লক্ষ্যই সলনি কৰিব আপোনাৰ ভবিষ্যৎ

✍~শ্ৰী বিকাশ কলিতা,

~আপোনাক যদি গাড়ী এখনৰ চাবি এটা দি মই কওঁ- “যাওঁক,” আপুনি কি কৰিব? আপুনি হয়তো মোক সুধিব- “ক’লৈ যাম?” সাধাৰণ গাড়ী এখন চলাওঁতে আমি এই কথাটো সোধোঁ কাৰণ আমাক এটা লক্ষ্য লাগে, কিন্তু আমি যি কৰি আছো সেই কামবোৰ কৰি থাকোতে কিন্তু আমি নিজকে লক্ষ্যৰ কথা নোসোধো৷ আৰু যদি আপুনি মোক নোসোধে ক’লৈ যাম তেতিয়া আপুনি যলৈকে নাযাওঁক কিয় কোনো কথা নাই, কাৰণ যাবলগীয়া ঠাইলৈ আপুনি গৈ নাপায়, কাৰণ আপুনি নাজানেই ক’লৈ যাব লাগে৷
আপুনি যেতিয়া খেতি কৰে (বা যদি নতুনকৈ আৰম্ভ কৰিবলৈ ওলাইছে), তেন্তে আপুনি নিজকে নিজৰ লক্ষ্যৰ কথা সোধোনে? কেতিয়াবা এই কথাটো মন কৰিছেনে,লক্ষ্য থাকিলে কি লাভ হ’ব?

লাভ হ’ব. কাৰণ লক্ষ্য থাকিলেহে আপুনি সেই লক্ষ্য পাবলৈ চেষ্টা কৰিব৷ নহ’লে কিহৰ বাবে আপুনি চেষ্টা আৰু কষ্ট কৰিব?

লক্ষ্য থাকিলে আপুনি সোনকালে শুই উঠিব, কাম বেছি ভালকৈ কৰিব আৰু ভাল কাম কৰিব৷ লক্ষ্যবোৰে অনবৰতে আপোনাক অনুপ্ৰেৰণা যোগাই থাকিব৷

আপুনি এনেয়ে সোনকালে উঠিব নোৱাৰে কাৰণ আপোনাৰ উঠাৰ অভ্যাস নাই৷ উঠোতে উঠোতে ৭ বা ৮ বাজি যায়৷ কাইলৈ ৰাতিপুৱা ৫টা বজাত মুখ্যমন্ত্ৰীয়ে আপোনাক ২০ কিল’মিটাৰ দূৰৰ চার্কিট হাউচলৈ মাতিছে৷ তাত তেওঁ আপোনাক বিশিষ্ট খেতিয়ক হিচাপে কৰা কামৰ বাবে এখন পাৱাৰ টিলাৰ সম্পূর্ণ বিনামূল্যে প্ৰদান কৰিব৷ এতিয়া কাইলৈ ৰাতিপুৱা ৫টা বজাৰ আগতে আপুনি ২০ কিল’মিটাৰ গৈ তেওঁক লগ পাব পাৰিবনে?

নিশ্চয় পাৰিব৷ কাৰণ আপোনাৰ সন্মুখত এটা লক্ষ্য আছে৷
এইবোৰৰ প্ৰয়োজন নাই

বুজিছো যে আপুনি আগৰ পৰাই এইবোৰ নোহোৱাকৈ কাম কৰি আহিছে আৰু হয়তো ভালদৰে চলি আছে৷ কিন্তু এই লক্ষ্যবোৰ ঠিক কৰি ল’লে হয়তো আপুনি আগতকৈও আৰু ভাল কৰিব পাৰিব৷ আপুনি জানো সদায় নিজৰ অৱস্থা আৰু ভাল হোৱাটো নিবিচাৰে? এবাৰ লক্ষ্য কিছুমান ঠিক কৰি লৈ সেইবোৰ লাভ কৰিবলৈ সম্পূর্ণভাৱে চেষ্টা কৰো আহকচোন, কিজানিবা এইবাৰ আমি সফল হওঁৱেই৷

কেনেকুৱা লক্ষ্য?

কৃষি কর্মৰ ক্ষেত্ৰত আপোনাৰ লক্ষ্যবোৰ নানা ধৰণৰ হ’ব পাৰে-
(১) আপুনি এই বছৰটোত কি কি খেতি কৰিব (কি কি খেতি আপোনাৰ লক্ষ্য)? এই কথাটো নির্ভৰ কৰিব আপুনি কি খেতি কৰি আছে, আপুনি নতুনকৈ কি খেতি কৰিব বিচাৰে, কোনবিধ খেতিয়ে আপোনাক বেছিকৈ উপার্জন কৰিবলৈ সুবিধা দিব, কোনবিধ খেতি কৰিবলৈ আপোনাৰ সুবিধা আছে, কোনবিধ খেতিৰ বজাৰ বেছি ভাল ইত্যাদি কথাৰ ওপৰত৷
(২) কোনটো সময়ত আপুনি আৰম্ভ কৰিব আৰু কোনটো সময়ত শেষ কৰিব৷

(৩) আগতে যদি মাত্ৰ এবিধ খেতি কৰিছিল, তেন্তে এইবাৰ আপুনি দুবিধ বা তাতোকৈ বেছি খেতি কৰিব নেকি? যদি কৰে কি কি কৰিব, কোনবিধৰ পিছত কোনবিধ কৰিব৷
বছৰৰ আৰম্ভণিতে যদি আপুনি এইবোৰ কথা ঠিক কৰি ল’ব পাৰে, তেন্তে এইবোৰে আপোনাৰ লক্ষ্য হিচাপে কাম কৰিব আৰু আপোনাক নিজৰ কামত (কৃষি কার্যত) বেছি সফল হ’বলৈ সহায় কৰিব৷
এই লক্ষ্যবোৰে যে কেৱল খেতি কৰাসকলকে সহায় কৰিব তেনে নহয়, পশু-পালন কৰাসকল (গৰু, গাহৰি, ছাগলী ইত্যাদি পোহা সকল), নার্চাৰীৰ ব্যৱসায় কৰা সকল, এগ্ৰিএন্ট্ৰাপ্ৰিনিওৰসকল সকলোকে সহায় কৰিব৷ লক্ষ্যই দৰাচলতে আমাৰ জীৱনৰ সকলো দিশতে আমাক আৰু ভাল কৰিবলৈ সহায় কৰিব পাৰে৷ চকুৰ আগত লক্ষ্যবোৰ ৰাখি, সেইবোৰ সদায় এবাৰ মনত কৰি, কামবোৰ কৰি যাওঁ আহক, তাৰ পিছত চাওঁচোন কোনে আমাক ইপ্সিত লক্ষ্য লাভ কৰাৰ পৰা ৰখাব পাৰে৷

***************************************************************

লেখক : শ্ৰী বিকাশ কলিতা,
যোগাযোগ : ৮৮৭৬৭-২২৯৭১

বিকাশ কলিতা এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), ক’চ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷

বিকাশ কলিতা Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷ তেওঁ “আমাৰ অসম” কাকতত এটা নিয়মীয়া শিতানো লিখে৷ কলিতাই “বিকাশ কলিতা” (www.bikashkalita.com) আৰু জীৱনবৃত্ত (www.jeevanbritta.com) নামৰ দুটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷
সম্পাদক, কৃষক বন্ধু ৷

Leave a Response