সফলতাৰ কাহিনী-চিৰাং জিলা Success Story from Chirang District

চিৰাং জিলাত পশুপালনৰ দ্বাৰা স্বাৱলম্বি হোৱা শিক্ষিতা প্ৰগতিশীল পশুপালিকা শ্ৰীমতী গুণীকা বসুমতাৰীৰ সফলতাৰ কাহিনী

অসমৰ বড়োসম্প্ৰদায় অধ্যুষিত চিৰাং জিলাৰ শতকৰা ৯০-৯৫ মানুহেই আমিষ । প্ৰতিটো মাজতেই তেওঁ লোকে মাছ-মাংস, কণী গ্ৰহণ কৰে । গতিকে এই অঞ্চলত মাছ-মাংসৰ লগতে কণীৰ যথেষ্ট চাহিদা আছে ।অধিকাংশ লোকে কৃষি কৰ্মৰ লগতে পোহনীয়া জীৱ-জন্তু আহাৰৰ উৎস হিচাপে গ্ৰহণ কৰে । কিন্তু থলুৱা জাতবোৰৰ উৎপাদন ক্ষমতা তেনেই নগণ্য কাৰণে পশুপালক সকলে জীৱ জন্তু পালনৰ দ্বাৰা উপকৃত হব পৰা নাই । উন্নত জাতৰ অধিক উৎপাদনক্ষম হাঁহ-কুকুৰা, ছাগলী, গাহৰি ইত্যাদিৰ অভাৱ আৰু পশুপালক সকলেও থলুৱা পদ্ধতিৰে পশুপালন কৰি অহাৰ ফলত চাহিদা লক্ষ্যৰে আগবাঢ়িব পৰা নাই ।তেনেস্হলত কৃষি বিজ্ঞান কেন্দ্ৰ চিৰাংৰ বিজ্ঞানীসকলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে ।
পোন প্ৰথমে জিলাখনৰ অঞ্চল বিশেষে পশুপালনৰ উপযোগী কিছুমান ক্ষেত্ৰ চিনাক্ত কৰা হল । গাঁওৰ মানুহৰ লগত আলোচনা কৰি শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক বাচনি কৰি গোট হিচাপত তেখেত সকলক পশুপালন বিষয়ক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় । পিছ চোতালত পালন কৰিব পৰা উন্নত জাতৰ অধিক উৎপাদনক্ষম হাঁহ-কুকুৰাৰ বিজ্ঞান সন্মত প্ৰশিক্ষণ দিয়া হয় । লগতে হাইবিদ জাতৰ হাঁহ কুকুৰা বিজ্ঞানসন্মতভাৱে পালন কৰিবলৈ সজাগতা শিবিৰ, বেমাৰ আজাৰৰ চিকিৎসা তথা প্ৰতিৰোধ ব্যৱস্থাপনাৰ বিষয়ে অৱগত কৰা হয় । নিজাববীয়াকৈ পালন কৰিব বিচৰা উদ্যমী যুৱক সকলক উন্নত জাতৰ হাঁহ কুকুৰাৰ উৎসাস্থানৰ লগতো যোগাযোগ কৰি দিয়া হয় । ঠিক তেনেদৰে বিজ্ঞানসন্মত গাহৰি আৰু ছাগলী পালনৰো প্ৰশিক্ষণ তথা সজাগতা শিবিৰৰ আয়োজন কৰা হয় । এইসকলৰ মাজৰ পৰা কিছুসংখ্যক যুৱক যুৱতীক ৰাজ্যৰ আগশাৰীৰ চৰকাৰী তথা বেচৰকাৰী প্ৰশিক্ষণ কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰলৈ প্ৰশিক্ষণমূলক ভ্ৰমণলৈ লৈ যোৱা হয় ।
কৃষিবিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও কিছুসংখ্যক উন্নত জাতৰ কুকুৰা যেনে বনৰজা, গিৰিৰাজা, কামৰূপা ইত্যাদি এদিনীয়া পোৱালিৰ ব্ৰুৰ্দিৎৰ ব্যৱস্থা কৰি কিছুসংখ্যক উদ্যমী যুৱক যুৱতীক পালন কৰিব দিয়া হয় । এবছৰ ভিতৰত কৃষিবিজ্ঞান কেন্দ্ৰৰ সৌজন্যত আহি বহুকেইজন যুৱক যুৱতী আগবাঢ়ি আহিল আৰু বিজ্ঞানসন্মত পদ্ধতিৰে উন্নত জাতৰ হাঁহ কুকুৰা পালন কৰিবলৈ ল’লে এইক্ষেত্ৰত পাৰদৰ্শিতাৰ দেখুৱাবলৈ সক্ষম হৈছে ।এনেকৈয়ে কৃষিবিজ্ঞান কেন্দ্ৰৰ সান্নিধ্যলৈ আহি উন্নত জাতৰ হাঁহ কুকুৰা, গাহৰি, ছাগলী, ব্ৰইলাৰ, শহা, কোৱেই চৰাই পালন কৰি স্বাৱলম্বি হোৱা এগৰাকী শিক্ষিত মহিলাৰ বিষয়ে কবলৈ ওলাইছো ।
শ্ৰীমতী গুণীকা বসুমতাৰী, গাওঁ: চুদেমপুৰী, ঢালিগাওঁ, জিলা: চিৰাং । এজনী স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱা মহিলা । কৃষিবিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লাভ কৰি শ্ৰীমতী বসুমতাৰীয়ে ১০০ টা উন্নত জাতৰ গিৰিৰাজা মুৰ্গীৰে পাম খন আৰম্ভ কৰিলে । কৃষিবিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীৰ পৰামৰ্শ অনুসৰি তিনিমাহ বয়সতে অতিৰিক্ত ২০টা মতা মুৰ্গী (গড় হিচাপত ২ কি:গ্ৰাম ওজনৰ 20টা মুৰ্গী ২০০ টকা প্ৰতি কি:গ্ৰাম দৰত) বিক্ৰী কৰি ৮০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় । যিহেতু খাছী মুৰ্গীৰ চাহিদা বড়ো সম্প্ৰদায়ৰ মাজত অত্যাধিক, তেখেতে ৫ টা মান মতা মূৰ্গী মাংসৰ কাৰণে খাছী কৰি ৰাখি দিয়ে । এবছৰ মূৰ্গী পালন কৰি তেখেতে ১২০০ কণী বিক্ৰী কৰি লাভান্বিত হৈছে । তেখেতে থলুৱা পদ্ধতিৰে কাঠেৰে নিৰ্মিত কণী ফুটুৱা বাকচ এটা তৈয়াৰ কৰি লৈ কণী ফুটুৱা আৰম্ভ কৰি পোৱালি উৎপাদন কৰি লয় আৰু গিৰিৰাজা মূৰ্গীৰ পোৱালি বিক্ৰী কৰি অতিৰিক্ত উপাৰ্জন কৰিবলৈ সক্ষম হয় । মূৰ্গীৰ লগতে তেখেতে উন্নত জাতৰ প্ৰায় ২০টা মান ইণ্ডিয়ানবানাৰ হাঁহ পালন কৰিছে । হাঁহ মূৰ্গীৰ বাহিৰেও কৃষিবিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা গাহৰি পালন কৰি এবছৰত ২৩ টা গাহৰি পোৱালি উৎপাদন কৰি প্ৰায় ৫০০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় । ঠিক তেনেদৰে ৫ জনীয়া বিটেলক্ৰছৰ জাতৰ ছাগলীৰে তেখেতে পোৱালি উৎপাদন কৰি আহিছে আৰু বিক্ৰী কৰি লাভান্বিত হৈছে । তেখেতে ঘৰৰ পিছচোতালত মাংস উৎপাদনৰ কাৰণে জনপ্ৰিয় ব্ৰইলাৰ শহা আৰু জাপানীজ কোৱেল পালন কৰি আহিছে । তেখেতে আজিৰ দিনত এগৰাকী স্বাৱলম্বি নাৰী । পশুপালনৰ যোগেদি তেখেতে বছৰী তিনি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । আয় কৰা টকাৰে তেখেতে নিজৰ দুজন ল’ৰাক বেচৰকাৰী স্কুলত ইংৰাজী মাধ্যমত পঢ়োৱাইছে, লগতে নিজৰ স্বামীকো সংসাৰ চলোৱাত সহায় কৰি আহিছে । তেখেতৰ সাফল্যৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে ওচৰৰ বহুতো শিক্ষিত নিবনুৱাই অনুপ্ৰাণিত হৈ নিজাববীয়াকৈ ব্যৱসায়িক ভিত্তিত হাঁহ কুকুৰাৰ লগতে গাহৰি, ছাগলী পালন কৰিবলৈ আগবাঢ়ি আহিছে । তেখেতৰ সাফল্যৰ গুৰিতে হৈছে পশুপালনৰ প্ৰতি থকা তেখেতৰ নিষ্ঠা, একাগ্ৰতা আৰু ব্যৱসায়িক মনোভাৱ । কৃষিবিজ্ঞান কেন্দ্ৰ চিৰাংৰ তৰফৰ পৰা তেখেতক অভিনন্দন জনোৱাৰ লগতে তেখেতৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো ।

****************************************************************************

লিখক ~ড° ৰাজীৱ ভাণ্ডাৰ কায়স্থ কৃষিবিজ্ঞান কেন্দ্ৰ, চিৰাঙৰ পশুচিকিৎসা বিজ্ঞান বিশেষজ্ঞ

Leave a Response