কৃষিক জীৱনৰ সংগী কৰি লোৱা এগৰাকী যুৱতী নৱনীতা Nabanita’s Success with Agriculture Profession

নৱনীতা দাস, ছচিয়েল মিডিয়া (ফেচবুক)ত নৱনীতা দাস নীতা নামেৰে পৰিচিত ছোৱালীজনী৷


যি এইবাৰ ভাৰতীয় ধান গৱেষণা কেন্দ্ৰৰপৰা (Under ICAR) সমগ্ৰ দেশৰ ভিতৰতে ছয়গৰাকী কৃষকৰ মাজৰ একমাত্ৰ মহিলা খেতিয়ক আৰু অসমৰ একমাত্ৰ হিচাপে উদ্ভাৱনীমূলক ‘ৰাইচ ফাৰ্মাৰ্চ এৱাৰ্ড’ পাইছে৷ ফেচবুকত কেতিয়াবা নিজৰ উৎপাদিত সামগ্ৰীৰ,

কেতিয়াবা নিজৰ পামৰ ফটো ‘আপলোড’ কৰি থকা এই ছোৱালীজনীৰ প্ৰতি আগ্ৰহী হৈ উঠিছিলো এই ফটোবোৰ দেখিয়ে৷ জানিবলে মন গৈছিলে, যোগাযোগ কৰিছিলো৷ নৱনীতাই কোৱা কথাখিনিতে সন্তুষ্ট হব পৰা নাছিলো৷ যোগাযোগ কৰিছিলো জেষ্ঠ্য কৃষি বিষয়া ইৰছাদ আলীদেৱৰ লগত৷ তেওঁ মুক্ত মনে কৰা নৱনীতাৰ প্ৰশংসা শুনি অভিভূত হৈ পৰিছিলো৷ আলীদেৱে কৈছিলে, নজনাটো জানিবলৈ কৰা আগ্ৰহী মনৰ সহজ-সৰল, বিনয়ী নৱনীতাই কিদৰে তেওঁলোকে দিয়া প্ৰতিটো উপদেশ আখৰে আখৰে পালন কৰে, কিদৰে সুনিপুণ আৰু সুশৃংখলিতভাৱে পাম পৰিচালনা কৰিছে আৰু কৈছিলে যুৱতীগৰাকীৰ সাহসীকতাৰ কাহিনী-কিদৰে বাৰিষাৰ পানীকো আওঁকান কৰি নিজৰ পামলৈ ব’ঠা মাৰি যায় সেই বিষয়ে৷ তেওঁলোকে নৱনীতাক প্ৰথমবাৰ লগ পাওঁতেই সোধা প্ৰশ্নখিনিত অভিভূত হৈছিলে আৰু সঠিক দিহা পৰামৰ্শ দি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল৷ সহজ ভাষাত জহুৰীয়ে হীৰা চিনি পোৱাৰ দৰেই, তেওঁলোকেও নৱনীতাৰ কৰ্মশক্তিৰ উমান পাইছিল৷ আৰু তাই আজি সৰ্বভাৰতীয় পৰ্য্যায়ত জিলিকি উঠিছে৷৷

নৱনীতাৰ জন্ম হৈছিলে যোৰহাট নিমাতীৰ বৰবালি অঞ্চলৰ ডাইনী গাৱঁত৷ সৰুতেই মাতৃহাৰা নৱনীতাক বায়েকই ডাঙৰ কৰিছিল৷ নৱনীতা সৰু যদিও বায়েকৰ সহযোগী আছিল ৷ সৰুতে তাই যেতিয়া মাকৰ লগত ডাক্টৰৰ ওচৰলৈ আহে, বগা সাজযোৰৰে নাৰ্চবোৰ দেখিলে ৰ’ লাগি চায়৷ ভাৱে তাইও ডাঙৰ হৈ নাৰ্চ হ’ব৷ হৈছিলও৷ HSLC পাছ কৰি প্ৰায় ২০০৩ চনৰ পৰা নৱনীতাই প্ৰায় ৮ বছৰ নাৰ্চৰ চাকৰি কৰে৷ কিন্তু হয়টো নৱনীতাৰ ভাগ্যৰ চকৰি আনফালে ঘূৰিব লগা আছিল৷ চাকৰি কৰি থকাৰ মাজতে তেওঁ এদিন ভিনিহিয়েকৰ খেতি চাবলৈ গৈছিল৷ পলসুৱা মাটিত হোৱা খেতি দেখি তেওঁৰ মন কুমলিছিল৷ নাৰ্চৰ কাম এৰি দি তেওঁও ভিনিহিয়েকৰৰ মাটিৰ কাষতে দেউতাকৰে মাটি প্ৰায় ৬বিঘা হাবি চাফা কৰি লৈ খেতি কৰিবলৈ আৰম্ভ কৰিলে৷ তেওঁ প্ৰথমতে, এবিঘা হাইব্ৰীদ জিকা, দুবিঘা ৰঙালাওঁ, পালেং শাক, ধনিয়া শাক, পদিনা ইত্যাদি আৰু জলকীয়া কৰিছিলে৷ প্ৰথম বছৰতে তেওঁ যথেষ্ট সফল হ’ল৷ এইয়াই আৰম্ভণী, এইয়া ২০১০ চনৰ কথা৷ ইয়াৰ পিছৰ পৰা তেওঁ আৰু ঘূৰি চোৱা নাই৷ প্ৰথম নিমাতীৰ ওচৰৰ ডাইনী গাৱঁত ৬বিঘা মাটিৰ পৰা আৰম্ভ কৰা তেওঁৰ খেতিৰ পৰিসৰ খৰালী ৮০বিঘালৈকে বাঢ়িছিল, য’ত সৰিয়হ, আলু ইত্যাদিও কৰা হৈছিল৷ নাৰ্চ হিচাপে চাকৰি কৰি থাকোতে পোৱা নিজৰ দৰমহাৰ পইচাকিটাকে সাৰথি কৰি কৃষিকৰ্মত আগবঢ়া নৱনীতাই খেতিৰ লাভৰ অংশৰে এখন গাড়ী কিনিছিল৷ আজি কিছুদিনৰ আগত যোৰহাটৰ পতীয়া গাৱৰ ফালে তিনিবিঘা মাটি কিনিছে, য’ত বৰ্তমান তেওঁৰ নাৰ্চাৰী আৰু শাক-পাচলি আৰু বিভিন্ন বামখেতি আৰু ধাননি পথাৰখন আছে৷ নৱনীতাই সৰিয়হৰ খেতি কৰোতে কৃষিবিভাগৰ পৰা এটা সৰিয়হ পেৰা মেচিন পাইছিলে আৰু সেই মেচিনটোৰেই বৰ্তমান তেওঁৰ উৎপাদিত সৰিয়হবোৰৰ পৰা তলীতে সৰিয়হ উলিয়াই তলীতে বটলিং কৰি বিক্ৰি কৰে৷ এইয়াও তেওঁৰ এক কৰ্ম নিপুনতাৰ চিনাকী৷৷


নৱনীতাই এই ২০১০ চনত এগৰাকী নাৰ্চৰ পৰা এগৰাকী খেতিয়কলৈ নিজকে সলনি কৰিবৰ সময়ত কেৱল মাত্ৰ নিজে দেখা পদ্ধতি সমূহকে প্ৰয়োগ কৰি পথাৰলৈ আগবাঢ়ি গৈছিল৷ এনেতে কৃষি বিভাগৰ গাওঁ পৰ্য্যায়ৰ কৃষি সম্প্ৰসাৰন কৰ্মী শ্ৰী পুষ্প হাজৰিকাই নৱনীতাক লগ পালে আৰু নিজা সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰি গ’ল৷ ২০১৪ চনত চাৰিগাৱঁৰ বাহনাত এখন মিটিং হৈছিল৷ সেই মিটিংখনতে তেওঁ জেষ্ঠ্য কৃষি বিষয়া (Sr ADO) ইৰছাদ আলীদেৱক লগ পাইছিল৷ তেতিয়ালৈকে নৱনীতাই চৰকাৰী কৃষি বিভাগৰ ব্যক্তি হিচাপে VLEW হাজৰীকাকে লগ পাইছিলে৷ ইৰছাদ আলীদেৱক লগ পোৱাৰ পাছত তেওঁক আলীদেৱে বিভিন্ন দিহা পৰামৰ্শ দি সহায় কৰিবলৈ আৰম্ভ কৰিলে৷ তেখেতে প্ৰথম তেওঁক হাইব্ৰীড সৰিয়হ কৰিবলৈ দিছিল আৰু আগৰ দৰেই এই সৰিয়হ খেতিটো তেওঁ সফল হৈছিল৷ সৰিয়হৰ উৎপাদন ভাল হোৱাৰ বাবেই সেইবছৰ তেওঁৰ পথাৰতে ‘ক্ৰপ কাটিং’ৰ ব্যৱস্থা কৰা হৈছিল, য’ত অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞানীসকল আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ বিষয়াবৰ্গ উপস্থিত আছিল৷


সেইবছৰেই নৱনীতাই অভিলেখ সংখ্যক সৰিয়হৰ উৎপাদন কৰাৰ লগতে ক’লা ধানৰ খেতি কৰি এই চাউলো যথেষ্ট উৎপাদন কৰিছিল ৷ এই দৰেই নৱনীতা অন্যান্যসকলৰো চকুত পৰিবলৈ আৰম্ভ কৰিলে৷ তেওঁ খেতিসমূহৰ বিশেষত্ব আছিল এইয়ে যে, ইয়াত ৰাসায়নিক সাৰৰ প্ৰয়োগ কম আছিল আৰু জৈৱিক উপাদান সমূহৰ প্ৰয়োগ বেছি আছিল৷ ৰাজ্যিক কৃষি বিভাগৰ যোৰহাট জিলাৰ বিষয়া-কৰ্মীসকলে সহযোগ কৰিছিল বিভিন্ন প্ৰয়োজনত৷ আমি যোৰহাট জিলাৰ কৃষি বিভাগৰ দুজনমান বিষয়া-কৰ্মচাৰীক এই বিষয়ত সোধোতে তেওঁলোকে কৈছিল, নৱনীতা অফিচলৈ কম আহে৷ কাৰণ তেওঁ নিজেই এজন শ্ৰমিকৰ দৰেই কোৰ মৰা,হাবি চাফা কৰা ইত্যাদি কামবোৰ পামত নিজেই কৰে বাকীসকল শ্ৰমিকৰ লগত৷ আৰু এইবিষয়ত তেওঁলোকে কৈছিল যে, তেওঁ খুব ব্যস্ত থাকে অফিচলৈ গৈ থাকিবলৈ সময়ৰ অভাৱ৷ ব্যৱসায়ত লোকচান হয়৷ আমি বুজি পাইছিলো লোকৰ ওপৰত নিৰ্ভৰশীল হব নোখোজা ছোৱালীজনীৰ মনৰ কথা৷ আগবাঢ়ি যোৱাৰ অদম্য স্পৃহা থকা ছোৱালীজনীয়ে আশা কৰিছে এদিন কৰ্মৰ জড়িয়তে তাইক সকলোয়ে চিনি পাব৷৷


বৰ্তমান যোৰহাট পতীয়া গাৱত নৱনীতাই প্ৰায় ৬ বিঘা মাটিৰ ১বিঘা মাটিত ভোট জলকীয়াৰ খেতি, আৰু বাকীখিনিত কেপছিকাম, জিকা, তৰৈ, অমিতা, কোমোৰা আৰু পদিনা, ব্ৰাহ্মীকে ধৰি সকলো ধৰণৰ শাক-পাচলি, কিছু প্ৰজাতিৰ ফুল জৈৱিকভাৱে উৎপাদন কৰি আছে৷ আৰু এই উৎপাদিত সামগ্ৰী সমূহ তেওঁৰ পথাৰৰ পৰাই বিক্ৰি হয় বুলি আমাক জনাইছে৷৷


উল্লেখযোগ্য যে ২০১৫ চনত তিতাবৰ ধান গৱেষণা কেন্দ্ৰৰ ২৫ বছৰীয়া জন্ম দিৱস উদ্বোধন কৰা নৱনীতা হৈছে প্ৰথমগৰাকী মহিলা খেতিয়ক৷ তলৰ ফটোত-

২০১০ চনৰ পৰা এতিয়ালৈকে লাভ কৰা সফলতাৰ ক্ষেত্ৰত নৱনীতাই নিজৰ বায়েক-ভিনিহিয়েকৰ সহযোগ আৰু তেওঁলোকে দিয়া সাহস স্বীকাৰ কৰিছিলে৷ ২০১৪ চনৰ পাছত কৃষি বিভাগ যোৰহাট অফিচৰ পৰা দিয়া সহযোগৰ কথাও তেওঁ স্বীকাৰ কৰিছিলে৷ কিন্তু তেওঁ সন্মুখীন হোৱা কিছুমান অসুবিধা আছিলে প্ৰথম অৱস্থাত প্ৰশিক্ষণৰ অভাৱ, উপযুক্ত বীজৰ অভাৱ, কোনো সময়ত বজাৰ সামগ্ৰীৰ যোগান অনুসৰি চাহিদা কম, উৎপাদিত সামগ্ৰী সংৰক্ষণৰ অভাৱ, উপযুক্ত প্ৰযুক্তিৰ অভাৱ, কোনোবা বছৰ পানীৰ কাৰণে হোৱা অসুবিধা, মাটিৰ অভাৱ ইত্যাদি৷ আমি যোগাযোগ কৰা যোৰহাট কৃষি বিভাগৰ বিষয়াসকলৰ পৰা জানিব পৰা ম’তে, নৱনীতাৰ সফলতাৰ প্ৰধান কাৰক হিচাপে তাইৰ ধৈৰ্য্য, একাগ্ৰতা, শৃংখলাবদ্ধতা, একানপতীয়াভাৱে লোকৰ উপদেশ মন দি শুনা স্বভাৱ (যিটো আজি আমাৰ বহুতৰে নাই),সকলো কথা আঁতি-গুৰি মাৰি জানিব খোজা স্বভাৱ, আৰু তেখেতলোকে দিয়া উপদেশখিনি যিদৰে দিয়ে সেইদৰেই মানিব পৰা স্বভাৱটোয়েই বুলি আমাক জানিবলৈ দিছিল৷৷


এইদৰেই বহুত যুৱক -যুৱতী ওলাই আহে, কিন্তু সময়ৰ ধাম-খুমীয়াত পৰি আকৌ হেৰাই যায়৷ যুৱতীসকলে বিয়া-বাৰু হৈ কিছু আদৰ্শ পাহৰি যায় বা সংসাৰৰ ব্যস্ততাত আগৰ দৰে আগবাঢ়িব নোৱাৰে৷ এনেদৰে বহুত আহিছে গৈছে কৃষিক্ষেত্ৰখনত, কোনোবাজনে কৃষিকে স্থায়ী উপাৰ্জন হিচাপে খামুচি ধৰি সফল হৈছে৷ আমি কামনা কৰিছো নৱনীতাৰ কৃষিৰ জড়িয়তে আকাশ চুব খোজা সপোনটো হেৰাই নাযাওঁক৷ আমাৰ যুৱক-যুৱতীসকলে কৃষিক অস্থায়ী উপাৰ্জনৰ উৎস বুলি ভবাতকৈ নিজক এজন স্থায়ী খেতিয়ক হিচাপে চিনাকী দিয়ক৷ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি অধিক উৎপাদনৰ চিন্তা কৰক৷ চাহিদাতকৈ উৎপাদন বৃদ্ধি হ’লে বিকল্পৰ চিন্তা কৰক৷ সেউজী ধৰণী আৰু সেউজীয়া হৈ উঠক৷ ভবিষ্যতে এটা ‘এগ্ৰিট্যুৰিজিম চেক্টৰ’ গঢ়ি তোলাৰ ইচ্ছা মনত পুহি ৰখা নৱনীতাই নিজকে এগৰাকী স্থায়ী কৃষক হিচাপে গঢ় দি বহুজনৰ প্ৰেৰণাৰ উৎস হৈ পৰক৷ বহুজনৰ বাবে ‘ৰোল মডেল’ হৈ পৰক৷ তেওঁৰ উন্নতি কামনা কৰিলো৷

*************************************************************************

লেখিকা-বৰ্ণালী শৰ্মা বৰুৱা, গুৱাহাটী৷

5 Comments

  1. এনে লিখনিয়ে আমাক প্ৰেৰণা দিয়ে! এনে বাতৰি আৰু লাগে৷

  2. বৰ্ণালী, বৰ ধুনীয়াকে লিখিছা৷ মহিলাসকলক আগবঢ়াই অনাত তোমালোকেই আগভাগ লব লাগিব৷ মোৰ মানুহজনে সুবিধা পালেই কয় তোমাৰ কথা, তুমি ১২বছৰৰ আগতে দিয়া তেওঁ শুনা লেকচাৰটোৰ কথা৷ কালিও গগৈচাৰৰ লেখাটো পঢ়ি তেওঁ আকৌ কৈছে৷ মই ১২বছৰৰ আগতেই গম পাইছিলো তাই কিবা এটা কৰিব বুলি৷ আগবাঢ়ি যোৱা আমাৰ আশিৰ্বাদ সদায় আছে তোমাৰ লগত৷ তোমাৰ জড়িয়তে পঢ়িবলে পোৱা মহিলা দুগৰাকীলৈও আমাৰ ফালৰ পৰা শুভেচ্ছা জনালো৷

  3. নবনীতাৰ এই সাহসে কৰ্ম বিমুখ লৰা ছোৱালী সকলক অনুপ্ৰেৰণা যোগাব । শুভ কামনাৰে ।

  4. নৱনীতাৰ কাৰ্য্যই সকলোকে প্ৰেৰনা যোগাব ৷ নৱনীতাৰ ওপৰত এই লিখনীটো যুগুত কৰা বাবে আপোনাকো ধন্যবাদ দিলো ৷

Leave a Response