বাঁহ গছৰ কাহিনী

    ক’ৰবাত শুনা কাহিনী এটাৰ কথা ক’ব খুজিছোঁ৷
    এবাৰ এজন মানুহে হতাশাগ্ৰস্ত হৈ আত্মহত্যা কৰিবলৈ অৰণ্যৰ মাজলৈ গ’ল৷ আত্মহত্যা কৰাৰ আগতে এবাৰ তেওঁ আকাশলৈ চাই ভগৱানক অভিযোগ দিলে৷ হঠাতে ভগৱানে তেওঁক মাত লগালে আৰু সুধিলে তেওঁ কিয় আত্মহত্যা কৰিব বিচাৰিছে৷ মানুহজনে নিজৰ জীৱনৰ সমস্যা, হতাশা সকলো কথা ক’লে৷
    ভগৱানে ক’লে, “আহা তোমাক বস্তু এটা দেখুৱাওঁ৷”
    তাত থকা ঢেঁকীয়া আৰু লগতে থকা বাঁহৰ ফালে আঙুলিয়াই ভগৱানে ক’লে, “তাত থকা ঢেঁকীয়া আৰু বাঁহগছবোৰ দেখিছানে?”
    “দেখিছোঁ৷”
    “দুয়োবিধৰে সঁচ বা বীজ একে সময়তে মাটিত পৰিছিল৷ এবছৰ যেতিয়া হ’ল তেতিয়া ঢেঁকীয়াবোৰ গজিল কিন্তু বাঁহবোৰ নগজিল৷ দ্বিতীয় বছৰ যেতিয়া শেষ হ’ল তেতিয়ালৈকে ঢেঁকীয়াবোৰ এহাতমান ওখ কিন্তু বাঁহবোৰৰ গজাৰ কোনো নামেই নাই৷ তেনেদৰে আৰু এবছৰ পাৰ হ’ল৷ তৃতীয় বছৰত ঢেঁকীয়াবোৰ প্ৰায় দুহাতমান ওখ হ’ল, চাৰিওফালে ছানি ধৰিলে কিন্তু বাঁহবোৰৰ তেতিয়ালৈকে এটাও গজালি নোলাল৷ চতুর্থ বছৰৰ শেষত দেখা গ’ল যে বাঁহবোৰ সৰু সৰু গজালি মেলা আৰম্ভ হ’ল কিন্তু ইতিমধ্যে ঢেঁকীয়া গছবোৰ সেইবোৰ যিমান ডাঙৰ হ’ব পাৰে সিমান ডাঙৰ হ’ল৷
    তাৰ পিছত কাহিনীটও বেলেগ হ’ল৷ পিছৰ বছৰ বোৰত ঢেঁকীয়াবোৰ একে অৱস্থাতে থাকিল৷ বাঁহবোৰ কিন্তু বাঢ়ি গৈ থাকিল আৰু কম সময়তে কেইবা ফুট বাঢ়ি গৈ আকাশলৈ আগবাঢ়ি যাব ধৰিলে৷”
    দুয়োবিধৰে আকাৰ-আকৃতি, প্ৰকৃতি, বৈশিষ্ট অদি বেলেগ বেলেগ৷ বাঁহ গছক বেছি সময় লাগে বুলিয়েই ই বেয়া নহয় বা তাৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে৷ এবছৰত নগজিল বুলিয়েই তাৰ কোনো মূল্য নাই বুলি ভাবিব নালাগে৷ ঢেঁকীয়াৰ তুলনাত বাঁহৰ ওপৰলৈ বাঢ়ি যাব পৰা শক্তিৰ ওপৰত আপুনি যথেষ্ট দিন বিশ্বাস ৰাখিলেহে আপুনি ই ক্ৰমান্বয়ে আকাশলৈ বাঢ়ি যোৱা দেখিবলৈ পাব ৷
    আপোনাৰ জীৱনত নানা সমস্যা থাকিবই ৷ তাৰ বাবে আপুনি হতাশ হ’ব নালাগে৷ কেতিয়াবা আপোনাৰ সম্ভাৱনা, শক্তি বাহিৰ হোৱাত সময় লাগিব পাৰে, বছৰৰ পিছত বছৰ লাগিব পাৰে৷ তেতিয়া আপুনি কি কৰিব? সকলো বাদ দিব, নে আত্মহত্যা কৰিব নে বাঁহৰ পৰা এই শিক্ষা ল’ব?

Leave a Response