ৰোল মডেল Role Model

এজন কৃষক হিচাপে কেৱল পেটে ভাতে খাই থকাটোৱে আপোনাৰ লক্ষ্য হ’ব নোৱাৰে৷ তেনেদৰে যিসকলে নতুনকৈ কৃষি বা কৃষিজাতীয় কাম-কাজত লাগিছে বা যিসকল অগ্ৰণী লোকে কৃষিভিত্তিক ‘ষ্টার্ষ্ট আপ’ আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোকে নিশ্চয় নিজৰ নিজৰ ক্ষেত্ৰত সফল হ’ব বিচাৰিব৷

এজন কৃষক হিচাপে যদি আপুনি সফল হ’ব বিচাৰে, কিন্তু কি কৰিব পাৰি, কেনেদৰে কৰিব পাৰি সেয়া আপুনি নাজানে, তেন্তে আপুনি কি কৰিব? এনে কিবা উপায় আছে নেকি যিয়ে আপোনাক সফল হ’বলৈ সহায় কৰিব?

এটা সহজ উপায় আছে-

এজন ৰোল মডেল বিচাৰি লওক

কেনে ৰোল মডেল? কাক বিচাৰি ল’ব? এনে এজন ৰোল মডেল বিচাৰি লওক যিজন কৃষি ক্ষেত্ৰত সফল হৈছে৷ তেওঁ অসমৰ কোনোবাও হ’ব পাৰে, ভাৰতৰ আন ঠাইৰ মানুহো হ’ব পাৰে৷

এতিয়া এই ৰোল মডেল জনে কি কি কৰিছে, কেনেদৰে কৰিছে, কি কি সমস্যাৰ সন্মুখীন হৈছে, কেনেদৰে সমস্যাবোৰৰ মুখামুখি হৈছে, কিদৰে আৰু কি উপায় উলিয়াইছে, কেনেদৰে সফল হৈছে- এই সকলোবোৰ কথা পুঙ্খনাপুঙ্খ ভাবে জানিবলৈ চেষ্টা কৰক৷ তেওঁক অনুসৰণ কৰক৷ তেওঁক ‘কপী’ কৰক৷ সফল মানুহ এজনক ভালদৰে ‘কপী’ কৰিব পাৰিলে আপুনিও তেওঁৰ নিচিনা ফলাফল লাভ কৰিব পাৰিব৷ এই ক্ষেত্ৰত ‘কপী’ কৰাটো জানো বেয়া কথা হ’ব

তেনে কৰিবলৈ হ’লে আপুনি নিজৰ ইগ’ বাদ দিব লাগিব৷ মই আনৰ পৰা শিকিমনে, মোৰ শিকিব লগীয়া আছেনে, মোতকৈ সৰু ল’ৰা এটা/ছোৱালী এজনীৰ পৰা মই কিয় শিকিম, ইত্যাদি কথা বাদ দিব লাগিব৷ নিজৰ মনটো আপুনি খুলিব লাগিব৷ নিজৰ লাজো বাদ দিব লাগিব৷ আপোনাৰ বাবে ইগ’, লাজ, ভয় ডাঙৰ নে আপোনাৰ সফলতা ডাঙৰ? কেনেকৈ কৰিব?


• যদি পাৰে তেনে মানুহ এজনৰ ওচৰলৈ আপুনি নিজে যাওক


• যদি নোৱাৰে তেওঁ কি কৰিলে, কেনেকৈ কৰিলে, কিয় কৰিলে এই খবৰবোৰ সাৱধানে গোটাওক৷ ইন্টাৰনেটেও আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰে৷ মাত্ৰ সাৱধান হ’ব যাতে এটা বা দুটা ইন্টাৰনেটৰ বাতৰি পঢ়িয়েই আপুনি কেনেদৰে কি কৰিব লাগে সেয়া ধাৰণা কৰি নলয়৷ তাৰবাবে অলপ সময় দি, খৰচি মাৰি তেওঁৰ কাম আৰু পদ্ধতিবোৰ অধ্যয়ণ কৰিব লাগিব৷ সিমানখিনি সময় আপুনি দিব লাগিব আৰু সিমানখিনি কষ্ট আপুনি কৰিব লাগিব৷


• সৰুকৈ আৰম্ভ কৰক৷ প্ৰথমতে যি কৰিম বুলি ভাবিছে সেয়া সৰুকৈ আৰম্ভ কৰক৷ ই আপোনাৰ বাবে শিকাৰ ক্ষেত্ৰ বা পঢ়াশালি হ’ব৷ তাতে আপুনি কাম শিকাৰ লগতে ভুল ভ্ৰান্তি হ’লে সহজে শুধৰাই ল’ব পাৰিব৷


কাৰ ওচৰলৈ যাব?


এনে এজন মানুহৰ ওচৰলৈ যাওক যি নিজে কৃষি ভিত্তিক কিবা কাম কৰিছিল বা কৰি আছে৷ এনে মানুহৰ ওচৰলৈ যাওক যিসকলে নিজে হাতে-কামে এনেকুৱা কাম কৰিছে৷ কেৱল কিতাপৰ ওপৰত ভিত্তি কৰা ‘থিয়ৰী’ জনা পণ্ডিত এজনৰ ওচৰলৈ নাযাব৷ কাৰণ তেওঁৰ কথা কিতাপে পত্ৰই সঁচা হ’ব পাৰে, কিন্তু হয়তো পথাৰত সেয়া সঁচা নহবও পাৰে৷ যদি তেওঁ ‘থিয়ৰী’ৰ মানুহ কিন্তু নিজেও হাতে-কামে তেওঁ কৰিছে, তেন্তে তেওঁৰ পৰাও আপুনি শিকিব পাৰে৷ আপুনি নিজে হাতে-কামে কৃষিক্ষেত্ৰত কাম কৰা মানুহৰ ওচৰলৈহে যাব৷ তেওঁ যদি সেই কাম কৰি সফল হৈছে তেন্তে খুব ভাল কথা৷ যদি তেওঁ কৃষিক্ষেত্ৰত কাম কৰিছে কিন্তু সফল হোৱা নাই, তেতিয়া আপুনি তেনে মানুহৰ ওচৰলৈ যাব নে নাই?


তেওঁ যদি সফল হোৱা নাই, কিন্তু তেওঁ নিজৰ সামর্থ্য অনুসৰি চেষ্টা কৰিছিল, আপুনি তেনে মানুহৰ ওচৰলৈও যাব পাৰে, কাৰণ তেওঁৰ পৰা আপুনি তেওঁ কিয় বিফল হ’ল সেয়া শিকিব পাৰিব আৰু তেনে ভুল নিজে নকৰাকৈ থাকিব পাৰিব৷


সফল হওক!


সফল মানুহে আন সফল মানুহৰ পৰা নানা কথা শিকে, তেওঁলোকক অনুসৰণ কৰে, তেওঁলোকক ‘কপী’ কৰে৷ আপোনাৰ ৰোল মডেলৰ পৰা নিজৰ প্ৰয়োজনীয় কথাবোৰ শিকি আপুনিওনো সফল নহয় কিয়? ই এটা সহজ আৰু নিশ্চয়তা থকা উপায় নহয়নে?


আকৌ সুধিছোঁ, আপোনাৰ বাবে ইগ’, লাজ, ভয় ডাঙৰ নে আপোনাৰ সফলতা ডাঙৰ? সিদ্ধান্তটো আপুনি লওক৷

লেখক : শ্ৰী বিকাশ কলিতা, গুৱাহাটী
যোগাযোগ : ৮৮৭৬৭-২২৯৭১
———————————–

বিকাশ কলিতা এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷

বিকাশ কলিতা Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ তেওঁ “আমাৰ অসম” কাকতত এটা নিয়মীয়া শিতানো লিখে৷ কলিতাই “বিকাশ কলিতা” (www.bikashkalita.com) আৰু জীৱনবৃত্ত (www.jeevanbritta.com) নামৰ দুটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷
সম্পাদক, কৃষক বন্ধু ৷

Leave a Response