ব্ৰইলাৰ কুকুৰাৰ প্ৰতিপালন Rearing of Broilers

ব্ৰইলাৰ হৈছে অতি সোনকালে বাঢ়ি অহাৰ ক্ষমতা থকা কুকুৰা, যিবোৰ উপযুক্ত প্ৰতিপালনত মাত্ৰ ৫ৰ পৰা ৬ সপ্তাহ বয়সত দেৰ-দুই কেজি ওজন হবগৈ পাৰে৷ মাংসৰ বাবে প্ৰতিপালন কৰা এই ব্ৰইলাৰবোৰ মতা বা মাইকী দুয়ো প্ৰকাৰৰ হ’ব পাৰে৷
ব্ৰইলাৰ মাংসৰ গুণাগুণ:
ব্ৰইলাৰ মাংস বৰ্তমান অতি জনপ্ৰিয়, কাৰণ- ব্ৰইলাৰবোৰ মিহি ছালৰ, আন মাংসৰ তুলনাত কম চৰ্বীযুক্ত, কোমল, আহঁবিহীন, সুন্দৰ জুতিলগা, সোৱাদযুক্ত আৰু অতি কম সময়তে ৰান্ধিব পৰা যায়৷
ব্ৰইলাৰ প্ৰতিপালনৰ পদ্ধতি :

ডিপলিটাৰ পদ্ধতিত ব্ৰইলাৰ কুকুৰাবোৰ বিজ্ঞানসন্মত ভাৱে ৰখাৰ উপযুক্ত নিয়ম হ’ল –
১) All in and all out system -অৰ্থাৎ এটা ঘৰত প্ৰতিপালিত হ’ব লগা আটাইবোৰ কুকুৰা একেলগে সোমাব আৰু ডাঙৰ হ’লে একেলগে ওলাই যাব৷
২) Multiple batch system – অৰ্থাৎ এটা ঘৰতে একে সময়তে কেইবাটাও গোটৰ বিভিন্ন বয়সৰ ব্ৰইলাৰ প্ৰতিপালিত হব৷
ব্ৰইলাৰ প্ৰতিপালনৰ কাৰ্য্যসমূহ :
১) ব্ৰইলাৰৰ উপযুক্ত হাইব্ৰিড জাত নিৰ্বাচন৷
২) ব্ৰুডাৰ ঘৰটো বিজ্ঞানসন্মতভাৱে তৈয়াৰি কৰা৷
৩) ব্ৰুডিং বা কৃত্ৰিম উমৰ ব্যৱস্থা কৰা৷
৪) লিটাৰ প্ৰতিপালন ব্যৱস্থা৷
৫) পোহৰ যোগান ব্যৱস্থা৷
৬) দানা আৰু পানীৰ যোগান ব্যৱস্থা৷
৭) ব্ৰইলাৰৰ স্বাস্থ্যৰ যতন (ঔষধ আৰু ছিটা)৷
৮) ব্ৰইলাৰৰ বেচা-কিনাৰ বজাৰ৷
৯) ব্ৰইলাৰ পামৰ ৰেকৰ্ড ৰখাৰ পদ্ধতি৷
১০) খৰচৰ হিচাব-নিকাচ ৰথা ইত্যাদি৷
ব্ৰইলাৰ জাত নিৰ্বাচন : ব্ৰইলাৰ পোৱালীবোৰ প্ৰতিস্থিত বা হেটচাৰীৰ Hatchery ৰ পৰা আহৰণ কৰিব লাগে৷ পোৱালীবোৰ সতেজ, দৌৰি ফুৰা, ওজন থকা (৪০-৪২ গ্ৰাম), তজবজীয়া হ’ব লাগে৷ জনপ্ৰিয় কেইবিধমান হাইব্ৰীড জাত হ’ল -Cobb-400Y, Cobb-800, Hubbard, Hybro, Starbro, Caribro ইত্যাদি৷
ব্ৰ তৈয়াৰিকৰণ :
১) ব্ৰুডাৰ ঘৰটো পোৱালী সোমোৱাৰ আগতে চাফা কৰি ধুই বীজানুনাশক দ্ৰব্য প্ৰয়োগ কৰি শুকুৱাই লব লাগে৷
২) ব্ৰইলাৰৰ জাকটো বিক্ৰী কৰি ঘৰটো খালি কৰাৰ লগে লগে ঘৰৰ ভিতৰত ব্যৱহাৰ কৰা বাচন-বৰ্ত্তন, ব্ৰুডাৰ আদি বাহিৰলৈ উলিয়াই দি পুৰণা লিটাৰবোৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াই পেলাব লাগে৷ ইয়াৰ পিছত মজিয়া, জালনা, বেৰ আদিৰ পৰা ধুলি-মাকতি, মকৰা জাল, লিটাৰ আদিবোৰ এৰুৱাই চাফা কৰি পেলাব লাগে৷
৩) আহিলা পাতি, মজিয়া আৰু বেৰখন ২% ফিনাইল যুক্ত পানীৰে ধুই চাফা কৰিব লাগে৷ ইয়াৰ বাবে বাহঁৰ ঝাৰু আৰু ব্ৰাচ ব্যৱহাৰ কৰি ভালদৰে ঘহিঁ মাজি পৰিস্কাৰ কৰিব লাগে৷
৪) ঘৰটো ভালদৰে শুকুৱাৰ পিছত এবিধ উচ্চ শক্তিসম্পন্ন বীজানুনাশক দ্ৰব্য, যেনে -৫% ফিনাইল+ ২% ফৰমেলিন যুক্ত মিশ্ৰণ স্প্ৰেয়াৰৰ সহায়ত ঘৰৰ মজিয়া, বেৰ, জালনা, বাতাম, দৰ্জা আদিত বাহিৰে ভিতৰে ভালদৰে স্প্ৰে কৰাৰ ব্যৱস্থা কৰা উচিত৷ যদি ঘৰটোত আগত IBD বা গাম্বৰু বেমাৰ হৈছিল, তেনেহ’লে বীজানুনাশক মিশ্ৰণত ফৰমেলিন ৫% লৈ বৃদ্ধি কৰা উচিত৷ যদি পৰা যায় ফ্লেমাগান বা Blowlamp ৰ সহায়ত ঘৰটোৰ সকলোবোৰ ঠাই বিশেষকৈ চুক-কোণবোৰ পুৰি ল’লে ভাল৷ খেৰি ঘৰ বা বাহেঁৰে বনোৱা ঘৰত এই Blowlamp ব্যৱহাৰ কৰিব নালাগে৷
৫) শেষত ঘৰটোৰ বাহিৰে ভিতৰে এবাৰ চূণ দিয়াৰ ব্যৱস্থা কৰা উচিত৷
ঘৰটোত ব্ৰুডাৰ কেনেদৰে সজাব ?
১) ব্ৰুডাৰ ঘৰটোত পোৱালী সোমোৱাৰ ২৪ ঘন্টাৰ আগত নতুনকৈ লিটাৰ দিব লাগে৷ লিটাৰ বিলাক শুকান আৰু পৰিষ্কাৰ ফলিয়া তুহঁ বা কাঠৰ গুৰা ব্যৱহাৰ কৰা হয়৷
২) লিটাৰখিনি সমানভাৱে ঘৰৰ মজিয়াত মেলি দিব লাগে৷ গৰম দিনত এই লিটাৰখিনি ২-৩ ইঞ্চি আৰু জাৰকালি ৩-৪ ইঞ্চিমান ডাঠ হোৱা উচিত৷
৩) এতিয়া লিটাৰৰ ওপৰত ৰ’দত শুকুওৱা নতুন চতি বস্তা পাৰি তাৰ ওপৰত ডাঠকৈ পুৰণি বাতৰি কাগজ পাৰি ভালদৰে ঢাকি দিয়া উচিত যাতে পোৱালীবোৰে দানা বুলি ভাবি ভুলঃবশত খাব নোৱাৰে৷
৪) ব্ৰুডাৰটোক কোঠাৰ মাজত স্থাপন কৰি চাৰিওফালে ঘূৰণীয়াকৈ চিকগাৰ্ডখন লগাব লাগে৷ ব্ৰুডাৰৰ কাষৰ পৰা চিকগাৰ্ডৰ দুৰত্ব গৰম দিনত ৩ ফুট আৰু জাৰকালি ২ ফুট মান হোৱা উচিত৷
৫) ব্ৰুডাৰত ৪০-৬০ ৱাট ক্ষমতাৰ ২-৫ টা বাল্ব লগোৱা উচিত৷ সাধাৰণতে এটা ব্ৰুডাৰৰ তলত সৰ্বমুঠ ২৫০ ৱাট বাল্ব লগালে প্ৰতিটো ব্ৰইলাৰ পোৱালীক এক ৱাটকৈ প্ৰয়োজন হ’লে মুঠ ২৫০ টা পোৱালী ব্ৰুডিং কৰিব পাৰি৷
৬) ব্ৰুডাৰৰ তলত দানা আৰু পানী দিয়া পাত্ৰবোৰ এটা এৰি আনটো কৰি “Cart-Wheel Spokes” ডিজাইনত সজাব লাগে৷
৭) জাৰকালি অত্যাধিক ঠাণ্ডাৰ কাৰণে বেৰৰ জালনাবোৰ ভিতৰফালৰ পৰা বস্তাৰে বনোৱা পৰ্দা বা হেচিয়ান কাপোৰেৰে ঢাকি দিব লাগে৷ পৰ্দা লগাওতে ওপৰফালে ৬ ইঞ্চি মান ঠাই এৰিব লাগে, যাতে বায়ু সঞ্চালনত কোনো বাধা নপৰে৷
৮) পোৱালিবোৰৰ বয়স বঢ়াৰ লগে লগে ব্ৰুডাৰৰ তলত মজিয়াৰ বিস্তুৃতি বঢ়াই যাব লাগে৷ তাৰ বাবে চিকগাৰ্ডডাল বহলাই লব লাগে৷ ৩-৪ দিন মানৰ পাছত ব্ৰুডাৰৰ তলত পাৰি দিয়া কাগজ আৰু বস্তা আতৰাই পেলাব লাগে৷
লিটাৰ ব্যৱস্থাপনা পদ্ধতি :
অসমত সাধাৰণতে ফলিয়া তুঁহ আৰু কাঠৰ গুৰা লিটাৰ হিচাবে ব্যৱহাৰ কৰা হয়৷ এই লিটাৰবিলাক আকাৰত সৰু, ওজনত পাতল, কোমল, তাপ পৰিবাহী আৰু সস্তীয়া হোৱা উচিত৷ ব্যৱহাৰ কৰাৰ সময়ত লিটাৰখিনি শুকান, জাবৰ-জোথৰ নথকা আৰু ভেঁকুৰ নগজা হোৱা উচিত৷
লিটাৰ ব্যৱস্থাপনাৰ প্ৰধান নিয়মসমূহ :
১) লিটাৰবিলাক সদায় চাফা আৰু সীমিত আদ্ৰতাৰ হ’ব লাগে৷
২) ভিজা বা মখা বন্ধা লিটাৰবিলাক আতৰাই তাৰ ঠাইত নতুন লিটাৰ দিব লাগে৷
৩) পানীৰ বাচনত পানী দিওতে অথবা ওপৰৰ ছালখনৰ ফুটাইদি যাতে লিটাৰত পানী নপৰে তাৰ বাবে ব্যৱস্থা লব লাগে৷
৪) ভিজা লিটাৰ আৰু এম’নীয়া গেছৰ পৰা সাৰিবলে কাঠৰ পৰা হোৱা ছাই আৰু সাৰ হিচাপে ব্যৱহাৰ কৰা চুপাৰ ফচ্‌ফেট ৪:১ হাৰত মিহলাই প্ৰতি বৰ্গ মিটাৰ ঠাইত ৫ কেজি চতিয়াই দিব লাগে৷
৫) লিটাৰত শুকান গুৰি চূণ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে৷ কাৰণ চূণে লিটাৰৰ pH বঢ়ায় আৰু ফলত লিটাৰৰ পৰা এমনীয়া গেছ বেছি নিৰ্গত হয় আৰু E.Coli নামৰ এবিধ মাৰাত্মক বেক্টেৰীয়াৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে৷
৬) ব্ৰইলাৰ ঘৰৰ ভিতৰত উপযুক্তভাৱে হোৱা বায়ু সঞ্চালনে লিটাৰখিনি শুকানে ৰখাত সহায় কৰে৷
৭) লিটাৰবিলাক বেছি ভিজিলে কক্‌চিদিয়’চিচ নামৰ বেমাৰ হব পাৰে অথবা বেছি ধুলিময় লিটাৰত কুকুৰাৰ শ্বাস-প্ৰশ্বাসজনিত বেমাৰ হব পাৰে৷ গতিকে লিটাৰবিলাক বেছি ভিজা বা বেছি শুকান হ’ব নালাগে৷
পুৰণি লিটাৰ ব্ৰইলাৰ পালনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি ?
১) একেখিনি লিটাৰকে সাৱধানতা অৱলম্বন কৰি পুনৰ ব্যৱহাৰ কৰিব পাৰি৷ কোনো ধৰণৰ বেমাৰ আদি নোহোৱা লিটাৰখিনিহে ব্যৱহাৰ কৰিব লাগে৷
২) ইয়াৰ বাবে পুৰণা লিটাৰখিনিত থকা পাখি, মখা বন্ধা লিটাৰ বা অন্যান্য জাবৰ-জোথৰ ইত্যাদি আতঁৰ কৰি ঘৰটোৰ সোঁ-মাজত লিটাৰখিনি দৌল এটাৰ আকৃতিত ৩-৪ দিনৰ কাৰণে দ’ম কৰি থব লাগে৷
৩) এই সময়চোৱাত লিটাৰখিনিত জৈৱিক কাৰ্য্যকলাপৰ বাবে দ’মটোৰ ভিতৰত যথেষ্ট উত্তাপৰ সৃষ্টি হয় আৰু এই তাপে লিটাৰত থকা সকলোবোৰ বেমাৰৰ বীজাণু ধ্বংস কৰে৷
৪) লিটাৰখিনি বেছি শুকান হৈ থাকিলে দ’মটো ভাঙি কিছু পানী ছটিয়াই দিব লাগে৷ এনেদৰে দ’মটো ৩-৪ দিন ৰাখি পুনৰ ভাঙি বাহিৰৰ লিটাৰখিনি ভিতৰলৈ সুমুৱাই দি পুনৰ ৩-৪ দিনৰ কাৰণে দ’ম কৰি থব লাগে৷
৫) দুটা জাকৰ মাজত কমেও ১০ দিন মানৰ ব্যৱধান থকা আৱশ্যক৷
ব্ৰইলাৰ প্ৰতিপালনত পোহৰৰ ব্যৱহাৰ:
১) কুকুৰা পোৱালীবোৰক বিভিন্ন জৈৱিক কাৰ্য্যকলাপৰ বাবে পোহৰৰ দৰকাৰ হয়৷
২) সাধাৰণতে ব্ৰুডিং কৰা সময়ত ২৪ ঘন্টা পোহৰ দিব লাগে আৰু পিছত ২৩ ঘন্টা দিলেই হয়৷ এক ঘন্টা সম্পুৰ্ণ আন্ধাৰ কৰি ৰাখিলে কুকুৰাজাকে বিজুলিবাতি বন্ধ হ’লেও ভয় নাখায় আৰু জুম নাবান্ধে৷
৩) পোৱালীবোৰ আহি পোৱাৰ ১২ ঘন্টামান আগৰ পৰাই কোঠৰটোত থকা ব্ৰুডাৰৰ বাল্ব জ্বলাই ৰখা উচিত যাতে ঘৰটোৰ তাপমাত্ৰা বাঢ়ি থাকে৷
পোৱালীবোৰৰ ব্ৰুডিং ব্যৱস্থা :
এটা কুকুৰা পোৱালী কণী ফুটি ওলোৱাৰ পাছত ইয়াৰ দেহৰ উষ্ণতা এটা পূৰ্ণাংগ বয়সৰ কুকুৰাতকৈ প্ৰায় ৩ ডিগ্ৰী মান কম থাকে, কাৰণ ইহঁতৰ মগজুৰ তাপ নিয়ন্ত্ৰিত কোষবোৰ প্ৰথম অৱস্থাত কাৰ্য্যক্ষম নহয়৷ সেইবাবে এদিনীয়া বয়সৰ পৰা ব্ৰইলাৰ পোৱালীবোৰক ২-৩ সপ্তাহ বয়সলৈ কৃত্ৰিমভাৱে উত্তাপ দি ৰাখিব লাগে৷ ইয়াকেই ব্ৰুডিং বুলি কোৱা হয়৷ সঠিক মাত্ৰাত তাপ দিয়াৰ উপৰিও সঠিকভাৱে বায়ু সঞ্চালন, আপেক্ষিক আৰ্দ্ৰতা, পোহৰ যোগান, পূৰ্ণ মাত্ৰাত দানা আৰু পানী খাবৰ বাবে ঠাই দিয়া ইত্যাদি অতি প্ৰয়োজন৷
পামলৈ পোৱালী অনাৰ আগতে আৰু আনি পোৱাৰ পাছত কি কৰিব লাগে ?
১) পোৱালী ৰাখিব লগা ঘৰটোত ব্ৰইলাৰ পোৱালী আহি পোৱাৰ ২-৩ ঘন্টামান আগেয়ে ভিটামিন আৰু ইলেক্ট্ৰচল মিহলি পানীৰ পাত্ৰবোৰ ব্ৰুডাৰৰ তলত সজাই থব লাগে যাতে পোৱালীবোৰ অহালৈকে পানীৰ চেঁচা ভাৱটো আতৰ হয়৷
২) পোৱালীবোৰ পামলৈ আহি পোৱাৰ লগে লগে সিহঁতক চিক্‌ বাকচৰ পৰা এটা এটাকৈ উলিয়াই ঠোঁটটো ঔষধ মিহলি পানীত জুবুৰিয়াই ব্ৰুডাৰৰ তলত এৰি দিব লাগে আৰু লগতে পোৱালীৰ সংখ্যা হিচাপ কৰি যাব লাগে৷
৩) পোৱালীবোৰে পানী খাবলৈ আৰম্ভ কৰাৰ লগে লগে, ব্ৰইলাৰ প্ৰি-ষ্টাৰ্টাৰ দানা কাগজৰ ওপৰত আৰু দানাৰ পাত্ৰত চটিয়াই দিব লাগে৷ ব্ৰুডাৰৰ তলত পোৱালীবোৰ ছট্‌ফটীয়া আৰু সতেজ হৈ থাকি দানা-পানী খাই থাকিব লাগে৷ এই সময়ত ব্ৰুডাৰৰ তলত পোৱালী বিলাকৰ চলন-ফূৰণ সতৰ্কতাৰে পৰ্যবেক্ষণ কৰি থাকিব লাগে৷
ব্ৰুডিংৰ সময়ত পোৱালীৰ যতন:
১) ব্ৰুডিংৰ সময়ত প্ৰতিপালনৰ মূল আবশ্যকসমূহ হৈছে -উষ্ণতা, পোহৰ, বায়ু সঞ্চালন, মজিয়াৰ বিস্তৃতি আৰু লিটাৰ৷
২) কুকুৰাজাকক বিভিন্ন বয়সত প্ৰয়োজন হোৱা উষ্ণতাৰ পৰিমাণ এনে ধৰণৰ –
প্ৰথম সপ্তাহ -৯৫°ফাৰেনহাইট
দ্বিতীয় সপ্তাহ – ৯০°
তৃতীয় সপ্তাহ – ৮৫°
চতুৰ্থ সপ্তাহ – ৮০°
৩) তৃতীয় আৰু চতুৰ্থ সপ্তাহৰ শেষৰ ফাললৈ কৃত্ৰিম উত্তাপৰ প্ৰয়োজন নাথাকে বাবে ব্ৰুডাৰটো আতৰাই দিয়া হয়৷
৪) কৰ্মক্ষেত্ৰত ব্ৰুডাৰৰ তলত চিকগাৰ্ডৰে ঘেৰা এলেকাত পোৱালীবোৰৰ চলন ফুৰণৰ ব্যৱহাৰ লক্ষ্য কৰি সিহঁতি সঠিক উষ্ণতা পাইছেনে নাই ধাৰণা কৰিব পাৰি৷ ব্ৰুডাৰৰ তলত উত্তাপ আৰু পোৱালীবোৰৰ ব্যৱহাৰৰ তলৰ ছবিৰ দ্বাৰা দেখুওৱা হ’ল –
৫) ব্ৰুডাৰৰ তলত উষ্ণতা বা উত্তাপ সঠিকভাৱে থাকিলে কুকুৰা পোৱালীবোৰ ব্ৰুডাৰৰ তলত চিকগাৰ্ডে আৱৰি ৰখা গোটেইখিনি ঠাইত সমভাৱে বিস্তাৰিত হৈ থাকে৷ উত্তাপ বেছি হ’লে পোৱালীবোৰ ব্ৰুডাৰৰ বাহিৰ ওলাই আহে আৰু কম হ’লে ব্ৰুডাৰৰ তলত একগোট হৈ থুপখাই থাকে৷ এনেবোৰ ক্ষেত্ৰত ব্ৰুডাৰৰ বাহিৰলৈ ওলাই আহে আৰু কম হ’লে ব্ৰুডাৰৰ তলত একগোট হৈ থুপখাই থাকে৷ এনেবোৰ ক্ষেত্ৰত ব্ৰুডাৰৰ তলত উত্তাপ কমাব বা বঢ়াবৰ ব্যৱস্থা কৰিব লাগে৷ উত্তাপ কমাবৰ বাবে বিজুলী বাতিৰ সংখ্যা হ্ৰাস কৰিব লাগে নতুবা ব্ৰুডাৰটো উঠাই দিব লাগে৷
৬) ব্ৰুডাৰৰ তলত পানী পৰি ভিজি থাকিলেও পোৱালীবোৰ জুপুকা মাৰে৷
৭) পোহৰৰ নিদিষ্ট প্ৰাৱল্য পাবলৈ ব্ৰইলাৰৰ ঘৰত ৪০ৱাটৰ এটা বাল্ব প্ৰতি বৰ্গমিটাৰ সামৰি ২.৪ মিটাৰ উচ্চতাত লগাব লাগে৷
মন কৰিব লগা এই যে, ব্ৰইলাৰ প্ৰতিপালনৰ মুঠ খৰচৰ দুই তৃতীয়াংশ ব্ৰইলাৰ দানাৰ বাবেই হয়৷ বয়স অনুপাতে ব্ৰইলাৰবোৰক তিনি প্ৰকাৰৰ দানা খুওৱা হয়৷
ক) প্ৰি-ষ্টাৰ দানা : এদিনীয়া বয়সৰ পৰা ১২ দিনলৈ৷
খ) ষ্টাৰ্টাৰ দানা : ১৩ দিনৰ পৰা ২৮ দিন বয়সলৈ৷
গ) ফিনিচাৰ দানা : ২৯ দিন বয়সৰ পৰা ৪২ দিনলৈ বা বজাৰলে নপঠিওৱালৈকে৷
দানা খুওৱাৰ দিহা :
১) ব্ৰুডাৰৰ তলত ব্ৰইলাৰ পোৱালীবোৰক প্ৰথমে প্ৰি-ষ্টাৰ্টাৰ দানা বাতৰি কাগজৰ ওপৰতে চতিয়াই দিব লাগে৷ এই দানা পোৱালীবিলাক আহি পোৱাৰ এঘণ্টাৰ পিছতহে দিব লাগে৷ নতুন কণী থোৱা থোৱা ট্ৰেত প্ৰথম দুই দিনৰ বাবে এই দানা দিব পাৰি৷
২) তৃতীয় দিনৰ পৰা পোৱালীবোৰক ঘূৰণীয়া ওলোমাই থোৱা প্লাষ্টিকৰ দানাৰ পাত্ৰ বা দীঘলীয়া পাত্ৰত দিব লাগে৷
৩) দৈনিক ৪ বাৰ দানা দিব লাগে৷ সঘনাই দানা খুৱালে পোৱালীবোৰৰ দানাৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু দানা নষ্ট নহয়৷
৪) প্ৰতিবাৰ দানা দিয়াৰ আগতে দানাৰ বাচনটো চাফা কৰি পুৰণা ৰৈ যোৱা দানাখিনি নতুন দানাৰ লগত ভালদৰে মিহলাই দিব লাগে আৰু বাচনবোৰৰ দুই তৃতীয়াংশ ওপৰলৈহে দানা দিব লাগে৷
৫) পোৱালীবোৰ ডাঙৰ হৈ অহাৰ লগে লগে তৃতীয় সপ্তাহৰ পৰা ডাঙৰ আকাৰৰ বাচনত দানা দিব লাগে৷
ব্ৰইলাৰক দানা খাব পৰা ঠাই কিমান দিব লাগে ?
বয়সৰ সীমা দানা খোৱা ঠাই প্ৰতি ব্ৰইলাৰৰ
এদিনীয়াৰ পৰা ১৪ দিন ২.৫ ছে. মি.(১ ইঞ্চি)
১৫ দিনৰ পৰা ৪২ দিন ৪.৫ ছে.মি. (১.৭৫ ইঞ্চি)

দানা খোৱাৰ পৰিমাণ আৰু ওজন বৃদ্ধিৰ হাৰ:
১) অধিক পাবলৈ হ’লে ব্ৰইলাৰবোৰক পেট ভৰাই দানা খাবলৈ দিব লাগে৷
২) সাধাৰণতে অসমৰ পৰিবেশত এটা ব্ৰইলাৰ কুকুৰাই ৪২ দিনত ৩-৩৫ কেজি দানা খাই ১.৫-২.০ কেজি ওজন হয়৷
ব্ৰইলাৰক দানা খুওুৱাৰ আৰু কিনাৰ বিষয়ে কিছু কথা :
১) দানা সদায় প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰাহে কিনিব লাগে৷ কেইবিধমান দানা বনোৱা কোম্পেনীৰ নাম হৈছে -Godrej, Hendrix, Ekta, Amrit, Uttara, Anmul, Nutritech, Sona Vets ইত্যাদি৷
২) দানা সদায় শুকান আৰু নতুনকৈ বনোৱা হব লাগে৷ মখা বন্ধা পুৰণা দানা খুৱাব নালাগে৷
৩) ব্ৰুডিংৰ সময়ত দানাৰ বাচনবোৰ বিজুলিবাতি বা বাল্বটোৰ তলতে ৰাখিব নালাগে৷
৪) দানাৰ বাচনবোৰ ব্ৰইলাৰ ঘৰত সমভাৱে ভগাই দিব লাগে৷
দানাৰ বাচনবোৰ খালি হৈ থাকিলে চৰাইবোৰে খুটিয়াখুটি কৰে আৰু লিটাৰ খায়৷
৫) দানাৰ বাচনৰ সংখ্যা যথেষ্ট হব লাগে আৰু বাচনবোৰৰ উচ্চতা ব্ৰইলাৰৰ গঠনম’তে ঠিক কৰি দিব লাগে
৬) গৰম দিনত (জুন, জুলাই, আগষ্ট) দানা সদায় নিচেই পুৱা আৰু গধুলি দিব লাগে৷ দিনৰ ভাগত মাত্ৰ খোৱা পানী যথেষ্ট পৰিমাণে দিব লাগে৷

************************************************************
~ড° যোগদেৱ মহন্ত, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, খানাপৰা৷
~ড° সজ্ঞীৱ খাৰঘৰীয়া, লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, জহিং, লক্ষীমপুৰ৷

1 Comment

  1. ধন্যবাদ | এই লেখাটিয়ে মোৰ দৰে আন বহুজনক উপকৃত কৰিব |

Leave a Response