হাতৰে তৈয়াৰী প্ৰাকৃতিক চাহপাত উৎপাদক ধীৰেণ ফুকনৰ কৃতকাৰ্য্যতাৰ কাহিনী Story of Handmade Natural Tea Producer Dhiren Phukan

  শ্ৰীযুত ধীৰেণ ফুকন ডাঙৰীয়া এজন অতি সহজ সৰল ভদ্ৰ লোক, যি অসমত হাতেৰে তৈয়াৰী প্ৰাকৃতিক চাহ ব্যৱসায়িক ভাৱে প্ৰস্তুত কৰাৰ গুৰি ধৰোতা৷ তেওঁ চাহ খেতি আৰম্ভ কৰাৰ আগত ১৯৮৯ চনৰ পৰা চাহ পুলিৰ নাৰ্চাৰী কৰি আছিলে৷ খেতি আৰম্ভ কৰি প্ৰায় ৫ বছৰৰ পাছত তেওঁ দেখিবলৈ পালে যে, ৰাসায়নিক সাৰ ব্যবহাৰ কৰি তেওঁৰ মাটিৰ গুণাগুন নষ্ট হৈছে৷ কি কৰিব ভাবি তেওঁ ৰাসায়নিক সাৰৰ ব্যৱহাৰ বন্ধ কৰি দি ১৯৯৬ সম্পুৰ্ণ প্ৰাকৃতিকভাৱে চাহখেতি কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ আমাক জনাইছিলে যে, ৰাসায়নিকৰ পৰা প্ৰাকৃতিকলৈ চাহ খেতি কৰাৰ পদ্ধতি সলনি কৰি তেওঁ প্ৰথম বছৰ কিছু সমস্যা, যেনে: উৎপাদন কমি যোৱা, পোকৰ আক্ৰমণ ইত্যাদিৰ সন্মুখীন হৈছিলে যদিও, পাছৰ বছৰতে আগতকৈ বেছি উৎপাদন পাবলৈ আৰম্ভ কৰিছিলে৷ লাহে লাহে তেওঁ লক্ষ্য কৰিছিলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাতকৈ প্ৰাকৃতিক ভাৱে কৰিলত তেওঁৰ উৎপাদনৰ মানদণ্ড উন্নত হৈছিলে, পাতৰ গোন্ধ বেছি হৈছিলে৷
১৯৯৬ চনৰ পৰা ২০০৫ চনলৈ তেওঁ মাত্ৰ পাত বিক্ৰি কৰি আছিলে৷ সেইসময়ত তেওঁৰ মনত সম্পুৰ্ণ প্ৰাকৃতিক ভাৱে চাহ খেতি কৰিও শান্তি নাছিলে৷ তেওঁ কৈছিলে যে , তেওঁলোকে পাতটো প্ৰাকৃতিকভাৱে কৰিছিলে কিন্তু কলঘৰত চাহ উৎপাদনৰ সময়ত ৰাসায়নিক পাতৰ লগত মিহল হৈছিলে৷ সেইসময়তে তেওঁৰ চাহপুলি নাৰ্চাৰীৰ পৰা ধণশিৰী টি কম্পেনীৰ স্বতাধিকাৰী শ্ৰী যুত খগেন চন্দ্ৰ মেধী পুলি নিবলে আহিছিলে৷ তেওঁ ফুকন ডাঙৰীয়াক তেওঁৰ চাহ বাগানখন ৰেজিষ্ট্ৰেচন কৰিবলৈ কৰিবলৈ উপদেশ দিয়ে৷ মেধী ডাঙৰীয়াই তেওঁক প্ৰথম হাতেৰে প্ৰস্তুত কৰা চাহৰ বিষয়ে জনাই৷ আনহাতে ফুকন ডাঙৰীয়াই নিজেই চিন্তা চৰ্চা কৰি ২০০৫-০৬ চনৰ পৰা হাতেৰে চাহ প্ৰস্তত কৰিবলে আৰম্ভ কৰে৷ তেওঁৰ ম’তে, প্ৰথম হাতেৰে চাহ বনাবৰ সময়ত তেওঁৰ কিছু সমস্যাও হৈছিলে হাতেৰে ৰুল কৰি শুকুৱাওতে ১০ দিনমান লাগি গৈছিলে৷ কেতিয়াবা বৰষূণ দিলে সমস্যা হৈছিলে৷ অবশেষত তেওঁৰ এই সমস্যাবিলাক নাইকীয়া হ’ল আৰু হাতেৰে প্ৰস্তুত কৰা চাহ বিক্ৰি কৰিবৰ সময় আহি পৰিলে৷ বজাৰৰ কাৰণে প্ৰথম তেওঁ অফিচে অফিচে চাহৰ পেকেট বিতৰণ কৰিছিলে৷ তেওঁৰ সাফল্য এইটোয়েই আছিলে যে, ২০০৬ চনৰ পাছত যেতিয়া তেওঁ নিজে উৎপাদন কৰা চাহপাতৰ পেকেট লৈ কৰবাত বিক্ৰি কৰিবলৈ গৈছিলে তেতিয়া এবাৰ কোনোবাই খোৱাৰ পাছত ২য় এবাৰ নালাগে বুলি নকৈছিলে৷ তেওঁৰ হাতেৰে বনোৱা চাহৰ প্ৰস্তুতি ইমানেই ভাল আছিলে৷ ২০০৭ চনত তেওঁ FEertile Ground: Eastwest Sustainability Network(NGO)ৰ Co-ordinator Peggy Carswell Calculi ক লগ পায়৷ তেওঁৰ অণুপ্ৰেৰণাত ফুকন ডাঙৰীয়াই আগবাঢ়ি যাবলৈ সাহস পায়৷ তেওঁ প্ৰগতি মৈদানত হোৱা IITF 2008 ত যোগদান কৰে ৫০০ কেজি প্ৰাকৃতিকভাৱে হাতেৰে বনোৱা চাহপাত লৈ৷ ইয়াতো তেওঁ সফলতাৰে ৩০০ কেজি চাহপাত বিক্ৰি কৰে প্ৰথম বাৰৰ বাবে৷ইয়াৰ পাছত তেও আমাৰ আন্তঃৰাজ্যিক শ্ব বোৰত অংশগ্ৰহণ কৰিবলৈ লয় আৰু এইদৰেই ইয়াৰ প্ৰচাৰ হবলৈ আৰম্ভ কৰে৷ তেওঁ এই শ্ববোৰত নিজৰ উৎপাদিত প্ৰডাক্টৰ বিক্ৰিৰ লগতে প্ৰাকৃতিক ভাৱে চাহ খেতি কৰিবলি আগ্ৰহী খেতিয়ক সকলকো একগোট কৰিবি আৰম্ভ কৰে৷ তেওঁৰ পৃষ্ঠপোষকতাতে ২০০৯ চনত ডিব্ৰুগড়ত চাহবৰ্ডৰ অফিচ স্থাপন হয়৷ এই ২০০৯-১০ চনতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সংগঠিত হৈ Small Tea Growers Association আৰম্ভ কৰে এই ফুকন ডাঙৰীয়াৰ নেতৃত্বতে৷ ২০১০ চনত তেওঁ অসমৰ প্ৰতিখন জিলাৰে ট্ৰেদ ফেয়াৰ বোৰত অংশগ্ৰহণ কৰিবলে আৰম্ভ কৰে৷
বৰ্তমান প্ৰাকৃতিকভাৱে হাতেৰে প্ৰস্তুত কৰা চাহপাত ভাৰতৰ বাহিৰৰ কানাডা, কোৰিয়া আৰু কেইবাখনো দেশত বিক্ৰি কৰিবলৈ সক্ষম হোৱা, সম্পুৰ্ণ নিজৰ মুলধনেৰে ব্যৱসায় আগবঢ়াই নিয়া ফুকন ডাঙৰীয়াই আৰু বহুতো প্ৰাকৃতিকভাৱে চাহখেতি কৰিবলে আগ্ৰহী ক্ষুদ্ৰ চাহ খেতিয়কক লগত লৈ নাবাৰ্দৰ সহযোগত “Chenehi Natural Tea Group” আৰম্ভ কৰে৷ উত্তৰ পূৰ্বাঞ্চলৰে  প্ৰায় ৭০০ লোকক লৈ গঠিত এই গোটতো ৯ জন কাৰ্যবাহী সদস্যৰে গঠিত৷ আনহাতে বৰ্তমান ইয়াৰে ১৬ জন সদস্যই ১৬ টা ব্ৰেন্দ নাম দি চেনেহী গোটৰ অধীনতে হাতেৰে Orthadox Green Tea বনাই আছে৷ তেওঁলোকৰ উৎপাদিত চাহ সমুহ TGFOP, TGFBOP, STGFOP ইত্যাদি ভাগত ভাগ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷
 এই সদস্যসকলে নিজৰ উৎপাদিত সামগ্ৰী সমুহৰ ক্ষেত্ৰত -১|মেনুফেকচাৰিং চিষ্টেমটো সম্পুৰ্ণ চাফা
২| স্বাস্থ্যৰ পক্ষে উপকাৰী
৩| চাহৰ প্ৰকৃত সুগন্ধ নষ্ট নোহোৱাকৈ উৎপাদিত
৪| ৰাসায়নিক সাৰ মুক্ত
৫| Liquor best
৬|এজমা ইত্যাদি বেমাৰ প্ৰতিৰোধী
 ইত্যাদি বিভিন্ন গুণযুক্ত বুলি সগৌৰবে কয়৷
তেওঁলোকে লগতে জনাই যে, চাহখেতিয়ক সকলে চাহগছৰ মাজে মাজে ৰোপন কৰা জালুক, আমলখি, আৰু বাগানৰ গছবোৰত দিয়া পান ইত্যাদিৰ পৰা তেওঁলোকৰ উপৰঞ্চি উপাৰ্জন হৈ থাকে৷ আনহাতে, গোটৰে সদস্য প্ৰহ্লাদ দানসে বৰ্তমান বাগানৰ মাজত কেচেৰু গছ ৰুবলৈ আৰম্ভ কৰিছে আৰু এই গছত তেওঁ এৰি পুহিব৷ তেওঁলোকে জনাই যে, এই এৰিপলুৰ পৰা তেওঁলোকৰ উপাৰ্জন হোৱাৰ লগতে মাটিৰ গুণাগুণ সম্পৰ্কত তেওঁলোক নিশ্চিত হবৰ বাবেই প্ৰত্যেকেই এনে ধৰণে পলু পোহাৰ চিন্তা কৰিছে৷
আনহাতে এই গ্ৰুপৰ এজন সদস্য শ্ৰী যুত বলোৰাম সোনাৰ হৈছে NorthEast Tea Conclave Expo 2016 ৰ ২য় পুৰস্কাৰ প্ৰাপ্ত৷ আমি লগ পোৱা সদস্যসকলৰ ভিতৰত ক্ষীৰোদ বুঢ়াগোহাই ডিব্ৰুগড় টিংখংৰ, সৰুকণ সিংহা ডিব্ৰুগড় মাহমৰা অঞ্চলৰ আৰু বাকীসকল প্ৰত্যেকেই ক্ষুদ্ৰ চাহ খেতিয়ক আৰু প্ৰত্যেকেই নিদিষ্ট এটা লক্ষ্যত উপনীত হোৱাৰ আশাৰে আগ্ৰহী৷ প্ৰত্যেকেই প্ৰাকৃতিক চাহক বিশ্বদৰবাৰলৈ লৈ যাবলে বদ্ধপৰিকৰ৷ তেওঁলোকৰ আশা ফলৱতি হোৱাৰ কামনা কৰি সকলোকে জনাও যে, কোনো আগ্ৰহী লোকে সম্পুৰ্ণ প্ৰাকৃতিক হাতেৰে বনোৱা এই চাহপাতৰ সোৱাদ লব বিচাৰিলে যোগাযোগ কৰিব পাৰিব তেওঁলোকৰ লগত৷ তেওঁলোকে বিশেষভাৱে ধীৰেণ ফুকন ডাঙৰীয়াই সকলোকে সহায় কৰিবলে তৎপৰ হৈ থাকে৷ চেনেহী গোটৰ সকলোৰে লগতে শ্ৰীযুত ফুকন ডাঙৰীয়াকো পুনৰ এবাৰ শুভেচ্ছা জনালো৷
****************************************************************************************************
~~বৰ্ণালী শৰ্মা বৰুৱা
যোগাযোগ: 8486038173