এজন অসমীয়া যুৱক মীনপালক অমল মেধিৰ কথা Few Words on an Assamese Youth Fish-farmer Amal Medhi

বিগত ১০ জুলাইৰ ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰা বৰ্ষশ্ৰেষ্ঠ মীনপালকৰ বঁটা গ্ৰহণ কৰিছিল ত্ৰিশোৰ্দ্ধ উচ্চ শিক্ষিত যুৱক শ্ৰীযুত অমল মেধিয়ে৷ জিলাখনৰ ঘগ্ৰাপাৰাৰ সমীপৰ সন্ধ্যা গাৱৰ প্ৰগতিশীল মীনপালকজন নিশ্চিতভাৱে আজিৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলৰ বাবে এক আদৰ্শ৷ ২০০৬ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা অমলে পোনতে চৰকাৰী চাকৰি বিচাৰিছিলে যদিও তেওঁ ২০০৮ চনত কঠিন বাস্তৱক উপলদ্ধি কৰি মাটি আৰু পানীক সাৰথি কৰি জীৱিকাৰ বাট মোকলোৱাৰ চিন্তা কৰে৷ তেওঁ আৰম্ভনি কৰে নিজৰ ঘৰতে পৰি থকা এবিঘা মাটিৰ মাটিকালিৰ এটা অৱহেলিত পুখুৰীত ভ্ৰূণ পোণা মাছ মেলি৷ মীনপালনৰ কোনো অভিজ্ঞতা নথকা অমল মেধিক এইক্ষেত্ৰত  দিহা পৰামৰ্শৰে সহায় কৰিছিলে তেওঁৰে এজন মোমায়েক তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মীনপালক দেবজিৎ বৰ্মণে৷ তেওঁৰ পৰামৰ্শতে ভ্ৰূণ পোনা বোৰক আঙুলি সমান জোখলৈকে ৰাখি অমলে বিক্ৰি কৰিবলৈ আৰম্ভ কৰে৷ প্ৰথম প্ৰচেষ্টাতে লাভ কৰা সফলতাই যুৱকজনক দুগুণ উৎসাহেৰে  ব্যৱসায়ত নামি পৰাত সহায় কৰে৷ তেতিয়াৰ পৰাই তেওঁ প্ৰতি বছৰে চলাই আহিছে এই ব্যৱসায়,যাৰ দ্বাৰা তেওঁৰ লগতে তেওঁৰ মীনপামত কাম কৰা প্ৰায় ২০-২৫ জন লোকৰ পৰিয়ালে আৰ্থিক সকাহ পাইছে৷
     ২০১১ চনত তেওঁ গুণিতক পাম পদ্ধতিৰে মীন পালনৰ লগতে আৰম্ভ কৰে উদ্যান শস্যৰ৷পুখুৰী পৰাত কৰা কল, নেমুটেঙা, কেপছিকামৰ লগতে নলবাৰী জিলাত প্ৰথমবাৰলৈ আৰম্ভ কৰে ষ্ট্ৰবেৰী খেতি৷ এইদৰে তেওঁ মীনপালনৰ উপৰিও অন্যাণ্য দিশবোৰৰ পৰাও উপাৰ্জন হবলৈ আৰম্ভ কৰে৷
  এইদৰেই ২০১৩ চনত পুনৰ তিনিবিঘা মাটিত আৰু দুটা পুখুৰী খান্দে অমলে৷ পোনা মাছ উৎপাদন আৰু প্ৰতিপালনত বিশেষ গুৰুত্ব দি ব্যৱসায় আৰম্ভ কৰা তেওঁ বিক্ৰিৰ পাছত থাকি যোৱা অৱশিষ্ট পোনা খিনি ঘৰতে পালন কৰি কিছু বছেৰেকীয়া পোণা হিচাপে আৰু কিছু বিক্ৰিৰ বাবে বজাৰলৈ উলিয়াই দিয়ে৷ এই নতুন পুখুৰী দুটাত অমলে হাপা পদ্ধতিৰে পোনা উৎপাদনৰ কৰিবলৈ আৰম্ভ কৰে আৰু লগতে আৰম্ভ কৰে এবাৰ পোণা মেলি দি একাধিকবাৰ ফচল চপোৱাৰ কৌশল৷ অবশ্যে এই নতুন প্ৰযুক্তি সমুহ ৰূপায়ণ কৰা আৰু সফল হোৱাৰ বাবে প্ৰয়োজন হোৱা প্ৰশিক্ষণ ইত্যাদি তেওঁ মোমায়েকৰ পৰা লাভ কৰিছিলে৷
   ২০১৪ চনত অমলে উচ্চ চাহিদাযুক্ত আৰু পুষ্টিকাৰক শিঙি, মাগুৰ, কাৱৈ ইত্যাদি স্থানীয় মাছবিলাকৰ প্ৰজনন আৰু পালনৰ কাম আৰম্ভ কৰে৷ ইয়াতো সফল হোৱা অমলৰ পৰা বৰ্তমান ৰাজ্যৰ প্ৰায় ১২ খন জিলাৰ মীনপালকে কাৱৈ, মাগুৰ আৰু শিঙি মাছৰ পোনা নি ব্যৱসায় কৰি আছে৷ আনহাতে তেওঁ নিজেও বছেৰেকত প্ৰায় পাঁচৰ পৰা আঁঠ কুইন্টল মাগুৰ/শিঙি মাছ আৰু তিনিৰ পৰা পাঁচ কুইন্টল কাৱৈ মাছ বিক্ৰি কৰে৷ পোনা বিক্ৰিৰ হিচাপটো বেলেগেই৷
   আনহাতে তেওঁ আমাক বায়ুশ্বাসী মাছৰ পালনত হোৱা কম খৰচৰ বিষয়েও জানিবলৈ দিছিলে৷ ইয়াৰ উদাহৰণ স্বৰূপে তেওঁ বায়ুশ্বাসী মাছৰ কাৰণে নিজে উৎপাদন কৰা এবিধ খাদ্যৰ বিষয়ে আমাক জনাইছিলে৷ তেওঁ কৈছিলে, নিদিষ্ট হিচাপত গোবৰ, সৰিয়হৰ খলিহৈ ইউৰীয়া, ছিংগল চুপাৰ ফচফেট, পটাছ সাৰ আৰু অনুৰেখ মৌলৰ মিশ্ৰণ বনাই ৪-৫ দিন মুকলি আকাশৰ তলত থৈ দিলে এবিধ বিশেষ ধৰণৰ পোকৰ সৃষ্টি হয় আৰু এই পোকবিধ বায়ুশ্বাসী মাছৰ উৎকৃষ্ট খাদ্য৷ পোকখিনি বায়ুশ্বাসী মাছৰ খাদ্যহিচাপে প্ৰয়োগ কৰি বাকী থাকি যোৱা অৱশিষ্টখিনি কাৰ্প পালন কৰা পুখুৰীত দি দিব পাৰি৷ এই কাৱৈ, শিঙি আৰু মাগুৰ মাছৰ ব্যৱসায়ত সফল হৈ অমলে বৰ্তমান তোৰা আৰু শিঙৰা মাছৰ প্ৰতিপালনতো মনোনিবেশ কৰিছে আৰু সফল হৈছে৷ বৰ্তমান অমলে এই মাছ দুবিধৰো পোনা উৎপাদনৰ চিন্তা কৰি আছে৷
আনহাতে তেওঁ বৰ্তমান ভিয়েটনামী কাৱৈ নামেৰে এবিধ কাৱৈ মাছ উৎপাদন কৰি আছে, যিবিধ মাছ কম সময়তে অধিক উৎপাদন কৰিব পাৰি৷

 তেওঁৰ এই উত্তৰণত মোমায়েক দেৱজিৎ বৰ্মণৰ উপৰিও নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা মীন বিভাগেও সহায় কৰিছে৷ অমলে জানিবলৈ দিয়া ম’তে, কৃষি বিজ্ঞান কেন্দ্ৰৰ সোণমইনা ভূঞা আৰু জিলা মীন বিষয়া ভানু বৰা আৰু মীন সঞ্চালকালয়ৰ ডা° ধ্ৰুবজ্যোতি শৰ্মাই দিহা পৰামৰ্শ আৰু সহযোগিতাৰে সহায় কৰি আহিছে৷ শেষত আমি তেওঁ সৰ্ব উন্নতি কামনা কৰি কও যে, তেওঁ লগত কোনো আগ্ৰহীয়ে যোগাযোগ কৰিব বিচাৰিলে ৮৮১২৮৩৮৭০৭ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ ধন্যবাদ৷

লেখিকা ~বৰ্ণালী শৰ্মা বৰুৱা
যোগাযোগ: 8486038173

 

2 Comments

  1. এই কথাখিনি পঢ়ি সঁচাকৈ বৰ ভাল লাগিল । মই নিজে জৈৱিক চাহ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি থকাত ই মোক আৰু অধিক উৎসাহিত কৰিলে ।
    ধন্যবাদ ।

    1. প্ৰিয় শৰ্মা, আপোনাৰ বহুমুলীয়া মন্তব্যৰ বাবে ধন্যবাদ আৰু আপোনাৰ প্ৰচেষ্টাক শলাগিছো৷ আপোনাৰ মন্তব্যতো ভুলতে আন এটা সফল কাহিনীত হে লিখা হৈছে, চাহ খেতিৰ টোত লিখা নহ’লে৷ ধন্যবাদ৷

Leave a Response