কৃষি মাটিৰ পৰীক্ষা আৰু ভূমি স্বাস্থ্য পত্ৰ Agricultural Soil Testing and Soil Health Card

~ড° মানসী চক্ৰৱৰ্তী

মাটি কৃষি কাৰ্যৰ মূল ভেঁটি । মাটি মূলত: বায়ু, পানী, জৈৱ পদাৰ্থ আৰু খনিজ পদাৰ্থৰে গঠিত । তদুপৰি মাটিৰ কেতবোৰ নিজা ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণ আছে । মাটিৰ এই গুণ সমূহে মাটিৰ স্বাস্থ্য ও মাটিৰ উৎপাদিকা শক্তি নিৰ্ণয় কৰে । মাটিৰ উৰ্ব্বৰতা ও উৎপাদিকা শক্তিৰ ওপৰতে কৃষি উৎপাদন নিৰ্ভৰশীল । তদুপৰি এই উৎপাদনৰ ওপৰতে জনসাধাৰণৰ খাদ্য সুৰক্ষা নিৰ্ভৰ কৰে ও দেশৰ অৰ্থনীতি জড়িত । কৃষক পৰিয়ালৰ আয় বৃদ্ধি কৰিবলৈ আৰু দেশৰ পৰা দুৰ্ভিক্ষ দুৰ কৰিবলৈ কৃষি উৎপাদন বৃদ্ধি কৰাটো অতিকৈ প্ৰয়োজন । সেয়া কৰিবলৈ হলে কৃষি মাটিৰ স্বাস্থ্য দীৰ্ঘম্যাদী ভাৱে সুৰক্ষিত কৰিব লাগিব । দেশৰ প্ৰতিজন নাগৰিকে কৃষি মাটিৰ স্বাস্থ্য সম্বন্ধে সজাগ হোৱা উচিত । কৃষি ক্ষেত্ৰত অসমতুল্য হাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগ অৰ্থাৎ যধে মধে কৰা ৰাসায়নিক সাৰৰ ব্যৱহাৰে অন্যহাতে জৈৱিক বা পচন সাৰ কমকৈ প্ৰয়োগ অথবা মুঠেই প্ৰয়োগ নকৰা বাবে কৃষি মাটিৰ স্বাস্থ্য ও উৰ্ব্বৰতা তথা উৎপাদিকা শক্তি দিনক দিনে হ্ৰাস হোৱাৰ লগতে কৃষি উৎপাদনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । ইয়াৰ ফলত কৃষকৰ আৰ্থিক ব্যয় বৃদ্ধি হোৱাৰ লগতে অসমতুল্য হাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগে বহু ক্ষেত্ৰত পৰিবেশ প্ৰদূষিত কৰাও পৰিলক্ষিত হৈছে । সেয়েহে প্ৰয়োজনীয় পৰিমাণত সাৰৰ প্ৰয়োগ তথা যথাযথ ভাৱে মাটিৰ যতন লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । এইটো সম্ভৱ মাথোন কৃষি মাটিৰ পৰীক্ষাৰ জৰিয়তে । মাটি পৰীক্ষাৰ জৰিয়তে মাটিৰ বিভিন্ন গুণাগুণ সমূহৰ মান জানিব পাৰি যেনে- মাটিৰ গঠণ, বয়ণ, পানী ধাৰণ ক্ষমতা, মাটিৰ অম্লতা বা ক্ষাৰকীয় গুণৰ মান, জৈৱিক পদাৰ্থৰ পৰিমাণ, শস্যৰ শ্ৰী বৃদ্ধিৰ বাবে প্ৰয়োজনীয় মূখ্য পোষক মৌল যেনে- নাইট্ৰজেন, ফছফৰাচ, পটাছিয়াম, কেলছিয়াম, মেগনেচিয়াম, ছালফাৰ আৰু গৌণ পোষক মৌল যেনে- জিংক, বৰণ, লো, তাম, মেঙ্গানিজ, মলিৱডেনাম আদিৰ অৱস্থিতি জনাৰ উপৰিও মাটিত বসবাস কৰি থকা বিভিন্ন উপকাৰী অণুজীৱৰ উপস্থিতি জানিব পাৰি ।
মাটি পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কোনো এডৰা মাটিত নিদিষ্ট শস্যৰ বাবে কি পৰিমাণত ৰাসায়নিক সাৰ, চূণ আদি প্ৰয়োগ কৰিব লাগে তাৰ অনুমোদন জনাব পাৰি । মাটিৰ আসোঁৱাহ সমূহ সংশোধন কৰিব পাৰি । তদুপৰি মাটি পৰীক্ষাৰ জৰিয়তে বিভিন্ন শস্যৰ বাবে মাটিৰ উপযোগীতা বাচনি কৰিব পাৰি । মাটি পৰীক্ষাৰ পিছত মাটিৰ গুণাগুণ সমূহৰ নিৰিখ পৰ্য্যবেক্ষণ কৰি কোনো এডৰা মাটি কোন শ্ৰেণীত অন্তৰ্ভুক্ত হয় তাক নিৰ্ধাৰণ কৰিব পাৰি ।
মাটি পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহৰ পদ্ধতি:
কৃষি মাটি পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহ এক নিৰ্দিষ্ট পদ্ধতিৰ দ্বাৰা কৰা হয় । নিৰ্ভুল ভাৱে নমুনা সংগ্ৰহ কৰিব পাৰিলেহে কোনো এডৰা মাটিৰ প্ৰকৃত অৱস্থাটো মাটি পৰীক্ষাৰ দ্বাৰা গম পাব পাৰি । মাটিৰ নমুনা সংগ্ৰহৰ পদ্ধতি সহজ । নিজৰ খেতিৰ মাটিডৰাৰ নমুনা সংগ্ৰহ কৃষক সকলে নিজে কৰিব পাৰে । নমুনা সংগ্ৰহৰ পদ্ধতিটো তলত ব্যাখ্যা কৰা হ’ল ।
১) মাটিৰ নমুনা সংগ্ৰহ কৰোতে মন কৰিব লগীয়া কথা হল নমুনাটো সমুদায় মাটিডৰাক প্ৰতিনিধিত্ব কৰে ।
২) মাটি ডৰা সমান হলে প্ৰতি তিনি বিঘা মাটিৰ পৰা ১০ টা বা তাতোধিক নমুনা সংগ্ৰহ কৰিব লাগে আৰু এই নমুনা সমূহ মিহলাই পোৱা নমুনাটোৱে মাটিডৰাক প্ৰতিনিধিত্ব কৰিব । অসমান হলে দ আৰু বাম হিচাপ ভগাই প্ৰতি ভাগৰ পৰা বেলেগ বেলেগ কৈ নমুনা সংগ্ৰহ কৰিব লাগে ।
৩) পানী জমা হৈ থকা বা গোবৰ বা অন্য পচন সাৰ দমাই থোৱা ঠাইৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰিব নালাগে ।
৪) প্ৰথমে মাটিৰ নমুনা সংগ্ৰহ কৰিব লগীয়া ঠাইখিনিৰ ওপৰত ঘাঁহ বন ভালকৈ গুচাই লব লাগে ।
৫) নমুনা সংগ্ৰহৰ বাবে সজুলি হিচাপে আগৰ বা খন্টি ব্যৱহাৰ কৰা হয় ।
৬) আগৰ ব্যৱহাৰ কৰিলে ১৫ ছে: মিটাৰ দলৈ আগৰটো বহুৱাই আগৰত লাগি অহা মাটিখিনি পৰিস্কাৰ বাল্টিত সংগ্ৰহ কৰিব লাগে । খন্টি ব্যৱহাৰ কৰিলে ইংৰাজী ‘V’ আখৰৰ দৰে ১৫ ছেন্টিমিটাৰ দলৈ গাঁত খান্দি গাঁতটোৰ দুফালৰ পৰা খন্টিৰে দুচকল (১.৫ ছেন্টিমিটাৰ ডাঠ) মাটি কাটি লব লাগে ।
৭) এনেদৰে সংগ্ৰহ কৰা নমুনা সমূহ ভালকৈ মিহলাই তাত থকা গছৰ শিপা, শিলগুটি আদি গুচাই মাটি খিনি ছাঁত শুকুৱাব লাগে ।
৮) মাটি খিনি ভাল কৈ গুৰি কৰি চালনিৰে চালি পৰিস্কাৰ মজিয়াত মেলি দি যোগ ‘+’ চিনৰ দৰে চাৰিভাগত ভগাব লাগে । এই চাৰিভাগৰ বিপৰীত ফালৰ দুভাগ মাটি ৰাখি বাকী দুভাগ পেলাই দিব লাগে । এই প্ৰথাটো তিনিশ গ্ৰাম মাটিৰ নমুনা নোপোৱা পৰ্য্যন্ত বাৰে বাৰে কৰিব লাগে ।
৯) মাটি খিনি পলিথিনৰ বেগত ভৰাই তাৰ ওপৰত খেতিয়কৰ নাম, ঠিকনা, কি কি শস্য কৰা হয়, সাৰৰ ব্যৱহাৰ হয় নে নহয় ইত্যাদিৰ বিৱৰণ লিখি মাটি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব লাগে ।
মাটিৰ নমুনা সংগ্ৰহ প্ৰত্যেক কৃষি বতৰৰ আগতে কৰিব লাগে কিয়নো মাটিৰ উৰ্ব্বৰতা সঘনে সলনি হৈ থাকে । যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পাছত মাটি পৰীক্ষা কৰি উপযুক্ত প্ৰতিবিধান লব পাৰি ।
মাটিৰ স্বাস্থ্য পত্ৰ (Soil Health Card):
মাটিৰ স্বাস্থ্য পত্ৰ এনে এখন পত্ৰ যত মাটি পৰীক্ষাৰ পৰা পোৱা ফলাফল সমূহ সন্নিৱিষ্ট কৰা হয় । আধুনিক কৃষি ব্যৱস্থাত প্ৰতিজন কৃষকৰ হাতত নিজৰ মাটি ডৰাৰ স্বাস্থ্য সম্বন্ধীয় পত্ৰ থকাটো নিতান্তই প্ৰয়োজন । এই পত্ৰত মাটি পৰীক্ষাৰ পৰা পোৱা মাটিৰ গুণাগুণৰ ফলাফলৰ মানসমূহ সন্নিৱিষ্ট কৰা হয় , অৰ্থাৎ মাটি ডৰা আম্লিক নে ক্ষাৰকীয়, সহজলভ্য মূখ্য পোষক মৌল যেনে- নাইট্ৰজেন, ফছফৰাচ, পটাছিয়াম, কেলছিয়াম, মেগনেচিয়াম, ছালফাৰ আৰু গৌণ পোষক মৌল যেনে- জিংক, বৰণ, লো, তাম, মেঙ্গানিজ, মলিৱডেনাম আৰু জৈৱ পদাৰ্থৰ পৰিমান । এই ফলাফল সমূহৰ ওপৰত ভিত্তি কৰি কোনো এক নিৰ্দিষ্ট শস্যৰ খেতিত কি পৰিমাণৰ ৰাসায়নিক সাৰ, জৈৱিক সাৰ বা চূণ আদি প্ৰয়োগ কৰিব লাগে তাৰ অনুমোদনো এই পত্ৰত উল্লেখ থাকে । গতিকে কৃষক সকলে নিজৰ মাটি ডৰাৰ স্বাস্থ্য পত্ৰ চায় কি সাৰ কিমান পৰিমাণত প্ৰয়োগ কৰিব লাগে তাক সহজে নিৰ্ধাৰণ কৰি লব পাৰে । ইয়ে অসমতুল্য সাৰ প্ৰয়োগ ব্যৱস্থা নিৰ্মূল কৰে আৰু ফলত মাটিৰ উৰ্ব্বৰতা শক্তি দীৰ্ঘদিনলৈ অটুত ৰখাৰ লগতে কৃষি শস্যৰ উৎপাদন বৃদ্ধিত সহায় কৰে । ইয়াৰ লগতে সমতুল্য সাৰ প্ৰয়োগে কৃষকৰ আৰ্থিক ব্যয় হ্ৰাস কৰে আৰু উৎপাদন বঢ়াৰ ফলত আয় বৃদ্ধি হয় । গতিকে মাটিৰ স্বাস্থ্য পত্ৰ মাটি পৰিচৰ্য্যাৰ মূল চাবি কাঠি । এই স্বাস্থ্য পত্ৰ চায়ে কৃষক সকলে নিজৰ মাটি ডৰাৰ যথোপযুক্ত যতন লব পাৰে । এই স্বাস্থ্য পত্ৰৰ ম্যাদ তিনি বছৰ । গতিকে মাটি পৰীক্ষাৰ জৰিয়তে মাটিৰ স্বাস্থ্য পত্ৰ সংগ্ৰহ কৰি প্ৰত্যেকজন কৃষকে নিজৰ মাটি সম্পদৰ পৰিচৰ্যা বিষয়টো গুৰুত্ব সহকাৰে লোৱা উচিত ।

************************************************
~ড° মানসী চক্ৰৱৰ্তী, বিষয় বিশেষজ্ঞ ( ভূমি বিভাগ); কৃষিবিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়, নলবাৰী ।

Leave a Response