অতিথি সম্পাদকৰ একলম A Penning of Guest Editor

কৃষক আৰু কৃষি বিজ্ঞান

~ড° কামেশ্বৰ দাস

For English HERE

আশীৰ দশকৰ আগলৈ চালে দেখা যায় যে খেতিয়ক আৰু কৃষিৰ লগত জড়িত বিষয়া তথা বিজ্ঞানীসকলে কেৱল শস্যৰ উৎপাদনৰ ওপৰত গুৰুত্ব দিছিল, অৰ্থাৎ প্ৰতি বিঘা মাটিত কিমান বেছি উৎপাদন পাব পাৰে ৷ সেই সময়ত উচ্চ উৎপাদনক্ষম আৰু বৰ্ণসংকৰ জাতৰপ্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিল আৰু বেছিভাগ খেতিয়ক জ্ঞাত নাছিল ৷ স্থানীয় জাতৰ খেতি কৰি কৃষকসকল সন্তুষ্ট আছিল ৷ কেতিয়াও ভাৱিব পৰা নাছিল যে এতিয়াৰ দৰে খেতি-পথাৰত পোক-পৰুৱাৰ আক্ৰমণে শস্য একেবাৰে ধ্বংস কৰিব পাৰে ৷ অৱশ্যে এইটো লক্ষনীয় যে স্থানীয় জাতবোৰৰ খেতিত পোক-পৰুৱাৰ উপদ্ৰৱ কম হয় অৰ্থাৎ পোক-পৰুৱাৰ আক্ৰমণৰ আৰু বেমাৰ হোৱাত প্ৰতিৰোধী ক্ষমতা থাকে ৷ শস্যৰ অধিক উৎপাদনৰ বাবে যে মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োজন এই কথাটোও কৃষকৰ জ্ঞাত নাছিল ৷

ভাৰতবৰ্ষৰ দৰে উন্নয়ণশীল দেশবোৰৰ জনসংখ্যা বিস্ফোৰণে কৃষিত প্ৰভাৱ পেলাইছে; অৰ্থাৎ বৰ্দ্ধিত জনসংখ্যাৰ বাবে অধিক উৎপাদনৰ প্ৰয়োজন হৈছে ৷ তদুপৰি জনসংখ্যাৰ বৃদ্ধিয়ে খেতিৰ মাটিত প্ৰভাৱ পেলাইছে ৷ মানুহৰ বসতিস্থান, উদ্যোগ প্ৰতিস্থান আৰু অন্যান্য অনুস্থান গঢ় লৈ উঠাৰ বাবে খেতিৰ মাটি ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ৷ গতিকে কম মাটিত অধিক উৎপাদনৰ প্ৰয়োজন হৈ পৰিছে ৷

কৃষি বিজ্ঞানৰ অগ্ৰগতিৰ লগে-লগে বিজ্ঞানীসকলে কৃষিৰ উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বঢ়োৱাৰ বাবে বিভিন্ন প্ৰযুক্তি- কৌশল উদ্ভাৱন কৰিবলৈ সমৰ্থ হৈছে ৷ইতিমধ্যে এই প্ৰযুক্তি-কৌশল সমূহ কৃষিৰ লগত জড়িত লোকসকলে প্ৰয়োগ কৰি লাভৱান হৈছে ৷ উন্নত শস্যৰ জাত বিশেষকৈ বৰ্ণসংকৰ জাত আদিয়ে শস্যৰ উৎপাদনত অৰিহণা যোগাইছে ৷ গতিকে এইটো স্পষ্ট হৈছে যে বিজ্ঞানে যি প্ৰযুক্তি-কৌশল উদ্ভাৱন কৰিছে তাত কৃষকসকল আকৃষ্ট হৈছে, লগতে পৰম্পৰাগত কৃষি পদ্ধতি এৰি উন্নত বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ ফালে ধাৱমান হৈছে আৰু খেতিয়কসকলে কৃষিবিজ্ঞানক বিশ্বাসত লব পাৰিছে ৷ কৃষক আৰু কৃষিবিজ্ঞানৰ এটি সমন্বয় গঢ়ি উঠিছে ৷

যিমানে প্ৰযুক্তি-কৌশল উদ্ভাৱন হৈছে, সিমানে খেতিৰ সমস্যাও দেখা দিছে ৷ উন্নত জাত বা বৰ্ণসংকৰ জাতবোৰত পোক-পৰুৱা বা বেমাৰৰ প্ৰাদু্ৰ্ভাৱ বেছি হোৱা দেখা যায় ৷ ফলত ৰাসায়নিক কীটনাশক দৰৱ যথেষ্ট পৰিমাণে প্ৰয়োগ কৰা হয়, লগতে অধিক উৎপাদন পাবলৈ হ’লে অধিক মাত্ৰাত ৰাসায়নিক সাৰৰ প্ৰয়োগ অত্যন্ত জৰুৰী ৷ গতিকে মাটি আৰু মানুহৰ লগতে জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাসায়নিক সাৰ বা কীটনাশক দৰৱবোৰ সুসংহত আৰু বৈজ্ঞানিকভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন হৈ পৰিছে ৷

এই ক্ষেত্ৰত কৃষকসকলে যধেমধে ৰাসায়নিক দ্ৰব্যবোৰ খেতিত প্ৰয়োগ নকৰি বিজ্ঞানৰ এই প্ৰযুক্তিবোৰ কৃষি বিষয়া আৰু বিজ্ঞানীসকলৰ দিহা- পৰামৰ্শ লৈ ব্যৱহাৰ কৰি মাটি, মানুহ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি কাম কৰিব লাগিব ৷

KVK CHIRANG at a glance

********************************

আমাৰ আলোচনীৰ এই মাহৰ সম্পাদক ড° কামেশ্বৰ দাস, কৃষি বিজ্ঞান কেন্দ্ৰ, চিৰাঙৰ মুৰব্বী৷ কৃষক হিতৈষী ড° দাসলৈ আমাৰ আলোচনীৰ তৰফৰ পৰা শুভেচ্ছা জনালো৷ এই আলোচনীৰ সম্পাদনাৰ উপৰিও, তেখেতৰ সম্পাদনাত কৃষি বিজ্ঞান কেন্দ্ৰ চিৰাঙৰ পৰা এখন বছেৰেকীয়া আলোচনী প্ৰতি বছৰে প্ৰকাশিত হৈ আহিছে৷ বিটিএডিৰ দৰে উন্নয়নশীল এখন ঠাইত তেখেতৰ দায়িত্বত কৃষি বিকাশ কেন্দ্ৰ চিৰাঙে বহুতো সফল কাহিনীৰ নায়ক-নায়িকাৰ জন্ম দিছে৷ আমি তেখেতৰ লগতে, তেখেতৰ সহযোগী কৃষি বিজ্ঞান কেন্দ্ৰৰ সকলো কৰ্মযোগীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভবিষ্যতেও কৃষি আৰু কৃষকৰ স্বাৰ্থত সহযোগিতাৰে আগবাঢ়িব পাৰিম বুলি আশা ৰাখিলো৷ পুনৰ এবাৰ ড° দাসলৈ শুভেচ্ছা জনালো আৰু ভবিষ্যৎ উন্নতি কামনা কৰিলো৷ ধন্যবাদ৷ – প্ৰম’টাৰ তথা সম্পাদক; কৃষক বন্ধু ইআলোচনী৷

Leave a Response