আঘোণৰ প্ৰেমৰ স্তৱক Love Euology of Autumn

✍~চিৰঞ্জীৱ সনোৱাল।

আকৌ আঘোণ আহিছে.. লগত আনিছে
অতীতৰ ধোঁৱা বৰণীয়া স্মৃতি।
মনত আছেনে তোমাৰ…?
মন বিৰিণা জনী হৈ তুমি
ধানৰ মুঠি কাটি কাটি
গোপনে মোলৈ চাইছিলা।
আৰু এদিন !
কুঁৱলীৰ আচ্ছাদৰ সুযোগ লৈ
তুমি মোক কৈছিলা
তুমি মোৰ হৃদয়ৰ কোনোবা আউসী নিশাৰ জোনাক।
তোমাৰ তীক্ষ্ণ দুনয়ণে মোৰ বুকুলৈ
নমাই আনে শেৱালি ফুলৰ সুবাস
আকৌ আহিছে আঘোণ…..
সকলো ব্যস্ত, ধানৰ মুঠি কটাত,
ধানৰ দাঙৰী বন্ধাত।
সকলো আছে সেই আঘোণৰ পথাৰ,
পকা পকা ধানৰ মন যৌৱনৰ সুগন্ধ।
আশাবোৰৰো ব্যস্ততা বাঢ়িছে,
কেৱল তুমি নাই…..
তোমাৰ বিশ্বাসৰ প্ৰতি শ্ৰুতি এতিয়া
মোৰ হৃদয়ত বন ফিৰিঙতি হৈ
দাৱালনৰ জোৱাৰ আনিছে
যিয়ে নিমাত কৰিছে দাউনিৰ
কাঁচিৰ কচকছ শব্দ।
তুমি কৈছিলা আঘোণৰ কোঁৱলীত
নিয়ৰ টোপাল তোমাৰ ভাল লাগে
কিন্তু এতিয়া আঘোণত সেই টোপাল
কেৱল মোৰ চকুপানী।

*******************************************
~চিৰঞ্জীৱ সনোৱাল, প্ৰথম বৰ্ষৰ ছাত্ৰ, শৰৎ চন্দ্ৰসিংহ কৃষি মহাবিদালয়, অ.কৃ.বি., ধুবুৰী, অসম।

Submit your review
1
2
3
4
5
Submit
     
Cancel

Create your own review

Average rating:  
 0 reviews

2 Comments

Leave a Response