প্ৰতিদান Gift-back

~বিকাশ কলিতা

মাহজাতীয় শস্যৰ শিপাত এবিধ টেমুনা থাকে যত থাকে ৰাইজ’বিয়াম নামৰ এবিধ বেক্টেৰিয়া৷ এই বেক্টেৰিয়া বিধে নাইট্ৰজেন ফিক্সেচন কৰিব পাৰে অর্থাৎ ই টেমুনাবোৰত নাইট্ৰজেন আবদ্ধ কৰিব পাৰে৷ খেতি শেষ হোৱাৰ পিছত যেতিয়া মাহজাতীয় শস্যবোৰৰ থাকি যোৱা শিপাবোৰ কাটি মাটিৰ লগত মিলাই দিয়া হয়, ই মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটি সাৰুৱা কৰে৷ এই নাইট্ৰজেন পৰৱর্তী শস্যৰ বাবে এক আশীর্বাদৰ নিচিনা হয় আৰু পৰৱর্তী খেতিৰ ফচল বৃদ্ধি পায়৷
বেক্টেৰিয়াবিধে যেন থাকিবলৈ ঠাই পোৱাৰ বাবে মাহজাতীয় শস্য আৰু মাটিখিনিক নিজৰ কৃতজ্ঞতাহে জনাইছে৷ এয়া বেক্টেৰিয়াবিধৰ এক প্ৰতিদান নহয়নে? মাহজাতীয়া শস্যজোপাই বেক্টেৰিয়াবিধক টেমুনা বান্ধিবলৈ দি মাটিৰ প্ৰতি নিজৰ প্ৰতিদান আগবঢ়াইছে মাটিৰ উর্বৰা শক্তি বৃদ্ধি কৰি৷
আনহাতে আমি কি কৰোঁ?
এনে কথা ভাবিবলৈ বা তেনে কাম কৰিবলৈ আমাৰ সময় নাই৷ চিন্তা কৰিবলৈ সময় নাই৷ আমিতো নিজে নকৰোৱেই, কোনোবা চিনাকি মানুহে, আমাৰ ল’ৰা-ছোৱালীয়ে কৰিলেও তাত হাতউজান দিবলৈ, তেওঁলোকক সহায় কৰিবলৈ আমাৰ মন আৰু সময় দুয়োটাই নাই৷ গছ পুলি এডাল ৰুবলৈ, আন কাৰোবাক অলপ সহায় কৰিবলৈ আমাৰ মন নাই, সময় নাই৷
আমি যে এই পৃথিৱীত থাকিবলৈ পাইছোঁ তাৰবাবে আমাৰ কাৰো প্ৰতি কৃতজ্ঞতা নাই৷ আমি যে ঘৰ এটাত আশ্ৰয় পাইছো, তাৰবাবেও আমাৰ কোনো কৃতজ্ঞতা নাই৷ আনে যে আমাৰ বাবে কিবা এটা কৰিছে, সেই বিষয়তো আমাৰ কৃতজ্ঞতা নাই৷ গতিকে প্ৰতিদান দিয়াৰো কোনো কথাই নাই৷
আপুনিনো কি কৰিব?
আপুনি যি কৰিব পাৰে, তাকে কৰক৷ সৰুকৈ পাৰে সৰুকৈ কৰক৷ ডাঙৰকৈ কৰিব পাৰে ডাঙৰকৈ কৰক৷ আপুনি যিমান কৰিব পাৰে, সামর্থ অনুযায়ী সিমানখিনি কাম আনৰ বাবে কৰক, সিমানখিনি এই পৃথিৱীলৈ, এই সমাজলৈ, এই ৰাজ্যলৈ, এই দেশলৈ ঘূৰাই দিয়ক৷ একো কৰিব নোৱাৰিলে আনক সহায় কৰক৷ মানুহ হিচাপে এই সমাজত জীয়াই থাকিবলৈ পোৱাৰ ই এক প্ৰতিদান বুলিয়ে কৰক৷ ঘূৰাই দিবলৈ শিকক৷
গছ পুলি দুডাল ৰুই তাক ভালদৰে প্ৰতিপাল কৰিলে সেয়াও আপোনাৰ পৃথিৱীলৈ প্ৰতিদান হ’ব পাৰে৷ আন কাৰোবাক কোনো স্বার্থ নোহোৱাকৈ সহায় কৰাটো আন এটা তেন কাম হ’ব পাৰে৷ আনৰ বাবে টকা-পইচা নোলোৱাকৈ নিজৰ তেজ দান কৰাটোও আপোনাৰ প্ৰতিদান হ’ব পাৰে৷
“কিমান আৰু প্ৰতিদান দিম?”– এইটো সঠিক প্ৰশ্ন নহয়৷ সঠিক প্ৰশ্নটো হ’ব- ”আৰু কিমান, ক’ত, কাৰ বাবে কাম কৰিব পাৰো, আৰু কেনেকৈ প্ৰতিদান দিম পাৰিম?”
মৃত্যুৰ সময়ত আপুইন জানো কিবা ধাৰ ৰাখি যাবলৈ ভাল পাব? তাতোকৈ এই জীৱনটো ইমান সুন্দৰকৈ, ইমান সুবিধাৰে জীয়াই থাকিবলৈ দিয়াৰ বাবে ধন্যবাদ জনাই আমাৰ প্ৰতিদানবোৰ দি, এই পৃথিৱীলৈ কিবাকিবি বহুত ঘূৰাই থৈ যাও আহক৷
প্ৰতিদান দিবলৈ লও আহক
সামান্য বেক্টেৰিয়া এটাইও নিজে কাম কৰাৰ লগতে আনৰ উপকাৰ কৰে, এজোপা মাহজাতীয় গছেও, যি মাটিৰ পৰা খাদ্য-পানী আহৰণ কৰে, তালৈ প্ৰতিদান স্বৰূপে উর্বৰা শিক্ত বঢ়াই যায়, আমি যিখন পৃথিৱীত বাস কৰোঁ, যিখন ঠাইত আমি কাম কৰোঁ, সেই ঠাইখনৰ প্ৰতি আমি কি কৰোঁ, কি প্ৰতিদান দিওঁ থকা ঠাইখনৰ প্ৰতি? আমাক ভালপোৱা, আমাৰ কথা চিন্তা কৰা মানুহবোৰৰ প্ৰতি; নিজৰ ৰাজ্যখনৰ প্ৰতি; দেশখনৰ প্ৰতি;এই পৃথিৱীখনৰ প্ৰতি আমি কিবা কৰিছোনে? কিবা প্ৰতিদান দিছোনে?
আমি ভাবি লওঁ যে লোৱাটো আমাৰ অধিকাৰ৷ আমি আমাৰ অধিকাৰ দাবী কৰোঁ৷ কিন্তু আমাৰ দ্বায়িত্ব পালন নকৰোঁ৷ প্ৰতিদান দিয়াটো আমাৰ দ্বায়িত্ব৷ পালন কৰোঁ আহক এই দ্বায়িত্ব৷

Leave a Response