অসমীয়াৰ চিনাকী লোকাচাৰ- আমতী , ষাঁঠ আদি

অসমৰ কৃষিজীৱী বিশেষকৈ হিন্দু ধৰ্মৰ প্ৰভাৱ থকা সমাজত ষাঁঠ আৰু আমতী প্ৰাচীন লোকাচাৰ ৰূপে প্ৰচলিত । ষাঁঠ (সাঠ) বা সাত জেঠৰ শেষ আৰু আহাৰ মাহৰ আদি ভাগত মুঠতে সাতদিন ধৰি চলে । সংস্কৃত ভাষাত ষাঁঠক ভূমিদাহ বোলে । আমতী বা আমেতী সংস্কৃতত অম্বুবাচী নামে অভিহিত । আহাৰ মাহৰ সাত তাৰিখৰ পৰা আমতী লাগে আৰু প্ৰচলিত জনবিশ্বাস মতে আই বসুমতী বা ধৰিত্ৰী দেৱী ৰজস্বলা হয় বা চুব নোৱাৰা হয় । চাৰি দিনৰ মূৰত আমতীৰ চুৱাৰ ওৰ পৰে আৰু পঞ্চম দিনা আমতীৰ শুদ্ধি হয় ।

আমতী বা অম্বুবাচী এক ঋতুকালীন উৎসৱ । কৃষি-উৎসৱৰ পৰিসীমাতো ইয়াক সামৰিব পাৰি । আদিম মানৱৰ বিশ্বাসত নাৰীৰ জৰায়ু আৰু মাতৃ বসুমতীৰ জৰায়ুৰ মাজত পাৰ্থক্য নাই । সন্তান জন্ম দিবৰ বাবে যিদৰে নাৰীৰ উৰ্বৰতাৰ প্ৰয়োজন , তেনেদৰে আই বসুমতীও শস্য সম্ভৱা হ’বৰ বাবে প্ৰয়োজন উৰ্বৰতাৰ । যি প্ৰাক উপকৰণে নাৰীক উৰ্বৰা কৰে , সেই প্ৰাক উপকৰণেই যেন আই বসুমতীকো উৰ্বৰা কৰি তোলে আৰু এই বিশ্বাসৰ আধাৰতেই অম্বুবাচী বা আমতীৰ জন্ম ।

ষাঁঠ শব্দৰ উৎপত্তি কেনেকৈ হ’ল খাটাংকৈ কোৱা কঠিন । তথাপি সংস্কৃত ভাষাৰ সপ্ত বা সপ্তকৰ পৰা ক্ৰমে সট্ঠঅ > সট্ঠ > সাঠ বা ষাঁঠ হোৱাটো সম্ভৱপৰ । ইয়াৰ পৰা ঠাৱৰ কৰিব পাৰি যে সাতদিনৰ সমাহাৰ বা সমষ্টিয়ে হ’ল ষাঁঠ । গঞা সমাজত ষাঁঠৰ লগত সাতদিন জোৰা বৰষুণৰ সোঁতা আৰু বানপানীৰ সম্বন্ধ আছে । ষাঁঠৰ সোঁতা বুলিলে ধাৰাবাহিক কিনকিনীয়া বৰষুণৰ বতৰ বুজায় । আই বসুমতীৰ গাৰ পোৰণি জুৰ পেলাবলৈকে এইদৰে বৰষুণৰ সোঁত নামি আহে বুলিও কিছুমান লোকে বিশ্বাস কৰে । ষাঁঠৰ লগত জড়িত নাৰীসকলৰ আছুতীয়া উৎসৱ হ’ল বৰাত (বৰত) বা ব্ৰত । এই সময়ত উৰুলি জোকাৰেৰে পানীৰ তলৰ পৰা বোকামাটি তুলি আনি নামনি অসমৰ অঞ্চল বিশেষত সধৱা তিৰোতাসকলে বৰাত পূজা বা ব্ৰত উৎসৱ পালন কৰে । ষাঁঠৰ বাধা নিষেধৰ বিষয়ে শাস্ত্ৰত উল্লেখ আছে-

পূৰ্বে ত্ৰীণি পৰে ত্ৰীণি সংক্ৰান্তিঃ মধ্যৱৰ্তিনী ।
মিথুনাদৌ বৃষস্যান্তে ভূমিদাহো দিনত্ৰয়ম ।।
ভূমিদাহে ন কৰ্তব্যং বীজানাং ৱপনাং ভূৱি ।
নিত্যাদৃতে ন কুৰ্বীতে যজ্ঞদান ব্ৰতানি চ ।।

সৌৰ জেঠৰ শেষৰ তিনিদিন , সংক্ৰান্তি দিন আৰু আহাৰৰ আদিম তিনিদিন – এই সাত দিন ভূমিদাহ বা ষাঁঠ হয় । সেই কেইদিনত নিত্য নৈমিত্তিক আৰু পূৰ্ব সংকল্পিত কৰ্মৰ বাহিৰে আন বৈদিক কৰ্ম , বীজৰোপন আৰু হলবহন নিষিদ্ধ ।

ষাঁঠৰ পিছতে অম্বুবাচী বা আমতীৰ আগমন । আহাৰ মাহৰ আগ পষত আমতী অনুষ্ঠিত হয় । ষাঁঠ আৰু আমতীৰ সময়ত প্ৰচুৰ বৰষুণ , বানপানী হোৱাটো উত্তৰ-পূৱ ভাৰতৰ প্ৰচলিত জনবিশ্বাস । সংস্কৃতত অম্বু ( অৰ্থাৎ পানী ) শব্দৰ লগত অসমীয়া আমতী শব্দৰ সম্বন্ধ স্থাপন কৰিব পাৰি । যিহেতু এই সময়ত পৃথিৱীত পানীৰ সঞ্চাৰ হৈ বসুমতী শস্য সম্ভৱা হৈ পৰে – ইয়াক বসুমতী দেৱীৰ ৰজস্বলা অৱস্থাৰ সম পৰ্যায়ৰ বুলি ধাৰণা কৰা হৈছে ।

স্মৃতিসাগৰ , স্বল্পমাৎস্য আদি সংস্কৃত পুথিত অম্বুবাচী সম্বন্ধে এনে ধৰণৰ বচন পোৱা যায়

যস্মিন্ ৱাৰে ক্ষণেচৈৱ ৰবিৰ্স্মিথুনগো ভৱেৎ ।
তস্মিন ৱাৰে ক্ষণেচৈৱ ভৱেৎ পৃথ্বি ৰজস্বলা ।।
ৰৌদ্ৰপাদে সমাৰভ্য মিথুনস্থে দিবাকৰে ।
চতুৰ্বিংশতিযামঞ্চ ধৰণী ঋতুভাগ ভৱেৎ ।।

আহাৰ মাহত সূৰ্য মিথুন ৰাশিত উদয় হয় । যি সময়ত সূৰ্য মিথুন ৰাশিলৈকে যায় , পিছৰ এসপ্তাহৰ মূৰত সেইবাবে পৃথিৱী ৰজস্বলা হয় । সেই উপলক্ষে হালবোৱা , গুটি সিঁচা , মাটি খন্দা আদি কাম নিসিদ্ধ । সন্ন্যাসী , ব্ৰতী , ব্ৰহ্মচাৰী , ব্ৰাহ্মণ আৰু বিধৱাসকলে এই চাৰিদিন ৰন্ধা বা সিজোৱা সামগ্ৰী গ্ৰহণৰ পৰা বিৰত থাকে । এই কেইদিনত সন্ধ্যা উপাসনা , পূজা-পাতল আদিও নিষেধ । গাঁৱৰ বুঢ়া-বুঢ়ীসকলে আমতীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে পিন্ধা-উৰা কানি-কাপোৰখিনিৰ বাহিৰে বাকীবোৰ সাজ-পাৰ বাকচত বা মাটিৰ ওপৰত ৰাখে আৰু খোৱা সামগ্ৰীবোৰ মাটিৰ পৰা ওপৰত পীৰা পাৰি থয় ।

কামাখ্যা ধামত অম্বুবাচী মেলা
———————–

কামৰূপৰ নীলাচল পাহাৰস্থিত কামাখ্যা ধামক মুখ্য কৰি শক্তিপীঠ আৰু দেৱী পূজাৰ থান বোৰত অম্বুবাচী বিশেষভাৱে পালন কৰা হয় । শৈৱ পূজা আৰু বিষ্ণু পূজাৰ পিচত এই ধৰাত পোন প্ৰথম বাৰৰ বাবে শক্তিপূজা নৰকাসুৰে আৰম্ভ কৰিছিল । অবিভক্ত অসমৰ অষ্ট্ৰিকভাষী খাচীয়া আৰু জয়ন্তীয়া সকল , কিৰাত বা তিব্বতধৰ্মী বড়ো , ডিমাচা , ডেউৰী , চুতীয়া , তিপৰা আদি জাতি-জনজাতিৰ মাজত কামাখ্যা বা তৎসম ৰূপত সৃষ্টিকাৰিণী মাতৃ বা দেৱীৰ ধাৰণা পুৰণি কালৰ পৰা চলি আহিছে । তেওঁলোকে বিশ্বাস কৰিছিল যে ‘কা মেই খা ‘ বা ‘খাম্ মাইখা’ (কামাখ্যা) দেৱীয়ে বছৰত এবাৰকৈ ঋতুস্নান কৰে , যাৰ পৰিণামত পৃথিৱী পুনৰ শস্য-শ্যামলা হৈ উঠে । প্ৰাচীন ভাৰতৰ শক্তিপীঠ সমূহৰ ভিতৰত কামৰূপ পীঠ অৰ্থাৎ কামাখ্যা পীঠকেই বিশ্বৰ ঋষি মুনি সকলে সৰ্বশ্ৰেষ্ঠ আৰু জাগ্ৰত পীঠ বুলি মানি লৈছে । সেয়ে এই কামাখ্যা পীঠলৈ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা সহস্ৰ ঋষি ,মুনিৰ সোঁ‌ত বয় । হিমালয়ত বাস কৰা বিভিন্ন সাধূ , তপস্বী তেওঁলোকৰ শক্তিৰ দেৱীৰ উপাসনাৰ বাবে কামাখ্যা ধামলৈ আহে ।

আমতী আৰু লোকবিশ্বাস
———————

আমতীক কেন্দ্ৰ কৰি বহুতো লোক-বিশ্বাস , লোক-সংস্কাৰ , আচাৰ-বিচাৰ আদি গঢ় লৈ উঠিছে । আমতীৰ কালছোৱাত কানি-কাপোৰ , বাচন-বৰ্তন , পানী , খাদ্য সামগ্ৰী মাটিৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শত নাৰাখি চাং পাতি বা পীৰা বা খাটৰ ওপৰত ৰখা হয় । আমতীৰ সময়ত ব্যৱহাৰ কৰা মাটিৰ চৰু-হাড়ী , বাঢ়নী , ধানখেৰ বা কল চোঁচনিৰ সোঁতা আদি অপবিত্ৰ বুলি গণ্য কৰা হয় আৰু সেইবোৰ পৰিত্যাগ কৰি দূৰৈত পেলাই দিয়া হয় । কাঁহ-পিতলৰ বা অন্যান্য ধাতুৰ বাচন আদি ধুই-পখালি চাফ-চিকুণাই লোৱা হয় । আনহাতে আমতীৰ চুৱা বাঢ়নী ফল নলগা ভোল , জিকা , কোমোৰা আদিত আৰি দিলে ফল লাগে বুলি কোনো কোনো অঞ্চলত বিশ্বাস কৰে । আমতীৰ ভিতৰত এঁৱা গাখীৰ খালে গোটেই বছৰটোলৈকে সাপে কামোৰাৰ ভয় নাথাকে বুলিও জনবিশ্বাস আছে । পোহনীয়া ভাটৌ , তিয়া , শালিকা আদি চৰাইক আমতীৰ ভিতৰত বাহী পানী খুৱালে মৰে বুলিও বহুতে বিশ্বাস কৰে । আমতীৰ ভিতৰত খেতি-বাতি দূৰৰ কথা মাটিত আঁচোৰ এটিও মাৰিব নাপায় । হিন্দু ধৰ্মমতে মাক-পিতাকৰ মৃত্যুৰ এবছৰ ভিতৰতে আমতী পৰিলে , পুত্ৰ সন্তানে আমতীৰ কালছোৱাত ৰন্ধা-বঢ়া ভাত বা আন সিদ্ধ বস্তু খাব নাপায় ।

পৃথিৱী আৰু বসুমতীক উপাস্যা দেৱীৰূপে ভাৰতীয় আৰ্যসকলে বৈদিক যুগৰে পৰা পূজা-অৰ্চনা কৰি আহিছে । প্ৰজনন কৃত্য , মাতৃপূজা , শক্তিৰ আৰাধনা আদিৰ লগত ষাঁঠ আৰু আমতীৰো সম্বন্ধ আছে । ষাঁঠৰ বৰষুণ আৰু বানপানীয়ে সাৰুৱা কৰা আই বসুমতীৰ ৰজস্বলা কল্পনাটি সেই মাতৃপূজা , শক্তিৰ আৰাধনা আৰু প্ৰজনন কৃত্যৰেই নামান্তৰ বুলি ধাৰণা কৰিব পাৰি ।

সহায়ক পুথি :
#অসমীয়া লোক-সংস্কৃতিৰ আভাস – ড০ নবীন চন্দ্ৰ শৰ্মা
#লোক উৎসৱ – ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

#কন্দৰ্প_কুমাৰ_নাথ_।

Leave a Response