গৃহস্থী কুশলে থাকক! Happy Family Life!

 

বছেৰেকৰ বিহুটোত ৰাইজে হুচৰি গাবলৈ আহি গৃহস্থী ঘৰৰ কুশল কামনাৰে মুৰৰ চুলি চিঙি আশীৰ্বাদ কৰি গৃহস্থী ঘৰৰ আটাইবোৰ প্ৰাণীৰে মংগল প্ৰাৰ্থনা কৰাৰ উপৰি পুখুৰীত মাছ,গোহালিত গৰু, ভৰাঁলত ধান, বাৰীত তামোল পান উভৈনদী হওঁক বুলিও আশীৰ্বাদ দিয়ে ৷ গঞাঁ ৰাইজে গৃহস্থীৰ সুখ সমৃদ্ধিৰ আধাৰ হিচাবে কৃষি আৰু পশুপালন সাঙুৰিলৈ সমগ্ৰ কৃষি ব্যৱস্থাটোকেযে গণ্য কৰি আহিছে হুচৰিৰ এই আশীৰ্বাদৰ মাজতেই পৰিস্ফুট হৈ আহিছে৷ গাৱঁৰ ঘৰবোৰক আমি সাধাৰণতে ঘৰ নুবুলি পৰম্পৰাগতভাৱে গৃহস্থী বুলিহে কও৷ এই গৃহস্থী শব্দটোৰ ধাৰণা ইংৰাজী Farm Family শব্দটোৰ সমাৰ্থক৷ এখন গৃহস্থীত কেৱল মুনিহেই (উপাৰ্জনশীল মানুহ) নাথাকে, গৃহস্থী ঘৰৰ ধাৰনাটোত এখন ভৰোন পান-তামোলৰ বাৰী, বাৰীৰ ঢাপত ফল-মূলৰ গছ, এগোহালি গৰু, ছাগলী, হাহঁ ,পাৰ , কুকুৰা আৰু পুখুৰীৰ মাছ সোমাই পৰে৷ গৃহস্থী ঘৰৰ আগচোতালৰ একোনত চোতাল শুৱনি কৰি এটা বা দুটা গুটিধানৰ ভৰালো থাকে৷ গৃহস্থীৰ মূল মতা মানুহজন গৃহস্থ আৰু মহিলাগৰাকী হয় গৃহিনী৷ গৃহস্থীত গৃহস্থ আৰু গৃহিণী দুয়োজন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷ দুয়োৰে যুটিয়া সিদ্ধান্তমৰ্মেই কৃষি কৰ্ম (খেতিখোলা) চলে৷ এনে গৃহস্থীৰ কাজুৱা মতামানুহবোৰক মুনিহ বোলে৷ মুনিহে পৰিয়ালৰ আয় বৃদ্ধি কৰে৷ গঞাঁই মুনিহৰ গুৰুত্ব দেখি কয় বোলে “আলহীয়ে খহায়, মুনিহেহে বঢ়ায়৷” সেয়ে গৃহস্থীত মুনিহৰ গুৰুত্ব বেছি৷ গৃহস্থীৰ তিৰোতাগৰাকী ঘৰধৰা লখিমী ৷ গঞাঁ সমাজে অকামিলা ধোদবোৰক সমুলি সমাদৰ নকৰে ৷ একোখন গৃহস্থী হ’ল লোণ-তেলৰ (কেৰাচিন) বাদে আন বয় বস্তুৰ বাবে বজাৰলৈ যাব নলগীয়া একোটা স্বনিৰ্বাহী কৃষি উৎপাদন গোট ৷ পৰিয়াল (Farm Family) হৈছে এই গোটৰ কেন্দ্ৰবিন্দু আৰু শস্য, মৎস্য, দুগ্ধ, কণী আদি এই গোটৰ উৎপাদিত সামগ্ৰী ৷ মনকৰিবলগীয়া দিশ এইটোয়েই যে, এই গৃহস্থীবোৰে নিজে খাবৰ বাবে আৰু নিজৰ কৃষি উৎপাদনৰ সামগ্ৰীৰ বাবে (ইনপুট) বজাৰৰ ওপৰত সততে নিৰ্ভৰ নকৰে৷ ধান, মাহ ,সৰিয়হ , শাক পাচলি আৰু ফলে মূলে জাতিস্কাৰ গৃহস্থীবোৰ আৰ্থিকভাৱে স্বচ্ছল আৰু পৰিয়ালৰ সকলোয়ে সমভাৱে সুষম পুষ্টিকৰ আহাৰ লাভ কৰে ৷ এনে আদৰ্শ গৃহষ্ঠীবোৰৰ পৰাই সমাজে লাভ কৰে গুণগত মানৱসম্পদ ৷
আমাৰ গাৱঁৰ পুৰনি এই কৃষি ব্যৱস্থাটো মূলতঃ জৈৱিক আছিল৷ এই জৈৱিক ব্যৱস্থাটোত পথাৰ শস্য, উদ্যান শস্য, পশুপালন, মৎস্যপালন আদি সকলোবোৰ ওতঃপ্ৰোতভাৱে জড়িত হৈছিল৷ গৃহস্থী ঘৰত জাকৰুৱা পৰিয়ালৰ বাবে যিদৰে খাদ্যৰ অভাৱ নাছিল , ঠিক সেইদৰে পশুখাদ্যৰো অভাৱ নাছিল৷ মাছৰ দানাৰ বাবে খলিহৈ, গৰুৰ বাবে ধানখেৰ, তুঁহ আদি পৰ্যাপ্ত পৰিমানে মজুত আছিল৷ বাৰিষাৰ বাবে লাউ-কোমোৰা আদি পাভটি বা বৰচাঙত সংৰক্ষণ কৰি ৰাখি পৰিয়ালৰ খাদ্য নিৰাপত্তা সুনিশ্চিত কৰিছিল৷
আমি আলোচনা কৰা অসমৰ গাৱঁৰ গৃহস্থীৰ এই কৃষি উৎপাদন ব্যৱস্থাটো আধুনিক বিজ্ঞানৰ দৃষ্টিৰে পৰ্য্যবেক্ষণ কৰিলে সমন্বিত কৃষি ব্যৱস্থা (Integrated Farming System) নামৰ বিজ্ঞানসন্মত কৃষি ব্যৱস্থাটো কাৰ্যকৰী হোৱা দেখিবলৈ পাওঁ ৷ এইটো এটা অতি উত্তম কৃষি ব্যৱস্থা ৷ এই ব্যৱস্থাটোক আমি বিজ্ঞানৰ শকতিৰে অধিক শক্তিশালী কৰিব লাগে ৷ আমাৰ পুৰণি বাৰীবোৰৰ উৎপাদনশীলতা চিন্তনীয়ভাৱে হ্ৰাস পাইছে ৷ গতিকে এই বাৰীবোৰ পুনৰুজ্জীৱিত কৰিব লাগিব ৷ বাৰীবোৰৰ পৰিচৰ্যাৰ প্ৰতি মনোযোগ ৰাখি কৃষকসকলে শস্য-পশুধন-মৎস্যপালন এই সকলো যথাযথভাৱে সংযুক্ত কৰি কৃষি উৎপাদনত মনোনিবেশ কৰিলে বিশেষকৈ কম মাটিৰ গৰাকী কৃষকসকলো লাভবান হ’ব ৷ পৰিয়ালটোৰ হাতলৈ নিয়মীয়াভাৱে নগদ টকা সিকা আহিব ৷ এনে ব্যৱস্থাৰ দ্বাৰা কৃষি উৎপাদনৰ অনিশ্চয়তাৰ পৰা হাত সাৰিব পাৰি আৰু শ্ৰমিকসকলৰ বাবেও সকলো সময়তে নিয়োজিত হৈ থকাৰ সুবিধা ওলায় ৷ পৰিৱেশৰ সুৰক্ষাৰ দিশৰ পৰাও এনে সমন্বিত ব্যৱস্থা উপকাৰী কিয়নো সমন্বিত ব্যৱস্থাত কোনো সম্পদৰ এলানি নহয় ৷ এটা উপব্যৱস্থাৰ পৰা লাভ কৰা সামগ্ৰীবোৰ আন এটা উপব্যৱস্থাত ব্যৱহাৰ কৰি উৎপাদন ব্যয় কৰি হ্ৰাস কৰিব পাৰি ৷ এই ব্যৱস্থাত বছৰৰ পাছত বছৰ কৃষি কৰিলেও মাটিৰ উৎপাদিকা শক্তি হ্ৰাস নাপায় ৷ সেয়ে এনে ব্যৱস্থাক ধাৰণশীল (Sustainable) ব্যৱস্থা বোলা হয় ৷
বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা সমন্বিত কৃষি ব্যৱস্থাৰ ভালেমান কাৰ্যকৰী আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ এনে একোটা আৰ্হিত পাৰস্পৰিক সমন্ধ থকা একাধিক গোট একত্ৰিত কৰি পৰিচালনা কৰা হয় ৷ এনে আৰ্হিবোৰ স্থানীয় পৰিবেশ পৰিস্থিতি , জলবায়ু , কৃষকৰ কাৰ্যদক্ষতা আৰু উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা আদি চাই-চিতিহে গ্ৰহণ কৰিব লাগে৷ সকলো আৰ্হি সকলোৰে বাবে উপযুক্ত নহয়৷ এতিয়া আমাৰ পুৰণি গৃহস্থীখনক ন-প্ৰযুক্তিৰ আলোকত, সমন্বিত কৃষি ব্যৱস্থাৰ আৰ্হিত গঢ়ি তুলি উৎপাদন আৰু উপাৰ্জন বঢ়াব লাগে৷ এই ক্ষেত্ৰত আমাৰ এলাগীহৈ পৰা বাৰীবোৰ পুনৰুজ্জীৱিত কৰাত বিশেষ গুৰুত্ব দিব লাগে ৷ সমন্বিত ব্যৱস্থাত আমি সৰ্বাধিক আয় কৰিব পাৰো উদ্যান শস্যৰ ভিতৰুৱা এই বাৰীবোৰৰ পৰা ৷ আমাৰ ধান মাহ আদিৰ উপযোগী মাটিবোৰত আন শস্যৰ খেতি কৰিব পৰা নাযায় ৷ গতিকে এনে মাটিত বছৰত দুটা খেতিৰ আচঁনিৰে আমি আগবাঢ়িব লাগিব ৷ পশু পালনৰ ভিতৰত ছাগলী ,কুকুৰা পালন আদি নিৰ্বাচন কৰিব লাগিব ৷ পাছে আমি এইসকলোৰে মাজত সুসমন্বয় ঘটাব লাগিব ৷ আমাৰ কম মাটিৰ কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে এই ব্যৱস্থা সৰ্বোত্তম ৷ এই পথে আগবাঢ়িলেহে গৃহষ্ঠী ৰাইজ আৰু পৰিবেশ কুশলে থাকিব।

*********************

~শ্ৰী অঞ্জন কৃষ্ণ শৰ্মা,
শস্য বিজ্ঞান বিশেষজ্ঞ ;
কৃষি বিজ্ঞান কেন্দ্ৰ, শোনিতপুৰ |

[Article of Content Writing ত প্ৰকাশিত লেখাসমূহ কৃষক বন্ধু ই-আলোচনীৰ দ্বাৰা আয়োজিত প্ৰৱন্ধ লিখা প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা লিখনি৷ পূৰ্বে কোৱা ম’তে এই মাহৰ আলোচনীত প্ৰকাশ কৰা হৈছে৷ ধন্যবাদ – সম্পাদক, কৃষক বন্ধু ই আলোচনী]

Leave a Response