান জমা হ’লেই গেলি যায় ৷ ইম্পেচন সদায় ছাঁ পৰা জেগা আৰু অলপ ওখ ঠাইত টাবতে থলে বহু দিনলৈ থাকে ৷
৩/চিনেৰেৰীয়া-মোৰ প্ৰিয় ফুলৰ ভিতৰত এইজোপা অন্যতম ৷ চিনেৰেৰীয়াৰ বাবেও ছাঁ পৰা জেগা হ’ব লাগে৷ টাবত এইবিধ ফুল অতি সুন্দৰকৈ ফুলে ৷কেৱল গোবৰ আৰু পচন সাৰ এইজোপা বাবে উপযুক্ত সাৰ ৷ চিনেৰেৰীয়া ভালকৈ যত্ন ল’লে ইমানেই ফুলে যে মানুহে দেখিলে আচৰিত হৈ যায় ৷
৪/পইন্ট চেটিয়া – প্ৰকৃতিৰ লীলা সঁচাকৈয়ে বিস্ময়কৰ, অপূৰ্ব ৷ শীতৰ আগমনৰ লগে লগে এইবিধ ফুলৰ আগবোৰ ৰঙীন হ’বলৈ ধৰে ৷ সেউজীয়া পাতৰ গছজোপা ৰঙীন হৈ জকমকাই উঠে ৷ পইণ্ট চেটিয়াৰ সৌন্দৰ্য্য চকুত চাট মাৰি ধৰা বিধৰ ৷এইবিধ ফুলৰ সিমান যত্নৰ প্ৰয়োজন নাই ৷কেৱল পাতৰ তলত এবিধ বগা শুংথকা পোকে আক্ৰমণ কৰে ৷ তাৰ পৰা বছাই ৰাখিব পাৰিলেই গছজোপা স্বাস্থ্যৱান হৈ থাকে আৰু বৰ মোহনীয়কৈ ফুলি উঠে ৷
৫/শীতকালীন অন্যান্য ফুলৰ যতন -বহু নাম নজনা ফুলে শীতকালত প্ৰাণভৰি ফুলে ৷ মোৰ মতে, ফুলবোৰ পচন সাৰ আৰু গোবৰেই উপযুক্ত সাৰ ৷ফুলবোৰৰ যত্ন লওঁতে আজৰি সময়খিনি সুন্দৰকৈ পাৰ হৈ যায় ৷ কিছুমান ফুল ৰ’দঘাই ঠাইত বেছিকৈ ফুলে আৰু কিছুমানৰ বাবে ছাঁ ঠাইৰ প্ৰয়োজন হয় ৷মোৰ ফুলনিখন সৰু যদিও ইয়াৰ প্ৰতিজোপা গছে যেন মোৰ হাতৰ পৰশ চিনি পায়, ময়ো চিনি পাওঁ গছজোপাৰ প্ৰতিদিনৰ বাঢ়ি অহা প্ৰক্ৰিয়াটোক ৷ কেতিয়াবা মনতে ভাৱো এই গছবোৰ মাটিৰ লগত যি আত্মীয়তা বান্ধোনেৰে বান্ধ খাই থাকে ঠিক সেইদৰে ৰোৱাজনৰ মনৰ লগতো আত্মীয়তা বান্ধোনেৰে বান্ধ খাই থাকে ৷সেয়ে হয়তো জকমকাই ফুলবোৰ ফুলি মৰমৰ উপহাৰ দিয়ে ৷ ফুলবোৰ পুৱাতে দেখিলে দিনটোলৈ মনটো সজীৱ হৈ থাকে ৷ মুঠতে কবলৈ গ’লে এই ফুলবোৰ ঋতুৰ বুকুত গুঁজি লোৱা এক ফুলাম চিঠিৰ দৰে ৷

************************************
~ বিজয়া বৰুৱা, ডিগবৈ |

[Article of Content Writing ত প্ৰকাশিত লেখাসমূহ কৃষক বন্ধু ই-আলোচনীৰ দ্বাৰা আয়োজিত প্ৰৱন্ধ লিখা প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা লিখনি ৷ পূৰ্বে কোৱা ম’তে এই মাহৰ আলোচনীত প্ৰকাশ কৰা হৈছে৷ ধন্যবাদ – সম্পাদক, কৃষক বন্ধু ই আলোচনী]

Leave a Response