শস্য আৱৰ্তন- প্ৰতি একক মাটিত কৃষি শস্যৰ উৎপাদন বৃদ্ধি কৰা শস্য ব্যৱস্থা Crop Rotation-A Cropping System to Increase Productivity per Unit Area

~ড° পাৰভেজ আহমেদ

সাধাৰণতে একেডৰা মাটিতে এটা নিদিষ্ট চক্ৰত বিভিন্ন শস্যৰ খেতি কৰা প্ৰণালীকে শস্যাৱৰ্তন বুলি কোৱা হয়৷ এই প্ৰণালীৰে খেতি কৰিলে কৃষি শস্যৰ উৎপাদন আশানুৰূপ লাভ কৰাৰ লগতে মাটিৰ উৎপাদিকা শক্তিও অটুট ৰাখিব পৰা যায়৷ একেডৰা মাটিতে এটা শস্য বছৰ বছৰ ধৰি কৰি থাকিলে গছৰ আৱশ্যক হোৱা পানী, পোহৰ আৰু পোষক দ্ৰৱৰ মাজত কোনো প্ৰতিযোগিতা নহয়৷ সূৰ্য্যৰ পোহৰ অধিক আহৰণ কৰি প্ৰতি একক মাটিত কৃষি শস্যৰ উৎপাদন বৃদ্ধি কৰাই হ’ল শস্যাৱৰ্তনৰ মূল উদ্দেশ্য৷ শস্যাৱৰ্তনত একেডৰা খেতিৰ মাটিতে এটা শস্যৰ পিছত আনটো শস্যৰ খেতি কৰি মাটিৰ উপৰিভাগ আবৃত ৰাখি সূৰ্য্যৰ পোহৰ অধিক আহৰণ কৰি শস্যৰ শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়৷ আবৃত শস্যৰ দ্বাৰা কৰা খেতিৰ মাটিত অপতৃণ নিয়ন্ত্ৰণ কৰাৰ লগতে মাটিৰ ওপৰিভাগৰ পৰা বাস্পীভূত হোৱা পানী ভাগত বাধা প্ৰদান কৰি মাটিত অধিক জীপ ৰাখিব পৰা যায়৷ শস্যাৱৰ্তনত এটা শস্য চপোৱাৰ পাছত আনটো শস্যৰ ওপৰত পৰোক্ষভাৱে কিছুমান প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ এনে পৰোক্ষ প্ৰভাৱবোৰ হ’ল – মাটিৰ অৱস্থাৰ সালসলনি হোৱা, আগৰ শস্যত প্ৰয়োগ কৰা সাৰৰ প্ৰভাৱ, পোক-পৰুৱা, বেমাৰৰ আক্ৰমণৰ তীব্ৰতা হ্ৰাস, লাগতিয়াল দ্ৰৱ্যৰ সৃষ্টি যেনে -মাহজাতীয় শস্যৰ খেতিৰ দ্বাৰা মাটিত অধিক পৰিমাণৰ জৈৱসাৰৰ সৃষ্টিৰ লগতে নাইট্ৰজেন মৌলৰ যোগান ইত্যাদি৷
শস্যাৱৰ্তনৰ বিভিন্ন উপপাৰিতা আছে৷ এই উপকাৰিতাসমূহ তলত বৰ্ণনা কৰা হ’ল –
*সাধাৰণতে একেদৰা মাটিতে একেধৰণৰ শস্যৰ খেতি বছৰ ধৰি কৰি থাকিলে প্ৰথম কেইবছৰত উৎপাদন লাভ কৰিলেও পাছলৈ মাটিৰ উৎপাদিকা শক্তি কমি যোৱাৰ ফলত আশাকৰা ম’তে উৎপাদন পোৱা নাযায়৷ কিন্তু পৰিকল্পিতভাৱে কৰা শস্যাবৰ্তন প্ৰণালীত বহু কেইবছৰলৈকে সম পৰ্যায়ৰ শস্য উৎপাদন পাব পৰা যায়৷ কাৰণ শস্যাৱৰ্তনত অন্তৰ্ভূক্ত হোৱা বিভিন্ন প্ৰকাৰৰ শস্যই মাটি পানী সংৰক্ষণ কৰি আৰু খাদ্যমৌলৰ যোগান ধৰি মাটিৰ উৎপাদিকা শক্তি অপৰিৱৰ্তিত ৰাখে৷
*শস্যাৱৰ্তনত বিভিন্ন বৈশিষ্টৰ শস্য অন্তৰ্ভূক্ত হোৱা বাবেই বিশেষকৈ মাহজাতীয় শস্যই প্ৰধানকৈ মাটিত জৈৱিক পৰ্দাৰ্থ প্ৰদান কৰাৰ লগতে নাইট্ৰজেন আদি খাদ্যৰো যোগান ধৰে৷ মাহজাতীয় শস্যই মাটিত জৈৱ সাৰ বৃদ্ধি কৰি মাটিৰ ভৌতিক গুণাগুণ উন্নত কৰে৷ জৈৱিক পৰ্দাথ সঞ্চিত মাটিয়ে পানী ধৰি ৰাখিব পৰা ক্ষমতা লাভ কৰে আৰু মাটিৰ পৰা নিঃসৰণ হৈ নষ্ট হোৱা খাদ্য দ্ৰৱক ৰোধ কৰে৷ তাৰোপৰি জৈৱিক পদাৰ্থই মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ উন্নতি সাধন কৰি শস্য বৃদ্ধি আৰু উৎপাদনত যথেষ্ট সহায় কৰে৷
*শস্যাৱৰ্তনত মাহজাতীয় শস্যৰ অন্তৰ্ভূক্তিয়ে বায়ুমণ্ডলত থাকে নাইত্ৰজেন খাদ্য আহৰণ কৰি মাটিত তাৰ ৰূপান্তৰ ঘটাই গছে আহৰণ কৰিব পৰা অৱস্থালৈ আনে আৰু তাৰ ফলত শস্যত দৰপাৰ হোৱা নাইট্ৰজেন সাৰ কম পৰিমাণে ব্যৱহাৰ খৰচ কিছু কমাব পৰা যায়৷ বিশেষকৈ মাহজাতীয় শস্য যেনে মগু মাহ, উৰহী, চয়াবিন, আদিৰ বীজ পথাৰত সিঁচি গছ গজাৰ পাছত হাল বাই মাটিৰ লগত ভালদৰে মিহলাই মাটিত নাইত্ৰজেন সাৰ যোগান ধৰিব পাৰি৷
*একেদৰা মাটিতে একেবিধ শস্যৰ খেতি কৰি থাকিলে শস্যবোৰে মাটিত একে গভীৰতাৰ পৰা মৌল আহৰণ কৰি মাটিৰ উৰ্বৰা শক্তি হ্ৰাস কৰে৷ কিন্তু শস্যাৱৰ্তনত অন্তৰ্ভূক্ত কৰা বিভিন্ন শস্যৰ বিভিন্ন শিপা হেতুকে বিভিন্ন গভীৰতাৰ পৰা মৌল আহৰণ কৰা ফলত মাটিত পোষক মৌলবিলাকৰ অভাৱ নঘটায়৷ তাৰ ফলত মাটিৰ উপৰিভাগৰ ভৌতিক অৱস্থা আৰু পানীৰ সমতা অটুট থাকে৷
*সাধাৰণতে অধিক বৰষূণ আৰু হেলনীয়া মাটিত খহনীয়া হৈ মাটিত থকা পোষকদ্ৰব্য সমূহ ধুই নিয়াৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস হোৱাৰ লগতে খেতি কৰাৰ বাবে মাটি অনুপযুক্ত কৰি তোলে৷ কিন্তু শস্যাৱৰ্তনত ঘাঁহজাতীয় নাইবা মাহজাতীয় শস্যৰ অন্তৰ্ভূক্তিৰ বাবে এনে খহনীয়া ৰোধ কৰিব পাৰি৷ ফলত পোষকদ্ৰৱৰ উপস্থিতিয়ে বিভিন্ন শস্যৰ খেতিৰ বাবে মাটি উপযোগী কৰি ৰাখে৷

*সুপৰিকল্পিত ভাৱে যুগুত কৰা শস্যাৱৰ্তনত প্ৰকৃত লাভজনক শস্যত প্ৰকৃত পৰিমাণৰ জৈৱ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি প্ৰতি একক মাটিত অধিক উৎপাদন লাভ কৰিব পাৰি৷
*শস্যাৱৰ্তনত বিভিন্ন শস্যৰ খেতি কৰা বাবে বন-বাত, পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্ৰমণৰ তাৰতম্য ঘটায়৷ কিয়নো, একেডৰা মাটিতে বছৰ বছৰ ধৰি একেটা খেতি কৰিলে এটা সময়ত কিছুমান বন-বাত, পোক-পৰুৱা, বেমাৰৰ আধিপত্য বিস্তাৰ কৰা দেখা যায়৷ কিন্তু শস্যাৱৰ্তনত এনে কাৰ্য্যত নিয়ন্ত্ৰণ সাধিব পাৰি৷
* শস্যাৱৰ্তনত সম পৰিমাণৰ শ্ৰম বিতৰণ হোৱাও দেখা যায়৷ কাৰণ একেবিধ শস্যৰ খেতিত কোনো এটা সময়ত যথেষ্ট শ্ৰমৰ দৰকাৰ হোৱা দেখা যায়৷ উদাহৰণ স্বৰূপে, ধানখেতিৰ কথা কব পাৰি৷ ধানখেতি আৰম্ভ কৰাৰ পৰা চপোৱালৈকে যথেষ্ট শ্ৰমৰ প্ৰয়োজন হয়৷ কিন্তু খেতি চপোৱাৰ পাছত শ্ৰমৰ প্ৰয়োজন হোৱা দেখা নাযায়৷ ইয়াৰ বিপৰীতে শস্যাৱৰ্তনত গোটেই বছৰ জুৰি কৰা পৰিপ্ৰেক্ষিতত শ্ৰমৰ সমবিতৰণ হয় লগতে উপযুক্তভাৱে ব্যৱহাৰ হয়৷
*সম্প্ৰতি সঘনাই বতৰ পৰিবৰ্তনৰ বাবে কৃষি শস্যৰ উৎপাদনত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাদুৰ্ভাৱ প্ৰায় পৰিলক্ষিত হোৱা দেখা যায়৷ সেয়েহে খেতি কৰি শস্য নচপোৱালৈকে উৎপাদন অৰ্জন কৰাত কোনো নিশ্চয়তা কৰিব নোৱাৰি৷ প্ৰতিকূল বতৰ, পোক-পৰুৱা, বেমাৰৰ আক্ৰমণ আদিৰ পৰা দুৰ্যোগবিলাক হব পাৰে৷ কিন্তু পৰিকল্পিতভাৱে অৱলম্বন কৰা শস্যাৱৰ্তনত কোনো এটা শস্যৰ এটা সময়ত লোকচান হ’লেও বিকল্প শস্যৰ পৰা তাৰ ক্ষতিপূৰণ পাব পাৰি৷ সেয়েহে কৃষকে সম্পূৰ্ণ বিমুখ হব লগা নহয়৷

শস্যাৱৰ্তনৰ মূলনীতিসমূহ-

*শস্যাৱৰ্তনত শস্য নিৰ্বাচন কৰোতে অঞ্চলৰ কৃষি, জলবায়ু, মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰিহে নিৰ্বাচন কৰিব লাগে৷
*মাহজাতীয় শস্য বা ঘাহঁশস্য অন্তৰ্ভূক্তিত অগ্ৰাধিকাৰ দিব লাগে, যাতে সেইবিলাক শস্যৰ দ্বাৰা মাটিত অধিক জৈৱিক পদাৰ্থ, নাইট্ৰজেন সাৰ আদি যোগান ধৰাত সহায় কৰে৷
*যিবিলাক শস্য সোনকালে বাঢ়ি অধিক উৎপাদন প্ৰদান কৰাৰ লগতে অনাৱশ্যকীয় বন-বাত, পোক-পৰুৱা, বেমাৰ আদিৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে, সেইবিলাক শস্যহে শস্যাৱৰ্তনত অন্তৰ্ভূক্ত কৰিব লাগে৷
*শস্যাৱৰ্তনত অন্তৰ্ভূক্ত কৰা শস্যবিলাক খাদ্য উৎপাদন কৰাৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ বাবে লগা সেউজীয়া খাদ্য যোগানতো অৰিহণা যোগাব লাগে, যাতে সেউজীয়া খাদ্য জীৱ-জন্তুক যোগান ধৰি জীৱ-জন্তুৰ স্বাস্থ্যৰ উন্নতি সাধন আৰু গাখীৰ উৎপাদনত ইন্ধন যোগাব পাৰে৷
*বছৰৰ সকলো সময়তে যাতে শ্ৰমৰ সমবিতৰণ হয় সেইবিলাক শস্যহে অন্তৰ্ভূক্ত কৰিব লাগে৷
*লাভজনক শস্যহে নিৰ্বাচন কৰিব লাগে, লগতে যিবিলাক শস্যই মাটিৰ গুণাগুণ অটুট ৰাখি উৎপাদনৰ মাত্ৰা অধিক কৰে৷

*********************************************************************

লিখক – ড° পাৰভেজ আহমেদ, তিনিচুকীয়া কৃষিবিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিভাগৰ বিশেষজ্ঞ৷

Leave a Response