সপোন দেখোঁ আহক –


আপোনাৰ যদি এটা সপোন নাই,
তেন্তে আপোনাৰ …….
একোৱেই নাই৷


আমাৰ জীৱনটো কেৱল জীয়াই থাকিবৰ বাবে নহয়, বৰঞ্চ জীৱনটো উৎযাপন কৰিবৰ বাবে উপভোগ কৰিবৰ বাবে৷ কোনোমতে জীয়াই থকাটোৱে আমাৰ জীৱনৰ মূল লক্ষ্য নহয়৷ আমাৰ জীৱনটো তাতোকৈ বহু ডাঙৰ৷ আমাৰ জীৱনটো কিবা এটা অর্থ, কিবা এটা উদ্দেশ্য লাগে৷ তেনে এক উদ্দেশ্য আহিব আপুনি দেখা সপোনবোৰৰ পৰা৷
আন মানুহৰ লগত আপোনাৰ পার্থক্য মাত্ৰ এটা কথাইহে কৰে- আপোনাৰ সপোন আছেনে নাই৷ যদি আপোনাৰ কিছুমান নির্দিষ্ট সপোন আছে তেন্তে আপোনাৰ জীৱনটো আন সপোন নথকা মানুহতকৈ বেলেগ আৰু বেছি ভাল হ’বই৷ কাৰণ এই সপোনবোৰ পূৰণ কৰিবলৈ আপুনি আনে নকৰা কাম কৰিব আৰু তেনে কামবোৰো
কৃষি ক্ষেত্ৰত সপোন

আন ক্ষেত্ৰত যেনেকৈ কথাটো সঁচা, তেনেদৰে কৃষি ক্ষেত্ৰতো কথাটো সঁচা৷ এনে ধৰণৰ কথাবোৰ কেৱল মাত্ৰ এটা ক্ষেত্ৰতে সঁচা কেতিয়াও নহয়৷ কৃষকৰ বাবেও ই একেবাৰে সঁচা৷
এজন আধুনিক যুগৰ কৃষক হিচাপে নিজৰ পৰিচয় দিব লাগিলে আপোনাক এটা ডাঙৰ সপোন লাগিব৷ আমাৰ যিসকল খেতিৰ লগত অতঃপ্ৰোতঃ ভাবে জড়িত তেওঁলোকৰ কিমানৰ একোটা ডাঙৰ সপোন আছে? আছেনে?
আমি আজি কিয় কৃষি খণ্ডত ভাৰতৰ আন ঠাইৰ নিচিনাকৈ সকলোতে চিনাকি দিব পৰা কৃষক অসমত বিচাৰি পোৱা নাই? মুষ্টিমেয় দুই-এজনৰ বাদে অতীজৰে পৰা মুখ্য কাম বুলি প্ৰমাণিত হৈ অহা খেতি-বাতিত কিয় আন ৰাজ্যতকৈ আগবাঢ়িব পৰা নাই৷ একমাত্ৰ এইবাবেই যে আমাৰ কৃষকে সপোন দেখা নাই৷ সপোন দেখা হ’লে টকা-পইচাৰ অভাৱ বা আন যিকোন অভাৱে তেওঁলোকে অনায়াসে অতিক্ৰম কৰিব পাৰিলহেঁতেন৷

টকা-পইচাৰ কথা

বহুতে হয়তো ক’ব যে খেতিত লগাবলৈ পইচাই নাই, আকৌ ডাঙৰকৈ কৰিবলৈ পইচা কত? কথাটো সঁচানে? দেখাত কথাটো সঁচা যেন লাগিলেও কিন্তু সঁচা নহয়৷ পইচা লাগিব, কিন্তু পইচা নাই কাৰণেই তেওঁ ডাঙৰকৈ, ভালকৈ খেতি কৰাৰ সপোন দেখিব পৰা নাই, সেই কথাটো সঁচা নহয়৷ সঁচা হোৱা হ’লে এতিয়াও বিভিন্ন ধৰণৰ খেতি কৰি সফল হৈছে তেওঁলোক কেতিয়াও সফল হ’ব নোৱাৰিলহেঁতেন৷ আন আন ঠাইত অকল টকা-পইচা বেছি বাবেই কৃষকসকল সফল হৈছেনে? অকল থনী কৃষকসকলেই সফল হৈছেনে, আন কৃষকসকলেও নান উপায়ে নিজৰ সপোন পূৰণ কৰি নিজৰ নামৰ লগতে অঞ্চল একোটাৰ নামো উজলাবলৈ সক্ষম হৈছে?

আন পথৰ সন্ধান


সপোন এটা থাকিলেহে তাৰ পিছত আন কথাবিলাক আহিব৷ যদি আপোনাৰ সঁচাকৈয়ে খেতি বিষয়ক কিবা এটা ডাঙৰ সপোন আছে আৰু আপুনি সপোনটো সঁচা কৰিবলৈ কাম কৰি গৈ আছে, সেই সপোনটো পূৰণ নোহোৱাৰ কিবা কথা আছে জানো?

এটা ফালে ৰাস্তা বন্ধ হ’লে সপোন দেখা মানুহবোৰে আন এটা ৰাস্তা বিচাৰি লয়৷ তেওঁলোকে সেয়া কৰিব পাৰে কাৰণ তেওঁলোকে নিজৰ সপোনটো পূৰণ কৰিবলৈ যিমান কষ্ট, যিমান চেষ্টা কৰিব লাগে সিমানখিনি কৰিবলৈ সাজু৷ যদি চৰকাৰী অফিচে স্কিম মঞ্জুৰ কৰা নাই তেওঁলোকে নিজে আন এটা উপায় উলিয়াব৷ যদি বেংকে তেওঁলোকক লোণ দিব খোজা নাই, তেন্তে তেওঁলোকে আন কিবা এটা মূলধনৰ পথ উলিয়াব৷ সপোন দেখা মানুহবোৰে আনৰ ওপৰত (চৰকাৰী অফিচ, বেংক বা আন মানুহ আদিৰ) নির্ভৰ কৰি সপোন নেদেখে বা তেওঁলোকে আনে সপোন পূৰণ কৰি দিব বুলিও নাভাবে৷ তেওঁলোকে সপোন দেখে নিজৰ ওপৰত নির্ভৰ কৰি আৰু সেয়ে তেওঁলোকে সপোনবোৰ পূৰণ কৰিবও পাৰে৷
আপুনি যদি সঁচাকৈয়ে সপোন দেখে আৰু সেয়া পূৰণ কৰিবলৈ আপুনি যি যি কৰিব লাগে সেয়া কৰিবলৈ সাজু তেন্তে সপোন পূৰণ কৰাৰ উপায় আৰু পথ নিজে নিজে বাহিৰলৈ ওলাই আহে, আপোনাৰ সন্মুখত দেখা দিয়ে৷ আপুনি সঁচাকৈ মনৰ পৰা তীব্ৰভাৱে যি বিচাৰে আপোনাৰ জীৱনত সেয়াই ঘটে৷

সপোনবোৰ দেখক ডাঙৰকৈ


যদি আপুনি কৃষিক্ষেত্ৰত কিবা সপোন দেখিছে, তেন্ত সপোনটো দেখক ডাঙৰকৈ৷ ডাঙৰকৈ দেখা সপোনৰ শক্তি বহুত বেছি৷ এনে সপোনে আপোনাক আপুনি ভাবিব নোৱাৰা ধৰণে সফল হোৱাত সহায় কৰিব৷
সৰু সপোন দেখি কি লাভ যদি সপোনবোৰ পূৰণ হোৱাৰ পিছত আপোনাৰ মনত এটা অনুভৱ হয় যে – “সপোনবোৰ অলপ ডাঙৰকৈয়ে দেখিব পাৰিলোঁহঁতেন৷” এনে এটা সপোন দেখক যাতে সপোনটো পূৰণ হ’লে আপোনাৰ নিজৰে মনত ভাব হয়- “মোৰ জীৱনটো সার্থক হ’ল৷ মই এই পৃথিৱীলৈ অহাৰ কিবা এটা অর্থ থাকিল৷”
ডাঙৰ সপোন এটাই আপোনাৰ জীৱনটোক এটা অর্থ দিয়াৰ লগতে আপোনাক সন্তুষ্টি দিব৷

আহকচোন অসমৰ কৃষি খণ্ডতো আমি ডাঙৰকৈ কিছুমান সপোন দেখিবলৈ লও আৰু লগতে সেই সপোনবোৰ পূৰণ কৰিবলৈ যি কৰিব লাগে সেয়া কাম আজিৰে পৰা হাতত লও৷

লিখক : বিকাশ কলিতা, গুৱাহাটী
যোগাযোগ : ৮৮৭৬৭-২২৯৭১
……………………….
(বিকাশ কলিতা এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰপ্ৰিনৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নীত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷
বিকাশ কলিতা Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷
তেওঁ “আমাৰ অসম” কাকতত এটা নিয়মীয়া শিতানো লিখে৷
বিকাশে “বিকাশ কলিতা”(www.bikashkalita.com) আৰু জীৱনবৃত্ত (www.jeevanbritta.com) নামৰ দুটা পার্চনেল ডেভেলপমেন্ট ব্লগ লিখে৷- সম্পাদক, কৃষক বন্ধু)

1 Comment

  1. চাৰ, খুব ভাল লাগিছে পঢ়ি৷ আপোনাৰ বাকীবিলাকো চাম মই৷ সচাঁকৈয়ে আমাক সপোন লাগে৷

Leave a Response