চিৰাং জিলাত কৃষি কৰ্মৰ দ্বাৰা সফল হোৱা যুৱ প্ৰগতিশীল কৃষক শ্ৰী মনোৰঞ্জন বৰ্মন Successful Progressive Youth Farmer Shri Manoranjan Barman from Chirang District

~ড° হিৰণ্য কুমাৰ বৰুৱা

নামনি অসমৰ অনগ্ৰসৰ বিটিএডিৰ চিৰাং জিলাৰ চিদলি উন্নয়ন খণ্ডৰ অন্তগৰ্ত কাশীকেটা গাৱঁৰ নিবাসী শ্ৰী শুভৰাম বৰ্মন আৰু শ্ৰী মতি দময়ন্তী বৰ্মনৰ কনিষ্ঠ পুত্ৰ শ্ৰী মনোৰঞ্জন বৰ্মন৷
২০০০ চনত সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষা পাছ কৰি মনোৰঞ্জণ বৰ্মনে কোনো চৰকাৰী বা বেচৰকাৰী চাকৰিৰ আশা নকৰি, কৃষি কৰ্মৰ জড়িয়তে চহকী হোৱাৰ সপোন দেখিছিল আৰু আজিৰ পৰ্য্যায়ত তেওঁ সফল কৃষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷
সমস্যাৰে জৰ্জৰিত স্পৰ্শকাতৰ চিৰাং জিলাত ২০০০-২০০৮ চনলৈকে আৰ্থিক স্বাৱলম্বিতাৰ বাবে কিবা এটা কৰাৰ বিশেষ সুস্থ পৰিবেশ নাছিল সেয়েহে তেওঁ কৃষি সম্পৰ্কীয় ব্যৱসায়িক জ্ঞানৰ বাবে পশ্চিমবংগৰ ধূপগুৰিত থকা আত্মীয়ৰ ঘৰলৈ যায় আৰু তাত থাকিলেই ধান, আলু, কেপচিকাম, কল আদি খেতিৰ উন্নত কৃষি পদ্ধতিৰ উৎপাদনত জড়িত হয়৷ তেওঁ ২০০৮ চনত পৈতৃক সম্পতিসূত্ৰে প্ৰাপ্ত ৫ বিঘা মাটিত ব্যৱসায়িক ভিত্তিত ধান আৰু আলুৰ খেতি কৰি প্ৰায় ৫০,০০০ টকা লাভ কৰে আৰু দুগুণে উৎসাহিত কৰে আৰু দুগুণে উৎসাহিত হৈ বহল ভিত্তিত ব্যৱসায়িক মানসিকতাৰে খেতিত মনোনিৱেশ কৰে৷ তেওঁ ২০১৪ চনৰ কৃষি বিভাগৰ এক কাৰ্য্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰুৱাক সমল ব্যক্তি হিচাপে লগ পায় আৰু অয়ষ্টাৰ কাঠফুলাৰ ওপৰত প্ৰশিক্ষণ লাভ কৰে৷ তেওঁ ড°বৰুৱাৰ লগত কোচঁবিহাৰ কৃষি বিজ্ঞান কেন্দ্ৰ (বীজ উৎপাদন) ভ্ৰমণ কৰে আৰু ব্যৱসায়িক ভাৱে বহলভিত্তিত কাঠফুলা খেতিত মনোনিবেশ কৰে৷ তেওঁ বছৰি প্ৰায় দুই লাখ টকাৰ অয়ষ্টাৰ কাঠফুলা উৎপাদন কৰি ভুটান, দিল্লী, গুৱাহাটী ইত্যাদি বিভিন্ন স্থানলৈ বিক্ৰিৰ বাবে পঠিয়াই৷ এইদৰে কাঠফুলাৰ ওপৰত এক প্ৰকাৰৰ আলোড়ণৰ সৃষ্টি কৰি তেওঁ আন আত্মসহায়ক গোটসমূহক বীজ যোগান, উৎপাদিত কাঠফুলা বিক্ৰী কৰাৰ ক্ষেত্ৰত সহায় কৰে৷ বৰ্তমান তেওঁৰ নিজৰ পত্নীকো জড়িত কৰি অঞ্চলটোত এক প্ৰকাৰৰ ক্ষুদ্ৰ অৰ্থনীতিৰ সৃষ্টি কৰিছে৷ তেওঁ বৰ্তমান শালি ধানৰ বীজ উৎপাদন, আলু, কবি, ব্ৰুকলি, তিচি আদি শস্যৰ খেতি কৰি বছৰি প্ৰায় একলাখমান টকা লাভ কৰে৷ তেওঁৰ কৰ্মত সন্মান প্ৰদৰ্শন কৰি চিৰাং জিলা কৃষি বিভাগে তেওঁক চিৰাং জিলা কৃষি বিভাগে তেওঁক শ্ৰেষ্ঠ কৃষকৰ সন্মান প্ৰদান কৰে৷

*****************************************************

লিখক-ড° হিৰণ্য কুমাৰ বৰুৱা,কৃষি বিজ্ঞান কেন্দ্ৰ, চিৰাং ত কৰ্মৰত৷

Leave a Response