জৈৱিক কৃষিৰ উত্তৰণত কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীৰ ভূমিকা Role of KVK, Nalbari in the Development of Organic Agriculture

~ড° মৃদুল ডেকা
~ড° মানসী চক্ৰবৰ্তী

বৰ্তমান সময়ত জৈৱিক কৃষিয়ে সমগ্ৰ বিশ্বতে সৰ্বাধিক গুৰুত্ব লাভ কৰিছে। কিয়নো, জৈৱিক কৃষি এক পৰিবেশ সন্মত কৃষি পদ্ধতি, যিয়ে মাটিৰ গুণাগুণ অক্ষুন্ন ৰাখি কৃষি উৎপাদণৰ স্থায়িত্ব প্ৰদান কৰে, পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰে আৰু কৃষকৰ আয় বৃদ্ধিত অৰিহণা যোগাই । কৃষিবিজ্ঞান কেন্দ্ৰ, নলবাৰীয়ে জৈৱিক কৃষিৰ ক্ষেত্ৰত জিলাখনক আগুৱাই নিবলৈ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে । জৈৱিক কৃষিত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক সাৰ সমূহ হ’ল গোবৰ. পাম সাৰ, পচন সাৰ, কোঁচু সাৰ, জীৱাণুসাৰ, এজ’লা ইত্যাদি । জীৱাণু সাৰৰ বাহিৰে এই জৈৱিক সাৰ সমূহ কৃষক সকলৰ পথাৰত সহজলভ্য নাইবা নিজে প্ৰস্তুত কৰি লব পাৰে ।

আনহাতে, জীৱাণু সাৰ প্ৰস্তুত কৰিবলৈ পৰীক্ষাগাৰৰ প্ৰয়োজন । জীৱাণু সাৰ হৈছে জীৱিত অনুজীৱৰ পৰা প্ৰস্তুত সাৰ যাৰ প্ৰয়োগৰ ফলত মাটিত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ মূখ্য মৌল নাইট্ৰ’জেন আৰু ফচফৰাচৰ পৰিপুষ্টিৰ লগতে মাটিৰ গুণাগুণ দীৰ্ঘদিনলৈ অক্ষুন্ন থাকে আৰু ইয়ে এক প্ৰদূষণমুক্ত পৰিবেশ গঢ়াত সহায় কৰে । এই সাৰ বীজ, শিপা আৰু মাটিত প্ৰয়োগ কৰি সুফল পাব পাৰি । জীৱাণু সাৰ জৈৱিক কৃষিৰ এক অবিচ্ছেদ্য অঙ্গ । এনে জীৱাণু সাৰ সমূহ বজাৰত সহজে উপলব্ধ নোহোৱাৰ বাবে কৃষক ৰাইজে বহু সময়ত ইয়াক ব্যৱহাৰ কৰিবলৈ অপাৰগ হয়। কৃষকৰ এনে অভাৱ দূৰ কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ (DBT-Centre, AAU) পৃষ্ঠপোষকতাত কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰীত ইতিমধ্যে জীৱাণুসাৰ প্ৰস্তুতি জৈৱিক পৰীক্ষাগাৰ গঢ় লৈ উঠিছে । এই জৈৱিক পৰীক্ষাগাৰত এজোট’বেক্টাৰ, এজোস্পাৰিলাম, ৰাইজ’বিয়াম আৰু ফচফৰাচ দ্ৰৱণকাৰী জীৱাণু সাৰ (পি.এচ.বি.) প্ৰস্তুত কৰা হয়। এজোট’বেক্টাৰ, এজোস্পাৰিলাম আৰু ৰাইজ’বিয়াম জীৱাণু সাৰে উদ্ভিদৰ নাইট্ৰ’জেন মৌলৰ যোগান ধৰে । এজোট’বেক্টাৰ আৰু এজোস্পাৰিলাম জীৱাণু সাৰে উদ্ভিদৰ শিপাৰ চৌপাশে মুক্তভাবে বাস কৰি নাইট্ৰ’জেন সংস্থাপিত কৰে । ইয়াক মাহ জাতীয় শস্যৰ বাদে আন সকলো শস্য যেনে- গোমধান, মৰাপাট, কুঁহিয়াৰ সৰিয়হ, বেলিফুল, শাক-পাচলি, ফল-মূল ইত্যাদিত প্ৰয়োগ কৰাৰ বাবে উপযোগী । ইয়াৰ উপৰিও এজোস্পাৰিলাম নামৰ জীৱণু সাৰবিধ পানী থকা অৱস্থাত আলতীয়া মাটিত ধান খেতিত ব্যৱহাৰৰ বাবে উপযোগী । ৰাইজ’বিয়াম জীৱাণু সাৰ মাহ জাতীয় শস্যৰ যেনে-মাটিমাহ, মগুমাহ, মচুৰ, ছয়াবিন, বুট, লেচেৰামাহ, উৰহী, মটৰ, ৰহৰ ইত্যাদিত প্ৰয়োগ কৰা হয়। মাহ জাতীয় শস্যৰ লগৰ্ত সহবাস কৰি ৰাইজ’বিয়াম অনুজীৱই শিপাত কেতবোৰ টেমুনাৰ সৃষ্টি কৰি বায়ুমণ্ডলীয় নাইট্ৰ’জেন সংস্থাপিত কৰে, গছক নাইট্ৰ’জেন যোগান ধৰাৰ লগতে সময়ত এনে টেমুনাবোৰ পচি মাটিক নাইট্ৰ’জেন সমদ্ধৃ কৰে ।

ফচফৰাচ দ্ৰৱণকাৰী জীৱাণু সাৰ ফচফৰাচ দ্ৰৱীভতু কৰিব পৰা বেচিলাচ, চিউডোমনাছ আদি অনুজীৱৰ পৰা প্ৰস্তত কৰা হয় । এনে জীৱাণু সাৰে প্ৰতি হেক্টৰ মাটিত ২৫-৩০ কিলোগ্ৰাম ফচফৰাচ উদ্ভিদৰ বাবে সহজলভ্য কৰি যোগান ধৰে । জীৱাণু সাৰ জৈৱিক কৃষিত প্ৰয়োগ কৰাৰ উপৰিও, ৰাসায়নিক সাৰৰ লগত সমন্বিত কৰিও প্ৰয়োগ কৰিব পাৰি । পৰীক্ষামূলক ভাবে নলবাৰী জিলাৰ কৃষকৰ পথাৰত সৰিয়হ খেতিত ৭৫% ৰাসায়নিক সাৰৰ (নাইট্ৰ’জেন আৰুফচফৰাচ) লগত ২৫% জীৱাণুসাৰ (এজোট’বেক্টাৰ আৰু ফচফৰাচ দ্ৰৱণকাৰী জীৱাণুসাৰ) সমন্বিত কৰি প্ৰয়োগ কৰি কৰা খেতিত উৎপাদণ বৃদ্ধিৰ লগতে মাটিৰ সাৰুৱা গুণো অটুট থাকে বুলি প্ৰমাণিত হৈছে ।

এনে ধৰণৰ জীবাণু সাৰ প্ৰস্তুত কৰাৰ উপৰিও জৈৱিক পৰীক্ষাগাৰত উদ্ভিদৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে বায়’ভিৰ নামৰ এক জৈৱিক ৰোগ নাশক ঔষধৰ প্ৰস্তুত কৰা হয় । ট্ৰাইক’ডাৰ্মা ভিৰিডি নামৰ এবিধ ভেঁকুৰৰ পৰা বায়’বভিৰ প্ৰস্তুত কৰা হয় । এই ঔষধ বিধে প্ৰধানকৈ বিলাহী, বেঙেনা, জলকীয়া, ভূট জলকীয়া, কেপছিকাম আদিৰ লেৰেলি যোৱা ৰোগ, আদা হালধিৰ ৰাইজম পচা ৰোগ জালুক, পান আৰু অন্যান্য শস্যৰ গুৰি পচা ৰোগ নিয়ন্ত্ৰণত সহায় কৰে । পৰীক্ষামূলক ভাবে নলবাৰী জিলাৰ কৃষকৰ পথাৰত বেঙেনা খেতি লেৰেলি যোৱা ৰোগৰ বিৰুদ্ধে বায়’ভিৰ প্ৰয়োগ কৰি যথেষ্ট সুফল পোৱা গৈছে ।

নলবাৰী জিলাৰ কৃষক সকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সময়ে সময়ে জৈৱিক কৃষিৰ ওপৰত প্ৰশিক্ষণ দি অহা হৈছে । উন্নত পদ্ধতিৰে পচন সাৰ, কেঁচুসাৰ, এজ’লা আদিৰ উৎপাদণৰ কাৰিকৰি দিহা পৰামৰ্শ আগবঢ়োৱা হয় । ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহু কেইজন কৃষকে ব্যৱসায় ভিত্তিত কেঁচুসাৰ প্ৰস্তুত কৰি আৰ্থিক ভাৱে স্বাৱলম্বি হৈছে । কৃষিবিজ্ঞান কেন্দ্ৰ নলবাৰীয়ে এইদৰে জিলাখনৰ কৃষক ৰাইজ ও কৃষিৰ উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে ।

**********************************************
-ড° মৃদুল ডেকা,অসম কৃষি বিশ্ববিদ্যালয়ৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী আৰু ড° মানসী চক্ৰবৰ্তী, বিষয় বস্তু বিশেষজ্ঞ (ভূমি বিভাগ)

Leave a Response