ধেম্‌সি খেতিৰ বৈজ্ঞানিক প্ৰণালী Scientific Methods of Buckwheat Cultivation

ধেম্‌সিৰ ইংৰাজী নাম ‘বাক-হুইট’ (Buckwheat) আৰু বৈজ্ঞানিক নাম Fagopyrum esculentum L. এইবিধ খেতি নামনি অসম বিশেষকৈ কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ আৰু ধুবুৰী জিলাৰ কৃষকে পৰম্পৰাগত ভাৱে আগৰ পৰাই কৰি আহি আছে ৷ গুটি সিঁচাৰ ৯০-১১০ দিনৰ ভিতৰত চপাবলৈ হয় যদিও এমাহমানৰ পিচত কোমল সেউজীয়া গছবোৰ শাক হিচাপে খাব পাৰি ৷ গুটি সিঁচাৰ ৯০-১১০ দিন পিছত পৈণত গছবোৰ চপাই মৰণা মৰাৰ পিচত গুটিবোৰ ঢেঁকীত খুন্দি ওপৰৰ টান বাকলি আঁতৰোৱা হয় ৷ বাকলি এৰুৱা গুটিবোৰ বগা হয় আৰু ইয়াক গুড়ি কৰি ৰুটি তৈয়াৰ কৰা হয় ৷ কেতিয়াবা ধেম্‌সিৰ গুড়ি ঘেঁহু, বাৰ্লি, আৰু আটা-ময়দাৰ লগত মিহলি কৰি খোৱা যায় ৷ ধানৰ নিচিনাকৈ ধেম্‌সিৰ গুটিৰ পৰাও আখৈ, লাড়ু আদি তৈয়াৰ কৰিব পৰা যায় ৷ মৰণা মৰাৰ পিচত খেৰবোৰ গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ গাওঁৰ মানুহে শুকান গছবোৰ খৰি হিচাপেও ব্যৱহাৰ কৰে ৷
এতিয়ালৈকে এইবিধ শস্যৰ উন্নত জাত ওলোৱা নাই বাবে থলুৱা জাতেই খেতি কৰা হয় ৷
বৈজ্ঞানিক পদ্ধতিত খেতি কৰি বিঘাই প্ৰতি ১.৫- ২.০ কুইন্টেল উৎপাদন পাব পাৰি ৷ নামনি অসমত এইবিধ শস্যৰ খেতি কৰিৰ সময় হ’ল অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ মাজভাগ ৷ খেতি কৰিব লজা মাটিখিনি ভালদৰে চাহ কৰি গুটি সিঁচাৰ গদিন আগতে বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ৯ কেজি একক চুপাৰ ফচফেট আৰু ২ কেজি মিউৰিয়েট অৱ্ পটাছ সাৰ মাটিত প্ৰয়োগ কৰি হাল বাই মিহলাই দিব লাগে ৷ মাজ-সময়ে বন-বাত নিৰনিকৰণকৰিব পাৰিলে ভাল উৎপাদন আশা কৰিব পাৰি ৷ ধেম্‌সি খেতিত পোক-পৰুৱাৰ উপদ্ৰৱ সাধাৰণতে কমকৈ পৰিলক্ষিত হোৱা দেখা যায় ৷ পোক-পৰুৱাৰ আক্ৰমণ দেখিবলৈ পোৱা গ’লে, কৃষি বিষয়াৰ পৰামৰ্শম’তে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷
মৌমাখিয়ে ধেম্‌সি ফুলৰ পৰাগসংযোগ ঘটাই উৎপাদন বৃদ্ধিত বাৰুকৈ অৰিহণা যোগায়৷ সেয়েহে প্ৰতি হেক্টৰ ধেমসি্‌ খেতিৰ মাটিত ৫-৬ টাকৈ মৌ বাহ পালন কৰি উৎপাদন ২০-২৫% বৃদ্ধি কৰিব পৰা যায়৷

**************************************************
লিখক শ্ৰী জ্যোতিষ কুমাৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ চিৰাঙত কৰ্মৰত৷

Leave a Response