প্ৰেম-ভালপোৱা আৰু গছ Love-Fondness and Plants

~শ্ৰী বিকাশ কলিতা

প্ৰেম-ভালপোৱাৰ লগত কিন্তু গছ এডালৰ এক ওতঃপ্ৰোত সম্পর্ক আছে ৷ কেনেদৰে?
জীৱনটোক আমি সহজে গছ এডালৰ লগত তুলনা কৰিব পাৰোঁ৷ কিছুমান গছ সৰু, কিছুমান ডাঙৰ, কিছুমান মজলীয়া৷ তেনদৰে কিছুমান মানুহৰ জীৱন সাধাৰণ, কাৰোবাৰ ডাঙৰ, কাৰোবাৰ অসাধাৰণ৷
গছ এডালৰ এক প্ৰধান বা ঘাই গা গছ থাকে আৰু থাকে নানা সৰু-ডাঙৰ ডাল ৷ তেনেদৰেই মানুহৰ জীৱনটোক যদি মূল গছডাল বুলি ধৰি লয়, তেন্তে তাৰো নানা ধৰণৰ ঠাল ঠেঙুলি আছে- পৰিয়াল, সম্পর্কবোৰ, কেৰিয়াৰ, বিত্তীয় অৱস্থা, শাৰীৰিক অৱস্থা, মানসিক অৱস্থা ইত্যাদি ৷
প্ৰেম-ভালপোৱা তেনেদৰেই আপোনাৰ জীৱনৰ গছডালৰ এক অংশ৷ তালৈ সকলো ঠিকে আছিল, কিন্তু কিছুমান মানুহৰ বাবে প্ৰেম ভালপোৱা ঘাই গা-গছডাল হৈ পৰে ৷ এয়া বয়ঃসন্ধি বা কৈশোৰত হ’ব পাৰে বা আন সময়তো হ’ব পাৰে ৷ আন সকলো কথা বাদ দি তেওঁলোকে এডাল ডালকে মূল গছডাল বুলি ধৰি লয়৷
বহুতে এই কথাটো বুজি নাপায় যে প্ৰেম ভালপোৱা বা তেনেধৰণৰ সম্পর্কবোৰ জীৱনৰ এক অংশহে ৷ হয়, এয়া এক খুব গুৰুত্বপূর্ণ অংশ ৷ জীৱনটো সলাই দিব পৰা ক্ষমতা ইয়াৰ আছে আৰু মানুহৰ জীৱন সম্পূর্ণৰূপে ই পজিটিভ কৰি তুলিব পাৰে ৷ কিন্তু ই সম্পূর্ণ জীৱনটো নহয় ৷ জীৱনটো তাতোকৈ বহু ডাঙৰ ৷
কিন্তু আপুনি যদি ইয়াকে ঘাই গছডাল বুলি ধৰি লয়, তেন্তে সমস্যাবোৰৰ সৃষ্টি হয় ৷ ঘাই গছডালত বেমাৰ লাগিলে গছ এডাল বাছি থাকিব নোৱাৰে বা বাচি থাকিবলৈ সমস্যা হয়৷ কিন্তু যদি এডাল ডালত বেমাৰ আৰম্ভ হয় আৰু ইয়াক চিকিৎসা কৰিব নোৱাৰি তেন্তে আন উপায় নাথাকিলে সেই ডালটো কাটি গছডালক বচাব পৰা যায় ৷ কিন্তু যদি ঘাই গছডালতে বেমাৰ লাগে, চিকিৎসা কৰিলেও ই কিছু চিন থৈ যোৱাৰ সম্ভাৱনা থাকে আৰু কেতিয়াবা তেনে চিকিৎসা সফল নহ’বও পাৰে৷ তেতিয়া গছডালৰ কিবা বাকী থাকিব জানো?
প্ৰেম-ভালপোৱা এইবোৰক আপোনাৰ জীৱনৰ এটা অত্যন্ত গুৰুত্বপূর্ণ বুলি ধৰি লওঁক৷ কিন্তু ইয়াক জীৱনটোৰ এটা অংশহে বুলি বুজিব পাৰিলে ইয়াৰ ফলত উৎপন্ন হোৱা নানা ধৰণৰ সমস্যাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব৷ এই বহুমূলীয়া জীৱনটোত কিবা এটা গুৰুত্বপূর্ণ কাম ভালদৰে কৰোঁ আহক৷ জীৱনটোক এটা মূল্য, এটা অর্থ দিওঁ আহক৷ আৰু সেইটোহে আমাৰ জীৱনৰ লক্ষ্য আৰু সর্বোচ্চ গুৰুত্বৰ বস্তু হওঁক ৷
আপোনাৰ জীৱনটোত কোনটো বস্তুৰ গুৰুত্ব কিমান সেয়া আপুনিয়ে ঠিক কৰিব৷ মাত্ৰ সেয়া কৰোতে আপুনি অকণমান সাৱধানে চিন্তা কৰিলে জীৱনটো বহুখিনি সহজ-সৰল আৰু সুখী হ’ব ৷

লেখক : শ্ৰী বিকাশ কলিতা, গুৱাহাটী
যোগাযোগ : ৮৮৭৬৭-২২৯৭১
———————————–

বিকাশ কলিতা এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷

বিকাশ কলিতা Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায়,যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয় ৷ তেওঁ “আমাৰ অসম” কাকতত এটা নিয়মীয়া শিতানো লিখে৷ কলিতাই “বিকাশ কলিতা” (www.bikashkalita.com) আৰু জীৱনবৃত্ত (www.jeevanbritta.com) নামৰ দুটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷
-সম্পাদক, কৃষক বন্ধু ৷

Leave a Response