জীৱনৰ গছৰ গুটি ৰোপণ কৰো আহক Let Us Sow Seeds of Life

শ্ৰী বিকাশ কলিতা ৷

আমাৰ জীৱনত বিচৰা ফলাফল বা সফলতাৰ লগত গছ এডালৰ বহুখিনি মিল আছে৷ গছ এডাল যিমান ডাঙৰ বা সৰু নহওক কিয়, ইয়াৰ আৰম্ভণি সদায় সৰু গুটি এটাৰ পৰা হয় ৷ তেনেদৰে আমাৰ জীৱনৰ আৰম্ভণিও হয় কিছুমান চিন্তা আৰু ইচ্ছাৰ পৰা৷
গুটি সিঁচাৰ আগতে আটাইতকৈ ডাঙৰ কথাটো হ’ল গুটিৰ সঁচ কেনে সেয়া জনাটো ৷ আপুনি জানো খেতিপথাৰত নজনা-নুশুনা যিকোনো গছৰ গুটি সিঁচিব? নিসিঁচে৷ তেনেদৰে জীৱনৰ পথাৰত গুটি সিঁচোতে আপুনি জানো সাৱধান নহ’ব? জীৱনৰ ক্ষেত্ৰত গুটিবোৰ হ’ব সফলতাৰ চিন্তা আৰু ইচ্ছা বা কিবা এটা বিশেষ ফলৰ ইচ্ছা ৷ এই গুটিটো নাথাকিলে আপুনি সফলতাৰ ফলটো কেনেদৰে পাব?
আকৌ গুটিৰ মানৰ ওপৰত নির্ভৰ কৰিহে আপুনি ফচল পাব ৷ তেনেদৰে আপোনাৰ চিন্তা, ইচ্ছা আদিৰ ওপৰত নির্ভৰ কৰিহে আপুনি জীৱনত ফলাফল লাভ কৰিব ৷ যদি আপোনাৰ চিন্তা আৰু ইচ্ছা যথেষ্ট সৰু, তেন্তে আপুনি তাৰ পৰা ডাঙৰ ফলাফল লাভ কৰিম বুলি ভাৱিব পাৰেনে? তেনেদৰে আপুনি ফুলৰ গছ এডাল ৰুই তাত আম পাম বুলি ভাৱিব পাৰেনে? নোৱাৰে ৷ আম খাবলৈ হ’লে সাহস কৰি আমৰ পুলি ৰুব লাগিব৷
প্ৰথমে গছৰ গুটি এটা ৰোৱা হয় আৰু তাৰ পৰা ই গজালি মেলে ৷ লাহে লাহে এই গজালিটো গছপুলি এটালৈ পৰিৱর্তিত হয়৷ গছপুলিটো লাহে লাহে ডাঙৰ হৈ ই এক ডাঙৰ গছত পৰিণত হয় ৷ তাৰ বাবে প্ৰয়োজন হয় সাৰ-পানীৰ ৷ ঠিক সময়ত আৰু জোখমতে সাৰ আৰু পানীৰ যোগান নধৰিলে গছপুলিডাল মৰি যাব পাৰে অথবা ডাঙৰ নহৈ এঠাইতে ৰৈ যাব পাৰে ৷ তেনেদৰে আপোনাৰ জীৱনৰ গুটিবোৰতো যদি সাৰ পানী যোগান ধৰা নহয়, তেন্তে আপোনাৰ জীৱনৰ গুটিবোৰৰ পৰা পুলি হলেও এইবোৰ ডাঙৰ গছ নহ’ব আৰু ইয়াৰ পৰা আপুনি ফলাফল হয়তো একেবাৰে নাপাব বা বিচৰা ধৰণৰ ফলাফল নাপাব ৷
মাজে সময়ে গছ এডালৰ বা শস্য এবিধৰ কিছুমান বেমাৰে দেখা দিব পাৰে ৷ তেনেদৰে কেতিয়াবা নানা কীট-পতংগৰ আক্ৰমণো দেখা যায় ৷ আমাৰ জীৱনতো নিজৰ ওপৰত সন্দেহ, বিশ্বাসৰ অভাৱ, আত্মবিশ্বাসহীনতা, লক্ষ্যৰ অভাৱ, পথ প্ৰদর্শকৰ অভাৱ আদি নানা সমস্যাই দেখা দিব পাৰে ৷ তেনেদৰে আন নিগেটিভ মানুহ, তোমাৰ বেয়া দেখি ভাল পোৱা বা বেয়া কৰিব খোজা মানুহ আদিয়ে অনিষ্টকাৰী পোক-পতংগৰ দৰে আমাৰ জীৱনটো শেষ কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ সেইবোৰৰ বাবে ঔষধ আমি মজুত কৰি ৰাখিব লাগিব যাতে বিচৰা ফলাফল লাভ কৰাৰ পৰা কোনেও আমাক বাধা দি ৰাখিব নোৱাৰে ৷
কেতিয়াবা বিচৰা ধৰণৰ উপযুক্ত পৰিমাণৰ ফচল আমি নাপাবও পাৰো, কিন্তু সেইবুলি সেইবিধ খেতি আমি বাদ দিম নেকি? নিদিওঁ ৷ আমি পিছৰ বছৰ আকৌ ভালদৰে চেষ্টা কৰিম, নিজৰ ভূলবোৰ আঁতৰাই পুনৰ চেষ্টা কৰিম যাতে বিচৰা ধৰণৰ ফচল আমি পাওঁ৷ যদি গছডাল এবাৰ ৰুলে বহুদিন ফচল দিয়া ধৰণৰ হয়, আমি পিছৰ বছৰ ইয়াক সাৰ-পানী, ঔষধ, আৰু আন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি উৎপাদন বঢ়াবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিম৷ মুঠতে আমি এবাৰ কিবা কাৰণত বিচৰা ফচল বা ফলাফল নাপালে চেষ্টা এৰি নিদিওঁ ৷ তেনেহলে নিজৰ জীৱনৰ কথাত আপুনি কিয় ফলাফল বিচৰা মতে নহলেই সকলো বাদ দি দিব খোজে? জীৱনৰ ক্ষেত্ৰতো কিবা কাৰণত বিচৰা ফলাফল নাপালে আপুনি হাত দাঙি আৰু চেষ্টা নকৰো বুলি ভাবিব নে আকৌ ফলাফল নোপোৱালৈকে চেষ্টা কৰি যাব সেয়া সম্পূর্ণৰূপে আপোনাৰ হাতত কাৰণ –
Your Life Your Choice.

Leave a Response