আলু খেতিৰ সমন্বিত কীট-পতঙ্গ আৰু ৰোগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা Integrated Pest Management in Potato Crop

~ড° ৰূপক কুমাৰ নাথ

আলুখেতি যদিও অসমত শীতকালিন পাচলি হিচাপে কৰা হয়, গোটেই বছৰ জুৰিকৰা ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত এই বিধ পাচলিয়ে সদায়েই অদ্বিতীয় হিচাপে স্থান লাভ কৰি আহিছে ৷ আজিৰ আলোচনাত আলুখেতিত অনিষ্ট কৰা প্ৰধান কীট-পতঙ্গসমূহৰ বিষয়ে আলোচনা কৰি ইবিলাকৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী উল্লেখ কৰা হ’ল ৷
কিছুদিন আগলৈকে কীট-পতঙ্গ আৰু শস্যৰ বেমাৰ-আজাৰ নিয়ন্ত্ৰণৰ কাৰণে ৰাসায়নিক ঔষধৰ ব্যৱহাৰেই একমাত্ৰ উপায় হিচাপে অৱলম্বন কৰা হৈছিল আৰু ইয়াৰ পৰিনামত নানান সমস্যাৰ (পৰিৱেশ প্ৰদূষণ, কৃষকৰ স্বাস্থ্যৰ অৱনতি, উপকাৰী কীট-পতঙ্গৰ অনিষ্ট সাধন, ৰাসায়নিক ঔষধৰ প্ৰতি কীট-পতঙ্গৰ প্ৰতিৰোধ ক্ষমতা বৰ্দ্ধন ইত্যাদি) উদ্ভৱ হয় ৷ ৰাসায়নিক পদ্ধতিৰ উপৰিও সাস্কৃতিক, কাৰিকৰী, জৈৱিক আদি বিভিন্ন প্ৰণালীৰ দ্বাৰাও কীট-পতঙ্গ শস্যৰ বিভিন্ন ৰোগসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায় ৷
১) আলু কূটা পখিলা
আলু কূটা পখিলাবিধ বছৰৰ কেউটা মাহেই সক্ষম হৈ থাকে ৷ সাধাৰণতে এই পোকবিধ নবেম্বৰ মাহৰ পৰা মাৰ্চ্চ মাহলৈকে গছৰ পাতত, কুমলীয়া ঠাৰিত আৰু মাটিৰ উপৰিভাগত ওলাই থকা আলুবিলাকত কণী পাৰে ৷ তেতিয়া পলুবিলাকে পাত, গা-গছ, আৰু আলুগুটি খাই অনিষ্ট সাধন কৰে ৷ আলু চপাবৰ সময়ত কণী পাৰিলে সেই আলু ঘৰত/ভৰাঁলত জমা কৰাৰ পাচত কণীৰ পৰি পলু ওলাই আলুবোৰক সুৰঙ্গ কৰি খায় ৷ পাচত এপ্ৰিল মাহৰ পৰা নবেম্বৰ মাহলৈকে ভৰাঁলত থোৱা আলুসমূহত পোকবিধে বংশবৃদ্ধি কৰে ৷

২) ভূঁৰ পোক
পুলি অৱস্থাত থকা শস্যক গুড়িতে কাটি দিয়াটো ভূঁৰপোকৰ এক বৈশিষ্ট্য ৷ আলুৰ ক্ষেত্ৰত গছবোৰ পুৰঠ হ’লেও গছৰ গুৰি কটাৰ উপৰিও, আলুগুটিবোৰ এফালৰ পৰা কূটি খায় ৷ দিনৰ ভাগত পলুবিলাক মাটিৰ তলত লুকাই থাকে ৷ ৰাতিৰ ফালেহে মাটিৰ তলৰ পৰা ওলাই আহি শস্যৰ অনিষ্ট কৰে ৷ পলুবিলাক দেখিবলৈ মূগা বা কজলা বৰণৰ ৷ হাতেৰে পলুবিলাক চুই দিলে ইংৰাজীৰ ‘C’ আখৰটোৰ দৰে হৈ যায় ৷
৩) আলুৰ মোৱা পোক
আলুৰ মোৱা পোকৰ বৰণ পাতল সেউজীয়া ৷ ইহঁতে আলুৰ পাত আৰু কোমল ঠাৰিত থুপ খাই থাকি ৰস শুহি খায় ৷ মোৱা পোকৰ আক্ৰমণৰ ফলত পাতবোৰ মেটুৰা-মেটুৰ হয় আৰু গছডাল ভালদৰে নাবাঢ়ে ৷ মোৱাপোকে আলুৰ বিভিন্ন ভাইৰাচ বেমাৰৰ বাহক হিচাপে কাম কৰে ৷
৪) ৰঙা পৰুৱা
অসমত ৰঙা পৰুৱা আলুৰ প্ৰধান শত্ৰু ৷ মাটিৰ তলত থকা আলুগুটিবোৰ ৰঙা পৰুৱাই বেঁকা-বেঁকি সুৰঙ্গ কৰি ভিতৰৰ কোমল শাঁহ অংশ খোৱাৰ বাবে আলুগুটিবোৰ ফোপোলা হৈ পৰে ৷ সাধাৰণতে ন-ভাঙনি (নতুনকৈ উলিওৱা) মাটি আৰু পাহাৰীয়া অঞ্চলত ৰঙা পৰুৱাৰ উপদ্ৰৱ বেছিকৈ দেখা যায় ৷ আনহাতে নৈৰ কাষৰীয়া বানপানী উঠা মাটিত ইয়াৰ আক্ৰমণ কম হয় ৷
তলত উল্লেখ কৰা বিভিন্ন ব্যৱস্থাসমূহ অৱলম্বন কৰি অনিষ্টকাৰী কীট-পতঙ্গ বহু পৰিমাণে কমাব পাৰি ৷
* খেতিডৰাত শস্য সিঁচা বা পুলি ৰোৱাৰ পূৰ্ব্বে মাটিডোখৰ ভালদৰে চহাই মাটিৰ ওচৰে-পাজৰে থকি বন-বাত ভালকৈ চিকুনাই ল’ব লাগে ৷ এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতঙ্গসমূহ কমি যায় ৷
* কীট-পতঙ্গৰ আক্ৰমণ প্ৰতিৰোধ কৰা উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে ৷ আলু খেতিৰ বাবে তেনে জাতবোৰ হৈছে – কুফ্‌ৰি মেঘা, কুফ্‌ৰি জ্যোতি, কুফ্‌ৰি বাদশ্বাহ, কুফ্‌ৰি আনন্দ ৷
* শস্যৰ আৰম্ভণীতে কীট-পতঙ্গই আক্ৰমণ কৰাগছবোৰ আঁতৰাই পুৰি বা পুতিপেলাব লাগে ৷ এনে কৰিলে পতঙ্গৰ বংশবৃদ্ধি হৈ অধিক অনিষ্ট কৰা সম্ভাৱনা দূৰ হয় ৷ যেনে, বেঙেনাৰ আগ আৰু ফল বিন্ধা কৰা পোক ৷
* শস্যত প্ৰয়োজনীয় পৰিমাণৰ সাৰ-জাবৰ সঠিক পৰিমাণত সঠিক সময়ত মাটিত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতঙ্গ/বেমাৰ-আজাৰৰ আক্ৰমণ গছে প্ৰতিৰোধ কৰিব পৰা শক্তি আহৰণ কৰি লয় ৷ মনত ৰাখিব লাগে যাতে শস্যত আৱশ্যকতকৈ অধিক নাইট্ৰোজেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতঙ্গৰবংশবৃদ্ধি বেছি হয় ৷
* প্ৰত্যেক শস্যৰ বিভিন্ন কীট-পতঙ্গ আহে ৷ গতিকে শস্যচক্ৰৰ অধীনত পথাৰত একে শস্যকে বাৰে-বাৰে নকৰি অন্য শস্য কৰিলে প্ৰথম শস্যৰ কীট-পতঙ্গৰ খাদ্যৰ বাবে দ্বিতীয় শস্য অনুপযুক্ত হোৱাৰ কাৰণে সিঁহতৰ বংশবৃদ্ধিৰ হাৰ কমি আহে ৷
* হালধীয়া আঠাযুক্ত ফান্দ (Yellow sticky trap) শস্যৰ মাজত ব্যৱহাৰ কৰি সাধাৰণতে শস্যৰ কুমলীয়া পাত আৰু গা-গছ শুহি খোৱা পোকসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ যেনে, আলুৰ মোৱা পোক ইত্যাদি ৷
* উপযুক্ত সময়ত শস্য পথাৰত ৰুবলৈ যত্ন কৰিব লাগে ৷ এনে কৰিও কীট-পতঙ্গ/বেমাৰ-আজাৰৰ আক্ৰমণৰ পৰা শস্যডৰাক বহু পৰিমাণে ৰক্ষা কৰিব পাৰি ৷ যেনে, আলুৰ ক্ষেত্ৰত নবেম্বৰৰ ১ তাৰিখৰ পৰা ১৫ তাৰিখৰ ভিতৰত আলুখেতি পথাৰত ৰুবলৈ যত্ন কৰিব লাগে ৷ আনহাতে কোনো কাৰণতে, আলুডৰাত সময়মতে মাটি চপাবলৈ পাহৰিব নালাগে ৷ আলুত সময়মতে মাটি চপাই থাকিলে, আলু কূটা পখিলাৰ উপদ্ৰৱ কম হয় ৷
ৰাসায়নিক ঔষধ প্ৰয়োগ
* ভূঁৰ পোক আৰু ৰঙা পৰুৱাৰ নিয়ন্ত্ৰণৰ বাবে শস্য ৰোৱাৰ পূৰ্ব্বে মাটি চহোৱাৰ সময়ত হেক্টৰে প্ৰতি ২০০ কেজি হিচাপে খলিহৈ মিহলাই দিব লাগে ৷ ইয়াৰ উপৰিও হেক্টৰে প্ৰতি ৪০ কেজি মালাথিয়ন ৫ ভাগ শক্তিযুক্ত পাউডাৰ লৈ আলুত মাটি চপোৱাৰ সময়ত আলুৰ সীৰলুত প্ৰয়োগ কৰিব লাগে ৷
কীট-পতঙ্গ নিয়ন্ত্ৰণৰ স্থানীয় পদ্ধতি
* পকা ভীমকল সৰু-সৰু টুকুৰাকৈ কাটি আলুতলীৰ মাজে-মাজে মাটিৰ তলত লুকুৱাই ৰাখিলে ৰঙা পৰুৱা ভীমকললৈ আকৰ্ষিত হৈ অহাৰ বাবে ইবিলাকক সহজে নিধন কৰিব পাৰি ৷
* মোৱা পোক, বগা মাখি জাতীয় পোকসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সময়ে সময়ে ফুটছাঁই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি ৷
* মোৱা পোকৰ ক্ষেত্ৰত, শস্যৰ তলিত আমৰলি পৰুৱাৰ বাহ থলেও সুফল পোৱা দেখা যায় ৷
* মোৱা পোকৰ ক্ষেত্ৰত এটা ৰাতি, ধপাতৰ পাত পানীত ডুবাই ৰাখি (৫০০ গ্ৰাম ধপাতৰ পাত + ৫ লিটাৰ পানী) প্ৰস্তুত কৰা মিশ্ৰণটোত পাছদিনা পুনৰ ১০০ গ্ৰাম কাপোৰ ধোৱা চাবোনৰ সৈতে অতিৰিক্ত ৬-৭ লিটাৰ পানী যোগদি শস্যত প্ৰয়োগ কৰিও সুফল পাব পাৰি ৷
আলুৰ প্ৰধান ৰোগসমূহ আৰু তাৰ ব্যৱস্থাপনা
১) লেট্‌ ব্লাইট ৰোগ
লেট্‌ ব্লাইট হৈছে এবিধ মাৰাত্মক ব্যাধি ৷ খেতিডৰা এবাৰ আক্ৰান্ত হোৱাৰ পিচত সাধাৰণতে ৰোগৰ লক্ষণ জুইৰ দৰে বিয়পি পৰে ৷ সাধাৰণতে অসমৰ জলবায়ুত ডিচেম্বৰ মাহৰ পৰাই এই ৰোগৰ প্ৰাদূৰ্ভাৱ লাহে লাহে বৃদ্ধি পায় ৷ জাৰকালি যদি বতৰ ডাৱৰীয়া হৈ কিনকিনিয়া বৰষুণ হৈ থাকে, তেনে অৱস্থাত এই বেমাৰ বিধৰ বিস্তাৰ অতি খৰটকীয়া হৈ পৰে ৷এই ৰোগৰ প্ৰথম অৱস্থাত পাতৰ আগত আৰু দাঁতিত কিছুমান জলসিক্ত দাগৰ সৃষ্টি হয় আৰু শেষলৈ এই দাগবোৰ ক’লা পৰি মৰহি যায় ৷ পাতৰ তলফালে ক’লা দাগৰ ওচৰত কপাহৰ দৰে বগা বৰণৰ বৃদ্ধি দেখা যায় ৷ ডাল আৰু গা-গছতো ক’লা বৰণৰ দাগ কিছুমান লক্ষ্য কৰা হয় ৷ বতৰ ৰোগবৃদ্ধিৰ অনুকুল হ’লে, এই ৰোগ আলুগুটিলৈকে সম্প্ৰসাৰিত হয় ৷ এই ৰোগ আৰম্ভ হোৱাৰ আগৰ পৰাই প্ৰতিষেধক ব্যৱস্থা হিচাপে ঔষধৰ ব্যৱহাৰ কৰিব লাগে, কাৰণ এই ৰোগে এবাৰ আক্ৰান্ত কৰিলে তাক নিৰাময় কৰাটো কষ্টসাধ্য তথা ব্যয়বহুল হৈ পৰে ৷ ৰিদোমিল এম জেদ-৭২ (Redomyl MZ-72) নামৰ ঔষধ বিধ এই বেমাৰৰ বাবে অতি সুফলদায়ক বুলি প্ৰমাণিত হৈছে ৷ এই ঔষধ বিধৰ দুই গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলি কৰি ১২-১৪ দিনৰ অন্তৰত স্প্ৰে কৰিব লাগে ৷ ইয়াৰ উপৰি ইন্দোফিল এম-৪৫ (Indofil M-45) ঔষধ বিধ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ব্যৱহাৰ কৰিও সুফল পাব পাৰি ৷ অৰ্থনৈতিক দিশটোৰ কথা লক্ষ্য কৰিলে, এই দুবিধ ঔষধ সলনা-সলনিকৈ ব্যৱহাৰ কৰিব লাগে ৷ আলুৰ ক্ষেত্ৰত কুফ্ৰী মেঘা আৰু কুফ্ৰী বাদশ্বাহ নামৰ জাত দুটাৰ এই বেমাৰৰ প্ৰতিৰোধ শক্তি আছে, সেয়ে এই দুবিধ জাত ব্যৱহাৰ কৰিও ৰোগটোৰ ব্যৱস্থাপনা হাতত লব পাৰি ৷
২) লেৰেলি যোৱা ৰোগ
আলুৰ আনবিধ মাৰাত্মক ৰোগ হ’ল লেৰেলি যোৱা ৰোগ ৷ বেক্টেৰিয়াজনিত লেৰেলি যোৱা ৰোগবিধৰ ক্ষেত্ৰত সময়মতে ব্যৱস্থা নল’লে, যথেষ্ট লোকচানৰ সন্মূখীন হ’বলগীয়া হয় ৷ পুলিৰ পৰি পৈণত অৱস্থালৈকে যিকোনো স্তৰতেই এই ৰোগে আক্ৰমণ কৰিব পাৰে ৷ লহপহকৈ বাঢ়ি অহা পুলি অথবা গছবোৰ হঠাৎ লেৰেলিবলৈ আৰম্ভ কৰে ৷ এনে লক্ষণযুক্ত পৈণত গছৰ ছালত ক’লা বৰণৰ বহল দাগৰ সৃষ্টি হয় আৰু গুৰিৰ পৰা বহুতো অস্থানিক মূলৰ (কণ কণ শিপা আকৃতিৰ বৃদ্ধি) ওলায় ৷ এনে গছৰ ডাল এটা কাটি এগিলাছ পৰিস্কাৰ পানীত কটা অংশ ডুবাই ৰাখিলেসেই অংশৰ পৰা চাউল ধোৱা পানীৰ দৰে ঈষৎ বগা ৰঙৰ জুলীয়া পদাৰ্থ নিঃসৰণ হোৱা দেখা যায়-যিহে এই ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হোৱাটো প্ৰমাণ কৰে ৷ এই ৰোগৰ প্ৰাদূৰ্ভাৱ কমাবলৈ, শস্য কৰিবলৈ প্ৰস্তুত কৰা মাটিডৰাত আগতীয়াকৈ ধৈনচাৰ খেতি কৰি ফুল ফুলাৰ আগতে কাটি মাটিৰ লগত মিহলি কৰিব লাগে ৷ ৰোগৰ পৰা হাত সাৰিবলৈ এক ফলপ্ৰসু ব্যৱস্থা হিচাপে ৰোগপ্ৰতিৰোধক্ষম জাত ব্যৱহাৰ কৰিব লাগে ৷ ষ্ট্ৰেপট’চাইক্লিন নামৰ ঔষধৰ এচামুচ ৫০ লিটাৰ পানীত মিহলাই প্ৰতি ১৫ দিনৰ ব্যৱধানত পুলি ৰোৱাৰ পৰা ফুল ফুলাৰ সময়লৈকে প্ৰয়োগ কৰিব লাগে ৷
(৩) পুলিৰ গুৰি পচা (Damping off) ৰোগ
শাক-পাচলি আৰু শস্যৰ বীজাঙ্কুৰ তথা পুলিত এই ৰোগ হয় ৷ বীজতলীৰ উপৰিও গই ৰোগ কোনো কোনো সময়ত মূল খেতি-পথাৰতো দেখা যায় ৷ গজালি ওলোৱাৰ আগতে বা গজালি ওলোৱাৰ পিচত এই ৰোগবিধ দেখা যায় ৷ গজালি ওলোৱাৰ আগতে আক্ৰান্ত হ’লে, বীজ অঙ্কুৰণৰ সময়তেই গজালি বা অঙ্কুৰ লগে-লগে আক্ৰান্ত হৈ মৰি যায় ৷ গজালি ওলোৱাৰ পিচত ৰোগটো দেখা দিলে সাধাৰণতে পুলিবোৰ আক্ৰান্ত হৈ পুলিবোৰৰ গুৰিত জলসিক্ত, কোমল আৰু ডাঠ মূগা ৰঙৰ দাগৰ সৃষ্টি হয় ৷ আক্ৰিন্ত গছ দূৰ্ব্বল হৈ মাটিৰ ওপৰত হালি পৰে ৷ কোনো কোনো ক্ষেত্ৰত আক্ৰান্ত অঞ্চলত পুলিটো ছিঙি যায় ৷ এই ৰোগৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে পুলিবোৰ পাতলকৈ সিঁচিব লাগে ৷ ইন্দোফিল এম-৪৫ বা বেভিষ্টিনেৰে (৩ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত), নাইবা দুয়োবিধ ভেঁকুৰনাশকৰ মিশ্ৰণত বীজবোৰ সিঁচাৰ আগেয়ে শোধণ কৰি ল’ব লাগে ৷ আক্ৰান্ত পুলি দেখা মাত্ৰেই বীজতলীৰ মাটি তিতি যোৱাকৈ ০.১ শতাংশ চোকসম্পন্ন বেভিষ্টিন আৰু ০.২৫ শতাংশ চোকযুক্ত ইন্দোফিল এম-৪৫ স্প্ৰে কৰিব লাগে ৷

*********************************************

লিখক -ড° ৰূপক কুমাৰ নাথ, কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ বিষয় বস্তু বিশেষজ্ঞ৷

Leave a Response