এজন সফল ৰবৰ খেতিয়কৰ কাহিনী- Story of a Successful Rubber Planter


ধনশিৰি মহকুমা গোলাঘাট জিলাৰ উন্নয়নশীল সীমামুৰীয়া অঞ্চল৷ নামবৰ হাবিখন পাৰহৈ যাব লাগে কাৰণেই এতিয়াও চাকৰিয়ালে তালৈ যাবলৈ বেয়া পাই৷ শিক্ষা -দীক্ষাৰে এই ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ ইত্যাদি অঞ্চলসমুহ যথেষ্ট উন্নত যদিও কৰবাত কিবা এটা কমি থকা যেন সদায় ভাৱ হয়৷ কেতিয়াবা ভাৱ হয় চৰকাৰে বা প্ৰশাসনেও যেন কিছু অৱজ্ঞা কৰে এই ঠাইখনক

এই বৰপথাৰৰে এজন যুৱক তুলসী গোহাঁই৷ যি সময়ত যুৱক-যুৱতীসকলে অলপ মাত্ৰ টকাৰ বাবে স্কুল-কলেজৰ প্ৰমানপত্ৰবোৰ লগত লৈ ঘুৰি ফুৰিছে, যি সময়ত আমাৰ নিজৰ ভাই-ভতিজা সকলে নিজৰ ঘৰৰ খেতি মাটিডৰা চন পেলাই ভাৰতৰ বিভিন্ন ঠাইলৈ ঢাপলি মেলিছে মাত্ৰ কেইটামান টকাৰ বাবে৷ সেইসময়তে তুলসী গোহাঁইয়ে চৰকাৰী চাকৰিলৈ আশা নকৰি নিজৰ পৈতিক মাটিদৰাতে ৰবৰ খেতিৰে আত্মনিৰ্ভৰশীল হৈ পৰে৷তেওঁ ১৯৯৭-৯৮ চনত তিনিশ জোপা ৰবৰ গছৰ পুলি ৰোপন কৰি আৰম্ভ কৰা ৰবৰ বাগানখনৰ বৰ্তমানৰ মাটিকালি হৈছে উনৈশ বিঘা৷ শিক্ষিত হৈও চাকৰিৰ চিন্তা নকৰি ৰবৰ খেতি কৰিবলৈ আগবঢ়া গোহাঁইয়ে প্ৰথম অৱস্থাত উপযুক্ত প্ৰশিক্ষণ ইত্যাদিৰ অভাৱত অলপ সমস্যাৰ সন্মুখীন হৈছিলে যদিও পাছলৈ নিজৰ অধ্যৱ্যসায়ৰ জড়িয়তে বৰ্তমান তেওঁ আনৰ আদৰ্শ হব পাৰিছে৷

ৰবৰ খেতি আৰম্ভ কৰিবলৈ লয় তেওঁ ১৯৯৭ চনত| ইয়াৰ পাছত তেওঁক ৰবৰ বৰ্দে প্ৰশিক্ষণৰ বাবে ২০০৪ আৰু ৭ চনত ত্ৰিপুৰা আৰু কেৰেলালৈ পঠিয়াই৷ এইদৰে চাই চিটি আহি গোহাঁয়ে নিজৰ অভিজ্ঞতাসমুহৰ সহায়ত নিজৰ উৎপাদন তথা ব্যৱসায় আগবঢ়াই নিয়াৰ লগতে নিজৰ অঞ্চলৰ বাকী কোনো কোনো লোককো এই বিষয়ত দৰকাৰী দিহা পৰামৰ্শ দিবলৈ আৰম্ভ কৰে৷ ৰবৰ উৎপাদনৰ লগতে বৰ্তমান প্ৰায় ৪৫০০শ উন্নত মানৰ ৰবৰ গছৰ পুলিৰে নিজৰ এখন পুলিবাৰী বিক্ৰিকেন্দ্ৰ চলাই থকা খেতিয়কজনে প্ৰথমে ৰবৰ বৰ্দৰ পৰা ষ্টাম্পসমুহ পাইছিলে৷তেওঁ কৈছিলে যে, যদিও তেওঁ ফ্ৰীতে পাইছিলে হ’লেও বৰ্তমান কোনোবাই যদি নিজা পইচাৰে এবিঘা ৰাবাৰ খেতি কৰিব বিচাৰে তেন্তে তেওঁ প্ৰতি বিঘাই প্ৰতি ৩০ হেজাৰ টকা খৰচ কৰি পৰা চাৰে তিনি কুইন্টল ৰাবাৰ চীট পাব আৰু সেইয়া বিক্ৰি কৰি ৫৫ হেজাৰ টকা লাভ পাব৷ গোহাঁয়ে প্ৰতিবিঘা ৰবৰ বাগানৰ পৰা প্ৰতি বছৰে গড়ে চাৰে তিনি কুইন্টলকৈ ৰাবাৰ চীট উৎপাদন হয় বুলি প্ৰকাশ কৰিছে৷ আৰু এই চাৰে তিনি কুইন্টলৰ পৰা প্ৰতিবছৰে তেওঁ প্ৰায় ৫৫ হেজাৰ টকা লাভ কৰিব পাৰি বুলি কয়৷

গোহাঁয়ে জনোৱা ম’তে, ৰবৰ খেতিৰ বাবে বিশেষভাৱে কিছু ওখ মাটি প্ৰয়োজনীয় আৰু এনেধৰণৰ মাটি অসমত আছে৷গতিকেই এই ৰবৰ খেতি ধনশিৰি মহকুমা আৰু ইয়াৰ কাষৰীয়া কাৰ্বি আংলং জিলাত যথেষ্ঠ সম্প্ৰসাৰিত হোৱাৰ থল আছে বুলি ভাবিব পাৰি৷ তেওঁ জনাই যে, পুলিটো নাৰ্চাৰী বা পুলিবাৰীত পলিবেগত থকাৰ পৰা প্ৰায় তিনিমহীয়া হোৱাৰ পাছত মুল বাগানত ৰোপন কৰাতো প্ৰয়োজনীয়৷ পুলিবোৰ ১৬ফুট ×১৬ ফুট দুৰত্ব ৰোপন কৰিব লাগে৷ বিশেষ একো আপদাল নাই যদিও তলিখন চাফা কৰি ৰাখিব লাগে৷ পুলিটোত ৭ বছৰৰ পৰা আঠাটো সংগ্ৰহ কৰিব লাগে৷ তেওঁ কৈছিলে এই আঠা সংগ্ৰহ কৰোতে কেতিয়াবা পেনেলটো শুকাই যায় আঠা নোলাই৷ এইবিলাক বিভিন্ন কাৰণত হয় বুলি তেওঁ কয়, যেনে – ব্ৰাউনবাগ, ভেঁকুৰৰ আক্ৰমন বা ভুল পদ্ধতিৰে টেপিং ইত্যাদি৷ তেওঁ কৈছিলে যে, পুৰঠ গছ এজোপাৰ পৰা বছেৰেকত দুবাৰ আঠা সংগ্ৰহ কৰা হয়৷ সংগ্ৰহ কৰাৰ পাছত তেওঁলোকে আঠাবোৰৰ পৰা ৰাবাৰৰ চীট বনাই ৷ এই চীট বোৰ সম্পুৰ্ণ হওতে ৩-৫ দিন লাগে৷ ভালদৰে সম্পুৰ্ণ হোৱা এটা চীট প্ৰায় দুবছৰলৈকে ৰাখিব পাৰি৷ তেওঁ লগতে জনাই যে, এই ৰবৰ খেতিৰ সমস্যা বিশেষ নাই যদিও কেতিয়াবা পাউদাৰী মিলদ’ নামৰ এবিধ পোকৰ আক্ৰমণ দেখা যায়৷ তেতিয়া এই পাতবোৰ সৰিগৈ নতুন পাত উলায়৷

গোহাঁয়ে জনাই যে, বৰ্তমানলৈকে তেওঁ বেংক ইত্যাদিৰ পৰা লোণ লোৱা নাই আৰু আৰ্থিক সাহায্যৰ নামত খেতি আৰম্ভ কৰাৰ পাছতে ৰোপন কৰা পুলিখিনি আপদালৰ বাবে কিছু পইচা পাইছিলে৷ বৰ্তমান তেওঁ নিজৰ লগতে গাৱঁৰ আৰু পাচঁটা পৰিয়ালক তেওঁৰ ৰবৰ বাগিচা আৰু পুলিবাৰীখনত দিয়া সংস্থাপন জড়িয়তে সহায় কৰি আহিছে৷

আনহাতে ৰাবাৰ খেতিৰ ওপৰিও তেওঁৰ নিজা ৯ বিঘা মানৰ চাহখেতি আছে৷ শাক-পাছলিৰ খেতি ঘৰতে কৰে৷ ধানখেতিও কৰে বুলি আমাক জনাইছিলে৷ তেওঁৰ ভবিষ্যত উন্নতি কামনা কৰিলো৷

(ফটোৰ উৎস ইন্টাৰনেট)
***********************************************************************************************

~Bornali Sarma Boruah
Mobile: 8486038173

Leave a Response